1 |
ইয়োবে নিজৰ দৃষ্টিত নিজকে ধাৰ্মিক বুলি মনাত, সেই তিনিজনে তেওঁক উত্তৰ দিবলৈ এৰিলে। |
2 |
এতিয়া ৰামৰ গোষ্ঠীৰ বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৰ ক্ৰোধ জ্বলি উঠিল; ইয়োবে ঈশ্বৰক ধাৰ্মিক নাপাতি নিজকে পতাত্হে তেওঁৰ ওপৰত ইলীহুৰ ক্ৰোধ জ্বলি উঠিল। |
3 |
আৰু বন্ধু তিনি জনে ইয়োবক উত্তৰ দিব নোৱাৰিও তেওঁক দোষী কৰাত, তেওঁলাকলৈকো ইলীহুৰ ক্ৰোধ জ্বলি উঠিল। |
4 |
তেওঁবিলাক ইলীহুত্কৈ বয়সত ডাঙৰ দেখি, ইলীহুৱে ইয়োবক কথা কবলৈ বাট চাইছিল। |
5 |
পাছে সেই তিনিজন লোকৰ মুখত উত্তৰ নোহোৱা দেখি, ইলীহুৰ ক্ৰোধ জ্বলি উঠিল। |
6 |
তাতে বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৱে উত্তৰ কৰি কলে, মই ডেকা, তোমালোক বুঢ়া; এই নিমিত্তে, মই তোমালোকৰ আগত মোৰ মত জনাবলৈ, ভয় কৰি কোঁচ খাই আছিলোঁ। |
7 |
মই মনতে কৈছিলোঁ, বহুদিনিয়া লোকেই কওক, আৰু অধিক বয়সীয়া লোকেই জ্ঞান শিক্ষা দিয়ক। |
8 |
কিন্তু মনুষ্যৰ অন্তৰত আত্মা আছে, সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসে সিহঁতক বিবেচনা কৰে। |
9 |
বৰ বৰ লোক যে জ্ঞানী, এনে নহয়; আৰু বৃদ্ধবিলাকেই যে বিচাৰ বুজে, সিও নহয়। |
10 |
এই হেতুকে মই কওঁ, মোলৈ কাণ পাতা; মইও মোৰ মত প্ৰকাশ কৰোঁ। |
11 |
চোৱা, যেতিয়ালৈকে তোমালোকে কথা বিচাৰিছিলা, তেতিয়ালৈকে মই তোমালোকৰ বাক্যলৈ বাট চাইছিলোঁ, তোমালোকৰ হেতুবাদলৈ কাণ পাতিছিলোঁ। |
12 |
মই তোমালোকলৈ মন দি আছিলোঁ, কিন্তু চোৱা, ইয়োবক ঘটুৱাব পৰা, বা তেওঁৰ উত্তৰ কাটিব পৰা, তোমালোকৰ মাজত কোনো নাছিল। |
13 |
সাৱধান, তোমালোকে নকবা যে, “তেওঁত আমি জ্ঞান পালোঁ; তেওঁক পৰাজয় কৰা ঈশ্বৰৰহে সাধ্য, মানুহৰ অসাধ্য;” |
14 |
কিয়নো তেওঁ মোৰ অহিতে কথা কোৱা নাই; আৰু মইও তোমালোকৰ কথাৰে তেওঁক উত্তৰ নিদিম। |
15 |
তোমালোকে তধা লাগিল, উত্তৰ নিদিয়ে আৰু; তেওঁবিলাকৰ কবলৈকে কথা নাইকিয়া হল। |
16 |
মই আৰু কিয় বাট চাম? তেওঁবিলাকে কথা নকয়; তেওঁবিলাকে ঠৰ লাগি ৰল, উত্তৰ নিদিয়ে আৰু। |
17 |
মইও নিজৰ পক্ষে উত্তৰ দিম; মইও নিজৰ মন জনাম। |
18 |
কিয়নো মই কথাৰে পৰিপূৰ্ণ, মোৰ অন্তৰত থকা আত্মাই মোক বল কৰিছে। |
19 |
চোৱা, মোৰ পেট বন্ধ কৰি থোৱা দ্ৰাক্ষা ৰসৰ নিচিনা। সেয়ে নতুন ৰসৰ মোটৰ দৰে ফাটি যাওঁ যাওঁ হৈছে। |
20 |
মই উপশম পাবৰ নিমিত্তে কথা কম; মই মুখ মেলি উত্তৰ কৰিম। |
21 |
মই কাৰো মুখলৈ নাচাম, আৰু মই কাকো খুচামোদ নকৰিম। |
22 |
কিয়নো মই খুচামোদ কৰিব নাজানো; কৰিলে, মোৰ সৃষ্টিকৰ্ত্তাই শীঘ্ৰে মোক ইহলোকৰ পৰা লৈ যাব। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যোব 32:1 |
যোব 32:2 |
যোব 32:3 |
যোব 32:4 |
যোব 32:5 |
যোব 32:6 |
যোব 32:7 |
যোব 32:8 |
যোব 32:9 |
যোব 32:10 |
যোব 32:11 |
যোব 32:12 |
যোব 32:13 |
যোব 32:14 |
যোব 32:15 |
যোব 32:16 |
যোব 32:17 |
যোব 32:18 |
যোব 32:19 |
যোব 32:20 |
যোব 32:21 |
যোব 32:22 |
যোব 1 / যোব 1 |
যোব 2 / যোব 2 |
যোব 3 / যোব 3 |
যোব 4 / যোব 4 |
যোব 5 / যোব 5 |
যোব 6 / যোব 6 |
যোব 7 / যোব 7 |
যোব 8 / যোব 8 |
যোব 9 / যোব 9 |
যোব 10 / যোব 10 |
যোব 11 / যোব 11 |
যোব 12 / যোব 12 |
যোব 13 / যোব 13 |
যোব 14 / যোব 14 |
যোব 15 / যোব 15 |
যোব 16 / যোব 16 |
যোব 17 / যোব 17 |
যোব 18 / যোব 18 |
যোব 19 / যোব 19 |
যোব 20 / যোব 20 |
যোব 21 / যোব 21 |
যোব 22 / যোব 22 |
যোব 23 / যোব 23 |
যোব 24 / যোব 24 |
যোব 25 / যোব 25 |
যোব 26 / যোব 26 |
যোব 27 / যোব 27 |
যোব 28 / যোব 28 |
যোব 29 / যোব 29 |
যোব 30 / যোব 30 |
যোব 31 / যোব 31 |
যোব 32 / যোব 32 |
যোব 33 / যোব 33 |
যোব 34 / যোব 34 |
যোব 35 / যোব 35 |
যোব 36 / যোব 36 |
যোব 37 / যোব 37 |
যোব 38 / যোব 38 |
যোব 39 / যোব 39 |
যোব 40 / যোব 40 |
যোব 41 / যোব 41 |
যোব 42 / যোব 42 |
|
|
|
|
|