1 |
যীচুৱে এই সকলো কথা কৈ শেষ কৰোঁতে, তেওঁৰ শিষ্য সকলক ক’লে, |
2 |
“তোমালোকে জানা নে দুদিনৰ পাছত নিস্তাৰ-পৰ্ব হ’ব, মানুহৰ পুত্ৰক ক্রুচত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হ’ব।” |
3 |
তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে; |
4 |
তেওঁলোকে যীচুক ছলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে৷ |
5 |
তেওঁলোকে ক’লে, ‘ভোজৰ সময়ত নহয়, কিয়নো লোক সকলৰ মাজত হুৰামুৰা লাগিব৷’ |
6 |
পাছত যীচু বৈথনিয়া গাঁৱত চিমোন নামৰ কুষ্ঠৰোগীৰ ঘৰত থকা সময়ত |
7 |
এগৰাকী মহিলাই বহুমুলীয়া সুগন্ধি ভৰা এটা বগা তেলৰ বটল লৈ যীচু ভোজনত বহি থাকোঁতে, তেওঁৰ মুৰত বাকি দিলেহি। |
8 |
শিষ্য সকলে তাকে দেখি ক্ৰুদ্ধ হৈ ক’লে, ‘কি কাৰণে এইদৰে অপচয় কৰিছা? |
9 |
কিয়নো ইয়াক বেছি ধনত বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰিব পৰা গ’লহেঁতেন’। |
10 |
কিন্তু যীচুৱে, ইয়াকে জানিবলৈ পায়, তেওঁলোকক ক’লে, “এই মহিলা জনীক কিয় অসুবিধা দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে। |
11 |
কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় আছে; কিন্তু তোমালোকৰ লগত মই সদায় নাথাকো৷ |
12 |
এই কাৰণে তেওঁ এই সুগন্ধি তেল যে মোৰ শৰীৰত বাকি দিলে; এয়া মোক মৈদামত থবৰ অৰ্থেহে কৰিলে। |
13 |
মই তোমাক সঁচাকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ’ব, সেই ঠাইতে এই যি কৰ্ম মহিলা গৰাকীয়ে কৰিলে, তেওঁক সুঁৱৰিবলৈ, ইয়াকো কোৱা হ’ব।” |
14 |
তেতিয়া বাৰ জনৰ মাজৰ, ঈষ্কৰিয়োতীয়া যিহূদা নামেৰে এজনে প্ৰধান পুৰোহিত সকলৰ ওচৰলৈ গ’ল, |
15 |
আৰু ক’লে “মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে”? তাতে তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক’লে৷ |
16 |
তেতিয়াৰে পৰা তেওঁ যীচুক শোধাই দিবলৈ সুযোগ বিচাৰি থাকিল। |
17 |
পাছত খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “নিস্তাৰ-পৰ্ব ভোজ আপোনাৰ কাৰণে আমি ক’ত যুগুত কৰাটো বিচাৰে”? |
18 |
তেওঁ ক’লে, “নগৰলৈ গৈ নিৰ্দিষ্ট জনক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছে; মোৰ শিষ্য সকলে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ-পৰ্বৰ ভোজ পালন কৰিম”। |
19 |
তেতিয়া শিষ্য সকলে যীচুৱে আদেশ দিয়াৰ দৰে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলেগৈ। |
20 |
পাছত সন্ধিয়া হোৱা সময়ত তেওঁ বাৰ জন শিষ্যৰ সৈতে ভোজনত বহিল; |
21 |
এনেতে তেওঁলোকে ভোজন কৰোঁতে, তেওঁ ক’লে, ‘মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক শোধাই দিব’। |
22 |
তেতিয়া তেওঁলোকে অতি দুখিত হৈ, প্ৰতিজনে যীচুক সুধিবলৈ ধৰিলে, ‘হে প্ৰভু, সেই জন মই নে’? |
23 |
যীচুৱে উত্তৰ দি ক’লে, ‘মোৰে সৈতে যি জনে ভোজন-পাত্ৰত হাত জুবুৰিয়ালে, তেৱেঁই মোক শোধাই দিব। |
24 |
মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহৰ জন্ম নোহোৱা হ’লেই ভাল আছিল’। |
25 |
তেতিয়া তেওঁক শোধাই দিয়া যিহূদাই মাত লগাই ক’লে, ‘ৰব্বি, সেই জন মই নে’? তেওঁ তেওঁক ক’লে, “তুমি নিজকে নিজেই ক’লা”। |
26 |
