1 |
ইলীহুৱে আৰু কথা কলে, |
2 |
আৰু অলপমান ধৈৰ্য ধৰা, মই তোমাক বুজাওঁ, কিয়নো ঈশ্বৰৰ পক্ষে মোৰ আৰু কথা আছে; |
3 |
মই দুৰৈৰ পৰা মোৰ জ্ঞান সংগ্ৰহ কৰিম, আৰু মই মোৰ সৃষ্টিকৰ্তাৰ ধাৰ্মিকতা-গুণৰ বৰ্ণনা কৰিম। |
4 |
কিয়নো মোৰ কথা নিশ্চয়ে মিছা নহয়; জ্ঞানত সিদ্ধজন তোমাৰ লগতে আছে। |
5 |
চোৱা, ঈশ্বৰ পৰাক্ৰমী, তথাপি তেওঁ কাকো হেয়জ্ঞান নকৰে; তেওঁ বুদ্ধিৰ বলতো পৰাক্ৰমী। |
6 |
তেওঁ দুষ্টৰ প্ৰাণ ৰক্ষা নকৰে, কিন্তু দুখীয়াবিলাকৰ পক্ষে ন্যায় বিচাৰ কৰে। |
7 |
তেওঁ ধাৰ্মিকলোকৰ পৰা চকু নুঘুৰাই; কিন্তু সিংহাসনত বহা ৰজাবিলাকৰ লগত, তেওঁ সৰ্ব্বতিকাললৈকে তেওঁবিলাকক বহুৱাই, তাত তেওঁবিলাকৰ উন্নতি হয়। |
8 |
আৰু যদি তেওঁবিলাকক শিকলিৰে বন্ধা হয়, আৰু তেওঁবিলাক দুখৰ লেজুত বান্ধ খায়, |
9 |
তেন্তে তেওঁ তেওঁবিলাকক তেওঁবিলাকৰ কৰ্ম আৰু অপৰাধ দেখুৱাই, তেওঁবিলাকে যে অহংকাৰ কৰিলে, তাক তেওঁবিলাকক জনায়। |
10 |
শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ তেওঁবিলাকৰ কাণ মুকলি কৰে, আৰু অধৰ্ম-পথৰ পৰা ঘুৰিবলৈ তেওঁবিলাকক আজ্ঞা দিয়ে। |
11 |
যদি তেওঁবিলাকে তেওঁৰ কথা শুনে, আৰু তেওঁৰ সেৱা কৰে, তেন্তে তেওঁবিলাকে তেওঁবিলাকৰ দিন সুখে সম্পদে নিয়ায়, আৰু তেওঁবিলাকৰ বছৰ কেইটা সন্তোষেৰে কটায়। |
12 |
কিন্তু যদি তেওঁবিলাকে নুশুনে তেন্তে অস্ত্ৰাঘাতত বিনষ্ট হয়, আৰু জ্ঞানৰ অভাৱত প্ৰাণত্যাগ কৰে। |
13 |
অধৰ্মচিত্তীয়াবোৰে ক্ৰোধ সাঁচি থয়; ঈশ্বৰে সিহঁতক বান্ধিলেও সিহঁতে কাতৰোক্তি নকৰে। |
14 |
সিহঁত ডেকা কালতে মৰে, আৰু ভ্ৰষ্টাচাৰীবোৰৰ মাজত সিহঁতৰ প্রাণ নষ্ট হয়। |
15 |
তেওঁ দুৰ্গতিত পৰা জনক তাৰ দুৰ্গতিৰ দ্বাৰাই উদ্ধাৰ কৰে, আৰু উপদ্ৰৱৰ দ্বাৰাই তেওঁবিলাকৰ কাণ মুকলি কৰে। |
16 |
তেওঁ তোমাক সঙ্কটৰ মুখৰ পৰা, ক্লেশ নোহোৱা বহল ঠাইলৈ উলিয়াই আনিছে; আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হব; |
17 |
কিন্তু তুমি দুষ্টৰ বিচাৰেৰে পৰিপূৰ্ণ হলে, তোমাক বিচাৰ আৰু ন্যায় দণ্ডই ধৰিব। |
18 |
সাৱধান, ক্ৰোধে তোমাক নিন্দা পথলৈ নিনিয়ক, আৰু মুক্তিৰ অধিক মূল্যই তোমাক অবাটে লৈ নাযাওক। |
19 |
তোমাৰ ধন, আৰু শক্তি সমস্ত বল, তুমি দুখত নপৰিবলৈ জানো যথেষ্ট হব? |
20 |
যি ৰাতিত লোকবিলাকক নিজ নিজ ঠাইত উচ্ছন্ন কৰা হয়, এনে ৰাতিলৈ তুমি বাঞ্ছা নকৰিবা। |
21 |
সাৱধান, তুমি অধৰ্মলৈ মুখ নকৰিবা; কিয়নো তুমি দুখ ভোগতকৈ তাকেই মনোনীত কৰিছা। |
22 |
চোৱা, ঈশ্বৰে নিজ পৰাক্ৰমত মহৎ কাৰ্য কৰে; তেওঁৰ নিচিনা শিক্ষা দিওঁতা কোন আছে? |
23 |
