1 |
তেতিয়া যিৰূচালেমৰ নিবাসীসকলে যিহোৰামৰ কনিষ্ঠ পুত্ৰ অহজিয়াক তেওঁৰ পদত ৰজা পাতিলে; কাৰণ আৰবীয়াসকলৰ সৈতে ছাউনিলৈ অহা লোকৰ দলটোৱে তেওঁৰ আটাই কেইজন বৰ পুত্ৰক বধ কৰিছিল। সেয়েহে যিহূদাৰ ৰজা যিহোৰামৰ পুত্ৰ অহজিয়া ৰজা হ’ল। |
2 |
অহজিয়াই বিয়াল্লিশ বছৰ বয়সত ৰাজত্ৱ আৰম্ভ কৰিছিল৷ তেওঁ যিৰূচালেমত এবছৰ ৰাজত্ব কৰিলে৷ তেওঁৰ মাতৃৰ নাম অথলিয়া আছিল; তেখেত অম্ৰীৰ নাতিয়েক আছিল। |
3 |
তেওঁৰ মাতৃয়ে তেওঁক মন্ত্রণা দিছিল, আৰু তেওঁ আহাবৰ বংশৰ পথত চলি কু-আচৰণ কৰিছিল। |
4 |
আহাবৰ বংশৰ লোকসকলৰ নিচিনাকৈ তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল, কাৰণ তেওঁৰ পিতৃৰ মৃত্যুৰ পাছত তেওঁলোকেই তেওঁৰ পৰামর্শ দিওঁতা অাছিল, আৰু তেওঁলোকেই তেওঁক বিনাশ কৰিলে। |
5 |
তেওঁ তেওঁলোকৰ পৰামৰ্শ অনুসৰণ কৰিলে; তেওঁ ইস্ৰায়েলৰ ৰজা আহাবৰ পুত্ৰ যিহোৰামৰ লগত ৰামোৎ-গিলিয়দত অৰামৰ ৰজা হজায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল৷ তাতে অৰামীয়াসকলে যোৰামক আঘাত কৰিলে। |
6 |
এই হেতুকে, তেওঁ অৰামৰ ৰজা হজায়েলে সৈতে যুদ্ধ কৰা সময়ত, অৰামীয়াসকলে ৰামাত তেওঁক যি আঘাত কৰিছিল, সেই ঘা-বোৰৰ পৰা সুস্থ হ’বলৈ তেওঁ যিজ্ৰিয়েললৈ ঘূৰি আহিল। তেতিয়া যিহূদাৰ ৰজা যিহোৰামৰ পুত্ৰ অজৰিয়াই আহাবৰ পুত্ৰ যোৰামক চাবলৈ যিজ্ৰিয়েললৈ নামি গ’ল; কিয়নো তেওঁক আঘাত কৰা হৈছিল৷ |
7 |
কিন্তু অহজিয়াই যোৰামৰ ওচৰলৈ যোৱাৰ কাৰণে ঈশ্বৰৰ পৰা তেওঁলৈ বিনাশ আহিল; কিয়নো তেওঁ যেতিয়া আহিছিল, তেতিয়া তেওঁ আৰু যিহোৰামে নিমচীৰ পুত্ৰ যেহূক আক্রমণ কৰিবলৈ ওলাই আহিছিল। কিয়নো যেহূক আহাবৰ বংশ উচ্ছন্ন কৰিবৰ বাবে যিহোৱাই অভিষেক কৰিছিল। |
8 |
পাছত যেহূৱে যি সময়ত আহাবৰ বংশৰ ওপৰত ঈশ্বৰৰ দণ্ড সাধিছিল, সেই সময়ত তেওঁ যিহূদাৰ অধ্যক্ষসকলক আৰু অহজিয়াৰ পৰিচৰ্যা কৰোঁতা তেওঁৰ ভায়েকসকলৰ পুত্ৰসকলক পাই বধ কৰিছিল। |
9 |
পাছত তেওঁ অহজিয়াক বিচাৰিলে; লোকসকলে তেওঁক চমৰিয়াত লুকাই থকা অৱস্থাত ধৰি যেহূৰ ওচৰলৈ আনি তেওঁক বধ কৰিলে৷ লোকসকলে তেওঁক মৈদাম দি ক’লে বোলে, “যি যিহোচাফটে তেওঁৰ সকলো মনে সৈতে যিহোৱাক বিচাৰিছিল, তেওঁ সেই জনৰ সন্তান৷” তাতে সেই ৰাজ্যভাৰ ল’বলৈ অহজিয়াৰ বংশৰ মাজত কাৰো সমর্থ নাছিল। |
