1 |
সন্তান জন্ম নিদিয়া মহিলা সকল গান গোৱা, কেতিয়াও প্ৰসৱ-বেদনা নোপোৱা মহিলা সকল, তোমালোকে আনন্দ গান আৰু উচ্চধ্বনিৰে উল্লাসিত হোৱা; কাৰণ যিহোৱাই কৈছে, বিবাহিত মহিলাৰ সন্তানতকৈ পৰিত্যক্ত মহিলাৰ সন্তান অধিক। |
2 |
তোমালোকৰ তম্বু ডাঙৰ কৰা, আৰু তম্বুবোৰ পর্দাবোৰ যিমান পাৰা বহলাই দিয়া; তোমালোকৰ জৰীবোৰ দীঘল কৰা আৰু খুটিবোৰ শক্তিশালী কৰা। |
3 |
তোমালোকৰ সোঁহাত আৰু বাওঁহাত মেলি দিয়া হ’ব, আৰু তোমালোকৰ বংশধৰসকলে দেশবোৰ জয় কৰিব, আৰু পৰিত্যক্ত নগৰবোৰ পুনৰ স্থাপন কৰিব। |
4 |
ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা; বা নিৰাশ নহ’বা কাৰণ তোমালোক অপমানিত নহ’বা; তোমালোকে যৌৱন-কালৰ লাজ আৰু তোমালোকক বর্জন কৰাৰ অপমান পাহৰিবা। |
5 |
তোমালোকৰ সৃষ্টিকর্তাই তোমালোকৰ স্বামী; তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা। ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মুক্তিদাতা; তেওঁ সমগ্র পৃথিবীৰ ঈশ্বৰ বুলি প্রখ্যাত। |
6 |
কাৰণ আত্মাত শোক পোৱা আৰু পৰিত্যাগ হোৱা, যৌৱনকালত বিয়া হৈ অগ্রাহ্য হোৱা মহিলাৰ দৰে, যিহোৱাই পুনৰ ভাৰ্যাৰ দৰে তোমালোকক আহ্বান কৰিছে, এই কথা তোমালোকৰ যিহোৱাই কৈছে। |
7 |
“মই অলপ সময়ৰ বাবে তোমালোকক ত্যাগ কৰিছিলোঁ; কিন্তু অধিক দয়াৰে মই তোমালোকক চপাম। |
8 |
অত্যন্ত ক্রোধত, মই ক্ষন্তেকৰ বাবে তোমালোকৰ পৰা মোৰ মুখ লুকুৱাইছিলোঁ; কিন্তু অনন্তকলীয়া বিশ্বাসযোগ্য চুক্তিৰে মই তোমালোকক দয়া কৰিম,” তোমালোকক উদ্ধাৰ কৰা যিহোৱাই কৈছে, |
9 |
“এইয়া মোৰ বাবে নোহৰ সময়ৰ জল সমূহৰ দৰে; সেই নোহৰ সময়ৰ জল সমূহে পুনৰায় পৃথিৱী প্লাবিত নকৰিব বুলি মই যেনেকৈ শপত কৰিছিলোঁ, সেই দৰে মই এতিয়া শপত কৰিছোঁ যে, মই তোমালোকক খং নকৰোঁ, আৰু ধমকিও নিদিওঁ। |
10 |
যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে। |
11 |
হে পীড়িত জন, ধুমুহাত ক্ষতিগ্রস্ত আৰু শান্ত্বনা নোপোৱা জন, চোৱা, মই ফিৰোজাৰে তোমালোকৰ ফুটপাথ, আৰু নীলকান্ত মণিৰে তোমালোকৰ ভিত্তিমূল স্থাপন কৰিম। |
12 |
মই ৰুবী বাখৰৰে তোমালোকৰ চূড়াবোৰ, আৰু চিকমিকিৱা পাথৰেৰে তোমালোকৰ দুৱাৰবোৰ স্হাপন কৰিম, আৰু তোমালোকৰ চাৰিও সীমা ধুনীয়া পাথৰেৰে নিৰ্ম্মাণ কৰিম। |
13 |
তোমালোকৰ সকলো সন্তান যিহোৱাৰ দ্বাৰাই শিক্ষিত হব, আৰু তোমালোকৰ সন্তান সকলৰ শান্তি মহান হ’ব। |
14 |
ধাৰ্মিকতাত মই তোমালোকক পুনৰ স্থাপন কৰিম; তোমালোকৰ আৰু অত্যাচাৰ অভিজ্ঞতা নহ’ব, কাৰণ তোমালোকৰ ভয় নহ’ব; আৰু আতঙ্কজনক কোনো কথাই তোমালোকৰ ওচৰলৈ নাহিব। |
15 |
চোৱা, যদি কোনো এজন যন্ত্রণাৰে আলোড়িত কৰে, সেইয়া মোৰ পৰা নহয়; যি কোনোৱে তোমালোকক যন্ত্রণাৰে আলোড়িত কৰাৰ সৈতে তোমালোকক পৰাজিত কৰিব। |
