1 |
চলোমন গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা আছিল। |
2 |
এওঁলোক তেওঁৰ বিষয়া আছিল: চাদোকৰ পুত্ৰ অজৰিয়া পুৰোহিত আছিল৷ |
3 |
চীচাৰ পুত্ৰ ইলীহোৰফ আৰু অহিয়া ৰাজ-লিখক আছিল৷ অহীলূদৰ পুত্ৰ যিহোচাফট্ ইতিহাস-লিখক আছিল৷ |
4 |
যিহোয়াদাৰ পুত্ৰ বনায়া সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল৷ চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল৷ |
5 |
নাথনৰ পুত্ৰ অজৰীয়া বিষয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷ নাথনৰ পুত্ৰ জাবুদ পুৰোহিত আৰু ৰজাৰ সুহৃদ বন্ধু আছিল৷ |
6 |
অহীচাৰ ৰাজঘৰগিৰি আৰু অব্দাৰ পুত্ৰ আদোনীৰাম বন্দী কাম কৰোৱাসকলৰ ওপৰত অধ্যক্ষ আছিল। |
7 |
চলোমনে গোটেই ইস্ৰায়েলৰ ওপৰত নিযুক্ত কৰা বাৰ জন বিষয়া আছিল, তেওঁলোকে ৰজাৰ আৰু ৰাজগৃহৰ বাবে খোৱা বস্তুৰ যোগান ধৰিছিল৷ বছৰৰ ভিতৰত এমাহৰ সম্বল যোগান ধৰাৰ ভাৰ প্ৰতিজনৰ ওপৰত আছিল। |
8 |
তেওঁলোকৰ নামবোৰ আছিল: ইফ্ৰয়িম পৰ্ব্বতৰ বিন-হূৰ, |
9 |
মাকচত বিন-ডেকাৰ, চালবীম, বৈৎচেমচত আৰু এলোন বৈৎ-হানন আছিল; |
10 |
আৰু অৰুব্বোতত বিন-হেচদ, তেওঁৰ অধীনত চোকো আৰু হেফৰ প্ৰদেশ আছিল৷ |
11 |
অবীনাদব সমুদায় দোৰ জিলাত আছিল, তেওঁ চলোমনৰ জীয়েক টাফতক বিয়া কৰাইছিল, |
12 |
তানক আৰু মগিদ্দোত অহীলূদৰ পুত্ৰ বানাৰ আৰু চৰ্তনৰ ওচৰত যিজ্ৰিয়েলৰ তলত থকা গোটেই বৈৎ-চান অৰ্থাৎ পৰা আবেল-মহোলা আৰু যকমিয়ামৰ সিটো দিশলৈকে অধিকাৰ কৰি আছিল। অধিকাৰ আছিল৷ |
13 |
ৰামোৎ-গিলিয়দত বিন-গেবৰ, তেওঁৰ অধীনত গিলিয়দত থকা মনচিৰ পুত্ৰ যায়ীৰৰ আটাই গাওঁ আৰু বাচানত থকা অর্গোব অঞ্চল অৰ্থাৎ গড়েৰে বেষ্টিত আৰু পিতলৰ ডাং থকা ষাঠিখন ডাঙৰ নগৰ আছিল, |
14 |
মহনয়িমত ইদ্দোৰ পুত্ৰ অহীনাদব আছিল৷ |
15 |
নপ্তালীত অহীমাচ, তেৱোঁ চলোমনৰ জীয়েক বাচমতক বিয়া কৰিছিল, |
16 |
আচেৰত আৰু বালোতত হূচয়ৰ পুত্ৰ বানা, |
17 |
ইচাখৰত পাৰূহৰ পুত্ৰ যিহোচাফট আছিল৷ |
18 |
বিন্যামীনত এলাৰ পুত্ৰ চিমিয়ী, |
19 |
আৰু গিলিয়দ দেশত, অৰ্থাৎ ইমোৰীয়াসকলৰ চীহোন ৰজাৰ দেশত উৰীৰ পুত্ৰ গেবৰ আৰু বাচানৰ ওগ ৰজা; সেই দেশত কেৱল তেৱেঁই বিষয়া আছিল। |
20 |
যিহূদা আৰু ইস্ৰায়েল সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য আছিল৷ তেওঁলোকে ভোজন-পান আৰু ৰং ধেমালি কৰিছিল। |
21 |
চলোমনে ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰ দেশৰ সীমালৈকে, সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল৷ তেওঁলোকে চলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁৰ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল। |
22 |
চলোমনৰ প্ৰতিদিনৰ আহাৰত প্রয়োজন হৈছিল, দ্ৰব্য ত্ৰিশ কোৰ উত্তম মিহি আটাগুড়ি আৰু ষাঠি কোৰ সাধাৰণ আটাগুড়ি, |
23 |
দহোটা পুষ্ট ষাঁড় গৰু, চৰণীয়া পথাৰৰ পৰা অনা গৰু বিশটা আৰু এশ টা মেৰ-ছাগ; ইয়াৰ উপৰিও হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু আৰু পুষ্ট পক্ষী। |
24 |
কিয়নো তেওঁ টিপচহৰ পৰা গাজালৈকে, ফৰাৎ নদীৰ ইপাৰে থকা সমূদায় দেশৰ, নদীৰ ইপাৰে থকা সকলো ৰজাৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁৰ চাৰিওফালৰ অঞ্চল শান্তিপূৰ্ণ আছিল৷ |
