1 |
যিহোৱাৰ ক্ৰোধৰ দণ্ডৰ দ্বাৰাই দুখ ভোগ কৰা পুৰুষজন ময়েই। |
2 |
তেওঁ মোক খেদি পঠিয়ালে আৰু মোক পোহৰত নহয়, কিন্তু অন্ধকাৰৰ পথতহে গমন কৰালে। |
3 |
নিশ্চয়কৈ তেওঁ মোক বিমুখ কৰিলে; ওৰে দিনটো তেওঁ মোৰ অহিতে নিজ হাত চলায়। |
4 |
তেওঁ মোৰ মাংস আৰু ছাল জীৰ্ণ কৰিলে; তেওঁ মোৰ হাড়বোৰ ভাঙিলে। |
5 |
তেওঁ মোৰ অহিতে চাৰিওফালে তিক্ততা আৰু শ্ৰান্তিৰূপ গড়েৰে অৱৰোধ কৰিলে। |
6 |
বহু সময় ধৰি মৃত্যু হোৱা মানুহৰ দৰে, তেওঁ মোক অন্ধকাৰ ঠাইবোৰত বাস কৰালে। |
7 |
মই ওলাই যাব নোৱাৰাকৈ তেওঁ মোৰ চাৰিওফালে বেৰা দিলে। তেওঁ মোৰ শিকলি গধূৰ কৰিলে। |
8 |
যদিও মই সহায়ৰ বাবে চিঞৰি কাতৰোক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে। |
9 |
তেওঁ মোৰ পথবোৰ কটা শিলেৰে বন্ধ কৰিলে; মই লোৱা প্রতিটো বাটেই বেঁকা। |
10 |
মোৰ পক্ষে তেওঁ খাপ দি থকা ভালুক, গুপুত ঠাইত থকা সিংহৰ দৰে। |
11 |
তেওঁ মোৰ বাট আওবাট কৰিলে। তেওঁ মোক চকুলোৰে পৃথক কৰিলে, আৰু মোক অনাথ কৰিলে। |
12 |
তেওঁ নিজৰ ধনু ভিৰাই ল’লে আৰু মোলৈ লক্ষ্য কৰি কাঁড় মাৰিলে। |
13 |
তেওঁ নিজৰ তূণৰ বাণ মোৰ মৰ্ম্মস্থানত সুমুৱালে। |
14 |
মই মোৰ লোকসকলৰ হাহি উদ্ৰেক কৰা ব্যক্তি হৈ পৰিলোঁ, দিনে দিনে তেওঁলোকৰ বিদ্রূপাত্মক গানৰ বিষয় হৈছোঁ। |
15 |
তেওঁ মোক তিতাৰে পূৰ কৰিলে আৰু মোক অধিককৈ নাগদানা খুৱালে। |
16 |
খোৱা বস্তুত মিহলি হোৱা শিল গুটিৰে তেওঁ মোৰ দাঁতো ভাঙিলে; তেওঁ মোক ছাঁইলৈ ঠেলি পঠিয়ালে। |
17 |
তুমি মোৰ জীৱনৰ পৰা শান্তি আঁতৰ কৰিলা; মই মঙ্গল পাহৰিলোঁ। |
18 |
গতিকে মই ক’লো, “মোৰ জাকজমকতা শেষ হৈ গ’ল, সেয়ে মোৰ আশা অৱশ্যেই যিহোৱাৰ পৰা আহিব!” |
19 |
মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোঁতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰোঁ। |
20 |
মোৰ প্ৰাণৰ সোঁৱৰণত সেইবোৰ এতিয়াও আছে আৰু মোৰ প্ৰাণ মোৰ অন্তৰত নত হৈছে। |
21 |
কিন্তু মোৰ মনত ইয়াক পুনৰায় সোঁৱৰণ কৰোঁ, এই হেতুকে মোৰ আশা আছে। |
22 |
আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই! |
23 |
তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ! |
24 |
মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম। |
25 |
যিহোৱালৈ অপেক্ষা কৰোঁতা সকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়। |
26 |
যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি নীৰৱে বাট চাই থকাই ভাল। |
27 |
যৌৱন-কালত যুৱলি বোৱাই মানুহৰ পক্ষে মঙ্গলময়। |
28 |
তেওঁ তাৰ ওপৰত যুৱলি দিয়াৰ কাৰণে সি অকলেই বহি থাকক আৰু নিজম দি থাকক। |
