1 |
এইদৰে পৃথিবীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত অনেক কন্যা সন্তানৰো জন্ম হ’ল। |
2 |
ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে। |
3 |
এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মা ই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।” |
4 |
সেইকালত আৰু পৰৱর্তীকালত পৃথিৱীত নাফিলসকল আছিল। তেওঁলোক আছিল ঈশ্বৰৰ সন্তান সকলৰ লগত মানুহৰ যুৱতীবোৰৰ মিলনৰ ফলত জন্ম পোৱা সন্তান। নাফিলসকল পুৰনাকালৰ মহাবলী পুৰুষৰূপে বিখ্যাত আছিল। |
5 |
যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়। |
6 |
পৃথিৱীত মানুহ সৃষ্টি কৰি যিহোৱা দুঃখিত হ’ল আৰু অন্তৰত বেজাৰ পালে। |
7 |
সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুখ পাইছো।” |
8 |
কিন্তু নোহৰ প্রতি যিহোৱাৰ অনুগ্ৰহৰ দৃষ্টি আছিল। |
9 |
এয়া হৈছে নোহৰ বিৱৰণ। নোহ এজন ধাৰ্মিক লোক আছিল। সেই সময়ৰ লোকসকলৰ মাজত তেৱেঁই সিদ্ধ আছিল; ঈশ্বৰৰ লগত নোহে সম্পর্ক ৰাখি চলিছিল। |
10 |
চেম, হাম আৰু যেফৎ নামৰ নোহৰ তিনিজন পুত্ৰ আছিল। |
11 |
সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিৱী দুর্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল। |
12 |
ঈশ্বৰে পৃথিৱীলৈ দৃষ্টিপাত কৰি দেখিলে যে, পৃথিৱী ভ্রষ্টতাৰে পূর্ণ হৈছে; কিয়নো পৃথিবীৰ সকলো প্রাণীয়ে দুর্নীতিৰ পথত চলিবলৈ ধৰিলে। |
13 |
ঈশ্বৰে নোহক ক’লে, “মই দেখা পাইছো যে, সমগ্র মানৱজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম। |
14 |
তুমি নিজৰ কাৰণে গোফৰ কাঠেৰে এখন জাহাজ নিৰ্ম্মাণ কৰা। তাৰ ভিতৰত কিছুমান কোঠালি থাকিব আৰু সেই জাহাজৰ ভিতৰে বাহিৰে শিলাজতুৰে লিপি দিবা। |
15 |
জাহাজখন তুমি এইদৰে নির্ম্মাণ কৰিবা: দীঘলে তিনিশ হাত, পথালিয়ে পঞ্চাশ হাত আৰু তাৰ উচ্চতা হ’ব ত্ৰিশ হাত। |
16 |
জাহাজখনত এখন চালি বনাবা আৰু চালৰ পৰা তললৈ একহাত পর্যন্ত খিড়িকি কৰিবা আৰু জাহাজৰ কাষত দুৱাৰ ৰাখিবা; প্ৰথম, দ্বিতীয় আৰু তৃতীয় এনে তিনি তলাকৈ তাক নিৰ্ম্মাণ কৰিবা; |
17 |
আৰু চোৱা, মই পৃথিৱীত এনে এক বন্যা আনিম, তাতে আকাশৰ তলত শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণীয়েই ধ্বংস হৈ যাব। তেতিয়া পৃথিৱীত থকা সকলো প্রাণীৰ মৃত্যু হ’ব। |
18 |
কিন্তু মই তোমাৰ লগত মোৰ ব্যৱস্থা স্থাপন কৰিম; তুমি গৈ জাহাজত উঠিবা আৰু তোমাৰ লগত তোমাৰ পুত্ৰসকল, তোমাৰ ভাৰ্যা আৰু তোমাৰ পো-বোৱাৰীসকল থাকিব। |
