1 |
পৃথিৱী জানো মানুহৰ ৰণ-ভুমি নহয়? তাৰ দিনবোৰ জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়? |
2 |
সন্ধিয়াৰ ছাঁলৈ হাবিয়াহ কৰা বন্দীৰ নিচিনাকৈ, আৰু নিজ বেচৰ বাবে অপেক্ষা কৰা চাকৰৰ নিচিনাকৈ, |
3 |
অসাৰ মাহ কেইটা অধিকাৰ স্বৰূপে মোক ভোগ কৰোঁৱা হৈছে, আৰু ক্লেশৰ ৰাতি কেইটা মোলৈ নিৰূপিত আছে। |
4 |
শোওঁতে মই কওঁ, মই কেতিয়া উঠিম? ৰাতি বৰ দীঘল; মই প্ৰভাতলৈকে চটফট কৰি আমনি পাওঁ। |
5 |
পোক আৰু মাটিৰ দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ; মোৰ গাৰ ঘাঁবোৰ শুকনিমুৱা হয় আৰু পুনৰ পকে আৰু নতুন হয়। |
6 |
মোৰ আয়ুস তাঁতীৰ হাতৰ মাকোতকৈয়ো বেগী, আৰু বিনা আশাৰে ঢুকায় যায়। |
7 |
তুমি ভাবি চোৱা, মোৰ প্ৰাণ নিশ্বাসমাত্ৰ; মোৰ চকুৱে মঙ্গল আৰু দেখিবলৈ নাপাব। |
8 |
মোক দৰ্শন কৰোঁতাৰ চকুৱে মোক পুনৰ নেদেখিব। তুমি নিজ চকুৰে মোক চাবা, কিন্তু মই নাইকিয়া হম। |
9 |
মেঘ যেনেকৈ কমি কমি নাইকিয়া হয়, সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠিব। |
10 |
তেওঁ নিজৰ ঘৰলৈ পুনৰ উলটি নাহিব, আৰু তাৰ নিবাসৰ ঠায়ে তাক পুনৰ চিনি নাপাব। |
11 |
এই হেতুকে মই মুখ জপাই নাথাকিম; মই মনৰ সন্তাপত কথা কম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম; |
12 |
তুমি যে মোৰ ওপৰত পৰীয়া ৰাখা, মই জানো সাগৰ, বা সাগৰৰ বৃহৎ জন্তু? |
13 |
মই যেতিয়া কওঁ, যে, ‘মোৰ বিচনাই মোক শান্তনা কৰিব, মোৰ শয্যাই মোক দুখ-সহন কৰিবলৈ সহায় কৰিব’, |
14 |
তেতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা, আৰু দৰ্শনেৰে মোক ত্ৰাসযুক্ত কৰা; |
15 |
তেতিয়া মোৰ প্ৰাণে উশাহ লোৱা বন্ধ কৰি দিবলৈ বাঞ্ছা কৰে, আৰু মোৰ এই হাড় কেইডালতকৈ মৃত্যুকে ইচ্ছা কৰে। |
16 |
জীৱনক মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোজোঁ; জীৱনৰ অৰ্থহীন দিনকেইটা মোক অকলশৰে থাকিবলৈ দিয়া। |
17 |
মানুহনো কি, তুমি যে তালৈ লক্ষ্য কৰা, আৰু তাত যে তুমি মন দিয়া, |
18 |
তুমি যে প্ৰতিটো ৰাতিপুৱা তাৰ বুজ-বিচাৰ লোৱা, আৰু নিমিষে নিমিষে তাক পৰীক্ষা কৰা, সি নো কি? |
19 |
তুমিনো মোৰ পৰা চকু নাতৰোৱাকৈ কিমান কাল থাকিবা? বা মই সেপ ঢোকা পৰ মানো মোক নেৰিবা নে? |
20 |
হে মনুষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ, তেন্তে মোৰ কাৰ্যৰ দ্বাৰাই তোমাৰ কি হানি হ’ল? কিয় তুমি মোক লক্ষ্যৰূপে গঢ়িলা, কিয়নো মই তোমালৈ বোজাস্বৰূপ হৈছোঁ? |
21 |
তুমি মোৰ পাপ কিয় ক্ষমা নকৰা? আৰু মোৰ অপৰাধ তুমি কিয় দূৰ নকৰা? কিয়নো মই এতিয়া ধুলিতে শয়ন কৰিছোঁ; ইয়াতে তুমি মোক ভালকৈ বিচাৰিবা, কিন্তু মই ইয়াত বিদ্যমান হৈ নাথাকিম।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যোব 7:1 |
যোব 7:2 |
যোব 7:3 |
যোব 7:4 |
যোব 7:5 |
যোব 7:6 |
যোব 7:7 |
যোব 7:8 |
যোব 7:9 |
যোব 7:10 |
যোব 7:11 |
যোব 7:12 |
যোব 7:13 |
যোব 7:14 |
যোব 7:15 |
যোব 7:16 |
যোব 7:17 |
যোব 7:18 |
যোব 7:19 |
যোব 7:20 |
যোব 7:21 |
যোব 1 / যোব 1 |
যোব 2 / যোব 2 |
যোব 3 / যোব 3 |
যোব 4 / যোব 4 |
যোব 5 / যোব 5 |
যোব 6 / যোব 6 |
যোব 7 / যোব 7 |
যোব 8 / যোব 8 |
যোব 9 / যোব 9 |
যোব 10 / যোব 10 |
যোব 11 / যোব 11 |
যোব 12 / যোব 12 |
যোব 13 / যোব 13 |
যোব 14 / যোব 14 |
যোব 15 / যোব 15 |
যোব 16 / যোব 16 |
যোব 17 / যোব 17 |
যোব 18 / যোব 18 |
যোব 19 / যোব 19 |
যোব 20 / যোব 20 |
যোব 21 / যোব 21 |
যোব 22 / যোব 22 |
যোব 23 / যোব 23 |
যোব 24 / যোব 24 |
যোব 25 / যোব 25 |
যোব 26 / যোব 26 |
যোব 27 / যোব 27 |
যোব 28 / যোব 28 |
যোব 29 / যোব 29 |
যোব 30 / যোব 30 |
যোব 31 / যোব 31 |
যোব 32 / যোব 32 |
যোব 33 / যোব 33 |
যোব 34 / যোব 34 |
যোব 35 / যোব 35 |
যোব 36 / যোব 36 |
যোব 37 / যোব 37 |
যোব 38 / যোব 38 |
যোব 39 / যোব 39 |
যোব 40 / যোব 40 |
যোব 41 / যোব 41 |
যোব 42 / যোব 42 |
|
|
|
|
|