1 |
যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা; জাতিবোৰৰ মাজত তেওঁৰ কাৰ্যবোৰ জনোৱা। |
2 |
তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা; তেওঁৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে কোৱা। |
3 |
তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক। |
4 |
তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচাৰা; নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচাৰা। |
5 |
তেওঁ কৰা আচৰিত কাৰ্যবোৰ সোঁৱৰণ কৰা; তেওঁৰ অদ্ভুত কার্য আৰু তেওঁৰ মুখে কৰা বিচাৰবোৰ সোঁৱৰণ কৰা। |
6 |
তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ, তেওঁৰ মনোনীত যাকোবৰ সন্তান। |
7 |
তেৱেঁই আমাৰ ঈশ্বৰ যিহোৱা; তেওঁৰ শাসন-প্ৰণালী সমুদায় পৃথিৱীত বিদ্যমান। |
8 |
তেওঁ অনন্তকাললৈকে নিজ নিয়ম সোঁৱৰণ কৰে, আৰু সেই বাক্যৰ আদেশ তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দিলে। |
9 |
সেই নিয়ম তেওঁ অব্ৰাহামৰে সৈতে স্থাপন কৰিছিল আৰু ইচহাকৰ আগত প্রতিজ্ঞা কৰিছিল। |
10 |
তেওঁ তাক যাকোবৰ কাৰণে এক বিধি ৰূপে, ইস্ৰায়েলৰ কাৰণে এটি অনন্তকলীয়া নিয়ম ৰূপে স্থিৰ কৰিলে। |
11 |
তেওঁ ক’লে, “মই তোমাক কনান দেশখন দিম; সেয়াই হ’ব তোমাৰ আধিপত্য। |
12 |
সেই কালত তেওঁলোকৰ সংখ্যা অধিক নাছিল, তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰবাসী আছিল; |
13 |
তেওঁলোকে যেতিয়া তাত এটা জাতিৰ পৰা আন জাতিৰ ওচৰলৈ, এক ৰাজ্যৰ পৰা আন লোক সমূহৰ মাজত ভ্ৰমি ফুৰিছিল, |
14 |
তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্রৱ কৰিবলৈ নিদিলে; বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমক দি কৈছিল, |
15 |
“তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পর্শ নকৰিবা; মোৰ ভাববাদীসকলৰো কোনো অপকাৰ নকৰিবা।” |
16 |
তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে, তেওঁ সম্পূর্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে । |
17 |
তেতিয়া তেওঁ তেওঁলোকৰ আগেয়ে এজন মানুহ পঠালে- যিজনৰ নাম যোচেফ আছিল; তেওঁক দাসৰূপে বেচা হ’ল। |
18 |
লোকসকলে তেওঁৰ ভৰিত বেৰীৰ শিকলিৰে দুখ দিলে; লোহাৰ শিকলিৰে তেওঁৰ ডিঙি বন্ধা হ’ল। |
19 |
যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়, তেতিয়ালৈকে যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল। |
20 |
ৰজাই লোক পঠাই তেওঁক মুকলি কৰি দিলে, লোকসকলৰ শাসনকর্তাই তেওঁক মুক্ত কৰিলে। |
21 |
তেওঁ তেওঁক নিজৰ ৰাজগৃহৰ প্ৰভু পাতিলে, সকলো সম্পত্তিৰ কর্তা কৰিলে। |
22 |
যাতে তেওঁ তেওঁৰ ৰাজকর্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে, আৰু তেওঁৰ বৃদ্ধসকলক জ্ঞানৰ পৰামর্শ দিব পাৰে। |
23 |
তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল, যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে। |
