1 |
পাছত তেওঁ সপ্তম ছাব মেলোতে, স্বৰ্গত প্ৰায় আধা ঘণ্টামান নিস্তদ্ধতাৰে পৰিপূৰ্ণ হ’ল। |
2 |
আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি সাত জন স্বৰ্গৰ দূতক দেখিলোঁ; তেওঁলোকক সাতোটা তূৰী দিয়া হ’ল। |
3 |
পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদিৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদিৰ ওপৰত পবিত্ৰ লোক সকলে প্ৰাৰ্থনাত জ্বলাবলৈ, তেওঁক ভালেমান ধূপ দিয়া হ’ল। |
4 |
তাতে পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধূপৰ ধুঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল। |
5 |
পাছে দূতে ধূপবাতি লৈ, তাত বেদিৰ পৰা জুই ভৰাই ললে৷ তেতিয়া তেওঁ এইবোৰ পৃথিৱীলৈ পেলাই দিলে, তাতে মেঘ-গৰ্জ্জন, গাজনি, বিজুলী আৰু ভুমিকম্প হ’ল। |
6 |
পাছত সাতোটা তুৰী লোৱা এই সাত জন স্বৰ্গৰ দূতে তূৰী বজাবলৈ নিজক যুগুত কৰিলে। |
7 |
পাছত প্ৰথম জন স্বৰ্গৰ দূতে বজাওঁতে, তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ’ল৷ সেইবোৰক পৃথিৱীলৈ পেলোৱা হ’ল; তাতে পৃথিৱীৰ তিনি ভাগৰ এভাগ পোৰা হ’ল, গছৰো তিনি ভাগৰ এভাগ পোৰা হ’ল আৰু সকলো কেচা তৃণো পোৰা হ’ল। |
8 |
পাছত দ্বিতীয় দূতে বজাওঁতে অগ্নিৰে জ্বলি থকা মহা-পৰ্ব্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ’ল৷ তাতে সাগৰৰ তিনি ভাগৰ এভাগ তেজ হ’ল |
9 |
আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ-জন্তু তিনি ভাগৰ এভাগ মৰিল, জাহাজবোৰৰো তিনি ভাগৰ এভাগ নষ্ট হ’ল। |
10 |
পাছত তৃতীয় দূতে বজাওঁতে, আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি, নদীৰ তিনি ভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল। |
11 |
সেই তৰাৰ নাম নাগদানা৷ তাতে জলৰ তিনি ভাগৰ এভাগ নাগদানা হ’ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল। |
12 |
পাছত চতুৰ্থ দূতে বজাওঁতে, সুৰ্য্যৰ তিনি ভাগৰ এভাগ, চন্দ্ৰৰ তিনি ভাগৰ এভাগ আৰু তৰাবোৰৰো তিনি ভাগৰ এভাগ যেন আন্ধাৰ হ’ল; আৰু দিনৰ তিনি ভাগৰ এভাগ পোহৰ নাইকিয়া হয় আৰু ৰাতিৰো সেইৰূপ হয়, এই কাৰণে সেইবোৰৰ প্ৰত্যেকৰ তিনি ভাগৰ এভাগ আঘাত প্ৰাপ্ত হ’ল। |
13 |
পাছত মই চাওতে চাওতে, এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, “যি তিনি জন দূতে তূৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তূৰী-ধ্বনীত পৃথিৱীত বাস কৰা লোক সকলৰ সন্তাপ, সন্তাপ, সন্তাপ হ’ব”।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
প্ৰকাশিত বাক্য 8:1 |
প্ৰকাশিত বাক্য 8:2 |
প্ৰকাশিত বাক্য 8:3 |
প্ৰকাশিত বাক্য 8:4 |
প্ৰকাশিত বাক্য 8:5 |
প্ৰকাশিত বাক্য 8:6 |
প্ৰকাশিত বাক্য 8:7 |
প্ৰকাশিত বাক্য 8:8 |
প্ৰকাশিত বাক্য 8:9 |
প্ৰকাশিত বাক্য 8:10 |
প্ৰকাশিত বাক্য 8:11 |
প্ৰকাশিত বাক্য 8:12 |
প্ৰকাশিত বাক্য 8:13 |
|
|
|
|
|
|
প্ৰকাশিত বাক্য 1 / প্ৰকবা 1 |
প্ৰকাশিত বাক্য 2 / প্ৰকবা 2 |
প্ৰকাশিত বাক্য 3 / প্ৰকবা 3 |
প্ৰকাশিত বাক্য 4 / প্ৰকবা 4 |
প্ৰকাশিত বাক্য 5 / প্ৰকবা 5 |
প্ৰকাশিত বাক্য 6 / প্ৰকবা 6 |
প্ৰকাশিত বাক্য 7 / প্ৰকবা 7 |
প্ৰকাশিত বাক্য 8 / প্ৰকবা 8 |
প্ৰকাশিত বাক্য 9 / প্ৰকবা 9 |
প্ৰকাশিত বাক্য 10 / প্ৰকবা 10 |
প্ৰকাশিত বাক্য 11 / প্ৰকবা 11 |
প্ৰকাশিত বাক্য 12 / প্ৰকবা 12 |
প্ৰকাশিত বাক্য 13 / প্ৰকবা 13 |
প্ৰকাশিত বাক্য 14 / প্ৰকবা 14 |
প্ৰকাশিত বাক্য 15 / প্ৰকবা 15 |
প্ৰকাশিত বাক্য 16 / প্ৰকবা 16 |
প্ৰকাশিত বাক্য 17 / প্ৰকবা 17 |
প্ৰকাশিত বাক্য 18 / প্ৰকবা 18 |
প্ৰকাশিত বাক্য 19 / প্ৰকবা 19 |
প্ৰকাশিত বাক্য 20 / প্ৰকবা 20 |
প্ৰকাশিত বাক্য 21 / প্ৰকবা 21 |
প্ৰকাশিত বাক্য 22 / প্ৰকবা 22 |