1 |
যিৰূচালেমৰ পৰা যিৰিমিয়া ভাববাদীয়ে পঠোৱা পত্ৰখনৰ কথা এইবোৰ - যিবোৰ দেশান্তৰলৈ নিয়া বৃদ্ধসকলৰ অৱশিষ্ট বাগলৈ, আৰু যিৰূচালেমৰ পৰা বাবিললৈ নবূখদনেচৰে বন্দী কৰি নিয়া পুৰোহিত, ভাববাদী, আৰু সকলো প্ৰজালৈ পঠিয়াইছিল। |
2 |
আৰু এইয়া হৈছিল যেতিয়া যকনিয়া ৰজা, ৰাজমাও, নপুংসকসকল, যিহূদা আৰু যিৰূচালেমৰ প্ৰধান লোকসকল, আৰু ৰাজমিস্ত্ৰি বাঢ়ৈ আদি শিল্পকাৰীসকলে যিৰূচালেমৰ পৰা প্ৰস্থান কৰিছিল। |
3 |
এই পত্র যিহূদাৰ চিদিকিয়া ৰজাই বাবিললৈ, বাবিলৰ ৰজা নবূখদনেচৰৰ গুৰিলৈ পঠোৱা চাফনৰ পুত্ৰ ইলিয়াচাৰ, আৰু হিল্কিয়াৰ পুত্ৰ গমৰিয়াৰ হাতত পঠিয়াইছিল। |
4 |
পত্রখনত এইদৰে কৈছিল, যে, “মই যিৰূচালেমৰ পৰা বাবিললৈ বন্দী কৰি নিয়া সকলো দেশান্তৰিত লোকক ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: |
5 |
তোমালোকে ঘৰ সাজি তাত বাস কৰা, আৰু বাৰী পাতি তাৰ ফল ভোগ কৰা। |
6 |
বিবাহ কৰি লৰা-ছোৱালী জন্ম দিয়া, আৰু লৰা-ছোৱালী জন্মিবৰ কাৰণে তোমালোকৰ পুত্রসকললৈ ছোৱালী আনা, আৰু জীয়েৰাসকলক বিয়া দিয়া। এইদৰে যেন তোমালোক সংখ্যাত কম নহৈ বাঢ়ি যোৱা। |
7 |
আৰু মই তোমালোকক বন্দী কৰি নিয়া নগৰৰ শান্তিলৈ চেষ্টা কৰা আৰু তাৰ বাবে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা; কিয়নো তাৰ শান্তিতে তোমালোকৰো শান্তি হ’ব। |
8 |
কাৰণ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘তোমালোকৰ মাজত থকা তোমালোকৰ ভাববাদী আৰু মঙ্গলতীসকলে তোমালোকক নুভুলাওক, নাইবা তোমালোকৰ সপোনত তোমালোকক দেখুউৱা কথালৈ কাণ নিদিবা। |
9 |
কিয়নো তেওঁলোকে মিছাকৈ মোৰ নামেৰে তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰে; যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই। |
10 |
কিয়নো যিহোৱাই এইদৰে কৈছে: ‘বাবিলত থকা সত্তৰ বছৰ পূৰ হ’ল, মই তোমালোকৰ বিচাৰ ল’ম আৰু এই ঠাইলৈ তোমালোকক ওলোটাই আনি তোমালোকলৈ মোৰ মঙ্গল বাক্য সিদ্ধ কৰিম। |
11 |
কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়। |
12 |
আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তেতিয়া মই তোমালোকৰ কথা শুনিম। |
13 |
আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা। |
14 |
আৰু যিহোৱাই কৈছে: ‘মই তোমালোকক মোক পাবলৈ দিম, মই তোমালোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু মই তোমালোকক দেশান্তৰিত কৰা সকলো জাতিৰ পৰা আৰু সকলে ঠাইৰ পৰা তোমালোকক গোটাই আনিম,’ ইয়াক যিহোৱাই কৈছে: ‘আৰু যি ঠাইৰ পৰা মই তোমালোকক বন্দী কৰি নিয়ালোঁ, সেই ঠাইলৈ পুনৰায় আনিম। |
15 |
যিহেতু তোমালোকে কৈছা, যিহোৱাই বাবিলত আমাৰ কাৰণে ভাববাদীসকলক উৎপন্ন কৰিলে, |
16 |
এই হেতুকে তোমালোকে জানিবা, যে, দায়ুদৰ সিংহাসনৰ ওপৰত বহোঁতা ৰজাৰ, আৰু তোমালোকৰ সৈতে দেশান্তৰলৈ নোযোৱা তোমালোকৰ ভাই এই নগৰ-নিবাসী সকলো প্ৰজাৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: |