16 |
চোৱা, মই কাৰিকৰ সৃষ্টি কৰিলোঁ, যি জনে জ্বলি থকা কয়লাত ফু মাৰে, ধাতুৰে অস্ত্ৰ-শস্ত্র গঢ়া তেওঁৰ কাম, সেই কমাৰক ময়েই সৃষ্টি কৰিলোঁ, আৰু মই ধ্বংস কৰিবলৈ ধ্বংসকাৰী সৃষ্টি কৰিলোঁ। |
17 |
তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব; আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা। যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন” এয়াই যিহোৱাৰ ঘোষনা। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
ইসাইয়া 54:1 |
ইসাইয়া 54:2 |
ইসাইয়া 54:3 |
ইসাইয়া 54:4 |
ইসাইয়া 54:5 |
ইসাইয়া 54:6 |
ইসাইয়া 54:7 |
ইসাইয়া 54:8 |
ইসাইয়া 54:9 |
ইসাইয়া 54:10 |
ইসাইয়া 54:11 |
ইসাইয়া 54:12 |
ইসাইয়া 54:13 |
ইসাইয়া 54:14 |
ইসাইয়া 54:15 |
ইসাইয়া 54:16 |
ইসাইয়া 54:17 |
ইসাইয়া 1 / ইসা 1 |
ইসাইয়া 2 / ইসা 2 |
ইসাইয়া 3 / ইসা 3 |
ইসাইয়া 4 / ইসা 4 |
ইসাইয়া 5 / ইসা 5 |
ইসাইয়া 6 / ইসা 6 |
ইসাইয়া 7 / ইসা 7 |
ইসাইয়া 8 / ইসা 8 |
ইসাইয়া 9 / ইসা 9 |
ইসাইয়া 10 / ইসা 10 |
ইসাইয়া 11 / ইসা 11 |
ইসাইয়া 12 / ইসা 12 |
ইসাইয়া 13 / ইসা 13 |
ইসাইয়া 14 / ইসা 14 |
ইসাইয়া 15 / ইসা 15 |
ইসাইয়া 16 / ইসা 16 |
ইসাইয়া 17 / ইসা 17 |
ইসাইয়া 18 / ইসা 18 |
ইসাইয়া 19 / ইসা 19 |
ইসাইয়া 20 / ইসা 20 |
ইসাইয়া 21 / ইসা 21 |
ইসাইয়া 22 / ইসা 22 |
ইসাইয়া 23 / ইসা 23 |
ইসাইয়া 24 / ইসা 24 |
ইসাইয়া 25 / ইসা 25 |
ইসাইয়া 26 / ইসা 26 |
ইসাইয়া 27 / ইসা 27 |
ইসাইয়া 28 / ইসা 28 |
ইসাইয়া 29 / ইসা 29 |
ইসাইয়া 30 / ইসা 30 |
ইসাইয়া 31 / ইসা 31 |
ইসাইয়া 32 / ইসা 32 |
ইসাইয়া 33 / ইসা 33 |
ইসাইয়া 34 / ইসা 34 |
ইসাইয়া 35 / ইসা 35 |
ইসাইয়া 36 / ইসা 36 |
ইসাইয়া 37 / ইসা 37 |
ইসাইয়া 38 / ইসা 38 |
ইসাইয়া 39 / ইসা 39 |
ইসাইয়া 40 / ইসা 40 |
ইসাইয়া 41 / ইসা 41 |
ইসাইয়া 42 / ইসা 42 |
ইসাইয়া 43 / ইসা 43 |
ইসাইয়া 44 / ইসা 44 |
ইসাইয়া 45 / ইসা 45 |
ইসাইয়া 46 / ইসা 46 |
ইসাইয়া 47 / ইসা 47 |
ইসাইয়া 48 / ইসা 48 |
ইসাইয়া 49 / ইসা 49 |
ইসাইয়া 50 / ইসা 50 |
ইসাইয়া 51 / ইসা 51 |
ইসাইয়া 52 / ইসা 52 |
ইসাইয়া 53 / ইসা 53 |
ইসাইয়া 54 / ইসা 54 |
ইসাইয়া 55 / ইসা 55 |
ইসাইয়া 56 / ইসা 56 |
ইসাইয়া 57 / ইসা 57 |
ইসাইয়া 58 / ইসা 58 |
ইসাইয়া 59 / ইসা 59 |
ইসাইয়া 60 / ইসা 60 |
ইসাইয়া 61 / ইসা 61 |
ইসাইয়া 62 / ইসা 62 |
ইসাইয়া 63 / ইসা 63 |
ইসাইয়া 64 / ইসা 64 |
ইসাইয়া 65 / ইসা 65 |
ইসাইয়া 66 / ইসা 66 |
|
|
|
|
|