1 |
“তোমালোকে তোমালোকৰ কাৰণে প্ৰতিমা নাসাজিবা, আৰু কটা-মুৰ্ত্তি বা স্তম্ভ স্থাপন নকৰিবা, পৰিসেৱা কৰিবৰ কাৰণে তোমালোকৰ দেশত নক্সা কটা কোনো শিল স্থাপন নকৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা। |
2 |
তোমালোকে মোৰ বিশ্ৰাম-বাৰ পালন কৰিবা, আৰু মোৰ ধৰ্মধামলৈ ভয় ৰাখিবা; মই যিহোৱা। |
3 |
যদি তোমালোকে মোৰ বিধানতে চলা আৰু মোৰ আজ্ঞা পালন কৰি সেই অনুসাৰে কাৰ্য কৰা, |
4 |
তেতিয়া মই উচিত সময়ত তোমালোকলৈ বৰষুণ বৰষাম; তাতে ভুমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু বাৰীৰ নিজ গছবোৰত গুটি লাগিব। |
5 |
তোমালোকৰ শস্য মৰা কাল দ্ৰাক্ষাগুটি চিঙা কাললৈকে থাকিব, আৰু তোমালোকে হেঁপাহ পলুৱাকৈ তোমালোকৰ আহাৰ ভোজন কৰিবা আৰু নিৰ্ভয়ে তোমালোকৰ দেশত বাস কৰিবা। |
6 |
আৰু মই দেশত শান্তি দান কৰিম; তাতে তোমালোকক কোনেওঁ ভয় নোখোৱাকৈ তোমালোকে শুবলৈ পাবা; মই তোমালোকৰ দেশৰ পৰা হিংসুক জন্তুবোৰ নাইকিয়া কৰিম, আৰু তোমালোকৰ দেশৰ মাজেদি তৰোৱাল নচলিব। |
7 |
তোমালোকে তোমালোকৰ শত্ৰুবোৰক খেদি দিবা, আৰু তোমালোকৰ আগতে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব। |
8 |
আৰু তোমালোকৰ পাঁচজনে এশ জনক আৰু তোমালোকৰ এশজনে দহ হাজাৰ জনক খেদি দিব, আৰু তোমালোকৰ শত্ৰুবোৰ তোমালোকৰ আগত পতিত হ’ব। |
9 |
মই তোমালোকলৈ অনুগ্রহেৰে দৃষ্টি কৰি তোমালোকক বহুবংশ কৰিম; আৰু অতিশয়ৰূপে বৃদ্ধি কৰিম; আৰু মই তোমালোকৰ লগত কৰা মোৰ নিয়মটি সিদ্ধ কৰিম। |
10 |
আৰু তোমালোকে বহুদিনৰ পৰা সাঁচি থোৱা পুৰণি শস্য ভোজন কৰিবা, আৰু নতুন শস্য থবলৈ পুৰণি শস্য বোৰ উলিয়াবা। |
11 |
মই তোমালোকৰ মাজত মোৰ আবাস স্থাপন কৰিম, আৰু মোৰ মনে তোমালোকক ঘিণ নকৰিব। |
12 |
আৰু মই তোমালোকৰ মাজত অহা-যোৱা কৰি, তোমালোকৰ ঈশ্বৰ হম আৰু তোমালোক মোৰ প্ৰজা হ’বা। |
13 |
মিচৰীয়াসকলৰ বন্দী নহবৰ কাৰণে যিজনাই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ যিহোৱা মই; মই তোমালোকৰ যুৱলিৰ শ’লমাৰি ভাঙি, তোমালোকক মূৰ দঙাই গমণ কৰিলোঁ। |
14 |
কিন্তু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া, মোৰ এই সকলো আজ্ঞামতে কাৰ্য নকৰা, |
15 |
মোৰ বিধি অগ্ৰাহ্য কৰা, আৰু মনতে মোৰ শাসন-প্ৰণালীবোৰ ঘিণ কৰি মোৰ আজ্ঞামতে কাৰ্য নকৰা, কিন্তু মোৰ নিয়মটি লঙ্ঘন কৰা; |
16 |
তেন্তে তোমালোকে এনে কৰাত মইও তোমালোকলৈ এইদৰে আচৰণ কৰিম: মই তোমালোকৰ ওপৰত চকু নাশকাৰী আৰু প্ৰাণ ক্ষয়কাৰী ব্যাকুলতা, যক্ষ্মাৰোগ আৰু পোৰণি জ্বৰ নিৰূপণ কৰিম; আৰু তোমালোকে মিছায়ে গুটি ববা; কিয়নো তোমালোকৰ শত্ৰুৱে সেইবোৰ খাব। |
