1 |
তেতিয়া তৈমনীয়া ইলীফজে পুনৰ উত্তৰ দি ক’লে, |
2 |
জ্ঞানৱানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে, বা পূবৰ বায়ুৰে জানো উদৰ পূৰ কৰে? |
3 |
সি জানো নিস্ফল কথাৰে যুক্তি দেখুৱায়, বা অনুপকাৰী বাক্যৰে বাদানুবাদ কৰে? তুমি হ’লে এই সকলোকে কৰিছা, |
4 |
এনে কি, তুমি ঈশ্বৰ ভয়কো ত্যাগ কৰিছা, আৰু ঈশ্বৰৰ সাক্ষাতে ভক্তিও কম কৰিছা। |
5 |
কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে, আৰু তুমি ধূৰ্তবোৰৰ জিভা মনোনীত কৰিছা। |
6 |
তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই; তোমাৰ ওঁঠেই তোমাৰ অহিতে সাক্ষ্য দিছে। |
7 |
মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে? আৰু পৰ্ব্বতবোৰৰ পূৰ্বেই জানো তোমাৰ জন্ম হৈছিল? |
8 |
তুমি ঈশ্বৰৰ সভাত মন্ত্ৰণা শুনিছিলা নে? আৰু তোমাৰ নিজৰ কাৰণে জ্ঞান ৰাখি থৈছা নে? |
9 |
তুমি নো আমি নজনা কথা কি জানা? তুমিনো আমি নুবুজা কথা কি বুজিছা? |
10 |
আমাৰ মাজত বেছি বয়সীয়া আৰু পকা চুলিয়াও আছে; তেওঁলোক তোমাৰ পিতৃতকৈয়ো অতি বৃদ্ধ। |
11 |
ঈশ্বৰৰ শান্তনা-বাক্যবোৰ তোমাৰ জ্ঞানত অতি ক্ষুদ্ৰ নে? আৰু তোমাৰ লগত কৰা মৃদু আলাপ ক্ষুদ্ৰ জ্ঞান কৰিছা নে? |
12 |
তুমি যে ঈশ্বৰৰ বিৰুদ্ধে জ্বলি উঠিছা, আৰু এনে কথা মুখৰ পৰা উলিয়াইছা, |
13 |
তোমাৰ মনক নো কিহে এনেকৈ বিপথলৈ নিয়ে? আৰু তোমাৰ চকু নো কিয় ইমানকৈ তিৰবিৰাইছে? |
14 |
মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে? তিৰোতাৰ পৰা জন্মা মনুষ্যই বা কি, তেওঁ যে ধাৰ্মিক হ’ব পাৰে? |
15 |
চোৱা, তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে, এনে কি, আকাশ-মণ্ডল তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়। |
16 |
তেনেহলে কেনেকৈ ঘৃণনীয় আৰু দুর্নীতিগ্ৰস্ত, জলৰ দৰে অপৰাধ পান কৰোঁতাই কিমান কম পৰিমানে শুচি হ’ব পাৰে। |
17 |
মই তোমাক দেখিছোঁ, মোৰ কথা শুনা; মই যি দেখিলোঁ, সেয়া প্ৰকাশ কৰিলোঁ; |
18 |
যিসকলৰ হাতত দেশ শোধাই দিয়া হৈছিল, আৰু যিসকলৰ মাজত কোনো বিদেশী ঘূৰি ফুৰা নাছিল, |
19 |
জ্ঞানী সকলে তেওঁলোকৰ এনেকুৱা পিতৃসকলৰ পৰা শুনি, গুপুতে নাৰাখি এই কথা কয়, |
20 |
দুষ্টই নিজৰ জীৱনৰ সকলো দিনত ক্লেশ পায়, অত্যাচাৰী জনে নিজৰ নিৰূপিত বছৰ কেইটা অসুখেৰে কটায়। |
21 |
ভয়ৰ শব্দ তাৰ কাণত থাকে; সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে। |
22 |
সি কেতিয়াও নাভাবে, সি যে আন্ধাৰৰ পৰা উলটি আহিব, তৰোৱালে তালৈ বাট চাই আছে। |
23 |
সি আহাৰৰ নিমিত্তে ভ্ৰমন কৰি কয়, ‘ক’ত আছে?’ সি জানে যে, আন্ধৰৰ দিন তাৰ ওচৰত উপস্থিত আছে। |
24 |
ক্লেশ আৰু মনৰ তাপে তাক ভয় দেখুৱায়; যুদ্ধৰ কাৰণে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে। |
