A A A A A
×

ইণ্ডিয়ান ৰিভাইচ ভাৰচন

লূক 20

1
এদিন যীচুৱে যিৰূচালেম মন্দিৰত শুভবাৰ্তা প্ৰচাৰ কৰি, লোক সকলক যেতিয়া উপদেশ দি আছিল, তেতিয়া পৰিচাৰক সকলৰ সৈতে প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ ওচৰলৈ আহিল৷
2
তেওঁলোকে তেওঁক সুধিলে, “আমাক কোৱা, তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? বা তোমাক এই ক্ষমতা দিওঁতা জন কোন?”
3
তেতিয়া তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “ময়ো তোমালোকক এটা প্ৰশ্ন সুধিব বিচাৰো, তোমালোকে মোক উত্তৰ দিয়া!
4
যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা, নে মানুহৰ পৰা হৈছিল?”
5
তেতিয়া তেওঁলোকে ইজনে সিজনে বিবেচনা কৰি ক’লে, “‘স্বৰ্গৰ পৰা’ বুলি যদি কওঁ, তেনেহলে তেওঁত কিয় বিশ্বাস নকৰিলা বুলি তেওঁ ক’ব।
6
কিন্তু আমি যদি কওঁ, ‘মানুহৰ পৰা’, তেনেহলে লোক সকলে আমাক শিল দলিয়াই মাৰিব; কাৰণ লোক সকলে যোহনক এজন ভাববাদীৰূপে দৃঢ় বিশ্বাস কৰে।”
7
তেওঁলোকে তেতিয়া উত্তৰ দি ক’লে, “সেয়ে ক’ৰ পৰা আহিল, সেই বিষয়ে আমি নাজানো।”
8
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে, কি ক্ষমতাৰে মই এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।”
9
পাছত তেওঁ লোক সকলৰ আগত এই দৃষ্টান্ত দি ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি তাক খেতিয়ক সকলৰ হাতত গতাই দি বহু দিনৰ কাৰণে আন দেশলৈ গ’ল।
10
পাছত সেই খেতিয়ক সকলে দ্ৰাক্ষাবাৰীৰ গুটিৰ অংশ তেওঁক যেন দিয়ে, এই কাৰণে বতৰৰ দিনত, তেওঁ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে। কিন্তু খেতিয়ক সকলে তেওঁক কোবাই, শুদা-হাতে খেদি দিলে৷
11
আকৌ তেওঁ আন এজন দাসক পঠিওৱাত, তেওঁলোকে তেওঁকো কোবাই, অপমান কৰি শুদা-হাতে খেদি দিলে।
12
তৃতীয় বাৰ আন এজনক পঠিওৱাত, তেওঁলোকে তেওঁকো আঘাত কৰি বাহিৰলৈ পেলাই দিলে।
13
তেতিয়া দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ক’লে, ‘মই কি কৰিম? মোৰ প্ৰিয় পুত্ৰক পঠাই দিম; কিজানি তেওঁলোকে তেওঁক আদৰ কৰিব!’
14
কিন্তু খেতিয়ক সকলে তেওঁক দেখি ইজনে সিজনে কোৱা-মেলা কৰি ক’লে, ‘এৱেঁই উত্তৰাধিকাৰী; আহা, উত্তৰাধিকাৰ আমাৰ হ’বলৈ এওঁক বধ কৰোঁহক৷’
15
এই বুলি তেওঁলোকে তেওঁক দ্ৰাক্ষাবাৰীৰ পৰা বাহিৰ কৰি বধ কৰিলে। এই হেতুকে সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে তেওঁলোকক কি কৰিব?
16
তেওঁ আহি সেই খেতিয়ক সকলক সংহাৰ কৰি, আন লোকৰ হাতত দ্ৰাক্ষাবাৰী দিব৷” তেতিয়া এই কথা শুনা লোক সকলে ক’লে, “ঈশ্বৰে এনে নকৰক!”
17
তাতে তেওঁ তেওঁলোকলৈ চাই ক’লে, “এই লিখা বচনৰ অৰ্থ কি? ‘তেনেহলে ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল’?
