1 |
তেতিয়া মই দেখিলোঁ, সেই জনৰ সোঁ হাতে সিংহাসনত এজন বহি আছে, এটা পুথিৰ নুৰা আগফালে আৰু পাছফালে লিখা আৰু সাতোটা ছাবেৰে ছাব মৰা আছিল৷ |
2 |
মই এজন প্ৰভাৱশালী দূত দেখিলোঁ; তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলে, “এনে কোন ব্যক্তি আছে যি জনে এই নুৰাটো খুলিব আৰু তাৰ ছাববোৰ মেলিবৰ বাবে উপযুক্ত”? |
3 |
স্বৰ্গত বা পৃথিৱীত বা পৃথিৱীৰ তলত থকা কোনেও সেই নুৰা মেলিব বা সেই পুথি খন পঢ়িব নোৱাৰিলে। |
4 |
তেতিয়া মই অনেক ক্ৰন্দন কৰিলোঁ, কাৰণ সেই নুৰাটো মেলি পঢ়িবলৈ কোনো এজন যোগ্য ব্যক্তি পোৱা নগ’ল। |
5 |
কিন্তু সেই পৰিচাৰক সকলৰ এজনে মোক ক’লে, “তুমি ক্ৰন্দন নকৰিবা; চোৱা! যি জন যিহূদা ফৈদৰ সিংহ আৰু দায়ুদৰ মূলস্বৰূপ, তেওঁ জয়যুক্ত হৈ সেই নুৰা আৰু তাৰ সাতোটা ছাব মেলিবলৈ সমৰ্থ হ’ল”। |
6 |
তেতিয়া মই সেই সিংহাসনৰ আৰু চাৰি জীৱিত প্ৰাণীৰ মাজত আৰু সেই পৰিচাৰক সকলৰ মাজত, হত হোৱাৰ নিচিনা মেৰ-পোৱালি এটা থিয় হৈ থকা দেখিলোঁ; তেওঁৰ সাতোটা শিং আৰু সাতোটা চকু আছিল - এইবোৰ পৃথিৱীৰ সকলো ঠাইতে পঠোৱা সাতোটা ঈশ্বৰৰ আত্মা। |
7 |
তেওঁ আহি সিংহাসনত বহি থকা জনৰ সোঁ হাতৰ পৰা সেই নুৰাটো ল’লে৷ |
8 |
যেতিয়া তেওঁ সেই নুৰাটো ল’লে তেতিয়া জীৱিত প্ৰাণী চাৰিটা আৰু সেই চৌবিশ জন পৰিচাৰকে নিজে মেৰ-পোৱালি জনৰ সন্মুখলৈ আহি উবুৰি হৈ পৰিল৷ তেখেত সকলৰ হাতত গাইপতি বীণা আৰু পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনা স্বৰূপ সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাটি আছিল। |
9 |
আৰু তেখেত সকলে এটি নতুন গীত গালে: “নুৰাটো ল’বলৈ আৰু তাৰ ছাব মেলিবলৈ আপুনি যোগ্য৷ কিয়নো আপুনি হত হ’ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে ৷ |
10 |
আৰু আমাৰ ঈশ্বৰৰ সেৱাৰ উদ্দেশ্যে তেওঁলোকক ৰাজ্য স্বৰূপ আৰু পুৰোহিত পাতিলে, তাতে তেওঁলোকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব”। |
11 |
তেতিয়া মই চাওতে সেই সিংহাসনৰ চাৰিওফালে অনেক স্বৰ্গৰ দূতৰ মাত শুনিলোঁ; তেওঁলোকৰ সংখ্যা 20,00,00,000 আছিল; তেওঁলোকৰ সৈতে সেই জীৱিত প্ৰাণী চাৰিটা আৰু পৰিচাৰক সকলো আছিল৷ |
12 |
তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে, “হত হোৱা যি মেৰ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”। |
13 |
আৰু স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে সেই সকলোৱে কোৱা শুনিলোঁ, “সিংহাসনত বহি থকা জন আৰু মেৰ-পোৱালি জনৰ প্ৰশংসা, মৰ্যদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক”। |
14 |
আৰু সেই জীৱিত প্ৰাণী চাৰিটাই ক’লে, “আমেন”! আৰু সেই পৰিচাৰক সকলে সমৰ্পিত হৈ মাটিত পৰি আৰাধনা কৰিলে’।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
প্ৰকাশিত বাক্য 5:1 |
প্ৰকাশিত বাক্য 5:2 |
প্ৰকাশিত বাক্য 5:3 |
প্ৰকাশিত বাক্য 5:4 |
প্ৰকাশিত বাক্য 5:5 |
প্ৰকাশিত বাক্য 5:6 |
প্ৰকাশিত বাক্য 5:7 |
প্ৰকাশিত বাক্য 5:8 |
প্ৰকাশিত বাক্য 5:9 |
প্ৰকাশিত বাক্য 5:10 |
প্ৰকাশিত বাক্য 5:11 |
প্ৰকাশিত বাক্য 5:12 |
প্ৰকাশিত বাক্য 5:13 |
প্ৰকাশিত বাক্য 5:14 |
|
|
|
|
|
|
প্ৰকাশিত বাক্য 1 / প্ৰকবা 1 |
প্ৰকাশিত বাক্য 2 / প্ৰকবা 2 |
প্ৰকাশিত বাক্য 3 / প্ৰকবা 3 |
প্ৰকাশিত বাক্য 4 / প্ৰকবা 4 |
প্ৰকাশিত বাক্য 5 / প্ৰকবা 5 |
প্ৰকাশিত বাক্য 6 / প্ৰকবা 6 |
প্ৰকাশিত বাক্য 7 / প্ৰকবা 7 |
প্ৰকাশিত বাক্য 8 / প্ৰকবা 8 |
প্ৰকাশিত বাক্য 9 / প্ৰকবা 9 |
প্ৰকাশিত বাক্য 10 / প্ৰকবা 10 |
প্ৰকাশিত বাক্য 11 / প্ৰকবা 11 |
প্ৰকাশিত বাক্য 12 / প্ৰকবা 12 |
প্ৰকাশিত বাক্য 13 / প্ৰকবা 13 |
প্ৰকাশিত বাক্য 14 / প্ৰকবা 14 |
প্ৰকাশিত বাক্য 15 / প্ৰকবা 15 |
প্ৰকাশিত বাক্য 16 / প্ৰকবা 16 |
প্ৰকাশিত বাক্য 17 / প্ৰকবা 17 |
প্ৰকাশিত বাক্য 18 / প্ৰকবা 18 |
প্ৰকাশিত বাক্য 19 / প্ৰকবা 19 |
প্ৰকাশিত বাক্য 20 / প্ৰকবা 20 |
প্ৰকাশিত বাক্য 21 / প্ৰকবা 21 |
প্ৰকাশিত বাক্য 22 / প্ৰকবা 22 |