25 |
কাৰণ সি ঈশ্বৰৰ বিৰুদ্ধে হাত মেলিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ বিৰুদ্ধে গৰ্ব্ব–আচৰণ কৰিলে। |
26 |
এইদৰে পাপীলোক ঈশ্বৰৰ বিৰুদ্ধে অনমনীয় হয়, সি ঢালৰ ডাঠ ভাগ দেখুৱাই তেওঁৰ বিৰুদ্ধে লৰ মাৰে। |
27 |
এইটো সত্য যে, সি চৰ্বিৰে নিজৰ মুখ নোদোকা কৰিলে, আৰু নিজৰ তপিনা তৰপে তৰপে চৰ্বিযুক্ত কৰিলে; |
28 |
আৰু সি জনশূণ্য নগৰত বাস কৰিলে; য’ত কোনো মানুহে বাস নকৰে, শিলৰ দ’ম হবলগীয়া এনে ঘৰত বসতি কৰিলে। |
29 |
সি ধনী নহব, আৰু তাৰ সম্পত্তি নাথাকিব; সিহঁতৰ শস্য ফলৰ ভৰত মাটিলৈ দোঁ নাখাব। |
30 |
সি আন্ধাৰৰ পৰা সাৰিব নোৱাৰিব; অগ্নি-শিখা ই তাৰ ডালবোৰ শুকুৱাব, আৰু সি তেওঁৰ মুখৰ ফুঁতে উড়ি যাব। |
31 |
সি ভ্ৰান্ত হৈ অসাৰতাত বিশ্বাস নকৰক; কিয়নো অসাৰতাই তাৰ বেচ হ’ব। |
32 |
তাৰ দিন নৌ হওঁতেই সেয়ে তালৈ সিদ্ধ হ’ব, আৰু তাৰ খেজুৰৰ পাত কেঁচাই নাথাকিব। |
33 |
সি দ্ৰাক্ষালতাৰ নিচিনাকৈ নিজৰ আপইতা গুটি সৰাব, আৰু জিতগছৰ দৰে নিজৰ ফুল সৰাই পেলাব। |
34 |
কিয়নো অধৰ্মিবোৰৰ সমাজ বন্ধ্যা হ’ব, আৰু ভেঁটি খুৱাবোৰৰ তম্বু অগ্নিয়ে গ্রাস কৰিব। |
35 |
সিহঁতে অনিষ্টক গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে; সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যোব 15:1 |
যোব 15:2 |
যোব 15:3 |
যোব 15:4 |
যোব 15:5 |
যোব 15:6 |
যোব 15:7 |
যোব 15:8 |
যোব 15:9 |
যোব 15:10 |
যোব 15:11 |
যোব 15:12 |
যোব 15:13 |
যোব 15:14 |
যোব 15:15 |
যোব 15:16 |
যোব 15:17 |
যোব 15:18 |
যোব 15:19 |
যোব 15:20 |
যোব 15:21 |
যোব 15:22 |
যোব 15:23 |
যোব 15:24 |
যোব 15:25 |
যোব 15:26 |
যোব 15:27 |
যোব 15:28 |
যোব 15:29 |
যোব 15:30 |
যোব 15:31 |
যোব 15:32 |
যোব 15:33 |
যোব 15:34 |
যোব 15:35 |
যোব 1 / যোব 1 |
যোব 2 / যোব 2 |
যোব 3 / যোব 3 |
যোব 4 / যোব 4 |
যোব 5 / যোব 5 |
যোব 6 / যোব 6 |
যোব 7 / যোব 7 |
যোব 8 / যোব 8 |
যোব 9 / যোব 9 |
যোব 10 / যোব 10 |
যোব 11 / যোব 11 |
যোব 12 / যোব 12 |
যোব 13 / যোব 13 |
যোব 14 / যোব 14 |
যোব 15 / যোব 15 |
যোব 16 / যোব 16 |
যোব 17 / যোব 17 |
যোব 18 / যোব 18 |
যোব 19 / যোব 19 |
যোব 20 / যোব 20 |
যোব 21 / যোব 21 |
যোব 22 / যোব 22 |
যোব 23 / যোব 23 |
যোব 24 / যোব 24 |
যোব 25 / যোব 25 |
যোব 26 / যোব 26 |
যোব 27 / যোব 27 |
যোব 28 / যোব 28 |
যোব 29 / যোব 29 |
যোব 30 / যোব 30 |
যোব 31 / যোব 31 |
যোব 32 / যোব 32 |
যোব 33 / যোব 33 |
যোব 34 / যোব 34 |
যোব 35 / যোব 35 |
যোব 36 / যোব 36 |
যোব 37 / যোব 37 |
যোব 38 / যোব 38 |
যোব 39 / যোব 39 |
যোব 40 / যোব 40 |
যোব 41 / যোব 41 |
যোব 42 / যোব 42 |
|
|
|
|
|