1 |
কিন্তু এতিয়া যিবিলাকৰ বাপেকহঁতক, মোৰ মেৰৰ জাক ৰখা কুকুৰৰ লগতো থবলৈ মই হেয়জ্ঞান কৰিছিলোঁ, মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে। |
2 |
যিবিলাকৰ শক্তি নষ্ট হল, এনে লোকৰ হাতৰ বলত নো মোৰ কি উপকাৰ হব? |
3 |
সিহঁত অন্নৰ অভাৱত ভোকত ক্ষীণ হয়; সিহঁতে বহু কালৰ পৰা উচ্ছন্ন আৰু ধ্বংস হোৱা মৰুভূমি কামুৰি খায়। |
4 |
আৰু জোপোহাৰ কাষত সিহঁতে মল্লু শাক ছিঙে, আৰু ৰোতম গছৰ মূল সিহঁতৰ খোৱা বস্তু। |
5 |
সিহঁতক মানুহৰ মাজৰ পৰা খেদি দিয়া হয়; চোৰৰ পাছে পাছে চিঞৰাৰ দৰে লোকে সিহঁতৰ পাছতো চিঞৰে। |
6 |
সিহঁতে উপত্যকাৰ ভয়ানক ঠাইত থাকিব লগা হয়, মাটিৰ গাতত আৰু শিলৰ মাজত বাস কৰিব লগা হয়। |
7 |
সিহঁতে জোপোহা গছবোৰৰ মাজত গাধৰ দৰে চিঞৰে, আৰু কাঁইট গছৰ তলত গোট খায়। |
8 |
সিহঁত মূৰ্খৰ সন্তান, এনে কি নীহ মানুহৰ সন্ততি; সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল। |
9 |
এতিয়া মই সিহঁতৰ গানৰ বিষয় হৈছোঁ, এনে কি সিহঁতৰ গল্পৰ বিষয়ো হৈছোঁ। |
10 |
সিহঁতে মোক ঘিণ কৰে, আৰু মোৰ পৰা আতৰত থাকে, আৰু মোৰ আগত থু পেলাবলৈ ভয় নকৰে। |
11 |
কিয়নো ঈশ্বৰে তেওঁৰ ধনুৰ জোঁৰ এৰি দিলে আৰু মোক দুখ দিলে; সেই কাৰণে সিহঁতে মোৰ আগত নিজ নিজ মুখৰ লাগাম পেলাই দিয়ে। |
12 |
মোৰ সোঁফালে নীহ লোকবিলাক উঠে; সিহঁতে মোৰ ভৰি ঠেলি ঠেলি দিয়ে, আৰু মোৰ বিৰুদ্ধ নিজ নিজ বিনাশক গড় নৰে। |
13 |
সিহঁতে মোৰ বাট বন্ধ কৰি পেলায়; নি:সহায় লোকেও মোৰ বিনাশৰ চেষ্টা কৰে। |
14 |
গড় ভাঙি উলিওৱা বহল বাটেদি যেনেকৈ শত্ৰু আহে, সিহঁতেও তেনেকৈ আহে; সেই ভঙাইদি সোমাই সিহঁতে মোক আক্ৰমণ কৰে। |
15 |
নানা ত্ৰাসে মোক ধৰিছে; বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে; আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে। |
16 |
সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় মুখত দ্ৰৱীভূত হৈছে, আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে। |
17 |
ৰাতি হাড়বোৰ মোৰ গাৰ পৰা সুলকি পৰা যেন লাগে, আৰু যিবোৰে মোক কামোৰে, সেইবোৰে টোপনি নাযায়। |
18 |
ৰোগ প্ৰবল হোৱাত মোৰ বস্ত্ৰ কুৰূপ হৈছে; সেয়ে মোৰ গাৰ চোলাৰ ডিঙিৰ নিচিনাকৈ মোত আট খাই ধৰিছে। |
19 |
ঈশ্বৰে মোক বোকাত পেলাই দিছে, মই ধুলি আৰু ছাঁই যেন হৈছোঁ। |
20 |
মই তোমাৰ আগত কাতৰোক্তি কৰোঁ, কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ, কিন্তু তুমি মোলৈ চাই থাকা মাথোন। |
21 |
তুমি মোলৈ নিৰ্দ্দয় হৈ উঠিছা, আৰু তুমি তোমাৰ হাতৰ বলেৰে মোক তাড়না কৰিছা, |
22 |
