1 |
আচা’ৰ ৰাজত্ব কালৰ ছয়ত্ৰিশ বছৰত ইস্ৰায়েলৰ ৰজা বাচাৰ বিৰোধ কৰি আক্রোশমূলক ভাবে যিহূদা আক্রমণ কৰিছিল, আৰু ৰামা চহৰ সুসজ্জিত কৰি নিৰ্মাণ কৰিছিল, যাতে যিহূদাৰ ৰজাৰ ওচৰলৈ কোনো ৰাজ্যৰ লোক অহা-যোৱা কৰিব নোৱাৰে। |
2 |
তেতিয়া আচা’ই যিহোৱাৰ গৃহৰ আৰু ৰাজগৃহৰ ভঁৰালৰ পৰা ৰূপ আৰু সোণ উলিয়ালে আৰু সেইবোৰ দি দম্মেচকত থকা অৰামীয়া বিন-হদদ ৰজাৰ ওচৰলৈ পঠিয়ালে৷ তেওঁ ক’লে, |
3 |
“মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজত বন্ধা হওঁক; চাওক, মই আপোনালৈ কিছু ৰূপ আৰু সোণ পঠিয়াইছোঁ৷ আপুনি গৈ, ইস্ৰায়েলৰ বাচা ৰজা মোৰ ওচৰৰ পৰা গুচি যাবৰ বাবে, আপুনি তেওঁৰ লগত বন্ধা নিয়মটি ভাঙক।” |
4 |
তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনিলে, আৰু ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য সামন্তৰ সেনাপতিসকলক পঠিয়ালে৷ তেওঁলোকে ইয়োন, দান, আবেল-ময়িম আৰু নপ্তালীৰ সকলো ভঁৰাল নগৰ আক্ৰমণ কৰিলে। |
5 |
বাচাই এই সম্বাদ পোৱাৰ পাছত ৰামা সুসজ্জিত কৰিবলৈ এৰিলে আৰু নিজ কাৰ্যৰ পৰা ক্ষান্ত হ’ল। |
6 |
তেতিয়া ৰজা আচা’ই গোটেই যিহূদাক তেওঁৰ লগত লৈ গ’ল৷ আৰু বাচাই যি শিল আৰু কাঠবোৰেৰে ৰামা সুসজ্জিত কৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ তেওঁলোকে গৈ লৈ আহিল৷ পাছত গেবা আৰু মিস্পা চহৰ নিৰ্মাণ কৰিবলৈ আচা’ই সেইবোৰ ব্যৱহাৰ কৰিলে। |
7 |
সেই সময়ত হনানী দৰ্শকে যিহূদাৰ আচা ৰজাৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ ওপৰত নিৰ্ভৰ নকৰি অৰামৰ ৰজাৰ ওপৰত নিৰ্ভৰ কৰিলা; এই কাৰণে অৰামৰ ৰজাৰ সৈন্য-সামন্ত তোমাৰ হাতৰ পৰা পলাই সাৰিল। |
8 |
কুচীয়া আৰু লুবীয়া লোকসকল অতিশয় অধিক ৰথ আৰু অশ্বাৰোহী সৈন্যে সৈতে মহা-সৈন্য সমূহ জানো নাছিল? তথাপি তুমি যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবে, তেওঁ তোমাক তেওঁলোকৰ ওপৰত জয়ী হবলৈ দিছিল। |
9 |
কিয়নো যিহোৱালৈ যিসকলৰ মন সিদ্ধ, তেওঁলোকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ বাবে, যিহোৱাৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে। কিন্তু ইয়াতে তুমি অজ্ঞানৰ কাৰ্য কৰিলা৷ কিয়নো এতিয়াৰ পৰা তোমাৰ বিৰুদ্ধে যুদ্ধ হ’ব।” |
10 |
তেতিয়া আচাই সেই দৰ্শকৰ ওপৰত বেজাৰ পাই তেওঁক বন্দীশালত হ’ল, কিয়নো সেই কথাতে দৰ্শকৰ ওপৰত তেওঁৰ খং উঠিছিল। সেই সময়ত আচাই প্ৰজাসকলৰ মাজৰ কিছুমান লোকক অত্যাচাৰ কৰিলে। |
