1 |
যি হওক, হে ইয়োব, মিনতি কৰোঁ, মোৰ কথা শুনা, আৰু মোৰ সকলো বাক্যলৈ কাণ পাতা। |
2 |
চোৱা, মই এতিয়া মুখ মেলিলোঁ; মোৰ মুখত থকা জিভাই কথা কৈছে। |
3 |
মোৰ বাক্যই মোৰ মনৰ সৰলতা প্ৰকাশ কৰিব, মোৰ ওঁঠে যি জানে, তাক অকপটভাবে কব। |
4 |
ঈশ্বৰৰ আত্মাইহে মোক নিৰ্ম্মাণ কৰিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে। |
5 |
তুমি যদি পাৰা, তেন্তে মোক উত্তৰ দিয়া; মোৰ আগত কথা কোৱা, উঠি থিয় হোৱ। |
6 |
চোৱা, ঈশ্বৰৰ দৃষ্টিত মইও তোমাৰ নিচিনা; মইও মৃত্তিকাৰে নিৰ্ম্মিত হৈছোঁ। |
7 |
চোৱা, মোৰ ভয়ানকতাই তোমাক ভয় নলগাব, আৰু মোৰ কথাৰ ভাৰো তোমালৈ গধুৰ নহব। |
8 |
বাস্তৱিক তুমি মোৰ কাণে শুনাকৈ কথা কলা; তুমি কথা কোৱা মই শুনিলোঁ। |
9 |
তুমি কলা, “মই শুচি, মই নিৰপৰাধী, মই নিষ্কলঙ্ক, মোত কোনো দোষ নাই। |
10 |
চোৱা, তেওঁ মোৰ অহিতে ছিদ্ৰ বিচাৰে, তেওঁ মোক শত্রু যেন জ্ঞান কৰে; |
11 |
তেওঁ মোৰ ভৰি কুন্দাত বন্ধ কৰিছে; তেওঁ মোৰ সকলো পথত চকু দিয়ে। |
12 |
চোৱা, মই তোমাক উত্তৰ দিওঁ, এই বিষয়ত তোমাৰ কথা ন্যায় নহয়; কিয়নো মনুষ্যত্কৈ ঈশ্বৰ মহান। |
13 |
তুমি তেওঁৰে সৈতে কিয় বিবাদ কৰিছা? কিয়নো তেওঁ নিজৰ কাৰ্যবোৰৰ এটিৰো নেদেখুৱায়। |
14 |
তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনে কি, দুই প্ৰকাৰেও কথা কয়; কিন্তু মানুহে তালৈ মন নিদিয়ে। |
15 |
যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়। |
16 |
এই দৰে, মানুহক কু-কাৰ্যৰ পৰা এৰুৱাবৰ নিমিত্তে, মানুহৰ পৰা অহংকাৰ গুপ্ত ৰাখিবৰ নিমিত্তে, |
17 |
গাৰ পৰা তাৰ জীৱাত্মা ৰক্ষা কৰিবৰ নিমিত্তে, আৰু অস্ত্ৰৰ দ্ধাৰাই বিনষ্ট নোহোৱাকৈ তাৰ প্ৰাণ ৰাখিবৰ নিমিত্তে, |
18 |
তেওঁ সেই সময়ত মানুহৰ কাণ মুকলি কৰি দিয়ে, আৰু সিবিলাকক দিয়া শিক্ষা মোহৰ মাৰে। |
19 |
সি নিজ শয্যাত বেদনাৰ দ্বাৰাই শাস্তি পায়, আৰু তাৰ হাড়বোৰৰ মাজত যেন সদায় যুদ্ধ লাগিছে, এনে শাস্তি ভোগ কৰে, |
20 |
তাতে তাৰ প্ৰাণে আহাৰ ঘিণ কৰে, আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে। |
21 |
তাৰ মাংস ক্ষয় পায় অদৃশ্য হয়, আৰু আগেয়ে নেদেখা হাড়বোৰ জক্জককৈ ওলাই পৰে; |
22 |
এনে কি, তাৰ জীৱাত্ম গাতৰ ওচৰ চাপে, আৰু তাৰ প্ৰাণে সংহাৰকবোৰৰ গুৰি পায়। |
23 |
মানুহক যথাৰ্থ পথ দেখুৱাবৰ নিমিত্তে, তাৰ পক্ষে যদি হাজাৰৰ ভিতৰত এজন দুত মধ্যস্থ থাকে, |
24 |
তেন্তে তেওঁ তালৈ কৃপা কৰি কব, “গাতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই প্ৰায়শ্চিত্ত পালোঁ। |
