1 |
পাছত যিহোৱাই মোচিক ক’লে, |
2 |
“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা বোলে, ‘কোনো এগৰাকী মহিলাই প্ৰসৱ কৰিলে, যদি তাইৰ ল’ৰা হয়, তেতিয়া তাই সাতদিন অশুচি হৈ থাকিব; তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰেই অশুচিতাৰ দৰেই তাই অশুচি হৈ থাকিব। |
3 |
পাছত অষ্টম দিনা ল’ৰাটিৰ লিঙ্গাগ্ৰ-চৰ্ম ছেদন কৰা হ’ব। |
4 |
আৰু সেই মহিলা গৰাকীৰ ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ অৰ্থে তাই তেত্ৰিশ দিন ৰখিব লাগিব; ৰক্তস্ৰাৱৰ অৱস্থাৰ পৰা শুচি নোহোৱালৈ তাই কোনো পবিত্ৰ বস্তু নুচুব আৰু ধৰ্মধামত নোসোমাব। |
5 |
যদি তাইৰ ছোৱালী হয়, তেতিয়া তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰে দুসপ্তাহ অশুচি হৈ থাকিব; আৰু ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ কাৰণে তাইক ছয়ষষ্টি দিন ৰখিব লাগিব। |
6 |
পাছত যেতিয়া তাইৰ ৰক্তস্ৰাৱৰ পৰা শুচি হোৱা দিনবোৰ পুৰ হ’ব, তেতিয়া তাইৰ ল’ৰা বা ছোৱালীৰ অৰ্থে তাই হোম-বলিৰ এটা এবছৰীয়া মেৰ-ছাগ পোৱালি, আৰু পাপাৰ্থক বলিৰ কাৰণে এটা পাৰ পোৱালি বা এটা কপৌ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব। |
7 |
তেতিয়া পুৰোহিত জনে যিহোৱাৰ সন্মুখত তাক উৎসৰ্গ কৰি, সেই মহিলা গৰাকীক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই নিজ ৰক্তস্ৰাৱৰ পৰা শুচি হ’ব। ল’ৰা বা ছোৱালী প্ৰসৱ কৰা মহিলাসকলৰ কাৰণে এই নিয়ম। |
8 |
যদি তাই মেৰ-ছাগ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেতিয়া তাই দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, তাৰ এটা হোমৰ অৰ্থে, আনটো পাপাৰ্থক বলিৰ অৰ্থে দিব, আৰু পুৰোহিতে তাইক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই শুচি হ’ব’।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
লেবীয় পুস্তক 12:1 |
লেবীয় পুস্তক 12:2 |
লেবীয় পুস্তক 12:3 |
লেবীয় পুস্তক 12:4 |
লেবীয় পুস্তক 12:5 |
লেবীয় পুস্তক 12:6 |
লেবীয় পুস্তক 12:7 |
লেবীয় পুস্তক 12:8 |
লেবীয় পুস্তক 1 / লেপুস্ 1 |
লেবীয় পুস্তক 2 / লেপুস্ 2 |
লেবীয় পুস্তক 3 / লেপুস্ 3 |
লেবীয় পুস্তক 4 / লেপুস্ 4 |
লেবীয় পুস্তক 5 / লেপুস্ 5 |
লেবীয় পুস্তক 6 / লেপুস্ 6 |
লেবীয় পুস্তক 7 / লেপুস্ 7 |
লেবীয় পুস্তক 8 / লেপুস্ 8 |
লেবীয় পুস্তক 9 / লেপুস্ 9 |
লেবীয় পুস্তক 10 / লেপুস্ 10 |
লেবীয় পুস্তক 11 / লেপুস্ 11 |
লেবীয় পুস্তক 12 / লেপুস্ 12 |
লেবীয় পুস্তক 13 / লেপুস্ 13 |
লেবীয় পুস্তক 14 / লেপুস্ 14 |
লেবীয় পুস্তক 15 / লেপুস্ 15 |
লেবীয় পুস্তক 16 / লেপুস্ 16 |
লেবীয় পুস্তক 17 / লেপুস্ 17 |
লেবীয় পুস্তক 18 / লেপুস্ 18 |
লেবীয় পুস্তক 19 / লেপুস্ 19 |
লেবীয় পুস্তক 20 / লেপুস্ 20 |
লেবীয় পুস্তক 21 / লেপুস্ 21 |
লেবীয় পুস্তক 22 / লেপুস্ 22 |
লেবীয় পুস্তক 23 / লেপুস্ 23 |
লেবীয় পুস্তক 24 / লেপুস্ 24 |
লেবীয় পুস্তক 25 / লেপুস্ 25 |
লেবীয় পুস্তক 26 / লেপুস্ 26 |
লেবীয় পুস্তক 27 / লেপুস্ 27 |
|
|
|
|
|