29 |
সি নিজৰ মুখ ধূলিত ৰাখক; কিজানি আশা হ’ব পাৰে। |
30 |
সি তাৰ প্ৰহাৰ কৰা জনলৈ গাল পাতি দিয়ক, সি নিন্দাৰে পৰিপূৰ্ণ হওঁক, |
31 |
যাতে প্ৰভুৱে চিৰকাললৈকে তাক ত্যাগ নকৰিব! |
32 |
যদিও তেওঁ কষ্ট দিয়ে, তথাপি তেওঁৰ অধিক দয়া অনুসাৰে কৃপা কৰিব। |
33 |
কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে, বা মানুহৰ সন্তান সকলক বেজাৰ নিদিয়ে। |
34 |
পৃথিৱীৰ আটাই বন্দীবোৰক ভৰিৰ তলত গুড়ি কৰা, |
35 |
সৰ্ব্বোপৰি জনাৰ আগত মানুহৰ স্বত্ব গুচুউৱা, |
36 |
আৰু মানুহৰ গোচৰত তাক অন্যায় কৰা - যিহোৱাই জনো সেইবোৰৰ বিষয়ে নেদেখে? |
37 |
প্ৰভুৱে আজ্ঞা নকৰাকৈ, কোন ব্যক্তিয়ে কোৱা বাক্য সিদ্ধ হয়? |
38 |
সৰ্ব্বোপৰি জনাৰ মুখৰ পৰা মঙ্গল আৰু অমঙ্গল নোলায়? |
39 |
জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে? |
40 |
আহাঁ, আমি বিচাৰ কৰি আমাৰ নিজ পথবোৰ পৰীক্ষা কৰোঁহক আৰু পুনৰায় যিহোৱালৈ ঘূৰোহঁক। |
41 |
স্বৰ্গনিবাসী ঈশ্বৰলৈ আমাৰ হৃদয় আৰু হাত তুলি প্রাৰ্থনা কৰোঁহক। |
42 |
“আমি অপৰাধ আৰু বিদ্ৰোহ কৰিলোঁ, সেয়ে তুমিও আমাক ক্ষমা নকৰিলা। |
43 |
তুমি নিজকে ক্ৰোধেৰে ঢাকিলা আৰু আমাক পাছে পাছে খেদিলা। তুমি আমাক হত্যা কৰিলা, আৰু আমাক তুমি দয়া নকৰিলা। |
44 |
তুমি নিজকে মেঘে সৈতে ঢাকিলা, সেয়ে কোনো প্ৰাৰ্থনাই ভেদ কৰিব নোৱাৰিলে। |
45 |
তুমি আমাক লোক সমূহৰ মাজত পৰিত্যক্ত আৰু অস্বীকাৰ কৰিলা। |
46 |
আমাৰ আটাই শত্ৰুৱে আমাৰ অহিতে মুখ বহলকৈ মেলি ঠাট্টা কৰিলে। |
47 |
সেই গাতৰ ভয়, নিৰ্জনতা আৰু নিষ্পেষণ, আমালৈ একেলগে আহিছে।” |
48 |
মোৰ জাতিস্বৰূপা জীয়াৰীৰ নিষ্পেষণৰ কাৰণে, মোৰ চকুৰ পৰা পানীৰ সোঁত বৈছে। |
49 |
মোৰ চকুৰ পানী নিগৰে, আৰু ই ক্ষান্ত নহয় আৰু শেষ নোহোৱাকৈ নিগৰে; |
50 |
যেতিয়ালৈকে যিহোৱাই স্বৰ্গৰ পৰা তললৈ চাই দৃষ্টি নকৰে। |
51 |
মোৰ নগৰৰ আটাই জীয়াৰীৰ কাৰণে মোৰ চকুৱে মোৰ প্ৰাণক দুখ দিছে। |
52 |
শত্ৰুবোৰে বিনাকাৰণত পক্ষী চিকাৰ কৰাৰ দৰে, মোক নিৰ্দয়ভাবে চিকাৰ কৰিলে। |
53 |
তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি হ’ল । |
54 |
মোৰ মূৰৰ ওপৰেদি পানী বৈ গ’ল; মই কলোঁ যে, “মই উচ্ছন্ন হলোঁ!” |
55 |
হে যিহোৱা, মই দ অন্ধকূপৰ পৰা তোমাৰ নাম ললোঁ। |
56 |
যেতিয়া মই ক’লো, “সহায় পাবলৈ কৰা মোৰ কাতৰোক্তিলৈ তুমি কাণত সোপা নিদিবা।” তেতিয়া তুমি মোৰ ধ্বনি শুনিলা। |
57 |
তোমাৰ নাম লোৱা দিনত, তুমি ওচৰ চাপি আহি ক’লা, “ভয় নকৰিবা!” |
58 |
হে প্ৰভু, তুমি মোৰ প্ৰাণৰ অভিযোগ প্ৰতিবাদ কৰিলা; তুমি মোৰ জীৱন মুক্ত কৰিলা। |
