1 |
এনেদৰে আকাশ-মণ্ডল আৰু পৃথিৱী নির্ম্মাণ কৰা হ’ল; আৰু উভয়কে সকলোৰে পৰিপূর্ণ কৰা হ’ল । |
2 |
ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমাল আৰু সেইদিনা সকলো কাৰ্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে। |
3 |
ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়নো সেইদিনা ঈশ্বৰে নিজৰ সকলো সৃষ্টি কাৰ্যৰ পৰা বিশ্ৰাম ল’লে। |
4 |
এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টিৰ ইতিহাস। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই। |
5 |
তেতিয়াও পৃথিবীৰ পথাৰত একো তৃণ আদি নাছিল; পথাৰত কোনো শস্যদায়ী গছ গজা নাছিল; কিয়নো তেতিয়াও ঈশ্বৰ যিহোৱাই পৃথিবীত বৰষুণ বৰষোৱা নাছিল আৰু মাটি চহাবৰ কাৰণে মানুহো নাছিল। |
6 |
কিন্তু পৃথিবীৰ পৰা এক ঘন কুঁৱলী উঠি আহিল আৰু গোটেই ভূমি ভিজালে। |
7 |
ঈশ্বৰ যিহোৱাই মাটিৰ পৰা ধুলি লৈ মানুহ নিৰ্ম্মাণ কৰিলে আৰু সেই মানুহৰ নাকত ফু দি নিশ্বাস সুমুৱাই দিলে; তাতে মানুহ জীৱন্ত প্ৰাণী হ’ল। |
8 |
ঈশ্বৰ যিহোৱাই পূবফালে এদনত এখন বাৰী পাতিলে আৰু তাতে তেওঁ নিজে নিৰ্ম্মাণ কৰা মানুহক ৰাখিলে। |
9 |
সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে। |
10 |
সেই বাৰীত পানী দিবৰ কাৰণে এদনৰ পৰা এখন নদী ওলাই আহিছিল আৰু সেই ঠাইৰ পৰাই নদীখন চাৰিটা উপনৈত ভাগ হৈছিল। |
11 |
প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়। |
12 |
সেই দেশৰ সোণ উত্তম; তাত গুগগুলু আৰু বহুৰঙী মূল্যৱান পাথৰো পোৱা যায়। |
13 |
দ্বিতীয় নৈখনৰ নাম গীহোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে। |
14 |
তৃতীয় নৈখনৰ নাম হিদ্দেকেল । সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। চতুৰ্থ নদীখনৰ নাম হৈছে ফৰাৎ । |
15 |
ঈশ্বৰ যিহোৱাই মানুহক নি এদন বাৰীত ৰাখিলে যাতে তেওঁ তাত কাম কৰে আৰু তাৰ যত্ন লয়। |
16 |
ঈশ্বৰ যিহোৱাই মানুহক এই আজ্ঞা দিলে, “তুমি বাৰীৰ সকলো গছৰ ফল স্বচ্ছন্দে খাব পাৰা; |
17 |
কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।” |
18 |
তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।” |
19 |
ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল। |
20 |
মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে। |
21 |
সেয়ে ঈশ্বৰ যিহোৱাই মানুহলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে। |
22 |
ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে। |
23 |
তেতিয়া মানুহে ক’লে, “এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।” |
24 |
সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব। |
25 |
সেই সময়ত সেই মানুহ আৰু তেওঁৰ স্ত্রী দুয়োজন বিবস্ত্ৰ আছিল; কিন্তু তাক তেওঁলোকে লাজ বুলি নাজানিছিল। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
আদিপুস্তক 2:1 |
আদিপুস্তক 2:2 |
আদিপুস্তক 2:3 |
আদিপুস্তক 2:4 |
আদিপুস্তক 2:5 |
আদিপুস্তক 2:6 |
আদিপুস্তক 2:7 |
আদিপুস্তক 2:8 |
আদিপুস্তক 2:9 |
আদিপুস্তক 2:10 |
আদিপুস্তক 2:11 |
আদিপুস্তক 2:12 |
আদিপুস্তক 2:13 |
আদিপুস্তক 2:14 |
আদিপুস্তক 2:15 |
আদিপুস্তক 2:16 |
আদিপুস্তক 2:17 |
আদিপুস্তক 2:18 |
আদিপুস্তক 2:19 |
আদিপুস্তক 2:20 |
আদিপুস্তক 2:21 |
আদিপুস্তক 2:22 |
আদিপুস্তক 2:23 |
আদিপুস্তক 2:24 |
আদিপুস্তক 2:25 |
আদিপুস্তক 1 / আদি 1 |
আদিপুস্তক 2 / আদি 2 |
আদিপুস্তক 3 / আদি 3 |
আদিপুস্তক 4 / আদি 4 |
আদিপুস্তক 5 / আদি 5 |
আদিপুস্তক 6 / আদি 6 |
আদিপুস্তক 7 / আদি 7 |
আদিপুস্তক 8 / আদি 8 |
আদিপুস্তক 9 / আদি 9 |
আদিপুস্তক 10 / আদি 10 |
আদিপুস্তক 11 / আদি 11 |
আদিপুস্তক 12 / আদি 12 |
আদিপুস্তক 13 / আদি 13 |
আদিপুস্তক 14 / আদি 14 |
আদিপুস্তক 15 / আদি 15 |
আদিপুস্তক 16 / আদি 16 |
আদিপুস্তক 17 / আদি 17 |
আদিপুস্তক 18 / আদি 18 |
আদিপুস্তক 19 / আদি 19 |
আদিপুস্তক 20 / আদি 20 |
আদিপুস্তক 21 / আদি 21 |
আদিপুস্তক 22 / আদি 22 |
আদিপুস্তক 23 / আদি 23 |
আদিপুস্তক 24 / আদি 24 |
আদিপুস্তক 25 / আদি 25 |
আদিপুস্তক 26 / আদি 26 |
আদিপুস্তক 27 / আদি 27 |
আদিপুস্তক 28 / আদি 28 |
আদিপুস্তক 29 / আদি 29 |
আদিপুস্তক 30 / আদি 30 |
আদিপুস্তক 31 / আদি 31 |
আদিপুস্তক 32 / আদি 32 |
আদিপুস্তক 33 / আদি 33 |
আদিপুস্তক 34 / আদি 34 |
আদিপুস্তক 35 / আদি 35 |
আদিপুস্তক 36 / আদি 36 |
আদিপুস্তক 37 / আদি 37 |
আদিপুস্তক 38 / আদি 38 |
আদিপুস্তক 39 / আদি 39 |
আদিপুস্তক 40 / আদি 40 |
আদিপুস্তক 41 / আদি 41 |
আদিপুস্তক 42 / আদি 42 |
আদিপুস্তক 43 / আদি 43 |
আদিপুস্তক 44 / আদি 44 |
আদিপুস্তক 45 / আদি 45 |
আদিপুস্তক 46 / আদি 46 |
আদিপুস্তক 47 / আদি 47 |
আদিপুস্তক 48 / আদি 48 |
আদিপুস্তক 49 / আদি 49 |
আদিপুস্তক 50 / আদি 50 |
|
|
|
|
|