17 |
বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তেওঁলোকৰ মাজলৈ তৰোৱাল, আকাল, আৰু মহামাৰী পঠিয়াম; আৰু তোমালোক অতি বেয়া হোৱাৰ কাৰণে মই তোমালোকক খাব নোৱাৰা ঘিণলগীয়া ডিমৰু গুটিৰ দৰে কৰিম। |
18 |
মই তৰোৱাল, আকাল, আৰু মহামাৰী লৈ তেওঁলোকৰ পাছে পাছে খেদিম, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম; আৰু মই তেওঁলোকক খেদাই দিয়া সকলো জাতিৰ মাজত তেওঁলোকক শাও, আচৰিত, ইচ্ ইচ্ আৰু ধিক্কাৰৰ বিষয় কৰিম। |
19 |
কাৰণ যিহোৱাই কৈছে: ‘মই অতি প্ৰভাতে উঠি তেওঁলোকৰ ওচৰলৈ মোৰ দাস ভাববাদীসকলৰ দ্বাৰাই পঠোৱা মোৰ বাক্যলৈ তোমালোকে কাণ নিদিলা;’ যিহোৱাই কৈছে: ‘তোমালোকে মোৰ বাক্য শুনিবলৈ ইচ্ছা নকৰিলা।’ |
20 |
এই হেতুকে যিৰূচালেমৰ পৰা বাবিললৈ মই পঠোৱা দেশান্তৰিত হোৱা যি তোমালোক, সকলোৱে যিহোৱাৰ বাক্য শুনা: |
21 |
‘কোলায়াৰ পুত্ৰ যি আহাবে, আৰু মাচেয়াৰ পুত্ৰ যি চিদিকিয়াই মোৰ নামেৰে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰিলে, তেওঁলোকৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘চোৱা, মই তেওঁলোকক তোমালোকৰ চকুৰ আগতেই বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত শোধাই দিম। |
22 |
আৰু বাবিলৰ ৰজাই জুইত পোৰা চিদিকিয়া আৰু আহাবৰ দৰে যিহোৱাই তোমাক কৰক বুলি কৈ, বাবিলত থকা যিহূদাৰ সকলো দেশান্তৰিত লোকে তেওঁলোকক দৃষ্টান্তৰ স্থল কৰি শাও দিব।’ |
23 |
কিয়নো তেওঁলোকে ইস্ৰায়েলৰ মাজত অজ্ঞানতাৰ কাৰ্য কৰিলে, আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ স্ত্রীলৈ গমন কৰিলে, আৰু মই তেওঁলোকক আজ্ঞা নিদিয়া বাক্য মিছাকৈয়ে মোৰ নামেৰে প্ৰচাৰ কৰিলে।’ যিহোৱাই কৈছে: ‘ময়েই জানো, আৰু ময়েই সাক্ষী আছোঁ।’ |
24 |
তুমি নিহিলামীয়া চময়িয়াৰ বিষয়ে এই কথা কোৱা: |
25 |
‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: যিৰূচালেমত থকা সকলো লোকলৈ, আৰু মাচেয়াৰ পুত্ৰ চফনিয়া পুৰোহিত আদি সকলো পুৰোহিতলৈ তুমি নিজৰ নামেৰে পত্ৰ পঠিয়াই কৈছা, |
26 |
“যি কোনো মানুহে বলীয়া হৈ নিজকে ভাববাদী পাতে, সেই মানুহক কুন্দাত আৰু শিকলিত বন্ধ কৰিবলৈ, যিহোৱাৰ গৃহত অধ্যক্ষ হবৰ কাৰণে যিহোয়াদা পুৰোহিতৰ সলনি যিহোৱাই তোমাক পুৰোহিত নিযুক্ত কৰিলে। |
27 |
এই হেতুকে অনাথোতীয়া যি যিৰিমিয়াই তোমালোকৰ আগত নিজকে নিজে ভাববাদী পাতে, সেই যিৰিমিয়াক তুমি কিয় ধমকি দিয়া নাই? |
28 |
কিয়নো বাবিলত থকা আমালৈ তেওঁ কৈ পঠিয়াইছে, যে, বহুদিন হ’ব, তোমালোকে ঘৰ সাজি তাত বাস কৰা, বাৰী পাতি তাৰ ফল ভোগ কৰা’।” |
29 |
চফনিয়া পুৰোহিতে সেই পত্ৰখন যিৰিমিয়া ভাববাদীয়ে শুনাকৈ পাঠ কৰিলে। |
30 |
তাতে যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে, |
31 |