25 |
তাৰ গা লৰাত্কৈয়ো চিকণ হব; সি পুনৰ্ব্বাৰ যৌৱনকাল পাব। |
26 |
সি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে, তেওঁ তালৈ প্ৰসন্ন হব; তাতে সি তেওঁৰ মুখ আনন্দেৰে দেখিব, আৰু তেওঁ মানুহক তাৰ ধাৰ্মিকতা ওলোটাই দিব। |
27 |
সি মানুহৰ আগত গীত গাই কব, “আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; তথাপি মই তাৰ উচিত ফল পোৱা নাই। |
28 |
গাতলৈ যোৱাৰ পৰা তেওঁ মোৰ জীৱাত্মা মুক্ত কৰিলে, আৰু মোৰ প্ৰাণ পোহৰত আনন্দিত হব।” |
29 |
চোৱা, মানুহক জীৱন স্বৰূপ পোহৰেৰে আলোকিত কৰিবৰ নিমিত্তে, তাৰ প্ৰাণ বিনাশক গাতৰ পৰা ওলোটাই আনিবলৈ, |
30 |
ঈশ্বৰে মনুষ্যে সৈতে এই সকলো ব্যৱহাৰ দুবাৰ, এনে কি, তিনি বাৰ কৰে। |
31 |
হে ইয়োব, মন দিয়া, মোৰ কথা শুনা; মনে মনে থাকা, ময়েই কওঁ। |
32 |
যদি তোমাৰ কিবা কব লগা আছে, তেন্তে মোক উত্তৰ দিয়া; কোৱা, কিয়নো মই তোমাক নিৰ্দোষী কৰিবলৈ বাঞ্ছা কৰোঁ। |
33 |
যদি নাইহে, তেন্তে মোলৈ কাণ পাতি, মনে মনে থাকা; মই তোমাক জ্ঞান শিক্ষা দিওঁ। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যোব 33:1 |
যোব 33:2 |
যোব 33:3 |
যোব 33:4 |
যোব 33:5 |
যোব 33:6 |
যোব 33:7 |
যোব 33:8 |
যোব 33:9 |
যোব 33:10 |
যোব 33:11 |
যোব 33:12 |
যোব 33:13 |
যোব 33:14 |
যোব 33:15 |
যোব 33:16 |
যোব 33:17 |
যোব 33:18 |
যোব 33:19 |
যোব 33:20 |
যোব 33:21 |
যোব 33:22 |
যোব 33:23 |
যোব 33:24 |
যোব 33:25 |
যোব 33:26 |
যোব 33:27 |
যোব 33:28 |
যোব 33:29 |
যোব 33:30 |
যোব 33:31 |
যোব 33:32 |
যোব 33:33 |
যোব 1 / যোব 1 |
যোব 2 / যোব 2 |
যোব 3 / যোব 3 |
যোব 4 / যোব 4 |
যোব 5 / যোব 5 |
যোব 6 / যোব 6 |
যোব 7 / যোব 7 |
যোব 8 / যোব 8 |
যোব 9 / যোব 9 |
যোব 10 / যোব 10 |
যোব 11 / যোব 11 |
যোব 12 / যোব 12 |
যোব 13 / যোব 13 |
যোব 14 / যোব 14 |
যোব 15 / যোব 15 |
যোব 16 / যোব 16 |
যোব 17 / যোব 17 |
যোব 18 / যোব 18 |
যোব 19 / যোব 19 |
যোব 20 / যোব 20 |
যোব 21 / যোব 21 |
যোব 22 / যোব 22 |
যোব 23 / যোব 23 |
যোব 24 / যোব 24 |
যোব 25 / যোব 25 |
যোব 26 / যোব 26 |
যোব 27 / যোব 27 |
যোব 28 / যোব 28 |
যোব 29 / যোব 29 |
যোব 30 / যোব 30 |
যোব 31 / যোব 31 |
যোব 32 / যোব 32 |
যোব 33 / যোব 33 |
যোব 34 / যোব 34 |
যোব 35 / যোব 35 |
যোব 36 / যোব 36 |
যোব 37 / যোব 37 |
যোব 38 / যোব 38 |
যোব 39 / যোব 39 |
যোব 40 / যোব 40 |
যোব 41 / যোব 41 |
যোব 42 / যোব 42 |
|
|
|
|
|