1 |
যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে! |
2 |
যিহোৱাৰ মুক্ত লোকসকলে এই কথা কওঁক, যি সকলক তেওঁ শত্রুৰ হাতৰ পৰা মুক্ত কৰিলে, |
3 |
যি সকলক তেওঁ নানা দেশৰ পৰা গোট খোৱালে, পূৱ-পশ্চিম আৰু উত্তৰ-দক্ষিণৰ পৰা গোটালে। |
4 |
তেওঁলোকে মৰুভূমিৰ নিৰ্জন পথত ভ্ৰমি ফুৰিছিল, তেওঁলোকে কোনো বসতিৰ নগৰ বিচাৰি নাপালে। |
5 |
তেওঁলোক ক্ষুধিত আৰু তৃষ্ণার্ত হ’ল; তেওঁলোকৰ প্ৰাণ শ্রান্ত হৈ মূর্ছিত হ’ল। |
6 |
তেতিয়া তেওঁলোকে সঙ্কটত পৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে; তাতে ক্লেশৰ পৰা তেওঁ তেওঁলোকক উদ্ধাৰ কৰিলে। |
7 |
তেওঁ পোন বাটেদি তেওঁলোকক গমন কৰালে; যাতে তেওঁলোকে গৈ কোনো বসতি নগৰ পাব পাৰে। |
8 |
মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক। |
9 |
কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে; আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে। |
10 |
কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল; সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল। |
11 |
কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; সৰ্ব্বোপৰি জনাৰ পৰামৰ্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে। |
12 |
সেই বাবেই তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে; তেওঁলোক পতিত হ’ল আৰু সহায় কৰিবলৈ কোনো নাছিল। |
13 |
তেতিয়া সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক কষ্টৰ পৰা ৰক্ষা কৰিলে। |
14 |
তেওঁ তেওঁলোকক আন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ পৰা বাহিৰ কৰি আনিলে; তেওঁলোকৰ শিকলিৰ বন্ধন চিঙি পেলালে। |
15 |
মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে লোকসকলে তেওঁৰ প্ৰশংসা কৰক। |
16 |
তেওঁ পিতলৰ দুৱাৰবোৰ ভাঙি পেলালে; আৰু লোহাৰ ডাংবোৰ কাটি পেলালে। |
17 |
যি সকল নিৰ্ব্বোধ, তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে। |
18 |
তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে; তেওঁলোক মৃত্যুদ্বাৰৰ ওচৰলৈ চাপি গ’ল। |
19 |
সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে। |
20 |
তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে; তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে। |
21 |
মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক। |
22 |
তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক; আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক। |
23 |
যিসকলে জাহাজত উঠি সাগৰত অহা-যোৱা কৰে, আৰু মহা জল সমূহৰ ওপৰেদি ব্যৱসায় কৰে, |