পাছত তেওঁলোকে ভোজন কৰোঁতে, যীচুৱে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি শিষ্য সকলক দি ক’লে, “লোৱা, খোৱা এয়ে মোৰ শৰীৰ”। |
27 |
পাছত তেওঁ পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি ক’লে, “লোৱা, তোমালোকে সকলোৱে পান কৰা; |
28 |
কিয়নো মোৰ যি তেজ, এয়া নিয়মৰ তেজ৷ অনেকৰ পাপ মোচনৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই। |
29 |
কিন্তু মই তোমালোকক কওঁ, তোমালোকে সৈতে মই মোৰ পিতৃৰ ৰাজ্যত ন ৰস পান নকৰা দিনলৈকে, এতিয়াৰ পৰা এই দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ”। |
30 |
পাছত তেওঁলোকে বাহিৰ ওলাই গীত গাই গাই জৈতুন পৰ্বতলৈ গ’ল। |
31 |
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এই ৰাতি তোমালোক সকলোৱে মোক এৰি যাবা; কিয়নো লিখা আছে, ‘মই মেৰৰখীয়াক আঘাত কৰিম তাতে জাকৰ মেৰবোৰ ছিন্ন-ভিন্ন হৈ যাব৷’ |
32 |
কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীল প্ৰদেশলৈ যাম।” |
33 |
তেতিয়া পিতৰে তেওঁক ক’লে, “সকলোৱে আপোনাত বিঘিনি পাই আতৰি গলেও, মই কেতিয়াও নাযাও”। |
34 |
যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, এই ৰাতি কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা”। |
35 |
পিতৰে তেওঁক ক’লে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্বীকাৰ নকৰিম”। সেইদৰে সকলো শিষ্যয়ো ক’লে। |
36 |
তেতিয়া যীচুৱে তেওঁলোকৰ সৈতে গেৎচিমানী নামেৰে এখন ঠাইলৈ গৈ, তেওঁৰ শিষ্য সকলক ক’লে, “মই সৌখিনিলৈ গৈ প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা”। |
37 |
পাছত তেওঁ পিতৰক আৰু চিবদিয়ৰ পুতেক দুজনক লগত লৈ শোকাকুল আৰু ব্যাকুল হ’বলৈ ধৰিলে। |
38 |
তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোক ইয়াতে থাকি মোৰ লগত পৰ দিয়া”। |
39 |
পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক’লে “হে মোৰ পিতৃ, যদি সম্ভব হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ পৰা দুৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।” |
40 |
পাছত শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক টোপনি যোৱা দেখি, তেওঁ পিতৰক ক’লে, “তোমালোকে মোৰ লগত এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে? |
41 |
পৰীক্ষাত যেন নপৰা, এই কাৰণে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দূৰ্বল”। |
42 |
পুনৰায় তেওঁ দ্বিতীয় বাৰ গৈ, প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ পিতৃ, মই পান নকৰাকৈ যদি এই দূখৰ পান-পাত্ৰ দুৰ হ’ব নোৱাৰে, তেনেহলে তোমাৰ ইচ্ছাই পুৰ হওক”। |
43 |
পাছত তেওঁ পুনৰায় আহি তেওঁলোকক টোপনি যোৱা দেখিলে; কিয়নো তেওঁলোকৰ চকু টোপনিত জাপ খাই গৈছিল। |
44 |
পুনৰায় তেওঁ তেওঁলোকক এৰি থৈ, তৃতীয়বাৰো একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে। |
45 |
তেতিয়া তেওঁ শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক ক’লে, “বাৰু, এতিয়া টোপনিত থাকি বিশ্ৰাম কৰা? চোৱা, সময় ওচৰ হ’ল আৰু মানুহৰ পুত্ৰক পাপীবোৰৰ হাতত শোধাই দিয়া হৈছে। |
