1 |
যিহোয়াকীমৰ ৰাজত্বৰ সময়ত বেবিলনৰ ৰজা নবূখদনেচৰে যিহূদা দেশ আক্রমণ কৰিলে। যিহোৱাকীম তিনি বছৰ তেওঁৰ অধীনত আছিল। কিন্তু পাছত তেওঁ নবুখদনেচৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। |
2 |
যিহোৱাই যিহোৱাকীমৰ বিৰুদ্ধে কলদীয়া, অৰামীয়া, মোৱাবীয়া আৰু অম্মোনীয়া লুট কৰোঁতা দলসমূহক পঠালে। যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই যি কথা ঘোষণা কৰিছিল, সেই অনুসাৰে যিহূদা দেশক বিনষ্ট কৰিবলৈ তেওঁ তেওঁলোকক পঠালে। |
3 |
যিহোৱাৰ আজ্ঞা অনুসাৰেই যিহূদা দেশৰ প্ৰতি এই সকলো ঘটিছিল, যাতে তেওঁলোকক নিজৰ সন্মুখৰ পৰা যিহোৱাই দূৰ কৰিব পাৰে। এই সকলোবোৰ ঘটিছিল, কিয়নো মনচিয়ে কৰা সকলো পাপ কাৰ্যৰ কাৰণে; |
4 |
আৰু তেওঁ কৰা নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাতৰ কাৰণে। মনচিয়ে নির্দ্দোষীসকলৰ তেজেৰে যিৰূচালেম পূৰ্ণ কৰিছিল আৰু যিহোৱাই ইয়াক ক্ষমা কৰিবলৈ মান্তি নহ’ল। |
5 |
যিহোয়াকীমৰ অন্যান্য বৃত্তান্ত আৰু তেওঁ কৰা সকলো কাৰ্যৰ কথা “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই? |
6 |
পাছত যিহোয়াকীম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পদত পুত্ৰ যিহোয়াখীন ৰজা হ’ল। |
7 |
মিচৰৰ ৰজাই যুদ্ধ কৰিবৰ কাৰণে নিজৰ দেশৰ পৰা আৰু বাহিৰ নহ’ল; কিয়নো বেবিলনৰ ৰজাই মিচৰৰ ৰজাৰ অধীনত থকা মিচৰৰ জুৰিৰ পৰা ইউফ্রেটিচ নদীলৈকে সমগ্র ৰাজ্য দখল কৰি ল’লে। |
8 |
ওঠৰ বছৰ বয়সত যিহোয়াখীন ৰজা হৈছিল আৰু তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল নহূস্তা; তেওঁ যিৰূচালেম নগৰৰ নিবাসী ইলনাথনৰ জীয়েক আছিল। |
9 |
যিহোৱাখীনে তেওঁৰ পিতৃৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল। |
10 |
সেই সময়ত বেবিলনৰ ৰজা নবূখদনেচৰৰ সৈন্যসকলে যিৰূচালেম আক্রমণ কৰি নগৰ অৱৰোধ কৰিলে। |
11 |
তেওঁৰ সৈন্যসকলে যেতিয়া নগৰখন ঘেৰি ৰাখিছিল, তেতিয়া বেবিলনৰ ৰজা নবূখদনেচৰ নিজেই নগৰলৈ আহিল। |
12 |
যিহূদাৰ ৰজা যিহোয়াখীন, তেওঁৰ মাক, তেওঁৰ দাসবোৰ, তেওঁৰ ৰাজপুত্রসকল আৰু কৰ্মচাৰীসকল সকলোৱেই ৰজা নবুখদনেচৰৰ ওচৰলৈ ওলাই গ’ল। তাতে ৰজা নবুখদনেচৰৰ ৰাজত্বৰ আঠ বছৰত তেওঁ যিহোৱাখীমক বন্দী কৰি লৈ গ’ল। |
13 |
যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল। |
14 |
তাৰ উপৰিও যিৰূচালেমৰ সকলোকে, অর্থাৎ সকলো প্ৰধান লোক, যোদ্ধা সহ দহ হাজাৰ লোক আৰু কাৰিকৰ, কমাৰ সকলকো বন্দী কৰি লৈ গ’ল; দেশত দৰিদ্ৰ লোকৰ বাহিৰে আন কোনো নাথাকিল। |
15 |
নবুখদনেচৰে যিহোয়াখীনক বন্দী হিচাবে বেবিলনলৈ লৈ গ’ল। তেওঁ যিৰূচালেমৰ পৰা ৰজাৰ মাকক, তেওঁৰ ভাৰ্য্যাসকলক, কৰ্মচাৰী সকলক আৰু দেশৰ প্রধান লোকসকলকো লৈ গ’ল। |
16 |
বেবিলনৰ ৰজাই যুদ্ধৰ কাৰণে উপযুক্ত সাত হাজাৰ যোদ্ধা, এক হাজাৰ কাৰিকৰ আৰু কমাৰসকলক বন্দী কৰি বেবিলনলৈ আনিলে। |
17 |
বেবিলনৰ ৰজাই যিহোৱাখীনৰ খুড়ায়েক মত্তনীয়াক তেওঁৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলনি কৰি চিদিকিয়া ৰাখিলে। |
18 |
একৈশ বছৰ বয়সত চিদিকিয়া ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল। |
19 |
যিহোয়াকীমৰ দৰে চিদিকিয়াই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল। |
20 |
যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
২ রাজাবলি 24:1 |
২ রাজাবলি 24:2 |
২ রাজাবলি 24:3 |
২ রাজাবলি 24:4 |
২ রাজাবলি 24:5 |
২ রাজাবলি 24:6 |
২ রাজাবলি 24:7 |
২ রাজাবলি 24:8 |
২ রাজাবলি 24:9 |
২ রাজাবলি 24:10 |
২ রাজাবলি 24:11 |
২ রাজাবলি 24:12 |
২ রাজাবলি 24:13 |
২ রাজাবলি 24:14 |
২ রাজাবলি 24:15 |
২ রাজাবলি 24:16 |
২ রাজাবলি 24:17 |
২ রাজাবলি 24:18 |
২ রাজাবলি 24:19 |
২ রাজাবলি 24:20 |
২ রাজাবলি 1 / ২রাজ 1 |
২ রাজাবলি 2 / ২রাজ 2 |
২ রাজাবলি 3 / ২রাজ 3 |
২ রাজাবলি 4 / ২রাজ 4 |
২ রাজাবলি 5 / ২রাজ 5 |
২ রাজাবলি 6 / ২রাজ 6 |
২ রাজাবলি 7 / ২রাজ 7 |
২ রাজাবলি 8 / ২রাজ 8 |
২ রাজাবলি 9 / ২রাজ 9 |
২ রাজাবলি 10 / ২রাজ 10 |
২ রাজাবলি 11 / ২রাজ 11 |
২ রাজাবলি 12 / ২রাজ 12 |
২ রাজাবলি 13 / ২রাজ 13 |
২ রাজাবলি 14 / ২রাজ 14 |
২ রাজাবলি 15 / ২রাজ 15 |
২ রাজাবলি 16 / ২রাজ 16 |
২ রাজাবলি 17 / ২রাজ 17 |
২ রাজাবলি 18 / ২রাজ 18 |
২ রাজাবলি 19 / ২রাজ 19 |
২ রাজাবলি 20 / ২রাজ 20 |
২ রাজাবলি 21 / ২রাজ 21 |
২ রাজাবলি 22 / ২রাজ 22 |
২ রাজাবলি 23 / ২রাজ 23 |
২ রাজাবলি 24 / ২রাজ 24 |
২ রাজাবলি 25 / ২রাজ 25 |
|
|
|
|
|