24 |
তেওঁলোকে যিহোৱাৰ কাৰ্যবোৰ দেখে, গভীৰ জলত তেওঁৰ আচৰিত কার্যবোৰ দেখে। |
25 |
তেওঁৰ আজ্ঞাৰ দ্বাৰাই প্ৰচণ্ড ধুমুহা হ’ল; তাতে সাগৰৰ ঢৌবোৰ ওফন্দি উঠে; |
26 |
ঢৌবোৰ বহু ওপৰলৈ উঠে, পুনৰ বহু গভীৰলৈ নামি আহে; বিপদৰ কালত তেওঁলোকৰ প্ৰাণ ভয়তে দ্ৰৱ হৈ যায়। |
27 |
মতলীয়া মানুহৰ দৰে তেওঁলোকে ঢলংপলং কৰে; তেওঁলোকৰ সকলো বুদ্ধি নাইকিয়া হয়। |
28 |
সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ ওচৰত ক্রন্দন কৰে, তাতে তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে। |
29 |
তেওঁ ধুমুহাক প্রশমিত কৰে, তাৰ ঢৌবোৰক শান্ত কৰে। |
30 |
সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে; তেওঁ তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়। |
31 |
মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক। |
32 |
সমাজৰ মাজত তেওঁলোকে তেওঁৰ গৌৰৱ-কীৰ্ত্তন কৰক, বৃদ্ধসকলৰ সভাত তেওঁৰ প্ৰশংসা কৰক। |
33 |
নদীবোৰক তেওঁ মৰুভূমিলৈ, জলৰ ভুমুকবোৰক তেওঁ শুকান ভূমিলৈ পৰিণত কৰে; |
34 |
তেওঁ ফলৱান দেশক লোণাময় অনুর্বৰ ভূমি কৰে, সেই ঠাইৰ নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে। |
35 |
তেওঁ মৰুভূমিক জলাশয়লৈ, শুকান ঠাইবোৰক জলৰ ভুমুকলৈ পৰিণত কৰে। |
36 |
ক্ষুধাতুৰ লোকসকলক তেওঁ তাত বসতি কৰায়; তেওঁলোকে তাত নগৰ স্থাপন কৰে। |
37 |
তেওঁলোকে পথাৰত বীজ সিঁচে, দ্ৰাক্ষালতা ৰোৱে, আৰু প্রচুৰ ফল চপায়। |
38 |
তেওঁ তেওঁলোকক আশীৰ্ব্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়; তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে। |
39 |
উপদ্ৰৱ, বিপদ আৰু শোকত পুনৰ তেওঁলোক সংখ্যাত হ্রাস পায়, তেওঁলোকৰ নীহ অৱস্থা হ’য়। |
40 |
তেওঁ উচ্চপদৰ লোকসকলৰ ওপৰত অপমান বৰষায়, পথহীন মৰুভূমিৰ মাজত তেওঁলোকক ভ্ৰমণ কৰায়; |
41 |
কিন্তু তেওঁ দৰিদ্ৰক দুখৰ পৰা তুলি আনি উচ্চ পদত স্থাপন কৰে, আৰু মেৰ-ছাগৰ জাকৰ নিচিনাকৈ তেওঁৰ পৰিয়ালৰ যত্ন লয়। |
42 |
তাকে দেখি ধাৰ্মিক লোকে আনন্দ কৰে, কিন্তু সকলো অধৰ্মকাৰীয়ে নিজৰ মুখ বন্ধ কৰে। |
43 |
যি জন জ্ঞানী, তেওঁ এই সকলো কথালৈ মনোযোগ দিয়ক, যিহোৱাৰ বিশ্বস্ত প্রেমৰ বিষয়ে ধ্যান কৰক। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
সামসঙ্গীত 107:1 |
সামসঙ্গীত 107:2 |
সামসঙ্গীত 107:3 |
সামসঙ্গীত 107:4 |
সামসঙ্গীত 107:5 |
সামসঙ্গীত 107:6 |
সামসঙ্গীত 107:7 |
সামসঙ্গীত 107:8 |
সামসঙ্গীত 107:9 |
সামসঙ্গীত 107:10 |
সামসঙ্গীত 107:11 |
সামসঙ্গীত 107:12 |
সামসঙ্গীত 107:13 |
সামসঙ্গীত 107:14 |
সামসঙ্গীত 107:15 |
