1 |
তেতিয়া যি ঠাইত যিহোৱাই চলোমনৰ পিতৃ দায়ুদক দৰ্শন দিছিল, সেই যিৰূচালেমৰ মোৰিয়া পৰ্বতত যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে। দায়ূদে নিৰূপণ কৰি ৰখা যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইতে তেওঁ এয়া যুগুত কৰিলে। |
2 |
তেওঁৰ ৰাজত্বৰ চতুৰ্থ বছৰৰ দ্বিতীয় মাহৰ দ্বিতীয় দিনা তেওঁ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে। |
3 |
চলোমনে ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ যি ভিত্তিমূল স্থাপন কৰিলে, তাৰ জোখ এই - পূৰ্বকালৰ হাতৰ জোখেৰে তাৰ দীৰ্ঘ আছিল ষাঠি হাত আৰু বহলে বিশ হাত আছিল। |
4 |
আৰু গৃহৰ বহল আনুসাৰে গৃহৰ সন্মুখৰ বাৰাণ্ডা বিশ হাত দীঘল আছিল৷ ইয়াৰ উচ্চতাও বিশ হাত ওখ আছিল আৰু চলোমনে তাৰ ভিতৰে শুদ্ধ সোণৰ পতা মাৰিলে। |
5 |
তেওঁ বৰ গৃহৰ দেৱালত দেবদাৰু কাঠ লগালে আৰু তেওঁ তাত উত্তম সোণৰ পতা মাৰিলে আৰু তাত খাজুৰ গছ আৰু শিকলিৰ আকৃতি কৰি দিলে। |
6 |
আৰু তেওঁ শুভনীয় কৰিবলৈ গৃহটি মূল্যৱান পাথৰেৰে বিভূষিত কৰিলে; সেই সোণ পৰ্বয়িমৰ সোণ আছিল। |
7 |
তেওঁ গৃহৰ চতিত, দুৱাৰ-ডলিত, দেৱালত আৰু দুৱাৰত সোণৰ পতা মাৰিলে আৰু দেৱালত কৰূবৰ আকৃতি কাটিলে। |
8 |
আৰু তেওঁ অতি পবিত্ৰ গৃহ নিৰ্ম্মাণ কৰিলে৷ সেই গৃহৰ দীঘ বহল অনুসাৰে বিশ হাত আৰু বহল বিশ হাত৷ তেওঁ তাতে ছশ কিক্কৰ উত্তম সোণ লগালে। |
9 |
গজালৰ সোণৰ জোখ পঞ্চাশ চেকল। তেওঁ ওপৰৰ কোঁঠালিবোৰতো সোণ লগালে। |
10 |
সেই অতি পবিত্ৰ গৃহত, তেওঁ খনিকৰৰ কাৰ্যেৰে দুটা কৰূব নিৰ্ম্মাণ কৰিলে আৰু কাৰিকৰৰ দ্ৱাৰাই তাত সোণৰ পতা মাৰিলে। |
11 |
সেই কৰূব দুটাৰ ডেউকা বিশ হাত দীঘল; সেয়ে গৃহৰ দেৱাল ঢুকি পোৱাকৈ এটাৰ এখন ডেউকা পাঁচ হাত দীঘল; সেয়ে দ্বিতীয় কৰূবৰ ডেউকা ঢুকি পোৱাকৈ আনখনো পাঁচ হাত দীঘল। |
12 |
গৃহৰ দেৱাল ঢুকি পোৱাকৈ আন কৰূবৰো এখন ডেউকা পাঁচ হাত দীঘল; আৰু সেয়ে আনটো কৰূবৰ ডেউকাত লাগি থকাকৈ আন খনো পাঁচ হাত দীঘল। |
13 |
সেই কৰূব কেইটা ডেউকা মেলিলে বিশ হাত ঠাই জুৰে৷ সেই দুটাই গৃহৰ ফাললৈ মুখ কৰি ভৰিত ভৰ দি থিয় হৈ আছিল। |
