1 |
ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাবিলাক তেওঁৰ আগৰ পৰা দূৰ হওঁক। |
2 |
ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া; মম যেনেকৈ জুইৰ ওচৰত গলি যায়, তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক। |
3 |
কিন্তু ধাৰ্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক; তেওঁলোকে আনন্দ কৰি উল্লাস কৰক। |
4 |
তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা; মৰুভূমি ৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা; তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা। |
5 |
ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা । |
6 |
অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে। |
7 |
হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোক সকলৰ আগে আগে গৈছিলা, [চেলা] |
8 |
তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল; এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত; ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত। |
9 |
হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা; তুমি তোমাৰ শুকান দেশত পুনৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা। |
10 |
তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে; হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা। |
11 |
যিহোৱাই লোক সমূহক আদেশ দিয়ে; সু-সংবাদ ঘোষণাকাৰী মহিলাসকল সংখ্যাত বৃহৎ দল। |
12 |
তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!” ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে: |
13 |
যদিও তেওঁলোকে মেৰ-ছাগৰ গঁৰালবোৰৰ মাজত থাকে - তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব। |
14 |
সৰ্ব্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্রভঙ্গ কৰিলে, তেতিয়া চলমোন পর্বতৰ ওপৰত বৰফ পৰিছিল। |
15 |
হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত; হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত! |
16 |
হে অনেক শৃঙ্গ সম্বলিত পর্বত, ঈশ্বৰে যি পর্বতক নিজৰ আবাসৰ বাবে বাচি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা? সেই ঠাইতেই যিহোৱাই চিৰকাললৈকে বাস কৰিব। |
17 |
ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ; যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব । |
18 |
তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা। |
19 |
প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা) |
20 |
আমাৰ ঈশ্বৰ হৈছে পৰিত্রাণৰ ঈশ্বৰ। যিহোৱা ঈশ্বৰে মৃত্যুৰ পৰা ৰক্ষা কৰে। |
21 |
কিন্তু ঈশ্বৰে নিজ শত্ৰুবোৰৰ মূৰ চূৰ্ণ কৰিব, যিসকলে কুপথত চলি থাকে, চুলিৰে পূর্ণ হৈ থকা সেই সকলো লোকৰ মূৰৰ লাউখোলা তেওঁ গুড়ি কৰিব। |
22 |
প্ৰভুৱে ক’লে, “মই বাচান দেশৰ পৰা তেওঁলোকক লৈ আনিম; সমুদ্রৰ গভীৰ তলৰ পৰা তেওঁলোকক তুলি আনিম, |
23 |
যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা, আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছা মতে চেলেকি নিজৰ ভাগ পাব পাৰে।” |
24 |
হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে; পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে। |
25 |
আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্রৰ বায়নসকল, খঞ্জৰী বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে। |