18
সেই শিলৰ ওপৰত যি কোনো পৰিব, তেওঁ ডোখৰ-ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত সেই শিল পৰিব, তেওঁক ধূলিৰ দৰে গুড়ি কৰি পেলাব।”
19
বিধানৰ অধ্যাপক আৰু প্ৰধান পুৰোহিত সকলে তেওঁলোকৰ বিৰুদ্ধে যীচুৱে এই দৃষ্টান্ত ক’লে বুলি জানি, সেই সময়তেই তেওঁক হাতে-হাতে ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু লোক সকলৰ বাবে ভয় কৰিলে।
20
তাতে তেওঁলোকে তেওঁৰ ধাৰ্মিকতাত সাৱধানতাৰে সতৰ্ক দৃষ্টি ৰাখি, তেওঁৰ কথাত যেন দায় ধৰিব পাৰে আৰু তেওঁক দেশৰ অধিকাৰী আৰু শাসনকৰ্তাৰ হাতত যেন শোধাই দিব পাৰে, এই কাৰণে সাধুৰ বেশ ধৰা কিছুমান চোৰাংচোৱা পঠাই দিলে।
21
পাছত তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আপুনি যথাৰ্থৰূপে কথা কৈছে আৰু উপদেশ দিছে আৰু কাৰো মুখলৈ নাচাই, পক্ষপাত নকৰাকৈ ঈশ্বৰৰ পথ দেখুৱাই আছে, ইয়াক আমি জানোঁ।
22
কিন্তু বিধানৰ মতে আমি চীজাৰক কৰ দিব পায় নে নাপায়?”
23
যীচুৱে তেওঁলোকৰ চতুৰালি বুজি তেওঁলোকক ক’লে,
24
“মোক এটা আধলি দেখুওঁৱা। ইয়াত কাৰ প্ৰতিমূৰ্তি আৰু নাম দিয়া আছে?” তেওঁলোকে ক’লে, “চীজাৰৰ।”
25
তেতিয়া তেওঁ তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেই চীজাৰক দিয়া আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।”
26
তাতে অধ্যাপক আৰু প্ৰধান পুৰোহিত সকলে লোক সকলৰ আগত তেওঁৰ কথাত দোষ ধৰিব নোৱাৰিলে৷ তেওঁৰ উত্তৰত কেৱল বিস্ময় মানি নিজম দি থাকিল।
27
পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকলৰ কোনো কোনোৱে তেওঁৰ ওচৰলৈ আহি সুধিলে,
28
“হে গুৰু, ককাই-ভাইৰ মাজৰ পত্নী থকা কোনো এজন যদি নিঃসন্তান হৈ মৰে, তেনেহলে, তেওঁৰ ভায়েক বা ককায়েকে সেই পত্নীক বিয়া কৰাই মৃত জনলৈ বংশ উৎপন্ন কৰিব, এই বুলি মোচিয়ে আমালৈ লিখিলে।
29
বাৰু, কোনো সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া পাতি নিঃসন্তান হৈ মৰিল।
30
ক্ৰমান্বয়ে দ্বিতীয় জনে তাইৰে সৈতে বিয়া পাতিলে আৰু
31
তৃতীয় জনেও তাইকেই বিয়া কৰিলে; সেইদৰে সাত জনেই সন্তান নথকাকৈ মৰিল।
32
অৱশেষত সেই পত্নীও ঢুকাল।
33
এতিয়া পুনৰুত্থানৰ সময়ত তেওঁ কোন জনৰ পত্নী হব, কাৰণ সাত জনেই তেওঁক বিয়া কৰাইছিল?”