17 |
আৰু মই তোমালোকলৈ কোন্দোৱাকৈ চাম, তাতে তোমালোক তোমালোকৰ শত্ৰুবোৰৰ আগত ঘাটিবা, তোমালোকক ঘিণাওঁতাবোৰে তোমালোকৰ ওপৰত শাসন কৰিব, আৰু কোনেও তোমালোকক নেখেদিলেও তোমালোক পলাই যাবা। |
18 |
আৰু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া তেন্তে মই তোমালোকৰ পাপৰ কাৰণে তোমালোকক আৰু সাতগুণ দণ্ড দিম। |
19 |
মই তোমালোকৰ গৰ্ব্ব খৰ্ব্ব কৰিম, আৰু তোমালোকৰ আকাশ লোহা যেন, আৰু মাটি পিতল যেন কৰিম। |
20 |
তাতে তোমালোকৰ পৰিশ্ৰম বিফল হ’ব; কিয়নো তোমালোকৰ ভুমিয়ে শস্য উৎপন্ন নকৰিব; আৰু দেশৰ গছবোৰত গুটি নালাগিব। |
21 |
আৰু যদি তোমালোকে মোৰ বিপৰীত আচৰণ কৰা আৰু মোৰ বাক্য শুনিবলৈ অসন্মত হোৱা, তেন্তে মই তোমালোকৰ পাপ অনুসাৰে তোমালোকলৈ আৰু সাতগুণ আপদ ঘটাম। |
22 |
তোমালোকৰ মাজলৈ বনৰীয়া জন্তুবোৰ পঠিয়াম; সেইবোৰে তোমালোকৰ সন্তান নাইকিয়া কৰিব, তোমালোকৰ পশু নষ্ট কৰিব, আৰু তোমালোকৰ সংখ্যা কম কৰিব; আৰু তোমালোকৰ ৰাজ-আলিবোৰ নিজান হৈ পৰিব। |
23 |
ইমানতো যদি মোৰ শিকনি নোলোৱা, কিন্তু মোৰ বিপৰীত আচৰণ কৰা, |
24 |
তেন্তে মইয়ো তোমালোকৰ বিপৰীত আচৰণ কৰিম আৰু তোমালোকৰ পাপৰ কাৰণে, মই তোমালোকলৈ সাতগুণ আপদ ঘটাম। |
25 |
আৰু নিয়মটিৰ উলঙ্ঘন প্ৰতিফল দিবলৈ তোমালোকলৈ তৰোৱাল আনিম, আৰু তোমালোকে নগৰৰ মাজত গোট খালে তোমালোকৰ মাজলৈ মহামাৰী পঠিয়াম; আৰু তোমালোকক শত্ৰুৰ হাতত শোধাই দিয়া যাব। |
26 |
মই তোমালোকৰ অন্ন ৰূপ লাখুটি ভঙা কালত দহজনী মহিলাই একেটা তন্দুৰত তোমালোকৰ পিঠা তাও দিব, আৰু তেওঁলোকে জোখ কৰি তোমালোকৰ পিঠা তোমালোকক দিব, আৰু তাক খাই তোমালোকৰ ভোক নপলাব। |
27 |
ইমানতো তোমালোকে যদি মোৰ বাক্যলৈ কাণ নিদি মোৰ বিপৰীত আচৰণ কৰা, |
28 |
তেন্তে মইও ক্ৰোধত তোমালোকৰ বিপৰীত আচৰণ কৰিম, আৰু তোমালোকৰ পাপৰ কাৰণে তোমালোকক সাতগুণ দণ্ড দিম। |
29 |
তোমালোকে নিজ নিজ পো-জীহঁতৰ মঙহ খাবা। |
30 |
মই তোমালোকৰ পবিত্র ঠাইবোৰ নষ্ট কৰিম, তোমালোক সুৰ্য্য প্ৰতিমা কাটি পেলাম, আৰু তোমালোকৰ মুৰ্ত্তিবোৰৰ শৱৰ ওপৰত তোমালোকৰ শৱ পেলাম; আৰু মোৰ মনে তোমালোকক ঘিণ কৰিব। |
31 |
মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম, তোমালোকৰ ধৰ্মধামবোৰ উচ্ছন্ন কৰিম, আৰু তোমালোকৰ সুগন্ধ বস্তুৰ ঘ্ৰাণ গ্ৰহণ নকৰিম। |
32 |
মই তোমালোকৰ দেশখন উচ্ছন্ন কৰিম; তাতে দেশত থকা তোমালোকৰ শত্ৰুবোৰে তাকে দেখি আচৰিত মানিব। |
33 |
মই জাতিবোৰৰ মাজত তোমালোকক গোট গোট কৰিম, আৰু মোৰ তৰোৱাল উলিয়াই তোমালোকৰ পাছত খেদি যাম; তাতে তোমালোকৰ দেশ উচ্ছন্ন আৰু নগৰবোৰ ধ্বংশ কৰা হ’ব। |