14 |
তেওঁ নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু সেন্দুৰ বৰণীয়া সূতা ও মিহি শণ সূতাৰে প্ৰভেদক বস্ত্ৰখন যুগুত কৰিলে আৰু তাত কৰূবৰ আকৃতি তুলি দিলে। |
15 |
আৰু তেওঁ গৃহৰ সন্মুখত পঁয়ত্ৰিশ হাত ওখ দুটা স্তম্ভ নিৰ্ম্মাণ কৰিলে; এটা এটা স্তম্ভৰ মুৰৰ মাথলা পাঁচ হাতকৈ আছিল। |
16 |
আৰু তেওঁ শিকলি বনাই স্তম্ভৰ চাৰিওফালৰ মুৰত লগাই দিলে, আৰু এশ ডালিমো বনাই সেই শিকলিত লগাই দিলে। |
17 |
সেই দুটা স্তম্ভ তেওঁ মন্দিৰৰ আগত সোঁফালে এটা আৰু বাওঁফালে এটা স্থাপন কৰিলে; সোঁ ফালৰটোৰ নাম যাখীন আৰু বাওঁ ফালৰটোৰ নাম বোৱাজ ৰাখিলে। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
২ বংশাবলি 3:1 |
২ বংশাবলি 3:2 |
২ বংশাবলি 3:3 |
২ বংশাবলি 3:4 |
২ বংশাবলি 3:5 |
২ বংশাবলি 3:6 |
২ বংশাবলি 3:7 |
২ বংশাবলি 3:8 |
২ বংশাবলি 3:9 |
২ বংশাবলি 3:10 |
২ বংশাবলি 3:11 |
২ বংশাবলি 3:12 |
২ বংশাবলি 3:13 |
২ বংশাবলি 3:14 |
২ বংশাবলি 3:15 |
২ বংশাবলি 3:16 |
২ বংশাবলি 3:17 |
২ বংশাবলি 1 / ২বং 1 |
২ বংশাবলি 2 / ২বং 2 |
২ বংশাবলি 3 / ২বং 3 |
২ বংশাবলি 4 / ২বং 4 |
২ বংশাবলি 5 / ২বং 5 |
২ বংশাবলি 6 / ২বং 6 |
২ বংশাবলি 7 / ২বং 7 |
২ বংশাবলি 8 / ২বং 8 |
২ বংশাবলি 9 / ২বং 9 |
২ বংশাবলি 10 / ২বং 10 |
২ বংশাবলি 11 / ২বং 11 |
২ বংশাবলি 12 / ২বং 12 |
২ বংশাবলি 13 / ২বং 13 |
২ বংশাবলি 14 / ২বং 14 |
২ বংশাবলি 15 / ২বং 15 |
২ বংশাবলি 16 / ২বং 16 |
২ বংশাবলি 17 / ২বং 17 |
২ বংশাবলি 18 / ২বং 18 |
২ বংশাবলি 19 / ২বং 19 |
২ বংশাবলি 20 / ২বং 20 |
২ বংশাবলি 21 / ২বং 21 |
২ বংশাবলি 22 / ২বং 22 |
২ বংশাবলি 23 / ২বং 23 |
২ বংশাবলি 24 / ২বং 24 |
২ বংশাবলি 25 / ২বং 25 |
২ বংশাবলি 26 / ২বং 26 |
২ বংশাবলি 27 / ২বং 27 |
২ বংশাবলি 28 / ২বং 28 |
২ বংশাবলি 29 / ২বং 29 |
২ বংশাবলি 30 / ২বং 30 |
২ বংশাবলি 31 / ২বং 31 |
২ বংশাবলি 32 / ২বং 32 |
২ বংশাবলি 33 / ২বং 33 |
২ বংশাবলি 34 / ২বং 34 |
২ বংশাবলি 35 / ২বং 35 |
২ বংশাবলি 36 / ২বং 36 |
|
|
|
|
|