25 |
চলোমনৰ ৰাজত্বৰ সকলো সময়ত, প্ৰতিজনে দানৰ পৰা বেৰ-চেবালৈকে, যিহূদা আৰু ইস্ৰায়েলত নিজ দ্ৰাক্ষালতাৰ আৰু নিজ নিজ ডিমৰু গছৰ তলত নিৰ্ভয়ে বাস কৰিছিল। |
26 |
চলোমনৰ ৰথৰ কাৰণে চল্লিশ হাজাৰ ঘোঁৰাশাল আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল। |
27 |
প্ৰতিজন বিষয়াই চলোমন ৰজাৰ কাৰণে আৰু তেওঁৰ মেজলৈ অহা সকলোৰে কাৰণে নিজ নিজ নিৰূপিত মাহত খোৱা সমল যোগাইছিল৷ তেওঁলোকে কোনো বস্তুৰ নাটনি হ’বলৈ দিয়া নাছিল৷ |
28 |
তেওঁলোকৰ প্ৰতিজনে নিজ নিজ নিৰূপিত কাৰ্যৰ দৰে, সাধাৰণ আৰু বেগী ঘোঁৰাৰ কাৰণে, দিবলগীয়া ঠাইলৈ যৱ ধান আৰু খেৰ আনিছিল। |
29 |
ঈশ্বৰে চলোমনক অতিশয় অধিক জ্ঞান আৰু বুদ্ধি দিলে আৰু সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অধিক বিষয় বুজিবলৈ এক বহল মন দিলে। |
30 |
তাতে চলোমনৰ জ্ঞান পূব দেশত থকা সকলো লোক আৰু মিচৰীয়া লোকসকলৰ জ্ঞানতকৈ অত্যাধিক হ’ল। |
31 |
তেওঁ সকলোতকৈ জ্ঞানৱান; তেওঁ ইজ্ৰাহীয়া এথন, মাহোলৰ পুত্ৰ হেমন, কলকোল আৰু দৰ্দা, এই সকলোতকৈয়ো অধিক জ্ঞানৱান হ’ল। আৰু তেওঁৰ যশস্যা চাৰিওফালে থকা সকলো জাতিৰ মাজত বিয়পি গ’ল। |
32 |
তেওঁ তিনি হাজাৰ নীতি বাক্য কৈছিল আৰু তেওঁৰ গীতৰ সংখ্যা এক হাজাৰ পাঁচ টা আছিল। |
33 |
তেওঁ লিবানোনত থকা এৰচ গছৰ পৰা গড়ৰ গাত গজা এচোব বনলৈকে সকলো গছৰ বিষয়ে বর্ণনা কৰিছিল৷ তেওঁ পশু, পক্ষী, উৰগ জন্তু আৰু মাছৰ বিষয়েও ব্যাখ্যা কৰিছিল। |
34 |
সকলো দেশৰ লোকে চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ আহিছিল। যি জনে তেওঁৰ জ্ঞানৰ কথা শুনিছিল, তেৱেঁই পৃথিৱীৰ ৰজাসকলক তেওঁৰ ওচৰলৈ পঠিয়াই দিছিল। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
১ রাজাবলি 4:1 |
১ রাজাবলি 4:2 |
১ রাজাবলি 4:3 |
১ রাজাবলি 4:4 |
১ রাজাবলি 4:5 |
১ রাজাবলি 4:6 |
১ রাজাবলি 4:7 |
১ রাজাবলি 4:8 |
১ রাজাবলি 4:9 |
১ রাজাবলি 4:10 |
১ রাজাবলি 4:11 |
১ রাজাবলি 4:12 |
১ রাজাবলি 4:13 |
১ রাজাবলি 4:14 |
১ রাজাবলি 4:15 |
১ রাজাবলি 4:16 |
১ রাজাবলি 4:17 |
১ রাজাবলি 4:18 |
১ রাজাবলি 4:19 |
১ রাজাবলি 4:20 |
১ রাজাবলি 4:21 |
১ রাজাবলি 4:22 |
১ রাজাবলি 4:23 |
১ রাজাবলি 4:24 |
১ রাজাবলি 4:25 |
১ রাজাবলি 4:26 |
১ রাজাবলি 4:27 |
১ রাজাবলি 4:28 |
১ রাজাবলি 4:29 |
১ রাজাবলি 4:30 |
১ রাজাবলি 4:31 |
১ রাজাবলি 4:32 |
১ রাজাবলি 4:33 |
১ রাজাবলি 4:34 |
১ রাজাবলি 1 / ১রাজ 1 |
১ রাজাবলি 2 / ১রাজ 2 |
১ রাজাবলি 3 / ১রাজ 3 |
১ রাজাবলি 4 / ১রাজ 4 |
১ রাজাবলি 5 / ১রাজ 5 |
১ রাজাবলি 6 / ১রাজ 6 |
১ রাজাবলি 7 / ১রাজ 7 |
১ রাজাবলি 8 / ১রাজ 8 |
১ রাজাবলি 9 / ১রাজ 9 |
১ রাজাবলি 10 / ১রাজ 10 |
১ রাজাবলি 11 / ১রাজ 11 |
১ রাজাবলি 12 / ১রাজ 12 |
১ রাজাবলি 13 / ১রাজ 13 |
১ রাজাবলি 14 / ১রাজ 14 |
১ রাজাবলি 15 / ১রাজ 15 |
১ রাজাবলি 16 / ১রাজ 16 |
১ রাজাবলি 17 / ১রাজ 17 |
১ রাজাবলি 18 / ১রাজ 18 |
১ রাজাবলি 19 / ১রাজ 19 |
১ রাজাবলি 20 / ১রাজ 20 |
১ রাজাবলি 21 / ১রাজ 21 |
১ রাজাবলি 22 / ১রাজ 22 |
|
|
|
|
|