1 |
জাতি সমূহৰ বিষয়ে যিৰিমিয়া ভাববাদীৰ ওচৰলৈ অহা যিহোৱাৰ বাক্য। |
2 |
মিচৰৰ বিষয়। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ চতুৰ্থ বছৰত বাবিলৰ ৰজা নবূখদনেচৰে পৰাজয় কৰা ফৰাৎ নদীৰ পাৰৰ কৰ্কমীচত থকা মিচৰীয়া ৰজা ফৰৌণ নখোৰ সৈন্য-সামন্তৰ বিষয়: |
3 |
তোমালোকে ঢাল আৰু ফৰ যুগুত কৰা আৰু যুদ্ধ কৰিবৰ বাবে ওচৰ চাপা। |
4 |
হে অশ্বাৰোহীসকল, ঘোঁৰাবোৰ সজোঁৱা, ঘোঁৰাত উঠা আৰু শিৰোৰক্ষক টুপী পিন্ধি, আগলৈ গৈ থিয় হোৱা, বৰচা জকমকোওৱা, কৱচ পিন্ধা। |
5 |
মই কিয় এনেকুৱা দেখিছোঁ? তেওঁলোক ব্যাকুল হৈছে, পাছ হুঁহকি গৈছে; তেওঁলোকৰ বীৰসকল বিহ্বল হৈ বেগাই পলাইছে আৰু পাছলৈ নাচায়; যিহোৱাই কৈছে, চাৰিওফালে ত্ৰাস। |
6 |
বেগী লোক পলাই যাব নোৱাৰে, বীৰ সাৰিব নোৱাৰে; উত্তৰফালে ফৰাৎ নদীৰ পাৰত তেওঁলোকে উজুটি খাই পৰিছে। |
7 |
যাৰ জল সমূহে নৈবোৰৰ দৰে আস্ফালন কৰিছে, নীল নদীৰ দৰে বাঢ়ি অহা সৌ জন কোন? |
8 |
মিচৰৰ নীল নদীৰ দৰে বাঢ়ি আহিছে, আৰু তাৰ জল সমূহে নদীবোৰৰ দৰে আস্ফালন কৰিছে। আৰু সি কৈছে, ‘মই বাঢ়ি পৃথিৱী তল নিয়াম, নগৰ আৰু তাৰ নিবাসীসকলক নষ্ট কৰিম।’ |
9 |
হে ঘোঁৰাবিলাক, উঠি যোৱা, হে ৰথবিলাক, বাতুলৰ নিচিনাকৈ লৰি যোৱা: বীৰসকল ঢালধাৰী কুচ আৰু পূট আৰু ধনুৰ্দ্ধৰ ও ধনুত জোঁৰ দিয়া লুদীয়া লোকসকল বাহিৰ ওলাওঁক। |
10 |
কিয়নো এই দিন বাহিনীসকলৰ প্ৰভু যিহোৱাৰ দিন, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিবলৈ শত্ৰুৰ প্ৰতিকাৰ সধা দিন; তৰোৱালে গ্ৰাস কৰি হেপাহ পলোৱাৰ আৰু তেওঁলোকৰ তেজ পান কৰি পৰিতৃপ্ত হ’ব; কিয়নো উত্তৰ দেশত ফৰাৎ নদীৰ পাৰত বাহিনীসকলৰ প্ৰভু যিহোৱাৰ এক যজ্ঞ হৈছে। |
11 |
হে কুমাৰী মিচৰ জীয়াৰী, তুমি গিলিয়দলৈ উঠি গৈ সুস্থজনক গছৰ ৰস লোৱা। তুমি বৃথা অনেক ঔষধ ব্যৱহাৰ কৰিছা, তোমাৰ কোনো সুস্থতা নাই। |
12 |
জাতিবোৰে তোমাৰ অপমানৰ কথা শুনিছে, আৰু তোমাৰ চিঞৰৰ শব্দেৰে পৃথিৱী পৰিপূৰ্ণ হৈছে, কিয়নো বীৰে বীৰত খুন্দা খাই দুয়ো একেলগে পতিত হ’ল। |
13 |
বাবিলৰ ৰজা নবূখদনেচৰে আহি মিচৰ দেশ পৰাজয় কৰিবৰ বিষয়ে যিৰিমিয়া ভাববাদীক কোৱা যিহোৱাৰ বাক্য: |
14 |
“তোমালোকে মিচৰত প্ৰচাৰ কৰা, মিগদোলত ঘোষণা কৰা, নোফ আৰু তহ্পন্হেচত ঘোষণা কৰা। তোমালোকে কোৱা, “তুমি আগলৈ গৈ থিয় হোৱা, নিজকে যুগুত কৰা; কিয়নো তৰোৱালে তোমাৰ চাৰিওফালে গ্ৰাস কৰিছে।” |
15 |