24 |
ঈশ্বৰে নিজৰ লোকসকলৰ বংশ অতিশয় বৃদ্ধি কৰিলে, শত্ৰুবোৰতকৈয়ো তেওঁলোকক শক্তিশালী কৰিলে। |
25 |
তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে, তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে; তেওঁৰ দাসবোৰৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে। |
26 |
তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে; |
27 |
তেওঁলোকে তেওঁলোকৰ মাজত নানা চিন আৰু হাম দেশত অদ্ভুত লক্ষণবোৰ দেখুৱালে; |
28 |
তেওঁ অন্ধকাৰ পঠালে, তাতে সেই দেশ আন্ধাৰ হ’ল; তেওঁৰ বাক্যৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ নকৰিলে। |
29 |
তেওঁলোকৰ জল সমূহক তেওঁ তেজলৈ পৰিণত কৰিলে; তাতে তেওঁলোকৰ সকলো মাছ মৰিল। |
30 |
তেওঁলোকৰ দেশ বেঙেৰে ভৰি পৰিল; এনে কি, তেওঁলোকৰ ৰজাসকলৰ ৰাজপ্রাসাদো বেঙেৰে ভৰি পৰিল। |
31 |
তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল। |
32 |
তেওঁ তেওঁলোকক বৰষুণৰ পৰিবর্তে শিলাবৃষ্টি দিলে; গোটেই দেশ বিজুলী আৰু বজ্ৰপাতৰ অগ্নি বৰষালে। |
33 |
তেওঁলোকৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰত তেওঁ আঘাত কৰিলে, আৰু দেশৰ গছবোৰ ভাঙি পেলালে। |
34 |
তেওঁৰ কথাতেই কাকতি ফৰিং আহিল, অসংখ্য সৰু ফৰিঙো আহিল। |
35 |
সেইবোৰে তেওঁলোকৰ দেশৰ সকলো শাক-পাচলি আৰু ভূমিৰ সকলো শস্য খাই পেলালে। |
36 |
তাৰ পাছত তেওঁলোকৰ সকলো শক্তিৰ প্রথম ফল অর্থাৎ দেশৰ জ্যেষ্ঠ পুত্র সংহাৰ কৰিলে। |
37 |
পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে; তেওঁৰ ফৈদ সমূহৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল। |
38 |
তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে, কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল। |
39 |
তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে; ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে। |
40 |
তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বটা চৰাই আনি দিলে; আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে। |
41 |
তেওঁ শিল খুলি দিলে, তাতে জল ওলাই আহিল; সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ’ল। |
42 |
তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে; তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে। |
43 |
এইদৰে তেওঁ নিজৰ লোক সমূহক আনন্দেৰে সৈতে, তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে। |
44 |
তেওঁ তেওঁলোকক অন্যান্য জাতিবোৰৰ দেশবোৰ দিলে; সেই সকলো জাতিৰ পৰিশ্রমৰ ফল তেওঁৰ লোকসকলে অধিকাৰ কৰিলে, |
45 |
যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে। তোমালোকে যিহোৱাৰ প্রশংসা কৰা। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