46 |
উঠা, আমি যাওঁহক; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।” |
47 |
যীচুৱে কথা কৈ থাকোতেই, চোৱা, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল তৰোৱাল আৰু টাঙোন ধৰা মানুহৰ ডাঙৰ দল এটা সেই ঠাইলৈ আহিল। |
48 |
তেওঁক শোধাই দিয়া জনে তেওঁলোকক এই চিনেৰে সঙ্কেত দিছিল, বোলে, ‘মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকে ধৰিবা’। |
49 |
তেতিয়াই তেওঁ যীচুৰ ওচৰলৈ গৈ, ‘ৰব্বি প্ৰণাম’ এই বুলি, তেওঁক চুমা খালে। |
50 |
যীচুৱে তেওঁক ক’লে, “বন্ধু, তুমি যি কৰিবলৈ আহিলা তাকে কৰা”। তেতিয়া তেওঁলোকে ওচৰলৈ আহি, যীচুৰ গাত হাত দি তেওঁক ধৰিলে। |
51 |
চোৱা, যীচুৰ লগৰ এজনে হাত মেলি, নিজৰ তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ দাস এজনক আঘাত কৰি তাৰ কাণ এখন কাটি পেলালে। |
52 |
তেতিয়া যীচুৱে তেওঁক ক’লে, “তোমাৰ তৰোৱাল পুনৰায় খাপত সোমাই থোৱা; কিয়নো যি জনে তৰোৱাল ধৰে, সেই জন তৰোৱালৰ দ্বাৰাই বিনষ্ট হ’ব। |
53 |
‘মোৰ পিতৃয়ে এতিয়াই মোলৈ বাৰ বাহিনীতকৈয়ো অধিক স্বৰ্গৰ দূত পঠাই দিয়ক’, মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছা নে? |
54 |
কিন্তু ধৰ্মশাস্ত্ৰৰ বচনত যিহেতু কোৱা হৈছে, সেয়েহে এইদৰে সিদ্ধ হ’বলৈ নঘটিব নে?” |
55 |
সেই সময়ত যীচুৱে লোক সকলক ক’লে, “আপোনালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছে যে; যেতিয়া মই নিতৌ মন্দিৰত বহি উপদেশ দি আছিলোঁ, তেতিয়া আপোনালোকে মোক নধৰিলে, |
56 |
কিন্তু ভাববাদী সকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হ’বলৈ এই সকলো ঘটিল।” তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ’ল। |
57 |
পাছত বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকল যি ঠাইত গোট খাই আছিল, সেই ঠাইলৈকে যীচুক ধৰা সকলে লৈ গৈ কায়াফা নামেৰে মহা-পুৰোহিতৰ ওচৰলৈ তেওঁক আনিলে। |
58 |
কিন্তু পিতৰে মহা-পুৰোহিতৰ চোতাললৈকে আতৰে আতৰে তেওঁৰ পাছে পাছে গৈ, তাত সোমাই শেষত কি হয়, তাকে চাবলৈ টেকেলাবোৰৰ লগত বহিল। |
59 |
তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷ |
60 |
অনেক মিছা সাক্ষী আগুৱাই আহিছিল, তথাপি তেওঁলোকে এজনকো বিচাৰি নাপালে। কিন্তু শেষত দুজন আগুৱাই আহিল আৰু ক’লে, |
61 |
“এওঁ কৈছিল - ‘মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি, তিন দিনৰ ভিতৰতে তাক সাজিব পাৰোঁ’।” |
62 |
তেতিয়া মহা-পুৰোহিতে উঠি যীচুক ক’লে, “তুমি একো উত্তৰ নিদিয়া নে? তোমাৰ অহিতে এওঁলোকে কি সাক্ষ্য দিছে?” |
63 |
কিন্তু যীচুৱে নিজম দি থাকিল। তেতিয়া মহা-পুৰোহিতে তেওঁক ক’লে, “তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হোৱা নে নোহোৱা, আমাক কোৱা।” |
64 |
যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ ক’লা; তথাপি মই আপোনালোকক কওঁ, এতিয়াৰ পৰা আপোনালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু স্বৰ্গৰ পৰা মেঘত অহা দেখিব।” |
65 |
তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক’লে, “এওঁ ঈশ্বৰক নিন্দা কৰিলে; এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে নিজে ঈশ্বৰ নিন্দা শুনিলা। |
