1 |
কাইলৈৰ বিষয়ে অহংকাৰ নকৰিবা; কাৰণ দিনটোত কি হ’ব, সেই বিষয়ে তুমি নাজানা। |
2 |
আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক; অচিনাকী লোকে কৰক, কিন্তু তোমাৰ নিজৰ ওঁঠে নকৰক। |
3 |
গধুৰ শিল, আৰু বালিৰ ওজনৰ গুৰুত্ব বিবেচনা কৰা; কিন্তু অজ্ঞানী লোকৰ উত্তেজনা এই দুয়োটাতকৈ গধুৰ। |
4 |
ক্ৰোধ নিষ্ঠুৰ, আৰু খং বানপানীৰ দৰে; কিন্তু ঈৰ্ষাৰ আগত কোনে থিয় হ’ব পাৰে? |
5 |
লুকুৱাই ৰখা প্ৰেমতকৈ, প্ৰকাশিত অনুযোগ ভাল। |
6 |
বন্ধুৰ দ্বাৰা বিশ্বাসঘাত হয়; কিন্তু এজন শত্রুৱে বহুতো চুমা খাব পাৰে। |
7 |
তৃপ্ত হোৱা জনে মৌ চাককো ঘিণ কৰে; কিন্তু ক্ষুধাতুৰ লোকৰ বাবে সকলো তিতা বস্তুও মিঠা। |
8 |
নিজৰ বাহৰ পৰা ভ্ৰমি ফুৰা চৰাই যেনে, নিজৰ থকা ঠাইৰ পৰা পথভ্ৰষ্ট হোৱা মানুহ তেনে। |
9 |
সুগন্ধ দ্রব্য আৰু ধূপে যেনেকৈ হৃদয় আনন্দিত কৰে, কিন্তু বন্ধুৰ পৰামৰ্শতকৈ তেওঁৰ আন্তৰিকতা শ্রেষ্ঠ। |
10 |
তোমাৰ বন্ধু আৰু তোমাৰ বন্ধুৰ পিতৃক পৰিত্যাগ নকৰিবা, আৰু তোমাৰ বিপদৰ দিনত ভায়েকৰ ঘৰলৈ নাযাবা। দূৰত থকা ভায়েকতকৈ ওচৰত থকা চুবুৰীয়াই ভাল। |
11 |
হে মোৰ পুত্র, জ্ঞানৱান হোৱা, আৰু মোৰ হৃদয়ক আনন্দিত কৰা। তাৰ পাছত মই বিদ্রূপ কৰা সকলক উত্তৰ দিম। |
12 |
দূৰদৰ্শী লোকে বিপদ দেখি নিজকে লুকুৱায়; কিন্তু অশিক্ষিত লোকে আগুৱাই যায় আৰু ইয়াৰ বাবে ক্ষতিপূৰণ কৰিবলগীয়া হয়। |
13 |
যি জনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা; আৰু অচিনাকী লোকৰ বাবে নিৰাপত্তা স্বৰূপে ধন লোৱা। |
14 |
যি কোনোৱে ৰাতিপুৱাতে উচ্চস্বৰে নিজৰ চুবুৰীয়াক আশীৰ্ব্বাদ কৰে, সেই আশীৰ্ব্বাদ শাও ৰূপেহে গণ্য হয়। |
15 |
এজনী দ্বন্দুৰী ভাৰ্যা বৰষুণৰ দিনত টোপ টোপকৈ পানী পৰাৰ দৰে হয়। |
16 |
তেওঁক দমন কৰা মানে বতাহক দমন কৰা, আৰু তোমাৰ সোঁ হাতত তেল ধৰাৰ দৰে হয়। |
17 |
যেনেকৈ লোহাই লোহাক চোকা কৰে, তেনেকৈ এজন মানুহে নিজৰ বন্ধুৰ মুখ উজ্জ্বল কৰে। |
18 |
যি জনে ডিমৰু গছক যত্ন কৰে, সেই জনে তাৰ ফল খাবলৈ পায়; আৰু যি জনে নিজৰ মালিকক সুৰক্ষা দিয়ে, তেওঁ সন্মান পায়। |
19 |
পানীত যেনেকৈ মানুহৰ মুখৰ প্ৰতিবিম্ব দেখা যায়, তেনেকৈ মানুহৰ হৃদয়ে মানুহৰ প্ৰতিবিম্ব দেখুৱাই। |
20 |
