1 |
তাৰ পাছত যিহোৱাই নোহক ক’লে, “তুমি আৰু তোমাৰ পৰিয়ালৰ সকলোৱে জাহাজত উঠাগৈ; কিয়নো মোৰ দৃষ্টিত এই কালৰ লোকসকলৰ মাজত কেৱল তুমিয়েই ধাৰ্মিক হৈ আছা। |
2 |
তুমি তোমাৰ লগত প্রতিবিধ শুচি পশুৰ মতা মাইকী সাতোটা সাতোটা আৰু অশুচি পশুৰ মতা মাইকী এযোৰ এযোৰ কৈ আনিবা। |
3 |
আকাশত উৰিফুৰা চৰাইবোৰৰো মতা মাইকী সাতোটা সাতোটা তোমাৰ লগত ল’বা; পৃথিৱীৰ ওপৰত সেইবোৰৰ বংশ জীয়াই ৰাখিবলৈ তুমি ইয়াকে কৰিবা। |
4 |
সাত দিনৰ পাছত মই দিনে-ৰাতিয়ে চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত বৰষুণ বৰষাম আৰু মই সৃষ্টি কৰা সকলোবোৰ জীৱকুলকে পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম।” |
5 |
যিহোৱাৰ আজ্ঞা অনুসাৰে নোহে সকলোকে কৰিলে। |
6 |
পৃথিৱীত জলপ্লাৱন হোৱাৰ সময়ত নোহৰ বয়স আছিল ছশ বছৰ। |
7 |
জলপ্লাৱনৰ পৰা ৰক্ষা পাবৰ কাৰণে নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰসকল আৰু তেওঁলোকৰ ভার্য্যাসকল জাহাজত উঠিল। |
8 |
শুচি আৰু অশুচি পশু, চৰাই আৰু মাটিত বগাই ফুৰা সকলোবিধ জন্তুৰ |
9 |
মতা মাইকী যোৰ যোৰকৈ নোহৰ ওচৰলৈ আহিল আৰু ঈশ্বৰে আজ্ঞা দিয়াৰ দৰে সেইবোৰ জাহাজত উঠিল। |
10 |
সাত দিনৰ পাছত পৃথিৱীত জল-প্লাৱন হ’বলৈ ধৰিলে। |
11 |
নোহৰ বয়স যেতিয়া ছশ বছৰ হৈছিল, সেই বছৰৰ দ্বিতীয় মাহৰ সোঁতৰ দিনৰ দিনা ভূগর্ভস্থৰ সকলো ভুমুক ফুটি পানী ওলাবলৈ ধৰিলে আৰু আকাশৰ খিড়িকিবোৰ মুকলি হ’ল। |
12 |
চল্লিশ দিন আৰু চল্লিশ ৰাতি পৃথিৱীত বৰষুণ হ’ল। |
13 |
যি দিনা বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে, সেই দিনা নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ তিনিজন পুত্র চেম, হাম, যেফৎ আৰু তিনিগৰাকী পুত্র-বোৱাৰী জাহাজত গৈ উঠিল। |
14 |
তেওঁলোকৰ লগত বিধে বিধে সকলো বনৰীয়া পশু আৰু ঘৰচীয়া পশু, বিধে বিধে মাটিত বগাই ফুৰা সকলো প্ৰাণী আৰু সকলো বিধ চৰাই চিৰিকটিও উঠিল। |
15 |
শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণী এযোৰ এযোৰকৈ নোহৰ ওচৰলৈ আহি জাহাজত সোমাল। |
16 |
ঈশ্বৰে তেওঁক যেনেদৰে আজ্ঞা দিছিল, সেই অনুসাৰে সকলো প্ৰাণীৰে মতা আৰু মাইকী জাহাজত সোমালগৈ; তাৰ পাছত যিহোৱাই জাহাজৰ দুৱাৰ বন্ধ কৰি দিলে। |
17 |
তাৰ পাছত চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত জলপ্লাৱনৰ পানী বাঢ়ি যাবলৈ ধৰিলে; পানী বাঢ়ি যোৱাত জাহাজখন মাটিৰ পৰা দাং খাই পানীত ওপঙি উঠিল। |
18 |
পৃথিৱীৰ ওপৰত পানী বাঢ়ি বাঢ়ি গৈ থাকিল আৰু সোঁত প্রৱলৰূপে প্লাৱিত হোৱাত জাহাজখন পানীত ওপঙিবলৈ ধৰিলে। |
19 |
পৃথিবীৰ ওপৰত পানী কেৱল বাঢ়িয়েই থাকিল; সমুদায় আকাশৰ তলত থকা সকলো ওখ ওখ পৰ্ব্বত ডুব গ’ল। |
20 |
পাহাৰ-পর্ব্বতবোৰ ডুব গৈ পোন্ধৰ হাত ওপৰলৈকে পানী উঠিল। |