34 |
যেতিয়ালৈতে দেশ উচ্ছন্ন হৈ থাকিব আৰু তোমালোক শত্ৰুবোৰৰ দেশত থাকিবা তেতিয়ালৈকে দেশে নিজৰ বিশ্ৰাম-বছৰবোৰ ভোগ কৰিব; সেই কালত দেশে বিশ্ৰাম পাই, নিজৰ বিশ্ৰাম-বছৰবোৰ ভোগ কৰিব। |
35 |
যিমান কাল সেয়ে উচ্ছন্ন হৈ থাকিব, সিমান কাল বিশ্ৰাম কৰিব; তোমালোকে দেশত বাস কৰা কালত তোমালোকৰ বিশ্ৰাম-বছৰবোৰত যি যি বিশ্ৰাম ভোগ কৰা নাই, দেশে তাক ভোগ কৰিব। |
36 |
আৰু শত্ৰুৰ দেশত থকা তোমালোকৰ মাজৰ অৱশিষ্ট লোকসকলৰ মনলৈ ব্যাকুলতা পঠিয়াম; আৰু সৰি পৰা পাতৰ শব্দেয়ো তেওঁলোকক পলুৱাব; যেনেকৈ তৰোৱালৰ আগৰ পৰা পলাই তেনেকৈ পলাব; আৰু কোনেও তোমালোকক খেদি নিনিলেও তোমালোক পতিত হ’বা। |
37 |
আৰু কোনেও তোমালোকক খেদি নিনিলেও তৰোৱালৰ আগৰ পৰা পলাওঁতে ইজনে-সিজনৰ লগত খুন্দা খাই পৰিবা; আৰু শত্ৰুবোৰৰ সন্মুখত থিয় হ’বলৈ তোমালোকৰ শক্তি নাথাকিব। |
38 |
আৰু তোমালোক জাতি সমূহৰ মাজত বিনাশ হ’বা, আৰু তোমালোকৰ শত্ৰুবোৰৰ দেশে তোমালোকক গ্ৰাস কৰিব। |
39 |
আৰু তোমালোকৰ মাজৰ অৱশিষ্ট ভাগ নিজ নিজ অপৰাধৰ কাৰণে শত্ৰুবোৰৰ দেশত ক্ষীণ হৈ যাব, আৰু তেওঁলোকৰ নিজৰ আৰু পুৰ্ব্ব-পুৰুষসকলৰ অপৰাধৰ কাৰণেও ক্ষীণ হৈ যাব। |
40 |
কিন্তু যদি তেওঁলোকে আৰু তেওঁলোকৰ পিতৃয়ে কৰা পাপ বা মোৰ সত্যলঙ্ঘন কৰাৰ কাৰণে নিজ নিজ অপৰাধ স্বীকাৰ কৰে, আৰু তেওঁলোকে মোৰ বিপৰীত আচৰণ কৰাত, |
41 |
মইও তেওঁলোকৰ বিপৰীত আচৰণ কৰি তেওঁলোকক শত্ৰুবোৰৰ দেশলৈ অনাকো স্বীকাৰ কৰে, বিশেষকৈ যদি তেওঁলোকে নিজৰ অচুন্নৎ মন নম্ৰ কৰে, আৰু নিজৰ পাপৰ দণ্ড যোগ্য যেন মানে, |
42 |
তেন্তে যাকোবেৰে সৈতে কৰা মোৰ নিয়মটি মই সোঁৱৰিম আৰু ইচহাকেৰে সৈতে কৰা মোৰ নিয়মটিও, অব্ৰাহামেৰে সৈতে কৰা মোৰ নিয়মটিও সুঁৱৰিম; আৰু মই দেশকো সোঁৱৰণ কৰিম। |
43 |
দেশ তেওঁলোকৰ দ্বাৰাই পৰিত্যক্ত হ’ব, আৰু তেওঁলোক নথকাকৈ দেশ উচ্ছন্ন হৈ থকা মানে নিজৰ বিশ্ৰাম-বছৰবোৰ ভোগ কৰিব; আৰু তেওঁলোকে নিজ নিজ অপৰাধ দণ্ড যোগ্য যেন মানিব; কিয়নো তেওঁলোকে মোৰ শাসন প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে। |
44 |
তথাপি যেতিয়া তেওঁলোক শত্ৰুবোৰৰ দেশত থাকিব, তেতিয়াও মই শেষ নথকাকৈ বিনষ্ট কৰিবৰ অৰ্থে বা তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটি ভাঙিবৰ কাৰণে তেওঁলোকক অগ্ৰাহ্য বা ঘিণ নকৰিম; কিয়নো মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা। |
45 |
কিন্তু মই তেওঁলোকৰ ঈশ্বৰ হ’বৰ অৰ্থে তেওঁলোকৰ যি পুৰ্ব্বপুৰুষসকলক জাতি সমূহৰ আগতে মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ, তেওঁলোকৰ সেই পুৰ্ব্বপুৰুষসকলৰে সৈতে কৰা মোৰ নিয়মটি তেওঁলোকৰ মঙ্গলৰ অৰ্থে সোঁৱৰিম; মই যিহোৱা।” |