চিয়োল আৰু আবদ্দোন যেনেকৈ কেতিয়াও সন্তুষ্ট নহয়, তেনেকৈ মানুহৰ চকুও কেতিয়াও সন্তুষ্ট নহয়। |
21 |
ৰূপৰ বাবে ৰূপ গলোৱা পাত্ৰ, আৰু সোণৰ বাবে অগ্নিশাল; আৰু এজন মানুহক প্ৰশংসাৰ দ্বাৰাই পৰীক্ষা কৰা হয়। |
22 |
যদিও তুমি অজ্ঞানীক ঘেঁহু ধানৰ সৈতে খুন্দা, তথাপিও তেওঁৰ অজ্ঞানতা দূৰ নহ’ব। |
23 |
তোমাৰ পশু জাকৰ অৱস্থাৰ বুজলৈ তুমি নিশ্চিত হোৱা, আৰু তোমাৰ পশুৰ জাকৰ বিষয়ে চিন্তাকৰা, |
24 |
কিয়নো ধন-সম্পত্তি চিৰস্থায়ী নহয়। আৰু কিৰীটিও জানো পুৰুষানুক্ৰমে থাকে? |
25 |
ঘাঁহ শুকাই গৈ পুনৰ নতুন ঘাঁহ গজে, আৰু পৰ্ব্বতত পশুৰ বাবে আহাৰ থাকে। |
26 |
মেৰ-ছাগবোৰে তোমাৰ বস্ত্রৰ যোগান ধৰিব, আৰু ছাগলীবোৰে তোমাৰ পথাৰৰ মূল্যৰ যোগান ধৰিব। |
27 |
তোমাৰ আৰু তোমাৰ পৰিয়ালৰ আহাৰৰ বাবে আৰু তোমাৰ দাসীসকলৰ প্ৰতিপালনৰ বাবে ছাগলীবোৰে গাখীৰ দিব।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
প্রবচন 27:1 |
প্রবচন 27:2 |
প্রবচন 27:3 |
প্রবচন 27:4 |
প্রবচন 27:5 |
প্রবচন 27:6 |
প্রবচন 27:7 |
প্রবচন 27:8 |
প্রবচন 27:9 |
প্রবচন 27:10 |
প্রবচন 27:11 |
প্রবচন 27:12 |
প্রবচন 27:13 |
প্রবচন 27:14 |
প্রবচন 27:15 |
প্রবচন 27:16 |
প্রবচন 27:17 |
প্রবচন 27:18 |
প্রবচন 27:19 |
প্রবচন 27:20 |
প্রবচন 27:21 |
প্রবচন 27:22 |
প্রবচন 27:23 |
প্রবচন 27:24 |
প্রবচন 27:25 |
প্রবচন 27:26 |
প্রবচন 27:27 |
|
|
|
|
|
|
প্রবচন 1 / প্রবচ 1 |
প্রবচন 2 / প্রবচ 2 |
প্রবচন 3 / প্রবচ 3 |
প্রবচন 4 / প্রবচ 4 |
প্রবচন 5 / প্রবচ 5 |
প্রবচন 6 / প্রবচ 6 |
প্রবচন 7 / প্রবচ 7 |
প্রবচন 8 / প্রবচ 8 |
প্রবচন 9 / প্রবচ 9 |
প্রবচন 10 / প্রবচ 10 |
প্রবচন 11 / প্রবচ 11 |
প্রবচন 12 / প্রবচ 12 |
প্রবচন 13 / প্রবচ 13 |
প্রবচন 14 / প্রবচ 14 |
প্রবচন 15 / প্রবচ 15 |
প্রবচন 16 / প্রবচ 16 |
প্রবচন 17 / প্রবচ 17 |
প্রবচন 18 / প্রবচ 18 |
প্রবচন 19 / প্রবচ 19 |
প্রবচন 20 / প্রবচ 20 |
প্রবচন 21 / প্রবচ 21 |
প্রবচন 22 / প্রবচ 22 |
প্রবচন 23 / প্রবচ 23 |
প্রবচন 24 / প্রবচ 24 |
প্রবচন 25 / প্রবচ 25 |
প্রবচন 26 / প্রবচ 26 |
প্রবচন 27 / প্রবচ 27 |
প্রবচন 28 / প্রবচ 28 |
প্রবচন 29 / প্রবচ 29 |
প্রবচন 30 / প্রবচ 30 |
প্রবচন 31 / প্রবচ 31 |