কোনে তেওঁৰ নিমিত্তে তেওঁৰ পথ নিৰূপণ কৰিলে? বা তুমি অন্যায় কৰিলা, এই বুলি তেওঁক কোনে কব পাৰে? |
24 |
ঈশ্বৰৰ যি কাৰ্যৰ বিষয়ে মানুহে গানৰ দ্বাৰাই কীৰ্ত্তন কৰিলে, তুমি সেই কাৰ্যৰ মহিমাৰ প্ৰশংসা কৰিবলৈ মনত ৰাখিবা। |
25 |
সকলো মানুহে তাক নিৰীক্ষণ কৰে; মৰ্ত্ত্যই দূৰৈৰ পৰা তালৈ দৃষ্টি কৰে। |
26 |
চোৱা, ঈশ্বৰ মহান, আৰু আমাৰ জ্ঞানৰ অগম্য; তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য। |
27 |
কিয়নো তেওঁ জনৰ কণিকাবোৰ আকৰ্ষণ কৰে; সেইবোৰেই তেওঁৰ ভাপৰ পৰা জৰি জৰি পৰে; |
28 |
সেইবোৰক আকাশে বৰষায়, মানুহৰ ওপৰত অধিককৈ টোপে টোপে পেলায়। |
29 |
বাস্তৱিক তেওঁৰ মেঘৰ বিস্তাৰণ, আৰু তেওঁৰ তম্বুৰূপ মেঘৰ গৰ্জ্জন কোনে বুজিব পাৰে? |
30 |
চোৱা, তেওঁ নিজৰ চাৰিওফালে নিজৰ পোহৰ বিস্তাৰ কৰে; আৰু তেওঁ সাগৰৰ তলি ঢাকে। |
31 |
কিয়নো তেওঁ এইবোৰৰ দ্বাৰাই লোকবিলাকক শাসন কৰে, আৰু প্ৰচুৰ পৰিমাণে খোৱা বস্তু দান কৰে। |
32 |
তেওঁ বিজুলীৰে নিজৰ অঞ্জলি ভৰায়, লক্ষ্যত লাগিবলৈ তেওঁ তাক আজ্ঞা দিয়ে। |
33 |
তাৰ মহা শব্দই তেওঁৰ বিষয়ে সম্বাদ দিয়ে, পশুবোৰকো তেওঁৰ আগমণৰ কথা জনায়। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যোব 36:1 |
যোব 36:2 |
যোব 36:3 |
যোব 36:4 |
যোব 36:5 |
যোব 36:6 |
যোব 36:7 |
যোব 36:8 |
যোব 36:9 |
যোব 36:10 |
যোব 36:11 |
যোব 36:12 |
যোব 36:13 |
যোব 36:14 |
যোব 36:15 |
যোব 36:16 |
যোব 36:17 |
যোব 36:18 |
যোব 36:19 |
যোব 36:20 |
যোব 36:21 |
যোব 36:22 |
যোব 36:23 |
যোব 36:24 |
যোব 36:25 |
যোব 36:26 |
যোব 36:27 |
যোব 36:28 |
যোব 36:29 |
যোব 36:30 |
যোব 36:31 |
যোব 36:32 |
যোব 36:33 |
যোব 1 / যোব 1 |
যোব 2 / যোব 2 |
যোব 3 / যোব 3 |
যোব 4 / যোব 4 |
যোব 5 / যোব 5 |
যোব 6 / যোব 6 |
যোব 7 / যোব 7 |
যোব 8 / যোব 8 |
যোব 9 / যোব 9 |
যোব 10 / যোব 10 |
যোব 11 / যোব 11 |
যোব 12 / যোব 12 |
যোব 13 / যোব 13 |
যোব 14 / যোব 14 |
যোব 15 / যোব 15 |
যোব 16 / যোব 16 |
যোব 17 / যোব 17 |
যোব 18 / যোব 18 |
যোব 19 / যোব 19 |
যোব 20 / যোব 20 |
যোব 21 / যোব 21 |
যোব 22 / যোব 22 |
যোব 23 / যোব 23 |
যোব 24 / যোব 24 |
যোব 25 / যোব 25 |
যোব 26 / যোব 26 |
যোব 27 / যোব 27 |
যোব 28 / যোব 28 |
যোব 29 / যোব 29 |
যোব 30 / যোব 30 |
যোব 31 / যোব 31 |
যোব 32 / যোব 32 |
যোব 33 / যোব 33 |
যোব 34 / যোব 34 |
যোব 35 / যোব 35 |
যোব 36 / যোব 36 |
যোব 37 / যোব 37 |
যোব 38 / যোব 38 |
যোব 39 / যোব 39 |
যোব 40 / যোব 40 |
যোব 41 / যোব 41 |
যোব 42 / যোব 42 |
|
|
|
|
|