1 |
বৃদ্ধকালৰ দুখ-কষ্টৰ দিন আৰু বছৰবোৰ অহাৰ আগেয়েই তুমি যৌৱন কালতেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা; সেই দিনবোৰত তুমি ক’বা, “জীয়াই থকাত মই আৰু সন্তোষ নাপাওঁ।” |
2 |
সূর্য, চন্দ্র আৰু তৰাবোৰৰ জ্যোতি তোমাৰ ওচৰত অন্ধকাৰ হৈ অহাৰ আগেয়েই, বৰষুণৰ পাছতেই পুনৰায় ক’লা ডাঁৱৰ অহাৰ আগেয়েই তুমি সৃষ্টিকর্তাক সোৱঁৰা। |
3 |
সেই সময়ত তোমাৰ ঘৰৰ প্রহৰী কঁপিব, শক্তিশালী লোক কুঁজা হৈ যাব, যি সকল তিৰোতাই জাঁত পিহে, তেওঁলোক তাকৰ হোৱাৰ বাবে পিহিবলৈ এৰিব আৰু খিড়িকিয়েদি চোৱাজনে স্পষ্টকৈ দেখা নাপাব। |
4 |
সেইসময়ত বাটৰ ফালৰ দুৱাৰ বন্ধ হ’ব, জাঁত পিহাৰ শব্দও বন্ধ হৈ যাব, এটি চৰাইৰ মাততে মানুহ চমকি সাৰ পাব, গায়িকাসকলৰ কণ্ঠৰ সুৰ কমি যাব। |
5 |
সেই সময়ত মানুহে ওখ ঠাইত উঠি যাবলৈ ভয় খাব আৰু বাটত থকা বাধা-বিঘিনিৰ ওপৰেদি খোজ কাঢ়ি যাবলৈ ভয় খাব। তেতিয়া বাদাম গছত বগা ফুল ফুলিব, ফৰিঙৰ দৰে নিজকে টানি টানি খোজ কাঢ়িব, স্বাভাৱিক কামনা-বাসনা উত্তেজিত নহ’ব। তাৰ পাছতে মানুহ নিজৰ অনন্তকালৰ ঘৰলৈ গুছি যায় আৰু বিলাপকাৰীসকল শোভাযাত্রাৰ পথলৈ নামি যায়। |
6 |
সেয়ে ৰূপৰ তাঁৰ ছিঙি যোৱাৰ পূর্বেই বা সোনৰ পাত্র ভাঙি যোৱাৰ পূর্বেই, নিজৰাৰ কাষত কলহ চূর্ণ-বিচূর্ণ হোৱাৰ পূর্বেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা। |
7 |
মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা। |
8 |
উপদেশকে কৈছে, অসাৰৰ অসাৰ, সকলোৱেই অসাৰ। |
9 |
উপদেশক নিজে জ্ঞানী আছিল আৰু তেওঁ লোকসকলকো জ্ঞানৰ শিক্ষা দিছিল। তেওঁ চিন্তা কৰি আৰু পৰীক্ষা কৰি অনেক নীতিবচন ৰচনা কৰিছিল। |
10 |
উপদেশকে সত্যৰ ন্যায় বচন প্রাণৱন্ত ৰূপত ব্যৱহাৰ কৰি লিখিবলৈ বিচাৰিছে। |
11 |
জ্ঞানী লোকসকলৰ কথা ৰখীয়াৰ তীক্ষ্ন লাঠিডালৰ নিচিনা। তেওঁলোকৰ কথাবোৰ একত্রিত কৰিলে ভাব হয়, সেইবোৰ গভীৰলৈকে হানি যোৱা গজালৰ নিচিনা। সেই সকলো এজন ৰখীয়া ৰ দ্বাৰাই দিয়া হৈছে। |
12 |
হে মোৰ বোপা, তুমি সতৰ্ক হোৱা; অনেক পুথি লিখাৰ শেষ নাই। অধিক অধ্যয়নে শৰীৰক ক্লান্ত কৰে। |
13 |
সকলোবোৰতো শুনা হ’ল: এতিয়া আহাঁ, আমি সকলোৱে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞা সমূহ পালন কৰা; কিয়নো মানুহৰ সকলো কৰ্তব্য এয়ে। |
14 |
ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ৰে সৈতে সকলো কৰ্মকে বিচাৰ স্থানলৈ আনিব। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
উপদেশক 12:1 |
উপদেশক 12:2 |
উপদেশক 12:3 |
উপদেশক 12:4 |
উপদেশক 12:5 |
উপদেশক 12:6 |
উপদেশক 12:7 |
উপদেশক 12:8 |
উপদেশক 12:9 |
উপদেশক 12:10 |
উপদেশক 12:11 |
উপদেশক 12:12 |
উপদেশক 12:13 |
উপদেশক 12:14 |
উপদেশক 1 / উপদে 1 |
উপদেশক 2 / উপদে 2 |
উপদেশক 3 / উপদে 3 |
উপদেশক 4 / উপদে 4 |
উপদেশক 5 / উপদে 5 |
উপদেশক 6 / উপদে 6 |
উপদেশক 7 / উপদে 7 |
উপদেশক 8 / উপদে 8 |
উপদেশক 9 / উপদে 9 |
উপদেশক 10 / উপদে 10 |
উপদেশক 11 / উপদে 11 |
উপদেশক 12 / উপদে 12 |
|
|
|
|
|