তুমি মোক বতাহত তুলি দি ফুৰাইছা, আৰু ধুমুহাত মোক লীন নিয়াইছা। |
23 |
কিয়নো মই জানো,যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা। |
24 |
তথাপি পৰিবলৈ ধৰোঁতে কোনে নো হাত নেমেলে? আৰু আপদত থকা স্তলত ৰক্ষা পাবৰ নিমিত্তে কোনে নিচিঞৰে? |
25 |
দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে? আৰু দীনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোঁ নে? |
26 |
মই মঙ্গললৈ বাট চাওঁতে চাওঁতে অমঙ্গলহে ঘটিল, আৰু পোহৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে আন্ধাৰহে হল। |
27 |
মোৰ অন্তৰ খতি নোহোৱাকৈ পুৰিছে; দুখৰ দিনসমুহ মোৰ ওচৰত উপস্থিত হৈছে। |
28 |
মই বিনা ৰ’দে ক’লা হৈ ফুৰিছো, আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছোঁ। |
29 |
মই শিয়ালবোৰৰ ভাই, আৰু উট পক্ষীৰ বন্ধু হলোঁ। |
30 |
মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে, আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে। |
31 |
সেই দেখি মোৰ বীণাৰ মাত শোকৰ শব্দত পৰিণত হৈছে, আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দনকাৰীসকলৰ মাত হৈছে। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যোব 30:1 |
যোব 30:2 |
যোব 30:3 |
যোব 30:4 |
যোব 30:5 |
যোব 30:6 |
যোব 30:7 |
যোব 30:8 |
যোব 30:9 |
যোব 30:10 |
যোব 30:11 |
যোব 30:12 |
যোব 30:13 |
যোব 30:14 |
যোব 30:15 |
যোব 30:16 |
যোব 30:17 |
যোব 30:18 |
যোব 30:19 |
যোব 30:20 |
যোব 30:21 |
যোব 30:22 |
যোব 30:23 |
যোব 30:24 |
যোব 30:25 |
যোব 30:26 |
যোব 30:27 |
যোব 30:28 |
যোব 30:29 |
যোব 30:30 |
যোব 30:31 |
যোব 1 / যোব 1 |
যোব 2 / যোব 2 |
যোব 3 / যোব 3 |
যোব 4 / যোব 4 |
যোব 5 / যোব 5 |
যোব 6 / যোব 6 |
যোব 7 / যোব 7 |
যোব 8 / যোব 8 |
যোব 9 / যোব 9 |
যোব 10 / যোব 10 |
যোব 11 / যোব 11 |
যোব 12 / যোব 12 |
যোব 13 / যোব 13 |
যোব 14 / যোব 14 |
যোব 15 / যোব 15 |
যোব 16 / যোব 16 |
যোব 17 / যোব 17 |
যোব 18 / যোব 18 |
যোব 19 / যোব 19 |
যোব 20 / যোব 20 |
যোব 21 / যোব 21 |
যোব 22 / যোব 22 |
যোব 23 / যোব 23 |
যোব 24 / যোব 24 |
যোব 25 / যোব 25 |
যোব 26 / যোব 26 |
যোব 27 / যোব 27 |
যোব 28 / যোব 28 |
যোব 29 / যোব 29 |
যোব 30 / যোব 30 |
যোব 31 / যোব 31 |
যোব 32 / যোব 32 |
যোব 33 / যোব 33 |
যোব 34 / যোব 34 |
যোব 35 / যোব 35 |
যোব 36 / যোব 36 |
যোব 37 / যোব 37 |
যোব 38 / যোব 38 |
যোব 39 / যোব 39 |
যোব 40 / যোব 40 |
যোব 41 / যোব 41 |
যোব 42 / যোব 42 |
|
|
|
|
|