21 |
পৃথিৱীৰ ওপৰত থকা সকলো জীৱিত প্রাণীৰে মৃত্যু হ’ল। চৰাই-চিৰিকতি, ঘৰচীয়া আৰু বনৰীয়া পশু, মাটিৰ ওপৰত জাক পাতি ঘূৰি ফুৰা কীট-পতঙ্গ আৰু সকলো মানুহৰেই মৃত্যু হ’ল। |
22 |
শুকান মাটিৰ ওপৰত থকা সকলো প্রাণীৰে অর্থাৎ শ্বাস-প্রশ্বাস লৈ জীয়াই থকা আটাই প্ৰাণীৰে মৃত্যু হ’ল। |
23 |
এইদৰে পৃথিৱীৰ ওপৰি ভাগত থকা সকলো প্ৰাণীকে নিঃশেষ কৰা হ’ল - মানুহকে আদি কৰি ডাঙৰ ডাঙৰ পশু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰক উচ্ছন্ন কৰা হ’ল; কেৱল নোহ আৰু তেওঁৰ লগত যি সকল জাহাজত থাকিল সেইসকলহে জীয়াই থাকিল। |
24 |
এইদৰে পৃথিবীৰ ওপৰত এশ পঞ্চাশ দিনলৈকে জলপ্লাৱন হৈ আছিল। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
আদিপুস্তক 7:1 |
আদিপুস্তক 7:2 |
আদিপুস্তক 7:3 |
আদিপুস্তক 7:4 |
আদিপুস্তক 7:5 |
আদিপুস্তক 7:6 |
আদিপুস্তক 7:7 |
আদিপুস্তক 7:8 |
আদিপুস্তক 7:9 |
আদিপুস্তক 7:10 |
আদিপুস্তক 7:11 |
আদিপুস্তক 7:12 |
আদিপুস্তক 7:13 |
আদিপুস্তক 7:14 |
আদিপুস্তক 7:15 |
আদিপুস্তক 7:16 |
আদিপুস্তক 7:17 |
আদিপুস্তক 7:18 |
আদিপুস্তক 7:19 |
আদিপুস্তক 7:20 |
আদিপুস্তক 7:21 |
আদিপুস্তক 7:22 |
আদিপুস্তক 7:23 |
আদিপুস্তক 7:24 |
আদিপুস্তক 1 / আদি 1 |
আদিপুস্তক 2 / আদি 2 |
আদিপুস্তক 3 / আদি 3 |
আদিপুস্তক 4 / আদি 4 |
আদিপুস্তক 5 / আদি 5 |
আদিপুস্তক 6 / আদি 6 |
আদিপুস্তক 7 / আদি 7 |
আদিপুস্তক 8 / আদি 8 |
আদিপুস্তক 9 / আদি 9 |
আদিপুস্তক 10 / আদি 10 |
আদিপুস্তক 11 / আদি 11 |
আদিপুস্তক 12 / আদি 12 |
আদিপুস্তক 13 / আদি 13 |
আদিপুস্তক 14 / আদি 14 |
আদিপুস্তক 15 / আদি 15 |
আদিপুস্তক 16 / আদি 16 |
আদিপুস্তক 17 / আদি 17 |
আদিপুস্তক 18 / আদি 18 |
আদিপুস্তক 19 / আদি 19 |
আদিপুস্তক 20 / আদি 20 |
আদিপুস্তক 21 / আদি 21 |
আদিপুস্তক 22 / আদি 22 |
আদিপুস্তক 23 / আদি 23 |
আদিপুস্তক 24 / আদি 24 |
আদিপুস্তক 25 / আদি 25 |
আদিপুস্তক 26 / আদি 26 |
আদিপুস্তক 27 / আদি 27 |
আদিপুস্তক 28 / আদি 28 |
আদিপুস্তক 29 / আদি 29 |
আদিপুস্তক 30 / আদি 30 |
আদিপুস্তক 31 / আদি 31 |
আদিপুস্তক 32 / আদি 32 |
আদিপুস্তক 33 / আদি 33 |
আদিপুস্তক 34 / আদি 34 |
আদিপুস্তক 35 / আদি 35 |
আদিপুস্তক 36 / আদি 36 |
আদিপুস্তক 37 / আদি 37 |
আদিপুস্তক 38 / আদি 38 |
আদিপুস্তক 39 / আদি 39 |
আদিপুস্তক 40 / আদি 40 |
আদিপুস্তক 41 / আদি 41 |
আদিপুস্তক 42 / আদি 42 |
আদিপুস্তক 43 / আদি 43 |
আদিপুস্তক 44 / আদি 44 |
আদিপুস্তক 45 / আদি 45 |
আদিপুস্তক 46 / আদি 46 |
আদিপুস্তক 47 / আদি 47 |
আদিপুস্তক 48 / আদি 48 |
আদিপুস্তক 49 / আদি 49 |
আদিপুস্তক 50 / আদি 50 |
|
|
|
|
|