1 |
তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ। |
2 |
তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে; তেওঁ ছাঁৰ দৰে অলপ সময়ৰ বাবে থাকে আৰু নাইকিয়া হয়, স্থিৰ হৈ নাথাকে; |
3 |
এনে লোকলৈ তুমি চকু মেলি চাইছা? আৰু মোক তোমাৰ লগত বিচাৰস্থানলৈ লৈ গৈছা? |
4 |
অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে। |
5 |
তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ’ল, তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হ’ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা; |
6 |
ভাড়াতীয়লোকৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰালৈকে, তেওঁ জিৰণী পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া। |
7 |
কিয়নো গছৰ আশা আছে, তাক কাটিলেও সি আকৌ পোখা মেলে, আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়। |
8 |
যদি মাটিত তাৰ শিপা বুঢ়া হয়, আৰু ভুমিত তাৰ মূঢ়াতো মৰে, |
9 |
তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়, আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ডাল-পাত মেলে। |
10 |
কিন্তু মানুহ মৰে আৰু ক্ষয় পায়; মনুষ্যই প্ৰাণত্যাগ কৰিলে, পুনৰ ক’ত থাকিব? |
11 |
যেনেকৈ জলাহৰ পানী ঢুকাই যায়, আৰু নৈৰ পানী শুকাই সম্পূৰ্ণৰূপে নাইকিয়া হয়, |
12 |
তেনেকৈ মানুহ মৰিলে পুনৰ নুঠে, আকাশ-মণ্ডল লুপ্ত নহয়মানে তেওঁলোকে সাৰ নাপায়, আৰু তেওঁলোকক নিদ্ৰাৰ পৰা জগোৱা নহয়। |
13 |
অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হ’লে, তোমাৰ ক্ৰোধ মাৰ নাযোৱালৈকে মোক গুপ্তকৈ ৰখা হলে, তুমি মোৰ কাৰণে এটা সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হ’লে, কেনে ভাল আছিল! |
14 |
যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে? যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে, মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম। |
15 |
তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্মলৈ হাবিয়াহ কৰিবা। |
16 |
কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো হিচাব কৰিছা; তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই? |
17 |
মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে, আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা। |
18 |
কিন্তু পৰ্ব্বতো পৰি যায় আৰু নাইকিয়া হয়; আনকি বৃহৎ শিলকো নিজ ঠাইৰ পৰা আতৰোৱা হয়। |
19 |
পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়, তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়; সেইদৰে তুমি মানুহৰ আশাকো ভাঙি দিয়া। |
20 |
তুমি তেওঁক একেবাৰে মৰমান্তিক আঘাত কৰাত, তেওঁ লোকান্তৰলৈ যায়। তুমি তেওঁৰ মুখ বিকৃত কৰি তেওঁক পঠাই দিয়া। |
21 |
তেওঁৰ পুতেকবোৰ মৰ্য্যদাৱন্ত হলেও, তেওঁ সেই বিষয়ে নাজানে; আনকি সিহঁতৰ অৱস্থা হীন হলেও, তেওঁ তাৰ বিষয়ে গম নাপায়। |
22 |
কিন্তু তেওঁৰ নিজ শৰীৰে বেদনা পায়, আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যোব 14:1 |
যোব 14:2 |
যোব 14:3 |
যোব 14:4 |
যোব 14:5 |
যোব 14:6 |
যোব 14:7 |
যোব 14:8 |
যোব 14:9 |
যোব 14:10 |
যোব 14:11 |
যোব 14:12 |
যোব 14:13 |
যোব 14:14 |
যোব 14:15 |
যোব 14:16 |
যোব 14:17 |
যোব 14:18 |
যোব 14:19 |
যোব 14:20 |
যোব 14:21 |
যোব 14:22 |
যোব 1 / যোব 1 |
যোব 2 / যোব 2 |
যোব 3 / যোব 3 |
যোব 4 / যোব 4 |
যোব 5 / যোব 5 |
যোব 6 / যোব 6 |
যোব 7 / যোব 7 |
যোব 8 / যোব 8 |
যোব 9 / যোব 9 |
যোব 10 / যোব 10 |
যোব 11 / যোব 11 |
যোব 12 / যোব 12 |
যোব 13 / যোব 13 |
যোব 14 / যোব 14 |
যোব 15 / যোব 15 |
যোব 16 / যোব 16 |
যোব 17 / যোব 17 |
যোব 18 / যোব 18 |
যোব 19 / যোব 19 |
যোব 20 / যোব 20 |
যোব 21 / যোব 21 |
যোব 22 / যোব 22 |
যোব 23 / যোব 23 |
যোব 24 / যোব 24 |
যোব 25 / যোব 25 |
যোব 26 / যোব 26 |
যোব 27 / যোব 27 |
যোব 28 / যোব 28 |
যোব 29 / যোব 29 |
যোব 30 / যোব 30 |
যোব 31 / যোব 31 |
যোব 32 / যোব 32 |
যোব 33 / যোব 33 |
যোব 34 / যোব 34 |
যোব 35 / যোব 35 |
যোব 36 / যোব 36 |
যোব 37 / যোব 37 |
যোব 38 / যোব 38 |
যোব 39 / যোব 39 |
যোব 40 / যোব 40 |
যোব 41 / যোব 41 |
যোব 42 / যোব 42 |
|
|
|
|
|