10 |
অহজিয়াৰ মাক অথলিয়াই যেতিয়া নিজৰ পুত্ৰৰ মৃত্যু হোৱা দেখিলে, তেতিয়া তেওঁ উঠি যিহূদাৰ গোটেই ৰাজ-বংশকে সংহাৰ কৰিলে। |
11 |
কিন্তু ৰজাৰ জীয়েক যিহোচাবতে অহজিয়াৰ পুত্ৰ যোৱাচক বধ কৰিবলগীয়া ৰাজকোঁৱৰসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে, আৰু তেওঁক ধাইমাকে সৈতে বিছনা ৰখা কোঁঠালি এটাত ৰাখি হ’ল৷ এইদৰে যিহোয়াদা পুৰোহিতৰ ভাৰ্য্যা, যিহোৰাম ৰজাৰ জীয়েক আৰু অহজিয়াৰ ভনীয়েক সেই যিহোচাবতে যোৱাচক অথলিয়াৰ পৰা লুকুৱালে যাতে ৰাণীয়ে তেওঁক বধ কৰিব নোৱাৰে। |
12 |
পাছত তেওঁ তেওঁলোকে সৈতে ঈশ্বৰৰ গৃহত ছবছৰ লুকাই থাকিল; সেই সময়ত অথলিয়াই দেশৰ ওপৰত ৰাজত্ব কৰিছিল। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
২ বংশাবলি 22:1 |
২ বংশাবলি 22:2 |
২ বংশাবলি 22:3 |
২ বংশাবলি 22:4 |
২ বংশাবলি 22:5 |
২ বংশাবলি 22:6 |
২ বংশাবলি 22:7 |
২ বংশাবলি 22:8 |
২ বংশাবলি 22:9 |
২ বংশাবলি 22:10 |
২ বংশাবলি 22:11 |
২ বংশাবলি 22:12 |
২ বংশাবলি 1 / ২বং 1 |
২ বংশাবলি 2 / ২বং 2 |
২ বংশাবলি 3 / ২বং 3 |
২ বংশাবলি 4 / ২বং 4 |
২ বংশাবলি 5 / ২বং 5 |
২ বংশাবলি 6 / ২বং 6 |
২ বংশাবলি 7 / ২বং 7 |
২ বংশাবলি 8 / ২বং 8 |
২ বংশাবলি 9 / ২বং 9 |
২ বংশাবলি 10 / ২বং 10 |
২ বংশাবলি 11 / ২বং 11 |
২ বংশাবলি 12 / ২বং 12 |
২ বংশাবলি 13 / ২বং 13 |
২ বংশাবলি 14 / ২বং 14 |
২ বংশাবলি 15 / ২বং 15 |
২ বংশাবলি 16 / ২বং 16 |
২ বংশাবলি 17 / ২বং 17 |
২ বংশাবলি 18 / ২বং 18 |
২ বংশাবলি 19 / ২বং 19 |
২ বংশাবলি 20 / ২বং 20 |
২ বংশাবলি 21 / ২বং 21 |
২ বংশাবলি 22 / ২বং 22 |
২ বংশাবলি 23 / ২বং 23 |
২ বংশাবলি 24 / ২বং 24 |
২ বংশাবলি 25 / ২বং 25 |
২ বংশাবলি 26 / ২বং 26 |
২ বংশাবলি 27 / ২বং 27 |
২ বংশাবলি 28 / ২বং 28 |
২ বংশাবলি 29 / ২বং 29 |
২ বংশাবলি 30 / ২বং 30 |
২ বংশাবলি 31 / ২বং 31 |
২ বংশাবলি 32 / ২বং 32 |
২ বংশাবলি 33 / ২বং 33 |
২ বংশাবলি 34 / ২বং 34 |
২ বংশাবলি 35 / ২বং 35 |
২ বংশাবলি 36 / ২বং 36 |
|
|
|
|
|