1 |
যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণিত যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, বোলে, |
2 |
“যিহোৱাই মোক ক’লে, তুমি যোঁত-জৰী আৰু যুৱলি সাজি তোমাৰ ডিঙিত লগোৱা। |
3 |
আৰু যিৰূচালেমলৈ যিহূদাৰ চিদিকিয়া ৰজাৰ গুৰিলৈ দূতবোৰৰ হাতত, ইদোমৰ ৰজা, মোৱাবৰ ৰজা, অম্মোনৰ সন্তানসকলৰ ৰজা, তূৰৰ ৰজা, আৰু চীদোনৰ ৰজাৰ ওচৰলৈ সেইবোৰ পঠিয়াই দিয়া। |
4 |
আৰু নিজ নিজ প্ৰভুক ক’বৰ বাবে তেওঁলোকক এই আদেশ দিয়া, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে: “তোমালোকে নিজ নিজ প্ৰভুক এই এই কথা ক’বা, |
5 |
‘ময়েই নিজ মহাশক্তিৰে আৰু মেলা বাহুৰে পৃথিৱীক আৰু পৃথিৱীৰ ওপৰত থকা মানুহ আৰু পশুবোৰক সৃষ্ট কৰিলোঁ, আৰু মোৰ দৃষ্টিত যাক ভাল দেখোঁ, তাকে তাক দিওঁ। |
6 |
এই হেতুকে এতিয়া মই এই সকলো দেশ মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত দিলোঁ, আৰু তেওঁৰ বন্দীকাম কৰিবৰ অৰ্থে বনৰ জন্তুবোৰকো মই তেওঁক দিলোঁ। |
7 |
আৰু তেওঁৰ নিজ দেশৰ সময় শেষ নোহোৱালৈকে সকলো জাতিয়ে তেওঁৰ, তেওঁৰ পুতেকৰ আৰু তেওঁৰ নাতিয়েকৰ বন্দী-কাম কৰিব; সেই সময় হ’লে অনেক জাতি আৰু মহান ৰজাসকলে তেওঁক তেওঁলোকৰ বন্দী-কাম কৰোৱাব। |
8 |
যি জাতি আৰু ৰজাই সেই বাবিলৰ ৰজা নবূখদনেচৰৰ বন্দী-কাম নকৰিব, আৰু বাবিলৰ ৰজাৰ যুৱলিত নিজৰ ডিঙি নাৰাখিব, যিহোৱাই কৈছে, মই তেওঁৰ হাতেৰে এই জাতিক সংহাৰ নকৰালৈকে তৰোৱাল আৰু মহামাৰীৰ দ্বাৰাই দণ্ড দিম। |
9 |
কিন্তু তোমালোকে হ’লে! তোমালোকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিবলৈ নাপাবা, ‘এই বুলি তোমালোকক কোৱা তোমালোকৰ ভাববাদী, মঙ্গলতী, স্বপ্নদৰ্শক, গণক, কি মায়াবীৰ কথা নুশুনিবা।’ |
10 |
কিয়নো তোমালোকৰ দেশৰ পৰা তোমালোকক দূৰ কৰিবৰ কাৰণে আৰু মই তোমালোকক খেদাই দিলে তোমালোক নষ্ট হবলৈ তোমালোকৰ আগত তেওঁলোকে মিছা ভাববাণী প্ৰচাৰ কৰে। |
11 |
কিন্তু যি জাতিয়ে বাবিলৰ ৰজাৰ যুৱলিৰ তলত নিজৰ ডিঙি ৰাখিব, আৰু তেওঁৰ বন্দীকাম কৰিব, যিহোৱাই কৈছে, ‘মই সেই জাতিক নিজ দেশত থাকিবলৈ দিম; তেওঁলোকে তাত কৃষিকাৰ্য্য কৰিব, আৰু তাত বাস কৰিব”’।” |
12 |
পাছত মই সেই সকলো বাক্য অনুসাৰে যিহূদাৰ ৰজা চিদিকিয়াক ক’লোঁ: “তোমালোকে নিজ নিজ ডিঙি বাবিলৰ ৰজাৰ যুৱলিৰ তলত ৰাখি, তেওঁৰ আৰু তেওঁৰ লোকসকলৰ বন্দী-কাম কৰি জীয়াই থাকা। |
13 |
যি জাতিয়ে বাবিলৰ ৰজাৰ বন্দী-কাম নকৰিব, সেই জাতিৰ বিষয়ে যিহোৱাই কোৱাৰ দৰে, তুমি আৰু তোমাৰ প্ৰজাসকল তৰোৱাল, আকাল আৰু মহামাৰীত কিয় মৰিবা? |
14 |
‘বাবিলৰ ৰজাৰ বন্দী-কাম কৰিব নাপাবা’ বুলি তোমালোকক কোৱা ভাববাদীসকলৰ কথা নুশুনিবা; কিয়নো তেওঁলোকে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে। |
15 |
কাৰণ, যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই” কিন্তু মই তোমালোকক খেদাই দিলে তোমালোক আৰু তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা ভাববাদীসকল বিনষ্ট হবৰ কাৰণে, তেওঁলোকে মিছাকৈয়ে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে। |
16 |
পাছে মই পুৰোহিতসকলক আৰু এই সকলো প্ৰজাক ক’লোঁ, “যিহোৱাই এই কথা কৈছে: চোৱা, যিহোৱাৰ গৃহৰ বস্তুবোৰ অলপতে পুনৰায় বাবিলৰ পৰা অনা যাব বুলি তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা তোমালোকৰ ভাববাদীসকলৰ কথালৈ কাণ নিদিবা; কিয়নো সিহঁতে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে। |