সামসঙ্গীত 105:1 |
সামসঙ্গীত 105:2 |
সামসঙ্গীত 105:3 |
সামসঙ্গীত 105:4 |
সামসঙ্গীত 105:5 |
সামসঙ্গীত 105:6 |
সামসঙ্গীত 105:7 |
সামসঙ্গীত 105:8 |
সামসঙ্গীত 105:9 |
সামসঙ্গীত 105:10 |
সামসঙ্গীত 105:11 |
সামসঙ্গীত 105:12 |
সামসঙ্গীত 105:13 |
সামসঙ্গীত 105:14 |
সামসঙ্গীত 105:15 |
সামসঙ্গীত 105:16 |
সামসঙ্গীত 105:17 |
সামসঙ্গীত 105:18 |
সামসঙ্গীত 105:19 |
সামসঙ্গীত 105:20 |
সামসঙ্গীত 105:21 |
সামসঙ্গীত 105:22 |
সামসঙ্গীত 105:23 |
সামসঙ্গীত 105:24 |
সামসঙ্গীত 105:25 |
সামসঙ্গীত 105:26 |
সামসঙ্গীত 105:27 |
সামসঙ্গীত 105:28 |
সামসঙ্গীত 105:29 |
সামসঙ্গীত 105:30 |
সামসঙ্গীত 105:31 |
সামসঙ্গীত 105:32 |
সামসঙ্গীত 105:33 |
সামসঙ্গীত 105:34 |
সামসঙ্গীত 105:35 |
সামসঙ্গীত 105:36 |
সামসঙ্গীত 105:37 |
সামসঙ্গীত 105:38 |
সামসঙ্গীত 105:39 |
সামসঙ্গীত 105:40 |
সামসঙ্গীত 105:41 |
সামসঙ্গীত 105:42 |
সামসঙ্গীত 105:43 |
সামসঙ্গীত 105:44 |
সামসঙ্গীত 105:45 |
সামসঙ্গীত 1 / সামস 1 |
সামসঙ্গীত 2 / সামস 2 |
সামসঙ্গীত 3 / সামস 3 |
সামসঙ্গীত 4 / সামস 4 |
সামসঙ্গীত 5 / সামস 5 |
সামসঙ্গীত 6 / সামস 6 |
সামসঙ্গীত 7 / সামস 7 |
সামসঙ্গীত 8 / সামস 8 |
সামসঙ্গীত 9 / সামস 9 |
সামসঙ্গীত 10 / সামস 10 |
সামসঙ্গীত 11 / সামস 11 |
সামসঙ্গীত 12 / সামস 12 |
সামসঙ্গীত 13 / সামস 13 |
সামসঙ্গীত 14 / সামস 14 |
সামসঙ্গীত 15 / সামস 15 |
সামসঙ্গীত 16 / সামস 16 |
সামসঙ্গীত 17 / সামস 17 |
সামসঙ্গীত 18 / সামস 18 |
সামসঙ্গীত 19 / সামস 19 |
সামসঙ্গীত 20 / সামস 20 |
সামসঙ্গীত 21 / সামস 21 |
সামসঙ্গীত 22 / সামস 22 |
সামসঙ্গীত 23 / সামস 23 |
সামসঙ্গীত 24 / সামস 24 |
সামসঙ্গীত 25 / সামস 25 |
সামসঙ্গীত 26 / সামস 26 |
সামসঙ্গীত 27 / সামস 27 |
সামসঙ্গীত 28 / সামস 28 |
সামসঙ্গীত 29 / সামস 29 |
সামসঙ্গীত 30 / সামস 30 |
সামসঙ্গীত 31 / সামস 31 |
সামসঙ্গীত 32 / সামস 32 |
সামসঙ্গীত 33 / সামস 33 |
সামসঙ্গীত 34 / সামস 34 |
সামসঙ্গীত 35 / সামস 35 |
সামসঙ্গীত 36 / সামস 36 |
সামসঙ্গীত 37 / সামস 37 |
সামসঙ্গীত 38 / সামস 38 |
সামসঙ্গীত 39 / সামস 39 |
সামসঙ্গীত 40 / সামস 40 |
সামসঙ্গীত 41 / সামস 41 |
সামসঙ্গীত 42 / সামস 42 |
সামসঙ্গীত 43 / সামস 43 |
সামসঙ্গীত 44 / সামস 44 |
সামসঙ্গীত 45 / সামস 45 |
সামসঙ্গীত 46 / সামস 46 |
সামসঙ্গীত 47 / সামস 47 |
সামসঙ্গীত 48 / সামস 48 |
সামসঙ্গীত 49 / সামস 49 |
সামসঙ্গীত 50 / সামস 50 |
সামসঙ্গীত 51 / সামস 51 |
সামসঙ্গীত 52 / সামস 52 |
সামসঙ্গীত 53 / সামস 53 |
সামসঙ্গীত 54 / সামস 54 |
সামসঙ্গীত 55 / সামস 55 |
সামসঙ্গীত 56 / সামস 56 |
সামসঙ্গীত 57 / সামস 57 |
সামসঙ্গীত 58 / সামস 58 |
সামসঙ্গীত 59 / সামস 59 |
সামসঙ্গীত 60 / সামস 60 |
