1 |
দায়ুদৰ পুত্ৰ, যিৰূচালেমত থাকি ৰাজত্ব কৰা উপদেশকৰ কথা। |
2 |
উপদেশকে কৈছে, “অসাৰৰ অসাৰ! সকলোৱেই অসাৰ। |
3 |
সূৰ্যৰ তলত মানুহে যি যি পৰিশ্ৰম কৰে, সেই সকলো পৰিশ্ৰমত তেওঁৰ কি লাভ? |
4 |
এক পুৰুষ যায় আৰু এক পুৰুষ আহে; কিন্তু পৃথিৱী চিৰকাল থাকে। |
5 |
সূৰ্য উদয় হয়, সূর্য অস্ত যায়; বেগেৰে নিজৰ উদয় স্থানলৈ ঘূৰি গৈ পুনৰ উদয় হয়। |
6 |
বতাহ দক্ষিণ দিশলৈ বয়, আৰু চৌপাশে ঘূৰি উত্তৰলৈ যায়; এইদৰে বতাহ নিজৰ পথত ঘূৰি থাকে, আৰু পুনৰ নিজ চক্ৰলৈ উলটি আহে। |
7 |
সকলো নদী গৈ সমুদ্ৰত পৰে; তথাপি সমুদ্ৰ কেতিয়াও পূর্ণ নহয়; নদীবোৰ যি ঠাইলৈ যায়, সেই ঠাইলৈকে পুনৰায় একেৰাহে গৈ থাকে। |
8 |
সকলোবোৰ বিষয়েই বিৰক্তিকৰ, তাৰ ব্যাখ্যা দিব পৰা মানুহৰ পক্ষে অসাধ্য। চকুৱে যিমানেই দৰ্শন নকৰক, চকু তৃপ্ত নহয়; কাণে যিমানেই শ্ৰৱণ নকৰক, কাণ তৃপ্ত নহয়। |
9 |
যি হৈ গ’ল, সেয়ে পুনৰ হ’ব; যি কৰা হ’ল, তাক পুনৰ কৰা হ’ব; সূৰ্যৰ তলত নতুন একোৱেই নাই। |
10 |
এনে কিবা আছেনে, যাৰ বিষয়ে মানুহে ক’ব পাৰে যে, ‘চোৱা এইটো নতুন’? যি যি বিদ্যমান, ইতিমধ্যে বহু দিন ধৰি আছিল, আমাৰ যুগৰ আগতেও বিদ্যমান আছিল। |
11 |
অতীতত ঘটা বিষয়বোৰৰ কথা কাৰো মনত নাই; অনেক পাছত যি ঘটিছিল, আৰু ভৱিষ্যতেও যি যি হ’ব, সেই বিষয়েও মানুহে সোঁৱৰণ নকৰিব।” |
12 |
মই উপদেশক; মই যিৰূচালেমত ইস্ৰায়েলৰ ওপৰত ৰজা আছিলোঁ। |
13 |
আকাশৰ তলত যি যি কৰা হয়, তাক জ্ঞানৰ দ্বাৰা পৰীক্ষা আৰু অনুসন্ধান কৰিবৰ কাৰণে মই মনতে স্থিৰ কৰিলোঁ। মই দেখিলোঁ, ঈশ্বৰে মনুষ্যক ব্যস্ত ৰাখিবলৈ ই এক দুর্বহ কার্যভাৰ। |
14 |
সূর্যৰ তলত যি যি কৰা হয়, সেই সকলোকে মই চালোঁ; দেখিলোঁ, এই সকলো অসাৰ আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা। |
15 |
যি বেঁকা তাক পোন কৰিব নোৱাৰি! যি অনুপস্থিত, তাক গণনা কৰা অসাধ্য! |
16 |
মই মনে মনে ক’লো, “মোৰ আগেয়ে যিসকল যিৰূচালেমত আছিল, সেইসকল লোকতকৈ মই অধিক প্ৰজ্ঞা অর্জন কৰিলোঁ; মোৰ মনে প্ৰজ্ঞা আৰু জ্ঞানৰ মহান অভিজ্ঞতা পালে।” |
17 |
তাৰ পাছত মই প্রজ্ঞা, উন্মত্ততা আৰু মুৰ্খতা জানিবলৈ মনোযোগ কৰিলোঁ; তাতে মই বুজিলো যে, ইও বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ। |
18 |
কিয়নো প্ৰজ্ঞাৰ বাহুল্যতাত অধিক নৈৰাশ্যতা বাঢ়ে আৰু যিজনে জ্ঞান বৃদ্ধি কৰে, তেওঁ দুখো বৃদ্ধি কৰে। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
উপদেশক 1:1 |
উপদেশক 1:2 |
উপদেশক 1:3 |
উপদেশক 1:4 |
উপদেশক 1:5 |
উপদেশক 1:6 |
উপদেশক 1:7 |
উপদেশক 1:8 |
উপদেশক 1:9 |
উপদেশক 1:10 |
উপদেশক 1:11 |
উপদেশক 1:12 |
উপদেশক 1:13 |
উপদেশক 1:14 |
উপদেশক 1:15 |
উপদেশক 1:16 |
উপদেশক 1:17 |
উপদেশক 1:18 |
উপদেশক 1 / উপদে 1 |
উপদেশক 2 / উপদে 2 |
উপদেশক 3 / উপদে 3 |
উপদেশক 4 / উপদে 4 |
উপদেশক 5 / উপদে 5 |
উপদেশক 6 / উপদে 6 |
উপদেশক 7 / উপদে 7 |
উপদেশক 8 / উপদে 8 |
উপদেশক 9 / উপদে 9 |
উপদেশক 10 / উপদে 10 |
উপদেশক 11 / উপদে 11 |
উপদেশক 12 / উপদে 12 |
|
|
|
|
|