66 |
গতিকে তোমালোকে কি ভাবা?” তেওঁলোকে উত্তৰ দি ক’লে, “এওঁ প্ৰাণদণ্ডৰ যোগ্য”। |
67 |
তেতিয়া তেওঁলোকে যীচুৰ মুখত থুই পেলাই ভুকুৱালে; |
68 |
আৰু কেতবোৰে ঢকিয়াই সুধিলে, “হে’ৰা খ্ৰীষ্ট, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে”? |
69 |
সেই সময়ত পিতৰ বাহিৰফালে চোতালত বহি আছিল; তাতে এজনী চাকৰণী তেওঁৰ ওচৰলৈ আহিল আৰু ক’লে, ‘তুমিও গালীলীয়া যীচুৰ লগত আছিলা’। |
70 |
কিন্তু তেওঁ আটাইৰে আগতে অস্বীকাৰ কৰি ক’লে, ‘তুমি কি কৈছা, মই বুজা নাই’। |
71 |
পাছত তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল, তাতো আন এজনী চাকৰনীয়ে তেওঁক দেখিলে আৰু তাত থকা লোক সকলৰ আগত ক’লে, ‘এওঁ নাচৰতীয়া যীচুৰ লগত আছিল’। |
72 |
তাতে তেওঁ শপত খাই আকৌ অস্বীকাৰ কৰি ক’লে, “মই সেই মানুহ জনক চিনি নাপাও”। |
73 |
অলপ পাছত তাত থকা সকলে ওচৰলৈ আহি পিতৰক ক’লে, ‘অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন; কিয়নো তোমাৰ ভাষাই তোমাৰ চিনাকি দিছে’। |
74 |
তাতে তেওঁ শাও দি আৰু শপত খাই ক’লে, “মই সেই মানুহক চিনিয়ে নাপাওঁ” আৰু তেতিয়াই কুকুৰাই ডাক দিলে। |
75 |
তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল৷ যীচুৱে যে কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা’, এই কথা মনত পৰাত পিতৰে বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
মথি 26:1 |
মথি 26:2 |
মথি 26:3 |
মথি 26:4 |
মথি 26:5 |
মথি 26:6 |
মথি 26:7 |
মথি 26:8 |
মথি 26:9 |
মথি 26:10 |
মথি 26:11 |
মথি 26:12 |
মথি 26:13 |
মথি 26:14 |
মথি 26:15 |
মথি 26:16 |
মথি 26:17 |
মথি 26:18 |
মথি 26:19 |
মথি 26:20 |
মথি 26:21 |
মথি 26:22 |
মথি 26:23 |
মথি 26:24 |
মথি 26:25 |
মথি 26:26 |
মথি 26:27 |
মথি 26:28 |
মথি 26:29 |
মথি 26:30 |
মথি 26:31 |
মথি 26:32 |
মথি 26:33 |
মথি 26:34 |
মথি 26:35 |
মথি 26:36 |
মথি 26:37 |
মথি 26:38 |
মথি 26:39 |
মথি 26:40 |
মথি 26:41 |
মথি 26:42 |
মথি 26:43 |
মথি 26:44 |
মথি 26:45 |
মথি 26:46 |
মথি 26:47 |
মথি 26:48 |
মথি 26:49 |
মথি 26:50 |
মথি 26:51 |
মথি 26:52 |
মথি 26:53 |
মথি 26:54 |
মথি 26:55 |
মথি 26:56 |
মথি 26:57 |
মথি 26:58 |
মথি 26:59 |
মথি 26:60 |
মথি 26:61 |
মথি 26:62 |
মথি 26:63 |
মথি 26:64 |
মথি 26:65 |
মথি 26:66 |
মথি 26:67 |
মথি 26:68 |
মথি 26:69 |
মথি 26:70 |
মথি 26:71 |
মথি 26:72 |
মথি 26:73 |
মথি 26:74 |
মথি 26:75 |
|
|
|
|
|
|
মথি 1 / মথি 1 |
মথি 2 / মথি 2 |
মথি 3 / মথি 3 |
মথি 4 / মথি 4 |
মথি 5 / মথি 5 |
মথি 6 / মথি 6 |
মথি 7 / মথি 7 |
মথি 8 / মথি 8 |
মথি 9 / মথি 9 |
মথি 10 / মথি 10 |
মথি 11 / মথি 11 |
মথি 12 / মথি 12 |
মথি 13 / মথি 13 |
মথি 14 / মথি 14 |
মথি 15 / মথি 15 |
মথি 16 / মথি 16 |
মথি 17 / মথি 17 |
মথি 18 / মথি 18 |
মথি 19 / মথি 19 |
মথি 20 / মথি 20 |
মথি 21 / মথি 21 |
মথি 22 / মথি 22 |
মথি 23 / মথি 23 |
মথি 24 / মথি 24 |
মথি 25 / মথি 25 |
মথি 26 / মথি 26 |
মথি 27 / মথি 27 |
মথি 28 / মথি 28 |