26 |
তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা; হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা। |
27 |
তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে। |
28 |
হে ঈশ্বৰ, তোমাৰ পৰাক্রমৰ আজ্ঞা দিয়া; হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা। |
29 |
যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব। |
30 |
নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া; বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা; যি জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰা। |
31 |
মিচৰৰ পৰা ৰাষ্ট্রদূতসকল আহিব; কুচে ততালিকে ঈশ্বৰলৈ নিজৰ হাত মেলিব। |
32 |
হে পৃথিবীৰ সকলো ৰাজ্য, ঈশ্বৰৰ উদ্দেশ্যে গান কৰা, যিহোৱাৰ স্তুতিগান কৰা। (চেলা) |
33 |
তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা। শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে। |
34 |
ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা; তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে। |
35 |
হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে। ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে। ঈশ্বৰৰ প্রশংসা হওঁক! |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
সামসঙ্গীত 68:1 |
সামসঙ্গীত 68:2 |
সামসঙ্গীত 68:3 |
সামসঙ্গীত 68:4 |
সামসঙ্গীত 68:5 |
সামসঙ্গীত 68:6 |
সামসঙ্গীত 68:7 |
সামসঙ্গীত 68:8 |
সামসঙ্গীত 68:9 |
সামসঙ্গীত 68:10 |
সামসঙ্গীত 68:11 |
সামসঙ্গীত 68:12 |
সামসঙ্গীত 68:13 |
সামসঙ্গীত 68:14 |
সামসঙ্গীত 68:15 |
সামসঙ্গীত 68:16 |
সামসঙ্গীত 68:17 |
সামসঙ্গীত 68:18 |
সামসঙ্গীত 68:19 |
সামসঙ্গীত 68:20 |
সামসঙ্গীত 68:21 |
সামসঙ্গীত 68:22 |
সামসঙ্গীত 68:23 |
সামসঙ্গীত 68:24 |
সামসঙ্গীত 68:25 |
সামসঙ্গীত 68:26 |
সামসঙ্গীত 68:27 |
সামসঙ্গীত 68:28 |
সামসঙ্গীত 68:29 |
সামসঙ্গীত 68:30 |
সামসঙ্গীত 68:31 |
সামসঙ্গীত 68:32 |
সামসঙ্গীত 68:33 |
সামসঙ্গীত 68:34 |
সামসঙ্গীত 68:35 |
সামসঙ্গীত 1 / সামস 1 |
সামসঙ্গীত 2 / সামস 2 |
সামসঙ্গীত 3 / সামস 3 |
সামসঙ্গীত 4 / সামস 4 |
সামসঙ্গীত 5 / সামস 5 |
সামসঙ্গীত 6 / সামস 6 |
সামসঙ্গীত 7 / সামস 7 |
সামসঙ্গীত 8 / সামস 8 |
সামসঙ্গীত 9 / সামস 9 |
সামসঙ্গীত 10 / সামস 10 |
সামসঙ্গীত 11 / সামস 11 |
সামসঙ্গীত 12 / সামস 12 |
সামসঙ্গীত 13 / সামস 13 |
সামসঙ্গীত 14 / সামস 14 |
সামসঙ্গীত 15 / সামস 15 |
সামসঙ্গীত 16 / সামস 16 |
সামসঙ্গীত 17 / সামস 17 |
সামসঙ্গীত 18 / সামস 18 |
সামসঙ্গীত 19 / সামস 19 |
সামসঙ্গীত 20 / সামস 20 |
সামসঙ্গীত 21 / সামস 21 |
সামসঙ্গীত 22 / সামস 22 |
সামসঙ্গীত 23 / সামস 23 |
সামসঙ্গীত 24 / সামস 24 |
সামসঙ্গীত 25 / সামস 25 |
সামসঙ্গীত 26 / সামস 26 |
সামসঙ্গীত 27 / সামস 27 |
সামসঙ্গীত 28 / সামস 28 |
সামসঙ্গীত 29 / সামস 29 |
সামসঙ্গীত 30 / সামস 30 |
সামসঙ্গীত 31 / সামস 31 |
সামসঙ্গীত 32 / সামস 32 |
সামসঙ্গীত 33 / সামস 33 |
সামসঙ্গীত 34 / সামস 34 |
সামসঙ্গীত 35 / সামস 35 |
সামসঙ্গীত 36 / সামস 36 |
সামসঙ্গীত 37 / সামস 37 |
সামসঙ্গীত 38 / সামস 38 |
সামসঙ্গীত 39 / সামস 39 |
সামসঙ্গীত 40 / সামস 40 |
সামসঙ্গীত 41 / সামস 41 |