11 |
চোৱা, ৰজা আচা’ই যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে যিহূদা আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে। |
12 |
আচা’ৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত তেওঁৰ ভৰিত বেমাৰ হ’ল; তেওঁৰ বেমাৰ অতিশয় টান হ’ল৷ তথাপি তেওঁ বেমাৰৰ কালতো যিহোৱাক নিবিচাৰি, বেজসকলকহে বিচাৰিছিল। |
13 |
পাছত আচা তেওঁৰ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁৰ ৰাজত্বৰ একচল্লিশ বছৰত তেওঁ মৰিল। |
14 |
পাছত তেওঁ দায়ূদৰ নগৰত নিজৰ বাবে যি মৈদাম খান্দিছিল, তাৰ ভিতৰত লোকসকলে তেওঁক মৈদাম দিলে৷ গন্ধ-বণিকসকলৰ কাৰ্যেৰে যুগুত কৰা নানাবিধৰ সুগন্ধি দ্ৰব্যৰে পৰিপূৰ্ণ শয্যাত তেওঁক শুৱাই থৈছিল৷ আৰু তেওঁৰ সন্মানৰ অৰ্থে এক বৃহৎ সুগন্ধি দ্ৰব্যৰ জুই জ্বলাইছিল। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
২ বংশাবলি 16:1 |
২ বংশাবলি 16:2 |
২ বংশাবলি 16:3 |
২ বংশাবলি 16:4 |
২ বংশাবলি 16:5 |
২ বংশাবলি 16:6 |
২ বংশাবলি 16:7 |
২ বংশাবলি 16:8 |
২ বংশাবলি 16:9 |
২ বংশাবলি 16:10 |
২ বংশাবলি 16:11 |
২ বংশাবলি 16:12 |
২ বংশাবলি 16:13 |
২ বংশাবলি 16:14 |
২ বংশাবলি 1 / ২বং 1 |
২ বংশাবলি 2 / ২বং 2 |
২ বংশাবলি 3 / ২বং 3 |
২ বংশাবলি 4 / ২বং 4 |
২ বংশাবলি 5 / ২বং 5 |
২ বংশাবলি 6 / ২বং 6 |
২ বংশাবলি 7 / ২বং 7 |
২ বংশাবলি 8 / ২বং 8 |
২ বংশাবলি 9 / ২বং 9 |
২ বংশাবলি 10 / ২বং 10 |
২ বংশাবলি 11 / ২বং 11 |
২ বংশাবলি 12 / ২বং 12 |
২ বংশাবলি 13 / ২বং 13 |
২ বংশাবলি 14 / ২বং 14 |
২ বংশাবলি 15 / ২বং 15 |
২ বংশাবলি 16 / ২বং 16 |
২ বংশাবলি 17 / ২বং 17 |
২ বংশাবলি 18 / ২বং 18 |
২ বংশাবলি 19 / ২বং 19 |
২ বংশাবলি 20 / ২বং 20 |
২ বংশাবলি 21 / ২বং 21 |
২ বংশাবলি 22 / ২বং 22 |
২ বংশাবলি 23 / ২বং 23 |
২ বংশাবলি 24 / ২বং 24 |
২ বংশাবলি 25 / ২বং 25 |
২ বংশাবলি 26 / ২বং 26 |
২ বংশাবলি 27 / ২বং 27 |
২ বংশাবলি 28 / ২বং 28 |
২ বংশাবলি 29 / ২বং 29 |
২ বংশাবলি 30 / ২বং 30 |
২ বংশাবলি 31 / ২বং 31 |
২ বংশাবলি 32 / ২বং 32 |
২ বংশাবলি 33 / ২বং 33 |
২ বংশাবলি 34 / ২বং 34 |
২ বংশাবলি 35 / ২বং 35 |
২ বংশাবলি 36 / ২বং 36 |
|
|
|
|
|