1 |
“এতিয়া মাতাচোন, কোনোবাই তোমাক উত্তৰ দিব নে? আৰু পবিত্ৰলোকৰ মাজত তুমি কালৈ মুখ কৰিবা? |
2 |
কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে, আৰু অসুয়াই নিৰ্ব্বোধক হত্যা কৰে। |
3 |
মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ, কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ। |
4 |
তাৰ সন্তান সকলক ৰক্ষা কৰিবলৈ কোনো নাথাকিল, আৰু সিহঁতক ৰাজদুৱাৰত গুড়ি কৰা হল; সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল। |
5 |
ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে, কাঁইটৰ মাজত যি শস্য গজিছিল, সেয়া তৃষ্ণাতুৰ লোকে খাইছিল, তেওঁলোকৰ যি আছিল, লোভী লোকসকলে সকলো লৈ গৈছিল। |
6 |
কিয়নো অমঙ্গল ধুলিৰ পৰা উৎপন্ন নহয়, আৰু মাটিৰ পৰা ক্লেশ নগজে; |
7 |
কিন্তু জুইৰ ফিৰিঙটি যেনেকৈ ওপৰলৈ উড়ে, তেনেকৈ মানুহ দুখৰ কাৰণে জন্মে। |
8 |
কিন্তু মই হোৱা হ’লে ঈশ্বৰলৈ ঘূৰি গলোঁহেতেন, আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোঁহেতেন। |
9 |
অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে; |
10 |
তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়, আৰু পথাৰৰ ওপৰত জল বোৱাই দিয়ে; |
11 |
তেওঁ নীহলোকক ওখ কৰে, আৰু শোকাতুৰ লোকসকল সৌভাগ্যলৈ উন্নত হয়। |
12 |
তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে। |
13 |
তেওঁ জ্ঞানীলোকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে; তাতে কুটিলমনবোৰৰ কল্পনা নিস্ফল হৈ পৰে। |
14 |
সিহঁতে দিনতেই আন্ধাৰক লগ পায়, ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে। |
15 |
কিন্তু তেওঁ সিহঁতৰ মুখৰূপ তৰোৱালৰ পৰা, আৰু পৰাক্ৰমী হাতৰ পৰা দৰিদ্ৰক উদ্ধাৰ কৰে। |
16 |
এইদৰে দীনহীনে আশা পায়, আৰু অধৰ্মই নিজৰ মুখ বন্ধ কৰে। |
17 |
চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা। |
18 |
কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে; তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে। |
19 |
তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব; এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ কৰিব নোৱাৰিব। |
20 |
তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব, আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব। |
21 |
তুমি জিভাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা; আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা। |
22 |
বিনাশ আৰু দুৰ্ভিক্ষক দেখা পালে তুমি হাঁহিবা, আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা। |
23 |
কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব। |
24 |
তাতে তোমাৰ তম্বু যে কুশলে আছে, সেই বিষয়ে তুমি জানিবলৈ পাবা, আৰু তোমাৰ নিবাসৰ ঠাইত তুমি বুজ ল’লে, আশাত বঞ্চিত নহবা। |
25 |
তোমাৰ সন্তান-সন্ততি যে অধিক হ’ব, আৰু তোমাৰ বংশ যে পৃথিবীত তৃণৰ দৰে বাঢ়িব, সেই বিষয়েও তুমি জানিবলৈ পাবা। |
26 |
ডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়, তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ’ব। |
27 |
চোৱা, এয়া আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ; ইয়াকে তুমি শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যোব 5:1 |
যোব 5:2 |
যোব 5:3 |
যোব 5:4 |
যোব 5:5 |
যোব 5:6 |
যোব 5:7 |
যোব 5:8 |
যোব 5:9 |
যোব 5:10 |
যোব 5:11 |
যোব 5:12 |
যোব 5:13 |
যোব 5:14 |
যোব 5:15 |
যোব 5:16 |
যোব 5:17 |
যোব 5:18 |
যোব 5:19 |
যোব 5:20 |
যোব 5:21 |
যোব 5:22 |
যোব 5:23 |
যোব 5:24 |
যোব 5:25 |
যোব 5:26 |
যোব 5:27 |
যোব 1 / যোব 1 |
যোব 2 / যোব 2 |
যোব 3 / যোব 3 |
যোব 4 / যোব 4 |
যোব 5 / যোব 5 |
যোব 6 / যোব 6 |
যোব 7 / যোব 7 |
যোব 8 / যোব 8 |
যোব 9 / যোব 9 |
যোব 10 / যোব 10 |
যোব 11 / যোব 11 |
যোব 12 / যোব 12 |
যোব 13 / যোব 13 |
যোব 14 / যোব 14 |
যোব 15 / যোব 15 |
যোব 16 / যোব 16 |
যোব 17 / যোব 17 |
যোব 18 / যোব 18 |
যোব 19 / যোব 19 |
যোব 20 / যোব 20 |
যোব 21 / যোব 21 |
যোব 22 / যোব 22 |
যোব 23 / যোব 23 |
যোব 24 / যোব 24 |
যোব 25 / যোব 25 |
যোব 26 / যোব 26 |
যোব 27 / যোব 27 |
যোব 28 / যোব 28 |
যোব 29 / যোব 29 |
যোব 30 / যোব 30 |
যোব 31 / যোব 31 |
যোব 32 / যোব 32 |
যোব 33 / যোব 33 |
যোব 34 / যোব 34 |
যোব 35 / যোব 35 |
যোব 36 / যোব 36 |
যোব 37 / যোব 37 |
যোব 38 / যোব 38 |
যোব 39 / যোব 39 |
যোব 40 / যোব 40 |
যোব 41 / যোব 41 |
যোব 42 / যোব 42 |
|
|
|
|
|