সামসঙ্গীত 42 / সামস 42 |
সামসঙ্গীত 43 / সামস 43 |
সামসঙ্গীত 44 / সামস 44 |
সামসঙ্গীত 45 / সামস 45 |
সামসঙ্গীত 46 / সামস 46 |
সামসঙ্গীত 47 / সামস 47 |
সামসঙ্গীত 48 / সামস 48 |
সামসঙ্গীত 49 / সামস 49 |
সামসঙ্গীত 50 / সামস 50 |
সামসঙ্গীত 51 / সামস 51 |
সামসঙ্গীত 52 / সামস 52 |
সামসঙ্গীত 53 / সামস 53 |
সামসঙ্গীত 54 / সামস 54 |
সামসঙ্গীত 55 / সামস 55 |
সামসঙ্গীত 56 / সামস 56 |
সামসঙ্গীত 57 / সামস 57 |
সামসঙ্গীত 58 / সামস 58 |
সামসঙ্গীত 59 / সামস 59 |
সামসঙ্গীত 60 / সামস 60 |
সামসঙ্গীত 61 / সামস 61 |
সামসঙ্গীত 62 / সামস 62 |
সামসঙ্গীত 63 / সামস 63 |
সামসঙ্গীত 64 / সামস 64 |
সামসঙ্গীত 65 / সামস 65 |
সামসঙ্গীত 66 / সামস 66 |
সামসঙ্গীত 67 / সামস 67 |
সামসঙ্গীত 68 / সামস 68 |
সামসঙ্গীত 69 / সামস 69 |
সামসঙ্গীত 70 / সামস 70 |
সামসঙ্গীত 71 / সামস 71 |
সামসঙ্গীত 72 / সামস 72 |
সামসঙ্গীত 73 / সামস 73 |
সামসঙ্গীত 74 / সামস 74 |
সামসঙ্গীত 75 / সামস 75 |
সামসঙ্গীত 76 / সামস 76 |
সামসঙ্গীত 77 / সামস 77 |
সামসঙ্গীত 78 / সামস 78 |
সামসঙ্গীত 79 / সামস 79 |
সামসঙ্গীত 80 / সামস 80 |
সামসঙ্গীত 81 / সামস 81 |
সামসঙ্গীত 82 / সামস 82 |
সামসঙ্গীত 83 / সামস 83 |
সামসঙ্গীত 84 / সামস 84 |
সামসঙ্গীত 85 / সামস 85 |
সামসঙ্গীত 86 / সামস 86 |
সামসঙ্গীত 87 / সামস 87 |
সামসঙ্গীত 88 / সামস 88 |
সামসঙ্গীত 89 / সামস 89 |
সামসঙ্গীত 90 / সামস 90 |
সামসঙ্গীত 91 / সামস 91 |
সামসঙ্গীত 92 / সামস 92 |
সামসঙ্গীত 93 / সামস 93 |
সামসঙ্গীত 94 / সামস 94 |
সামসঙ্গীত 95 / সামস 95 |
সামসঙ্গীত 96 / সামস 96 |
সামসঙ্গীত 97 / সামস 97 |
সামসঙ্গীত 98 / সামস 98 |
সামসঙ্গীত 99 / সামস 99 |
সামসঙ্গীত 100 / সামস 100 |
সামসঙ্গীত 101 / সামস 101 |
সামসঙ্গীত 102 / সামস 102 |
সামসঙ্গীত 103 / সামস 103 |
সামসঙ্গীত 104 / সামস 104 |
সামসঙ্গীত 105 / সামস 105 |
সামসঙ্গীত 106 / সামস 106 |
সামসঙ্গীত 107 / সামস 107 |
সামসঙ্গীত 108 / সামস 108 |
সামসঙ্গীত 109 / সামস 109 |
সামসঙ্গীত 110 / সামস 110 |
সামসঙ্গীত 111 / সামস 111 |
সামসঙ্গীত 112 / সামস 112 |
সামসঙ্গীত 113 / সামস 113 |
সামসঙ্গীত 114 / সামস 114 |
সামসঙ্গীত 115 / সামস 115 |
সামসঙ্গীত 116 / সামস 116 |
সামসঙ্গীত 117 / সামস 117 |
সামসঙ্গীত 118 / সামস 118 |
সামসঙ্গীত 119 / সামস 119 |
সামসঙ্গীত 120 / সামস 120 |
সামসঙ্গীত 121 / সামস 121 |
সামসঙ্গীত 122 / সামস 122 |
সামসঙ্গীত 123 / সামস 123 |
সামসঙ্গীত 124 / সামস 124 |
সামসঙ্গীত 125 / সামস 125 |
সামসঙ্গীত 126 / সামস 126 |
সামসঙ্গীত 127 / সামস 127 |
সামসঙ্গীত 128 / সামস 128 |
সামসঙ্গীত 129 / সামস 129 |
সামসঙ্গীত 130 / সামস 130 |
সামসঙ্গীত 131 / সামস 131 |
সামসঙ্গীত 132 / সামস 132 |
সামসঙ্গীত 133 / সামস 133 |
সামসঙ্গীত 134 / সামস 134 |
সামসঙ্গীত 135 / সামস 135 |
সামসঙ্গীত 136 / সামস 136 |
সামসঙ্গীত 137 / সামস 137 |
সামসঙ্গীত 138 / সামস 138 |
সামসঙ্গীত 139 / সামস 139 |
সামসঙ্গীত 140 / সামস 140 |
সামসঙ্গীত 141 / সামস 141 |
সামসঙ্গীত 142 / সামস 142 |
সামসঙ্গীত 143 / সামস 143 |
সামসঙ্গীত 144 / সামস 144 |
সামসঙ্গীত 145 / সামস 145 |
সামসঙ্গীত 146 / সামস 146 |
সামসঙ্গীত 147 / সামস 147 |
সামসঙ্গীত 148 / সামস 148 |
সামসঙ্গীত 149 / সামস 149 |
সামসঙ্গীত 150 / সামস 150 |
|
|
|
|
|