তুমি দেশান্তৰিত হোৱা লোকসকলৰ আগলৈ এই কথা কৈ পঠিওৱা, যিহোৱাই নিহিলামীয়া বিষয়ে এই কথা কৈছে, মই চময়িয়াক নপঠোৱাকৈয়ে তেওঁ তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, আৰু মিছা কথাত তোমালোকৰ বিশ্বাস জন্মালে। |
32 |
এই হেতুকে যিহোৱাই এই কথা কৈছে: চোৱা, মই নিহিলামীয়া চময়িয়াক আৰু তাৰ বংশক দণ্ড দিম; এই জাতি সমূহৰ মাজত বসতি কৰিবলৈ তাৰ এটি সন্তানো নাথাকিব, আৰু যিহোৱাই কৈছে, মই মোৰ প্ৰজাসকলৰ যি মঙ্গল কৰিম, তাক তেওঁ ভোগ কৰিবলৈ নাপাব; কাৰণ তেওঁ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লে’।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যেরেমিয়া 29:1 |
যেরেমিয়া 29:2 |
যেরেমিয়া 29:3 |
যেরেমিয়া 29:4 |
যেরেমিয়া 29:5 |
যেরেমিয়া 29:6 |
যেরেমিয়া 29:7 |
যেরেমিয়া 29:8 |
যেরেমিয়া 29:9 |
যেরেমিয়া 29:10 |
যেরেমিয়া 29:11 |
যেরেমিয়া 29:12 |
যেরেমিয়া 29:13 |
যেরেমিয়া 29:14 |
যেরেমিয়া 29:15 |
যেরেমিয়া 29:16 |
যেরেমিয়া 29:17 |
যেরেমিয়া 29:18 |
যেরেমিয়া 29:19 |
যেরেমিয়া 29:20 |
যেরেমিয়া 29:21 |
যেরেমিয়া 29:22 |
যেরেমিয়া 29:23 |
যেরেমিয়া 29:24 |
যেরেমিয়া 29:25 |
যেরেমিয়া 29:26 |
যেরেমিয়া 29:27 |
যেরেমিয়া 29:28 |
যেরেমিয়া 29:29 |
যেরেমিয়া 29:30 |
যেরেমিয়া 29:31 |
যেরেমিয়া 29:32 |
যেরেমিয়া 1 / যেরে 1 |
যেরেমিয়া 2 / যেরে 2 |
যেরেমিয়া 3 / যেরে 3 |
যেরেমিয়া 4 / যেরে 4 |
যেরেমিয়া 5 / যেরে 5 |
যেরেমিয়া 6 / যেরে 6 |
যেরেমিয়া 7 / যেরে 7 |
যেরেমিয়া 8 / যেরে 8 |
যেরেমিয়া 9 / যেরে 9 |
যেরেমিয়া 10 / যেরে 10 |
যেরেমিয়া 11 / যেরে 11 |
যেরেমিয়া 12 / যেরে 12 |
যেরেমিয়া 13 / যেরে 13 |
যেরেমিয়া 14 / যেরে 14 |
যেরেমিয়া 15 / যেরে 15 |
যেরেমিয়া 16 / যেরে 16 |
যেরেমিয়া 17 / যেরে 17 |
যেরেমিয়া 18 / যেরে 18 |
যেরেমিয়া 19 / যেরে 19 |
যেরেমিয়া 20 / যেরে 20 |
যেরেমিয়া 21 / যেরে 21 |
যেরেমিয়া 22 / যেরে 22 |
যেরেমিয়া 23 / যেরে 23 |
যেরেমিয়া 24 / যেরে 24 |
যেরেমিয়া 25 / যেরে 25 |
যেরেমিয়া 26 / যেরে 26 |
যেরেমিয়া 27 / যেরে 27 |
যেরেমিয়া 28 / যেরে 28 |
যেরেমিয়া 29 / যেরে 29 |
যেরেমিয়া 30 / যেরে 30 |
যেরেমিয়া 31 / যেরে 31 |
যেরেমিয়া 32 / যেরে 32 |
যেরেমিয়া 33 / যেরে 33 |
যেরেমিয়া 34 / যেরে 34 |
যেরেমিয়া 35 / যেরে 35 |
যেরেমিয়া 36 / যেরে 36 |
যেরেমিয়া 37 / যেরে 37 |
যেরেমিয়া 38 / যেরে 38 |
যেরেমিয়া 39 / যেরে 39 |
যেরেমিয়া 40 / যেরে 40 |
যেরেমিয়া 41 / যেরে 41 |
যেরেমিয়া 42 / যেরে 42 |
যেরেমিয়া 43 / যেরে 43 |
যেরেমিয়া 44 / যেরে 44 |
যেরেমিয়া 45 / যেরে 45 |
যেরেমিয়া 46 / যেরে 46 |
যেরেমিয়া 47 / যেরে 47 |
যেরেমিয়া 48 / যেরে 48 |
যেরেমিয়া 49 / যেরে 49 |
যেরেমিয়া 50 / যেরে 50 |
যেরেমিয়া 51 / যেরে 51 |
যেরেমিয়া 52 / যেরে 52 |
|
|
|
|
|