34
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এই যুগৰ সন্তান সকলে বিয়া কৰাই আৰু বিয়া দিয়াও হয়;
35
কিন্তু যি সকলে সেই যুগৰ আৰু মৃত লোক সকলৰ মাজৰ পৰা পুনৰুত্থান পাবৰ যোগ্য বুলি গণ্য হয়, তেওঁলোকে বিয়া নকৰাই আৰু বিয়া দিয়াও নহয়।
36
তেওঁলোকৰ মৃত্যু হ’ব নোৱাৰে; কাৰণ, তেওঁলোক স্বৰ্গৰ দূত সকলৰ তুল্য; আৰু পুনৰুত্থানৰ সন্তান হোৱা বাবে তেওঁলোক ঈশ্বৰৰ সন্তান হয়।
37
মোচিয়ে জোপোহাৰ আঁৰত থকা প্ৰভুক, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ বুলি মতাত, মৃত যে পুনৰুত্থিত হয়, তেওঁ ইয়াকে প্ৰকাশ কৰিছিল।
38
এতিয়া তেওঁ মৃত লোকৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।”
39
তাতে কোনো কোনো বিধানৰ অধ্যাপকে উত্তৰ দি ক’লে, “হে গুৰু, আপুনি ভাল কৈছে।”
40
কিয়নো তেওঁক পুনৰ কোনো কথা সুধিবলৈ তেওঁলোকৰ সাহস নহ’ল।
41
যীচুৱে তেওঁলোকক ক’লে, “খ্ৰীষ্ট যে দায়ুদৰ সন্তান, ইয়াক কেনেকৈ কয়?
42
কিয়নো দায়ুদে নিজে গীতমালা পুস্তকত কৈছে, প্ৰভুৱে মোৰ প্ৰভুক ক’লে, ‘মোৰ সোঁ হাতে বহি থাকা,
43
যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ।’
44
এইদৰে দায়ুদে তেওঁক ‘প্ৰভু’ বুলিলে; তেনেহলে তেওঁ কেনেকৈ দায়ুদৰ সন্তান হ’ব পাৰে?”
45
পাছে সকলো লোকে শুনাকৈ, তেওঁ তেওঁৰ শিষ্য সকলক ক’লে,
46
“এতেকে তেওঁলোকলৈ সাৱধান হোৱা, যি সকল বিধানৰ অধ্যাপকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ ইচ্ছা কৰে আৰু হাট-বজাৰত নমস্কাৰ বিচাৰে, নাম-ঘৰত প্ৰধান আসন আৰু ভোজনত প্ৰধান ঠাইবোৰ ভালপায়;
47
আৰু বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, তেওঁলোকে অৱশ্যে অধিক দণ্ড পাব।”
লূক 20:1
লূক 20:2
লূক 20:3
লূক 20:4
লূক 20:5
লূক 20:6
লূক 20:7
লূক 20:8
লূক 20:9
লূক 20:10
লূক 20:11
লূক 20:12
লূক 20:13
লূক 20:14
লূক 20:15
লূক 20:16
লূক 20:17
লূক 20:18
লূক 20:19
লূক 20:20
লূক 20:21
লূক 20:22
লূক 20:23
লূক 20:24
লূক 20:25
লূক 20:26
লূক 20:27
লূক 20:28
লূক 20:29
লূক 20:30
লূক 20:31
লূক 20:32
লূক 20:33
লূক 20:34
লূক 20:35
লূক 20:36
লূক 20:37
লূক 20:38
লূক 20:39
লূক 20:40
লূক 20:41
লূক 20:42
লূক 20:43
লূক 20:44
লূক 20:45
লূক 20:46
লূক 20:47
লূক 1 / লূক 1
লূক 2 / লূক 2
লূক 3 / লূক 3
লূক 4 / লূক 4
লূক 5 / লূক 5
লূক 6 / লূক 6
লূক 7 / লূক 7
লূক 8 / লূক 8
লূক 9 / লূক 9
লূক 10 / লূক 10
লূক 11 / লূক 11
লূক 12 / লূক 12
লূক 13 / লূক 13
লূক 14 / লূক 14
লূক 15 / লূক 15
লূক 16 / লূক 16
লূক 17 / লূক 17
লূক 18 / লূক 18
লূক 19 / লূক 19
লূক 20 / লূক 20
লূক 21 / লূক 21
লূক 22 / লূক 22
লূক 23 / লূক 23
লূক 24 / লূক 24