1 |
হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা, |
2 |
প্রজ্ঞাৰ কথা শুনা, আৰু বুজিব পৰা শক্তিলৈ তোমাৰ হৃদয় আকৃষ্ট হব। |
3 |
তুমি যদি বুজিবৰ বাবে কান্দা; আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা, |
4 |
ৰূপ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা, আৰু গুপ্ত ধন বিচৰা দৰে বুজিব পৰা শক্তি বিচাৰা; |
5 |
তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা, আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা। |
6 |
কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়। |
7 |
যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্রজ্ঞা সংগ্রহ কৰে, যি সকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ঢালস্বৰূপ। |
8 |
তেওঁ ন্যায়ৰ পথক প্রতিৰক্ষা কৰে, আৰু যিসকল তেওঁৰ প্রতি বিশ্বাসী, তেওঁলোকৰ বাবে সেই পথ সংৰক্ষিত কৰি ৰাখে। |
9 |
তেতিয়া তুমি ধাৰ্মিকতা, ন্যায় বিচাৰ, আৰু স্বাভাৱিক ন্যায় আৰু সকলো ভাল পথ বুজিব পাৰিবা। |
10 |
কাৰণ প্রজ্ঞা তোমাৰ হৃদয়ত প্ৰবেশ কৰিব, আৰু জ্ঞান তোমাৰ প্ৰাণৰ বাবে সন্তুষ্ট জনক হ’ব। |
11 |
সতর্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব, বিচাৰ বুদ্ধিয়ে তোমাক পহৰা দিব, |
12 |
এইবোৰে পাপকাৰ্যৰ পৰা আৰু যিসকলে বিপথগামী কথা কয়, তাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব |
13 |
তেওঁলোকে সত্যৰ পথ পৰিহাৰ কৰে। আৰু আন্ধাৰ পথত চলে। |
14 |
যেতিয়া তেওঁলোকে পাপ কৰ্ম কৰে তেতিয়া তেওঁলোকে আনন্দ কৰে, আৰু দুর্নীতি পৰায়ণ পাপত তেওঁলোকে উল্লাস কৰে, |
15 |
তেওঁলোকে কুটিল পথ অনুসৰণ কৰে, তেওঁলোকে প্রৱঞ্চনাৰ দ্বাৰাই তেওঁলোকৰ গতি পথ গোপন কৰে। |
16 |
দুঃসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খুচামোদ কথা কোৱা আৰু ব্যভিচাৰী মহিলাৰ পৰা প্রজ্ঞা আৰু সতর্কতাই ৰক্ষা কৰে। |
17 |
তেওঁ যৌৱন কালৰ লগৰীক ত্যাগ কৰে আৰু তেওঁ তেওঁৰ ঈশ্বৰৰ গুৰুত্বপূর্ণ প্ৰতিশ্ৰুতি পাহৰে। |
18 |
তেওঁৰ ঘৰ মৃত্যুলৈ আগুৱাই, আৰু তেওঁৰ পথে মৈদামত থকাসকলৰ ওচৰলৈ তোমাক লৈ যাব। |
19 |
যিসকল লোক তেওঁৰ ওচৰলৈ গৈছে, তেওঁলোক পুনৰ ঘূৰি নাহিব, আৰু তেওঁলোকে জীৱনৰ পথ বিচাৰি নাপাব। |
20 |
সেয়ে তুমি সৎলোকৰ পথত চলিবা, আৰু ন্যায়কাৰ্য কৰা লোকসকলৰ পথ অনুসৰণ কৰা। |
21 |
যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকে দেশত ঘৰ সাজে, আৰু যিসকল লোক সিদ্ধ, তেওঁলোক অৱশিষ্ট থাকিব। |
22 |
কিন্তু দুষ্টসকলক দেশৰ পৰা উচ্ছন্ন কৰা হ’ব, আৰু অবিশ্বাসী লোকক দেশৰ পৰা উচ্ছন্ন কৰা হৈ যাব। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
প্রবচন 2:1 |
প্রবচন 2:2 |
প্রবচন 2:3 |
প্রবচন 2:4 |
প্রবচন 2:5 |
প্রবচন 2:6 |
প্রবচন 2:7 |
প্রবচন 2:8 |
প্রবচন 2:9 |
প্রবচন 2:10 |
প্রবচন 2:11 |
প্রবচন 2:12 |
প্রবচন 2:13 |
প্রবচন 2:14 |
প্রবচন 2:15 |
প্রবচন 2:16 |
প্রবচন 2:17 |
প্রবচন 2:18 |
প্রবচন 2:19 |
প্রবচন 2:20 |
প্রবচন 2:21 |
প্রবচন 2:22 |
প্রবচন 1 / প্রবচ 1 |
প্রবচন 2 / প্রবচ 2 |
প্রবচন 3 / প্রবচ 3 |
প্রবচন 4 / প্রবচ 4 |
প্রবচন 5 / প্রবচ 5 |
প্রবচন 6 / প্রবচ 6 |
প্রবচন 7 / প্রবচ 7 |
প্রবচন 8 / প্রবচ 8 |
প্রবচন 9 / প্রবচ 9 |
প্রবচন 10 / প্রবচ 10 |
প্রবচন 11 / প্রবচ 11 |
প্রবচন 12 / প্রবচ 12 |
প্রবচন 13 / প্রবচ 13 |
প্রবচন 14 / প্রবচ 14 |
প্রবচন 15 / প্রবচ 15 |
প্রবচন 16 / প্রবচ 16 |
প্রবচন 17 / প্রবচ 17 |
প্রবচন 18 / প্রবচ 18 |
প্রবচন 19 / প্রবচ 19 |
প্রবচন 20 / প্রবচ 20 |
প্রবচন 21 / প্রবচ 21 |
প্রবচন 22 / প্রবচ 22 |
প্রবচন 23 / প্রবচ 23 |
প্রবচন 24 / প্রবচ 24 |
প্রবচন 25 / প্রবচ 25 |
প্রবচন 26 / প্রবচ 26 |
প্রবচন 27 / প্রবচ 27 |
প্রবচন 28 / প্রবচ 28 |
প্রবচন 29 / প্রবচ 29 |
প্রবচন 30 / প্রবচ 30 |
প্রবচন 31 / প্রবচ 31 |
|
|
|
|
|