46 |
চীনয় পৰ্ব্বতত যিহোৱাই মোচিৰ দ্বাৰাই নিজৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজত এইবোৰ বিধি, শাসন-প্ৰণালী আৰু ব্যৱস্থা স্থাপন কৰিলে। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
লেবীয় পুস্তক 26:1 |
লেবীয় পুস্তক 26:2 |
লেবীয় পুস্তক 26:3 |
লেবীয় পুস্তক 26:4 |
লেবীয় পুস্তক 26:5 |
লেবীয় পুস্তক 26:6 |
লেবীয় পুস্তক 26:7 |
লেবীয় পুস্তক 26:8 |
লেবীয় পুস্তক 26:9 |
লেবীয় পুস্তক 26:10 |
লেবীয় পুস্তক 26:11 |
লেবীয় পুস্তক 26:12 |
লেবীয় পুস্তক 26:13 |
লেবীয় পুস্তক 26:14 |
লেবীয় পুস্তক 26:15 |
লেবীয় পুস্তক 26:16 |
লেবীয় পুস্তক 26:17 |
লেবীয় পুস্তক 26:18 |
লেবীয় পুস্তক 26:19 |
লেবীয় পুস্তক 26:20 |
লেবীয় পুস্তক 26:21 |
লেবীয় পুস্তক 26:22 |
লেবীয় পুস্তক 26:23 |
লেবীয় পুস্তক 26:24 |
লেবীয় পুস্তক 26:25 |
লেবীয় পুস্তক 26:26 |
লেবীয় পুস্তক 26:27 |
লেবীয় পুস্তক 26:28 |
লেবীয় পুস্তক 26:29 |
লেবীয় পুস্তক 26:30 |
লেবীয় পুস্তক 26:31 |
লেবীয় পুস্তক 26:32 |
লেবীয় পুস্তক 26:33 |
লেবীয় পুস্তক 26:34 |
লেবীয় পুস্তক 26:35 |
লেবীয় পুস্তক 26:36 |
লেবীয় পুস্তক 26:37 |
লেবীয় পুস্তক 26:38 |
লেবীয় পুস্তক 26:39 |
লেবীয় পুস্তক 26:40 |
লেবীয় পুস্তক 26:41 |
লেবীয় পুস্তক 26:42 |
লেবীয় পুস্তক 26:43 |
লেবীয় পুস্তক 26:44 |
লেবীয় পুস্তক 26:45 |
লেবীয় পুস্তক 26:46 |
লেবীয় পুস্তক 1 / লেপুস্ 1 |
লেবীয় পুস্তক 2 / লেপুস্ 2 |
লেবীয় পুস্তক 3 / লেপুস্ 3 |
লেবীয় পুস্তক 4 / লেপুস্ 4 |
লেবীয় পুস্তক 5 / লেপুস্ 5 |
লেবীয় পুস্তক 6 / লেপুস্ 6 |
লেবীয় পুস্তক 7 / লেপুস্ 7 |
লেবীয় পুস্তক 8 / লেপুস্ 8 |
লেবীয় পুস্তক 9 / লেপুস্ 9 |
লেবীয় পুস্তক 10 / লেপুস্ 10 |
লেবীয় পুস্তক 11 / লেপুস্ 11 |
লেবীয় পুস্তক 12 / লেপুস্ 12 |
লেবীয় পুস্তক 13 / লেপুস্ 13 |
লেবীয় পুস্তক 14 / লেপুস্ 14 |
লেবীয় পুস্তক 15 / লেপুস্ 15 |
লেবীয় পুস্তক 16 / লেপুস্ 16 |
লেবীয় পুস্তক 17 / লেপুস্ 17 |
লেবীয় পুস্তক 18 / লেপুস্ 18 |
লেবীয় পুস্তক 19 / লেপুস্ 19 |
লেবীয় পুস্তক 20 / লেপুস্ 20 |
লেবীয় পুস্তক 21 / লেপুস্ 21 |
লেবীয় পুস্তক 22 / লেপুস্ 22 |
লেবীয় পুস্তক 23 / লেপুস্ 23 |
লেবীয় পুস্তক 24 / লেপুস্ 24 |
লেবীয় পুস্তক 25 / লেপুস্ 25 |
লেবীয় পুস্তক 26 / লেপুস্ 26 |
লেবীয় পুস্তক 27 / লেপুস্ 27 |
|
|
|
|
|