সামসঙ্গীত 107:16 |
সামসঙ্গীত 107:17 |
সামসঙ্গীত 107:18 |
সামসঙ্গীত 107:19 |
সামসঙ্গীত 107:20 |
সামসঙ্গীত 107:21 |
সামসঙ্গীত 107:22 |
সামসঙ্গীত 107:23 |
সামসঙ্গীত 107:24 |
সামসঙ্গীত 107:25 |
সামসঙ্গীত 107:26 |
সামসঙ্গীত 107:27 |
সামসঙ্গীত 107:28 |
সামসঙ্গীত 107:29 |
সামসঙ্গীত 107:30 |
সামসঙ্গীত 107:31 |
সামসঙ্গীত 107:32 |
সামসঙ্গীত 107:33 |
সামসঙ্গীত 107:34 |
সামসঙ্গীত 107:35 |
সামসঙ্গীত 107:36 |
সামসঙ্গীত 107:37 |
সামসঙ্গীত 107:38 |
সামসঙ্গীত 107:39 |
সামসঙ্গীত 107:40 |
সামসঙ্গীত 107:41 |
সামসঙ্গীত 107:42 |
সামসঙ্গীত 107:43 |
সামসঙ্গীত 1 / সামস 1 |
সামসঙ্গীত 2 / সামস 2 |
সামসঙ্গীত 3 / সামস 3 |
সামসঙ্গীত 4 / সামস 4 |
সামসঙ্গীত 5 / সামস 5 |
সামসঙ্গীত 6 / সামস 6 |
সামসঙ্গীত 7 / সামস 7 |
সামসঙ্গীত 8 / সামস 8 |
সামসঙ্গীত 9 / সামস 9 |
সামসঙ্গীত 10 / সামস 10 |
সামসঙ্গীত 11 / সামস 11 |
সামসঙ্গীত 12 / সামস 12 |
সামসঙ্গীত 13 / সামস 13 |
সামসঙ্গীত 14 / সামস 14 |
সামসঙ্গীত 15 / সামস 15 |
সামসঙ্গীত 16 / সামস 16 |
সামসঙ্গীত 17 / সামস 17 |
সামসঙ্গীত 18 / সামস 18 |
সামসঙ্গীত 19 / সামস 19 |
সামসঙ্গীত 20 / সামস 20 |
সামসঙ্গীত 21 / সামস 21 |
সামসঙ্গীত 22 / সামস 22 |
সামসঙ্গীত 23 / সামস 23 |
সামসঙ্গীত 24 / সামস 24 |
সামসঙ্গীত 25 / সামস 25 |
সামসঙ্গীত 26 / সামস 26 |
সামসঙ্গীত 27 / সামস 27 |
সামসঙ্গীত 28 / সামস 28 |
সামসঙ্গীত 29 / সামস 29 |
সামসঙ্গীত 30 / সামস 30 |
সামসঙ্গীত 31 / সামস 31 |
সামসঙ্গীত 32 / সামস 32 |
সামসঙ্গীত 33 / সামস 33 |
সামসঙ্গীত 34 / সামস 34 |
সামসঙ্গীত 35 / সামস 35 |
সামসঙ্গীত 36 / সামস 36 |
সামসঙ্গীত 37 / সামস 37 |
সামসঙ্গীত 38 / সামস 38 |
সামসঙ্গীত 39 / সামস 39 |
সামসঙ্গীত 40 / সামস 40 |
সামসঙ্গীত 41 / সামস 41 |
সামসঙ্গীত 42 / সামস 42 |
সামসঙ্গীত 43 / সামস 43 |
সামসঙ্গীত 44 / সামস 44 |
সামসঙ্গীত 45 / সামস 45 |
সামসঙ্গীত 46 / সামস 46 |
সামসঙ্গীত 47 / সামস 47 |
সামসঙ্গীত 48 / সামস 48 |
সামসঙ্গীত 49 / সামস 49 |
সামসঙ্গীত 50 / সামস 50 |
সামসঙ্গীত 51 / সামস 51 |
সামসঙ্গীত 52 / সামস 52 |
সামসঙ্গীত 53 / সামস 53 |
সামসঙ্গীত 54 / সামস 54 |
সামসঙ্গীত 55 / সামস 55 |
সামসঙ্গীত 56 / সামস 56 |
সামসঙ্গীত 57 / সামস 57 |
সামসঙ্গীত 58 / সামস 58 |
সামসঙ্গীত 59 / সামস 59 |
সামসঙ্গীত 60 / সামস 60 |
সামসঙ্গীত 61 / সামস 61 |
সামসঙ্গীত 62 / সামস 62 |
সামসঙ্গীত 63 / সামস 63 |
সামসঙ্গীত 64 / সামস 64 |
সামসঙ্গীত 65 / সামস 65 |
সামসঙ্গীত 66 / সামস 66 |
সামসঙ্গীত 67 / সামস 67 |