সামসঙ্গীত 61 / সামস 61 |
সামসঙ্গীত 62 / সামস 62 |
সামসঙ্গীত 63 / সামস 63 |
সামসঙ্গীত 64 / সামস 64 |
সামসঙ্গীত 65 / সামস 65 |
সামসঙ্গীত 66 / সামস 66 |
সামসঙ্গীত 67 / সামস 67 |
সামসঙ্গীত 68 / সামস 68 |
সামসঙ্গীত 69 / সামস 69 |
সামসঙ্গীত 70 / সামস 70 |
সামসঙ্গীত 71 / সামস 71 |
সামসঙ্গীত 72 / সামস 72 |
সামসঙ্গীত 73 / সামস 73 |
সামসঙ্গীত 74 / সামস 74 |
সামসঙ্গীত 75 / সামস 75 |
সামসঙ্গীত 76 / সামস 76 |
সামসঙ্গীত 77 / সামস 77 |
সামসঙ্গীত 78 / সামস 78 |
সামসঙ্গীত 79 / সামস 79 |
সামসঙ্গীত 80 / সামস 80 |
সামসঙ্গীত 81 / সামস 81 |
সামসঙ্গীত 82 / সামস 82 |
সামসঙ্গীত 83 / সামস 83 |
সামসঙ্গীত 84 / সামস 84 |
সামসঙ্গীত 85 / সামস 85 |
সামসঙ্গীত 86 / সামস 86 |
সামসঙ্গীত 87 / সামস 87 |
সামসঙ্গীত 88 / সামস 88 |
সামসঙ্গীত 89 / সামস 89 |
সামসঙ্গীত 90 / সামস 90 |
সামসঙ্গীত 91 / সামস 91 |
সামসঙ্গীত 92 / সামস 92 |
সামসঙ্গীত 93 / সামস 93 |
সামসঙ্গীত 94 / সামস 94 |
সামসঙ্গীত 95 / সামস 95 |
সামসঙ্গীত 96 / সামস 96 |
সামসঙ্গীত 97 / সামস 97 |
সামসঙ্গীত 98 / সামস 98 |
সামসঙ্গীত 99 / সামস 99 |
সামসঙ্গীত 100 / সামস 100 |
সামসঙ্গীত 101 / সামস 101 |
সামসঙ্গীত 102 / সামস 102 |
সামসঙ্গীত 103 / সামস 103 |
সামসঙ্গীত 104 / সামস 104 |
সামসঙ্গীত 105 / সামস 105 |
সামসঙ্গীত 106 / সামস 106 |
সামসঙ্গীত 107 / সামস 107 |
সামসঙ্গীত 108 / সামস 108 |
সামসঙ্গীত 109 / সামস 109 |
সামসঙ্গীত 110 / সামস 110 |
সামসঙ্গীত 111 / সামস 111 |
সামসঙ্গীত 112 / সামস 112 |
সামসঙ্গীত 113 / সামস 113 |
সামসঙ্গীত 114 / সামস 114 |
সামসঙ্গীত 115 / সামস 115 |
সামসঙ্গীত 116 / সামস 116 |
সামসঙ্গীত 117 / সামস 117 |
সামসঙ্গীত 118 / সামস 118 |
সামসঙ্গীত 119 / সামস 119 |
সামসঙ্গীত 120 / সামস 120 |
সামসঙ্গীত 121 / সামস 121 |
সামসঙ্গীত 122 / সামস 122 |
সামসঙ্গীত 123 / সামস 123 |
সামসঙ্গীত 124 / সামস 124 |
সামসঙ্গীত 125 / সামস 125 |
সামসঙ্গীত 126 / সামস 126 |
সামসঙ্গীত 127 / সামস 127 |
সামসঙ্গীত 128 / সামস 128 |
সামসঙ্গীত 129 / সামস 129 |
সামসঙ্গীত 130 / সামস 130 |
সামসঙ্গীত 131 / সামস 131 |
সামসঙ্গীত 132 / সামস 132 |
সামসঙ্গীত 133 / সামস 133 |
সামসঙ্গীত 134 / সামস 134 |
সামসঙ্গীত 135 / সামস 135 |
সামসঙ্গীত 136 / সামস 136 |
সামসঙ্গীত 137 / সামস 137 |
সামসঙ্গীত 138 / সামস 138 |
সামসঙ্গীত 139 / সামস 139 |
সামসঙ্গীত 140 / সামস 140 |
সামসঙ্গীত 141 / সামস 141 |
সামসঙ্গীত 142 / সামস 142 |
সামসঙ্গীত 143 / সামস 143 |
সামসঙ্গীত 144 / সামস 144 |
সামসঙ্গীত 145 / সামস 145 |
সামসঙ্গীত 146 / সামস 146 |
সামসঙ্গীত 147 / সামস 147 |
সামসঙ্গীত 148 / সামস 148 |
সামসঙ্গীত 149 / সামস 149 |
সামসঙ্গীত 150 / সামস 150 |
|
|
|
|
|