17 |
তেওঁলোকৰ কথালৈ কাণ নিদিবা, কিন্তু বাবিলৰ ৰজাৰ বন্দী-কাম কৰি জীয়াই থাকা; এই নগৰ কিয় ধ্বংসস্থান হব? |
18 |
কিন্তু যদি তেওঁলোক ভাববাদী হয়, আৰু যদি যিহোৱাৰ বাক্য তেওঁলোকৰ লগত আছে, তেন্তে যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত আৰু যিৰূচালেমত অৱশিষ্ট থকা বস্তুবোৰ বাবিললৈ নাযাবলৈ বাহিনীসকলৰ যিহোৱাৰ আগত তেওঁলোকে প্ৰাৰ্থনা কৰক। |
19 |
কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে যিহোয়াকীমৰ পুতেক যিহূদাৰ ৰজা যকনিয়ক, আৰু যিহূদাৰ ও যিৰূচালেমৰ প্ৰধান লোকসকলক আৰু যিৰূচালেমৰ পৰা বাহিৰলৈ বন্দী কৰি নিয়া সময়ত, |
20 |
স্তম্ভ কেইটা, সমুদ্ৰ-পাত্ৰটো, আৰু আধাৰবোৰ আদি কৰি এই নগৰৰ অৱশিষ্ট থকা যি যি বস্তু বাবিলত ৰজা নবূখদনেচৰে নিয়া নাছিল, সেইবোৰৰ বিষয়ে যিহোৱাই এইদৰে কৈছে; |
21 |
এনে কি, যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত, আৰু যিৰূচালেমত অৱশিষ্ট থকা সেই বস্তুবোৰৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, |
22 |
সেই সকলোকে বাবিললৈ নিয়া হ’ব, আৰু মই সেইবোৰৰ বিচাৰ নকৰা দিনলৈকে সেইবোৰ সেই ঠাইতে থাকিব, ইয়াকে যিহোৱাই কৈছে; সেই দিন উপস্থিত হ’লে, মই সেইবোৰ আনি এই ঠাইত পুনৰাই স্থাপন কৰিম’।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যেরেমিয়া 27:1 |
যেরেমিয়া 27:2 |
যেরেমিয়া 27:3 |
যেরেমিয়া 27:4 |
যেরেমিয়া 27:5 |
যেরেমিয়া 27:6 |
যেরেমিয়া 27:7 |
যেরেমিয়া 27:8 |
যেরেমিয়া 27:9 |
যেরেমিয়া 27:10 |
যেরেমিয়া 27:11 |
যেরেমিয়া 27:12 |
যেরেমিয়া 27:13 |
যেরেমিয়া 27:14 |
যেরেমিয়া 27:15 |
যেরেমিয়া 27:16 |
যেরেমিয়া 27:17 |
যেরেমিয়া 27:18 |
যেরেমিয়া 27:19 |
যেরেমিয়া 27:20 |
যেরেমিয়া 27:21 |
যেরেমিয়া 27:22 |
যেরেমিয়া 1 / যেরে 1 |
যেরেমিয়া 2 / যেরে 2 |
যেরেমিয়া 3 / যেরে 3 |
যেরেমিয়া 4 / যেরে 4 |
যেরেমিয়া 5 / যেরে 5 |
যেরেমিয়া 6 / যেরে 6 |
যেরেমিয়া 7 / যেরে 7 |
যেরেমিয়া 8 / যেরে 8 |
যেরেমিয়া 9 / যেরে 9 |
যেরেমিয়া 10 / যেরে 10 |
যেরেমিয়া 11 / যেরে 11 |
যেরেমিয়া 12 / যেরে 12 |
যেরেমিয়া 13 / যেরে 13 |
যেরেমিয়া 14 / যেরে 14 |
যেরেমিয়া 15 / যেরে 15 |
যেরেমিয়া 16 / যেরে 16 |
যেরেমিয়া 17 / যেরে 17 |
যেরেমিয়া 18 / যেরে 18 |
যেরেমিয়া 19 / যেরে 19 |
যেরেমিয়া 20 / যেরে 20 |
যেরেমিয়া 21 / যেরে 21 |
যেরেমিয়া 22 / যেরে 22 |
যেরেমিয়া 23 / যেরে 23 |
যেরেমিয়া 24 / যেরে 24 |
যেরেমিয়া 25 / যেরে 25 |
যেরেমিয়া 26 / যেরে 26 |
যেরেমিয়া 27 / যেরে 27 |
যেরেমিয়া 28 / যেরে 28 |
যেরেমিয়া 29 / যেরে 29 |
যেরেমিয়া 30 / যেরে 30 |
যেরেমিয়া 31 / যেরে 31 |
যেরেমিয়া 32 / যেরে 32 |
যেরেমিয়া 33 / যেরে 33 |
যেরেমিয়া 34 / যেরে 34 |
যেরেমিয়া 35 / যেরে 35 |
যেরেমিয়া 36 / যেরে 36 |
যেরেমিয়া 37 / যেরে 37 |
যেরেমিয়া 38 / যেরে 38 |
যেরেমিয়া 39 / যেরে 39 |
যেরেমিয়া 40 / যেরে 40 |
যেরেমিয়া 41 / যেরে 41 |
যেরেমিয়া 42 / যেরে 42 |
যেরেমিয়া 43 / যেরে 43 |
যেরেমিয়া 44 / যেরে 44 |
যেরেমিয়া 45 / যেরে 45 |
যেরেমিয়া 46 / যেরে 46 |
যেরেমিয়া 47 / যেরে 47 |
যেরেমিয়া 48 / যেরে 48 |
যেরেমিয়া 49 / যেরে 49 |
যেরেমিয়া 50 / যেরে 50 |
যেরেমিয়া 51 / যেরে 51 |
যেরেমিয়া 52 / যেরে 52 |
|
|
|
|
|