59 |
হে যিহোৱা, তেওঁলোকে মোলৈ কৰা অন্যায় তুমি দেখিছা; মোৰ গোচৰ বিচাৰ কৰা। |
60 |
তেওঁলোকৰ আটাই প্ৰতিকাৰৰ কাৰ্য আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলচ তুমি দেখিলা। |
61 |
হে যিহোৱা, তেওঁলোকৰ ধিক্কাৰ আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলোচনা তুমি শুনিলা। |
62 |
তুমি মোৰ অহিতে উঠাবোৰৰ ওঁঠৰ বাক্য আৰু গোটেই দিন মোৰ বিৰুদ্ধে কৰা তেওঁলোকৰ কল্পনা শুনিলা। |
63 |
তুমি তেওঁলোকৰ বহা আৰু উঠা দেখা; মই তেওঁলোকৰ ঠাট্টাৰ গানৰ বিষয়। |
64 |
হে যিহোৱা, তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তুমি তেওঁলোকক প্ৰতিফল দিয়া। |
65 |
তুমি তেওঁলোকক মনৰ জঠৰতা প্ৰদান কৰা; তোমাৰ শাও তেওঁলোকৰ ওপৰত পৰক। |
66 |
তুমি ক্ৰোধত তেওঁলোকৰ পাছে পাছে খেদি যোৱা আৰু যিহোৱাৰ আকাশ-মণ্ডলৰ তলৰ পৰা তেওঁলোকক উচ্ছন্ন কৰা। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
বিলাপ-গাথা 3:1 |
বিলাপ-গাথা 3:2 |
বিলাপ-গাথা 3:3 |
বিলাপ-গাথা 3:4 |
বিলাপ-গাথা 3:5 |
বিলাপ-গাথা 3:6 |
বিলাপ-গাথা 3:7 |
বিলাপ-গাথা 3:8 |
বিলাপ-গাথা 3:9 |
বিলাপ-গাথা 3:10 |
বিলাপ-গাথা 3:11 |
বিলাপ-গাথা 3:12 |
বিলাপ-গাথা 3:13 |
বিলাপ-গাথা 3:14 |
বিলাপ-গাথা 3:15 |
বিলাপ-গাথা 3:16 |
বিলাপ-গাথা 3:17 |
বিলাপ-গাথা 3:18 |
বিলাপ-গাথা 3:19 |
বিলাপ-গাথা 3:20 |
বিলাপ-গাথা 3:21 |
বিলাপ-গাথা 3:22 |
বিলাপ-গাথা 3:23 |
বিলাপ-গাথা 3:24 |
বিলাপ-গাথা 3:25 |
বিলাপ-গাথা 3:26 |
বিলাপ-গাথা 3:27 |
বিলাপ-গাথা 3:28 |
বিলাপ-গাথা 3:29 |
বিলাপ-গাথা 3:30 |
বিলাপ-গাথা 3:31 |
বিলাপ-গাথা 3:32 |
বিলাপ-গাথা 3:33 |
বিলাপ-গাথা 3:34 |
বিলাপ-গাথা 3:35 |
বিলাপ-গাথা 3:36 |
বিলাপ-গাথা 3:37 |
বিলাপ-গাথা 3:38 |
বিলাপ-গাথা 3:39 |
বিলাপ-গাথা 3:40 |
বিলাপ-গাথা 3:41 |
বিলাপ-গাথা 3:42 |
বিলাপ-গাথা 3:43 |
বিলাপ-গাথা 3:44 |
বিলাপ-গাথা 3:45 |
বিলাপ-গাথা 3:46 |
বিলাপ-গাথা 3:47 |
বিলাপ-গাথা 3:48 |
বিলাপ-গাথা 3:49 |
বিলাপ-গাথা 3:50 |
বিলাপ-গাথা 3:51 |
বিলাপ-গাথা 3:52 |
বিলাপ-গাথা 3:53 |
বিলাপ-গাথা 3:54 |
বিলাপ-গাথা 3:55 |
বিলাপ-গাথা 3:56 |
বিলাপ-গাথা 3:57 |
বিলাপ-গাথা 3:58 |
বিলাপ-গাথা 3:59 |
বিলাপ-গাথা 3:60 |
বিলাপ-গাথা 3:61 |
বিলাপ-গাথা 3:62 |
বিলাপ-গাথা 3:63 |
বিলাপ-গাথা 3:64 |
বিলাপ-গাথা 3:65 |
বিলাপ-গাথা 3:66 |
বিলাপ-গাথা 1 / বিগা 1 |
বিলাপ-গাথা 2 / বিগা 2 |
বিলাপ-গাথা 3 / বিগা 3 |
বিলাপ-গাথা 4 / বিগা 4 |
বিলাপ-গাথা 5 / বিগা 5 |
|
|
|
|
|