19 |
তোমাৰ লগত জীয়াই ৰাখিবলৈ প্রত্যেকবিধ প্রাণীৰ পৰা মতা মাইকী এযোৰ এযোৰকৈ জাহাজত তুলিবা। |
20 |
বিধে বিধে চৰাই, বিধে বিধে পশু, আৰু বিধে বিধে মাটিত বগাই ফুৰা সকলোৰে এযোৰ এযোৰকৈ তোমাৰ ওচৰলৈ আহিব। তুমি সিহঁতক জীয়াই ৰাখিবা। |
21 |
তুমি সকলোবিধৰ খোৱা-বস্তু গোটাই থ’বা। সেইবোৰ তোমাৰ আৰু সিহঁতৰ বাবে আহাৰ হ’ব।” |
22 |
তেতিয়া নোহে সেই দৰেই কৰিলে; ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
আদিপুস্তক 6:1 |
আদিপুস্তক 6:2 |
আদিপুস্তক 6:3 |
আদিপুস্তক 6:4 |
আদিপুস্তক 6:5 |
আদিপুস্তক 6:6 |
আদিপুস্তক 6:7 |
আদিপুস্তক 6:8 |
আদিপুস্তক 6:9 |
আদিপুস্তক 6:10 |
আদিপুস্তক 6:11 |
আদিপুস্তক 6:12 |
আদিপুস্তক 6:13 |
আদিপুস্তক 6:14 |
আদিপুস্তক 6:15 |
আদিপুস্তক 6:16 |
আদিপুস্তক 6:17 |
আদিপুস্তক 6:18 |
আদিপুস্তক 6:19 |
আদিপুস্তক 6:20 |
আদিপুস্তক 6:21 |
আদিপুস্তক 6:22 |
আদিপুস্তক 1 / আদি 1 |
আদিপুস্তক 2 / আদি 2 |
আদিপুস্তক 3 / আদি 3 |
আদিপুস্তক 4 / আদি 4 |
আদিপুস্তক 5 / আদি 5 |
আদিপুস্তক 6 / আদি 6 |
আদিপুস্তক 7 / আদি 7 |
আদিপুস্তক 8 / আদি 8 |
আদিপুস্তক 9 / আদি 9 |
আদিপুস্তক 10 / আদি 10 |
আদিপুস্তক 11 / আদি 11 |
আদিপুস্তক 12 / আদি 12 |
আদিপুস্তক 13 / আদি 13 |
আদিপুস্তক 14 / আদি 14 |
আদিপুস্তক 15 / আদি 15 |
আদিপুস্তক 16 / আদি 16 |
আদিপুস্তক 17 / আদি 17 |
আদিপুস্তক 18 / আদি 18 |
আদিপুস্তক 19 / আদি 19 |
আদিপুস্তক 20 / আদি 20 |
আদিপুস্তক 21 / আদি 21 |
আদিপুস্তক 22 / আদি 22 |
আদিপুস্তক 23 / আদি 23 |
আদিপুস্তক 24 / আদি 24 |
আদিপুস্তক 25 / আদি 25 |
আদিপুস্তক 26 / আদি 26 |
আদিপুস্তক 27 / আদি 27 |
আদিপুস্তক 28 / আদি 28 |
আদিপুস্তক 29 / আদি 29 |
আদিপুস্তক 30 / আদি 30 |
আদিপুস্তক 31 / আদি 31 |
আদিপুস্তক 32 / আদি 32 |
আদিপুস্তক 33 / আদি 33 |
আদিপুস্তক 34 / আদি 34 |
আদিপুস্তক 35 / আদি 35 |
আদিপুস্তক 36 / আদি 36 |
আদিপুস্তক 37 / আদি 37 |
আদিপুস্তক 38 / আদি 38 |
আদিপুস্তক 39 / আদি 39 |
আদিপুস্তক 40 / আদি 40 |
আদিপুস্তক 41 / আদি 41 |
আদিপুস্তক 42 / আদি 42 |
আদিপুস্তক 43 / আদি 43 |
আদিপুস্তক 44 / আদি 44 |
আদিপুস্তক 45 / আদি 45 |
আদিপুস্তক 46 / আদি 46 |
আদিপুস্তক 47 / আদি 47 |
আদিপুস্তক 48 / আদি 48 |
আদিপুস্তক 49 / আদি 49 |
আদিপুস্তক 50 / আদি 50 |
|
|
|
|
|