1 |
তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে, |
2 |
তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা? তোমালোকে বুজি চাব লাগে; তাৰ পাছত আমি কথা ক’ব পাৰোঁ। |
3 |
আমি নো কেলেই পশুতুল্য গণিত হৈছোঁ? আৰু তোমালোকৰ দৃ্ষ্টিত আমি নো কেলেই অশুচি হৈছোঁ? |
4 |
ক্ৰোধত নিজকে বিদৰোৱা যি তুমি, তোমাৰ নিমিত্তে জানো পৃথিৱী ত্যাগ কৰা হ’ব, বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব? |
5 |
নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব, আৰু তাৰ অগ্নিশিখাই পোহৰ নিদিব। |
6 |
তাৰ তম্বুত পোহৰেই আন্ধাৰ হ’ব, আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব। |
7 |
তাৰ খোজৰ শক্তি কম হৈ যাব, আৰু সি নিজৰ পৰামৰ্শতে নিজে পৰিব। |
8 |
কিয়নো নিজৰ ভৰিয়েই তাক জালৰ মাজত পেলাই দিয়ে, আৰু সি পাশৰ ওপৰেদি ফুৰে। |
9 |
কুন্দাই তাৰ ভৰিৰ গোৰোহাত ধৰিব, আৰু সি ফান্দত ধৰা পৰিব। |
10 |
তাৰ নিমিত্তে মাটিত খোৰোচা লুকুৱাই পতা আছে, আৰু তাৰ নিমিত্তে বাটত ফাচ পতা আছে। |
11 |
কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব, আৰু খোজে খোজে তাক খেদি যাব। |
12 |
ভোকত তাৰ বল কমি যাব, আৰু বিপদে তাৰ পতনলৈ বাট চাই থাকিব। |
13 |
মৃত্যুৰ জেষ্ঠ পুত্ৰই তাৰ সৰ্ব্বাঙ্গ গ্ৰাস কৰিব, আৰু তাৰ শৰীৰৰ অঙ্গ-প্ৰতঙ্গবোৰ খাই পেলাব, |
14 |
যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ’ব; ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ’ব। |
15 |
তাৰ অসম্পৰ্কীয়বোৰে তাৰ তম্বুত বাস কৰিব; তাৰ বসতিৰ ঠাইত গন্ধক সিঁচা হ’ব। |
16 |
তলত তাৰ শিপাবোৰ শুকাব, আৰু ওপৰত তাৰ ডাল কটা যাব। |
17 |
পৃথিবীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হ’ব, আৰু গাৱেঁ-ভূঁয়ে কোনেও তাৰ নাম নলব। |
18 |
তাক পোহৰৰ পৰা আন্ধাৰলৈ দূৰ কৰি দিয়া হ’ব, আৰু সংসাৰৰ পৰা খেদাই দিয়া যাব। |
19 |
স্বজাতীয়বোৰৰ মাজত তাৰ পো নাতি নাথাকিব, তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব। |
20 |
তাৰ দুৰ্দ্দিন দেখি পশ্চিমত থকা লোক সকলে বিস্ময় মানিব, আৰু পূবত থকাবোৰে চিঞৰি উঠিব। |
21 |
নিশ্চয়ে অধৰ্মিৰ বাসস্থান এনেকুৱা হ’ব, আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যোব 18:1 |
যোব 18:2 |
যোব 18:3 |
যোব 18:4 |
যোব 18:5 |
যোব 18:6 |
যোব 18:7 |
যোব 18:8 |
যোব 18:9 |
যোব 18:10 |
যোব 18:11 |
যোব 18:12 |
যোব 18:13 |
যোব 18:14 |
যোব 18:15 |
যোব 18:16 |
যোব 18:17 |
যোব 18:18 |
যোব 18:19 |
যোব 18:20 |
যোব 18:21 |
যোব 1 / যোব 1 |
যোব 2 / যোব 2 |
যোব 3 / যোব 3 |
যোব 4 / যোব 4 |
যোব 5 / যোব 5 |
যোব 6 / যোব 6 |
যোব 7 / যোব 7 |
যোব 8 / যোব 8 |
যোব 9 / যোব 9 |
যোব 10 / যোব 10 |
যোব 11 / যোব 11 |
যোব 12 / যোব 12 |
যোব 13 / যোব 13 |
যোব 14 / যোব 14 |
যোব 15 / যোব 15 |
যোব 16 / যোব 16 |
যোব 17 / যোব 17 |
যোব 18 / যোব 18 |
যোব 19 / যোব 19 |
যোব 20 / যোব 20 |
যোব 21 / যোব 21 |
যোব 22 / যোব 22 |
যোব 23 / যোব 23 |
যোব 24 / যোব 24 |
যোব 25 / যোব 25 |
যোব 26 / যোব 26 |
যোব 27 / যোব 27 |
যোব 28 / যোব 28 |
যোব 29 / যোব 29 |
যোব 30 / যোব 30 |
যোব 31 / যোব 31 |
যোব 32 / যোব 32 |
যোব 33 / যোব 33 |
যোব 34 / যোব 34 |
যোব 35 / যোব 35 |
যোব 36 / যোব 36 |
যোব 37 / যোব 37 |
যোব 38 / যোব 38 |
যোব 39 / যোব 39 |
যোব 40 / যোব 40 |
যোব 41 / যোব 41 |
যোব 42 / যোব 42 |
|
|
|
|
|