সামসঙ্গীত 68 / সামস 68 |
সামসঙ্গীত 69 / সামস 69 |
সামসঙ্গীত 70 / সামস 70 |
সামসঙ্গীত 71 / সামস 71 |
সামসঙ্গীত 72 / সামস 72 |
সামসঙ্গীত 73 / সামস 73 |
সামসঙ্গীত 74 / সামস 74 |
সামসঙ্গীত 75 / সামস 75 |
সামসঙ্গীত 76 / সামস 76 |
সামসঙ্গীত 77 / সামস 77 |
সামসঙ্গীত 78 / সামস 78 |
সামসঙ্গীত 79 / সামস 79 |
সামসঙ্গীত 80 / সামস 80 |
সামসঙ্গীত 81 / সামস 81 |
সামসঙ্গীত 82 / সামস 82 |
সামসঙ্গীত 83 / সামস 83 |
সামসঙ্গীত 84 / সামস 84 |
সামসঙ্গীত 85 / সামস 85 |
সামসঙ্গীত 86 / সামস 86 |
সামসঙ্গীত 87 / সামস 87 |
সামসঙ্গীত 88 / সামস 88 |
সামসঙ্গীত 89 / সামস 89 |
সামসঙ্গীত 90 / সামস 90 |
সামসঙ্গীত 91 / সামস 91 |
সামসঙ্গীত 92 / সামস 92 |
সামসঙ্গীত 93 / সামস 93 |
সামসঙ্গীত 94 / সামস 94 |
সামসঙ্গীত 95 / সামস 95 |
সামসঙ্গীত 96 / সামস 96 |
সামসঙ্গীত 97 / সামস 97 |
সামসঙ্গীত 98 / সামস 98 |
সামসঙ্গীত 99 / সামস 99 |
সামসঙ্গীত 100 / সামস 100 |
সামসঙ্গীত 101 / সামস 101 |
সামসঙ্গীত 102 / সামস 102 |
সামসঙ্গীত 103 / সামস 103 |
সামসঙ্গীত 104 / সামস 104 |
সামসঙ্গীত 105 / সামস 105 |
সামসঙ্গীত 106 / সামস 106 |
সামসঙ্গীত 107 / সামস 107 |
সামসঙ্গীত 108 / সামস 108 |
সামসঙ্গীত 109 / সামস 109 |
সামসঙ্গীত 110 / সামস 110 |
সামসঙ্গীত 111 / সামস 111 |
সামসঙ্গীত 112 / সামস 112 |
সামসঙ্গীত 113 / সামস 113 |
সামসঙ্গীত 114 / সামস 114 |
সামসঙ্গীত 115 / সামস 115 |
সামসঙ্গীত 116 / সামস 116 |
সামসঙ্গীত 117 / সামস 117 |
সামসঙ্গীত 118 / সামস 118 |
সামসঙ্গীত 119 / সামস 119 |
সামসঙ্গীত 120 / সামস 120 |
সামসঙ্গীত 121 / সামস 121 |
সামসঙ্গীত 122 / সামস 122 |
সামসঙ্গীত 123 / সামস 123 |
সামসঙ্গীত 124 / সামস 124 |
সামসঙ্গীত 125 / সামস 125 |
সামসঙ্গীত 126 / সামস 126 |
সামসঙ্গীত 127 / সামস 127 |
সামসঙ্গীত 128 / সামস 128 |
সামসঙ্গীত 129 / সামস 129 |
সামসঙ্গীত 130 / সামস 130 |
সামসঙ্গীত 131 / সামস 131 |
সামসঙ্গীত 132 / সামস 132 |
সামসঙ্গীত 133 / সামস 133 |
সামসঙ্গীত 134 / সামস 134 |
সামসঙ্গীত 135 / সামস 135 |
সামসঙ্গীত 136 / সামস 136 |
সামসঙ্গীত 137 / সামস 137 |
সামসঙ্গীত 138 / সামস 138 |
সামসঙ্গীত 139 / সামস 139 |
সামসঙ্গীত 140 / সামস 140 |
সামসঙ্গীত 141 / সামস 141 |
সামসঙ্গীত 142 / সামস 142 |
সামসঙ্গীত 143 / সামস 143 |
সামসঙ্গীত 144 / সামস 144 |
সামসঙ্গীত 145 / সামস 145 |
সামসঙ্গীত 146 / সামস 146 |
সামসঙ্গীত 147 / সামস 147 |
সামসঙ্গীত 148 / সামস 148 |
সামসঙ্গীত 149 / সামস 149 |
সামসঙ্গীত 150 / সামস 150 |
|
|
|
|
|