তোমাৰ বলৱান জনক কেলেই পেলোৱা হ’ল? তেওঁ থিয় হৈ নাথাকিল; কিয়নো যিহোৱাই তেওঁক পেলালে। |
16 |
তেওঁ অনেকক উজুটি খুৱালে, এনেকি তেওঁলোকে পৰস্পৰে পৰা-পৰি হ’ল; আৰু তেওঁলোকে ক’লে, “উঠা আমি এই সংহাৰক তৰোৱালৰ মুখৰ পৰা নিজ জাতিৰ ওচৰলৈ আৰু আমাৰ জন্মৰ দেশলৈ উলটি যাওঁহঁক।” |
17 |
তেওঁলোকে তাত চিঞৰি ক’লে, “মিচৰৰ ৰজা ফৰৌণৰ সৰ্ব্বনাশ হ’ল; তেওঁ উপযুক্ত সময় বৃথা নষ্ট কৰিলে।” |
18 |
বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, “মোৰ জীৱনৰ শপত,” “পৰ্ব্বতবোৰৰ মাজত পর্ব্বত তাবোৰ যেনে, আৰু সমূদ্ৰ পাৰত থকা কৰ্মিল যেনে, নিশ্চয়ে তেওঁ তেনে হৈ আহিব।” |
19 |
হে মিচৰ নিবাসিনী জীয়াৰী, বন্দী অৱস্থালৈ যাবৰ বাবে নিজৰ প্ৰয়োজনীয় বস্তু লোৱা; কিয়নো নোফ উচ্ছন্ন ঠাই হ’ব, দগ্ধ আৰু নিবাসীশূণ্য হ’ব। |
20 |
মিচৰ অতি সুন্দৰী চেঁউৰী গৰু; কিন্তু উত্তৰ দিশৰ পৰা এটা ডাঁহ আহিল, পালেহি। |
21 |
তাইৰ মাজত থকা তাইৰ বেচ খোৱাবোৰ হৃষ্টপুষ্ট দামুৰিৰ সদৃশ; কিয়নো তেওঁলোকো বিমুখ হৈ গৈছে। একেবাৰে পলাইছে, থিয়কেই নিদিলে; কাৰণ তেওঁলোকৰ আপদৰ দিন, তেওঁলোকৰ দণ্ডৰ সময় তেওঁলোকৰ ওচৰত উপস্থিত। |
22 |
পলাই যাওঁতে, তাই যোৱা শব্দ সাপ যোৱা শব্দৰ দৰে হ’ব; কিয়নো শত্ৰুৱে সসৈন্যে যাত্ৰা কৰি, কাঠকটীয়াৰ দৰে কুঠাৰেৰে তাইক আক্ৰমণ কৰিব। |
23 |
যিহোৱাই কৈছে, যদিও তাইৰ কাঠনি অগম্য, তথাপি তেওঁলোকে তাক কাটি পেলাব; কিয়নো তেওঁলোক অর্থাৎ শত্রুসকল ফৰিঙৰ জাকতকৈয়ো অধিক আৰু অসংখ্য। |
24 |
মিচৰ জীয়াৰী লজ্জিত হ’ব; তাইক উত্তৰ-দেশীয়সকলৰ হাতত সমৰ্পণ কৰা হ’ব।” |
25 |
ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই নোত থকা আমোনক, ফৰৌণক, মিচৰক আৰু তাৰ দেৱতাবোৰক আৰু তাৰ ৰজাসকলক, এনে কি ফৰৌণ আৰু তেওঁক ভাৰসা কৰা সকলোকে দণ্ড দিম। |
26 |
আৰু তেওঁলোকৰ প্ৰাণ বিচাৰি ফুৰাসকলৰ হাতত, বাবিলৰ ৰজা নবূখদনেচৰৰ আৰু তেওঁৰ প্ৰধান মন্ত্ৰীসকলৰ হাতত মই তেওঁলোকক সমপৰ্ণ কৰিম; তথাপি যিহোৱাই কৈছে, পাছত সেই দেশ আগৰ কালৰ দৰে বসতিস্থান হ’ব। |
27 |
“কিন্তু হে মোৰ দাস যাকোব, ভয় নকৰিবা, হে ইস্ৰায়েল ব্যাকুল নহ’বা; কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম; তাতে যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব। |
28 |
যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; কিয়নো মই তোমাৰ লগত আছোঁ; কাৰণ, মই যি জাতিৰ মাজলৈ তোমাক খেদিলোঁ, সেই সকলো জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ”’।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যেরেমিয়া 46:1 |
যেরেমিয়া 46:2 |
যেরেমিয়া 46:3 |
যেরেমিয়া 46:4 |
যেরেমিয়া 46:5 |
যেরেমিয়া 46:6 |
যেরেমিয়া 46:7 |
যেরেমিয়া 46:8 |
যেরেমিয়া 46:9 |
যেরেমিয়া 46:10 |
যেরেমিয়া 46:11 |
যেরেমিয়া 46:12 |
যেরেমিয়া 46:13 |
যেরেমিয়া 46:14 |
যেরেমিয়া 46:15 |
যেরেমিয়া 46:16 |
যেরেমিয়া 46:17 |
যেরেমিয়া 46:18 |
যেরেমিয়া 46:19 |
যেরেমিয়া 46:20 |
যেরেমিয়া 46:21 |
যেরেমিয়া 46:22 |
যেরেমিয়া 46:23 |
যেরেমিয়া 46:24 |
যেরেমিয়া 46:25 |
যেরেমিয়া 46:26 |
যেরেমিয়া 46:27 |
যেরেমিয়া 46:28 |
যেরেমিয়া 1 / যেরে 1 |
যেরেমিয়া 2 / যেরে 2 |
যেরেমিয়া 3 / যেরে 3 |
যেরেমিয়া 4 / যেরে 4 |
যেরেমিয়া 5 / যেরে 5 |
যেরেমিয়া 6 / যেরে 6 |
যেরেমিয়া 7 / যেরে 7 |
যেরেমিয়া 8 / যেরে 8 |
যেরেমিয়া 9 / যেরে 9 |
যেরেমিয়া 10 / যেরে 10 |
যেরেমিয়া 11 / যেরে 11 |
যেরেমিয়া 12 / যেরে 12 |
যেরেমিয়া 13 / যেরে 13 |
যেরেমিয়া 14 / যেরে 14 |
যেরেমিয়া 15 / যেরে 15 |
যেরেমিয়া 16 / যেরে 16 |
যেরেমিয়া 17 / যেরে 17 |
যেরেমিয়া 18 / যেরে 18 |
যেরেমিয়া 19 / যেরে 19 |
যেরেমিয়া 20 / যেরে 20 |
যেরেমিয়া 21 / যেরে 21 |
যেরেমিয়া 22 / যেরে 22 |
যেরেমিয়া 23 / যেরে 23 |
যেরেমিয়া 24 / যেরে 24 |
যেরেমিয়া 25 / যেরে 25 |
যেরেমিয়া 26 / যেরে 26 |
যেরেমিয়া 27 / যেরে 27 |
যেরেমিয়া 28 / যেরে 28 |
যেরেমিয়া 29 / যেরে 29 |
যেরেমিয়া 30 / যেরে 30 |
যেরেমিয়া 31 / যেরে 31 |
যেরেমিয়া 32 / যেরে 32 |
যেরেমিয়া 33 / যেরে 33 |
যেরেমিয়া 34 / যেরে 34 |
যেরেমিয়া 35 / যেরে 35 |
যেরেমিয়া 36 / যেরে 36 |
যেরেমিয়া 37 / যেরে 37 |
যেরেমিয়া 38 / যেরে 38 |
যেরেমিয়া 39 / যেরে 39 |
যেরেমিয়া 40 / যেরে 40 |
যেরেমিয়া 41 / যেরে 41 |
যেরেমিয়া 42 / যেরে 42 |
যেরেমিয়া 43 / যেরে 43 |
যেরেমিয়া 44 / যেরে 44 |
যেরেমিয়া 45 / যেরে 45 |
যেরেমিয়া 46 / যেরে 46 |
যেরেমিয়া 47 / যেরে 47 |
যেরেমিয়া 48 / যেরে 48 |
যেরেমিয়া 49 / যেরে 49 |
যেরেমিয়া 50 / যেরে 50 |
যেরেমিয়া 51 / যেরে 51 |
যেরেমিয়া 52 / যেরে 52 |
|
|
|
|
|