1 |
ইস্ৰায়েল লোক মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত, দ্বিতীয় বছৰৰ প্ৰথম মাহত, চীনয় মৰুভূমিত যিহোৱাই মোচিক ক’লে, তেওঁ ক’লে, |
2 |
“ইস্ৰায়েলৰ সন্তান সকলে নিৰূপিত সময়ত নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগে। |
3 |
এই মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত নিৰূপিত সময়ত তোমালোকে তাক বছৰি পালন কৰিবা। আৰু এই সমন্ধে ইয়াৰ নিয়ম-নীতি অনুসৰণ কৰা আৰু সকলো আজ্ঞাবোৰ পালন কৰি ইয়াক তোমালোকে ধৰি ৰাখিবা।” |
4 |
তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ আজ্ঞা দিলে। |
5 |
তেতিয়া তেওঁলোকে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত চীনয় মৰুভূমিত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে। যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই, ইস্ৰায়েলৰ সন্তান সকলে সেই সকলোকে কৰিলে। |
6 |
কিন্তু কিছুমান লোকে মানুহৰ শৱ চুই অশুচি হোৱা হেতুকে সেই দিনা নিস্তাৰ-পৰ্ব্ব পালন কৰিব নোৱাৰিলে। সেইবাবে তেওঁলোকে সেই দিনা মোচি আৰু হাৰোণৰ গুৰিলৈ গ’ল। |
7 |
সেই লোকসকলে তেওঁক ক’লে, “আমি মানুহৰ শৱ চুই অশুচি হলোঁ; ইস্ৰায়েলৰ সন্তান সকলৰ মাজত নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰিবলৈ আমি কিয় বঞ্চিত হ’ম?” |
8 |
তাতে মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক অলপ ৰ’বা; তোমালোকৰ বিষয়ে যিহোৱাই কি আজ্ঞা দিয়ে, তাক শুনো।” |
9 |
পাছত যিহোৱাই মোচিক ক’লে, তেওঁ ক’লে |
10 |
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ক’বা, ‘তোমালোকৰ মাজত নাইবা তোমালোকৰ ভাবি-বংশৰ মাজত যদি কোনোৱে শৱ চুই অশুচি হয়, বা দূৰ বাটত পথিক হৈ থাকে, তথাপিও তেওঁ যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগিব’। |
11 |
দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত তেওঁলোকে তাক পালন কৰিব। তেওঁলোকে খমীৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে নিস্তাৰ-পৰ্বৰ বলি খাব। |
12 |
ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিব আৰু কোনো হাড় নাভাঙিব; তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ সকলো বিধি অনুসাৰে তাক পালন কৰিব। |
13 |
কিন্তু যিকোনোৱে শুচি হৈ থাকে আৰু পথিকো নহয়, কিন্তু তেওঁ যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ হেলা কৰে, তেন্তে সেই মানুহ নিজ লোকসকলৰ মাজত পৰা উচ্ছন্ন কৰা হ’ব। কাৰণ, নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ নিদিয়াত, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব লাগিব। |
14 |
আৰু কোনো বিদেশী লোকে তোমালোকৰ মাজত প্ৰবাসী হৈ থাকি যিহোৱাৰ উদ্দেশ্যে যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁ নিস্তাৰ-পৰ্ব্বৰ বিধিমতে আৰু তাৰ শাসন-প্ৰণালী অনুসাৰে তাক পালন কৰিব; স্বদেশত জন্মা, দুয়োৰো বাবে তোমালোকৰ একেটাই বিধি হ’ব।” |
15 |
আৰু যিদিনা আবাস স্থাপন কৰা হ’ল, সেই দিনা মেঘে সেই আবাস, সেই সাক্ষ্য-ফলি থকা তম্বু ঢাকি ধৰিলে, আৰু সন্ধ্যাবেলাৰ পৰা ৰাতিপুৱালৈকে সেই আবাসৰ ওপৰত তাক জুই যেন দেখা গৈছিল। |
16 |
এইদৰে সদায় আছিল। মেঘে তাক ঢাকিছিল আৰু ৰাতি জুইৰ নিচিনা দেখা গৈছিল। |
17 |
পাছে তম্বুৰ ওপৰৰ পৰা সেই মেঘ ওপৰলৈ নিয়া হ’লে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে। আৰু সেই মেঘ যি ঠাইত ৰখে, ইস্ৰায়েলৰ সন্তান সকলেও সেই ঠাইতে ছাউনি পাতি থাকে। |
18 |
যিহোৱা আজ্ঞা অনুসাৰেই ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে আৰু তেওঁৰ আজ্ঞাৰ দৰেই ছাউনি পাতি থাকে; সেই মেঘ যেতিয়ালৈকে আবাসৰ ওপৰত থাকে, তেতিয়ালৈকে তেওঁলোক ছাউনিত থাকে। |
19 |
আৰু সেই মেঘে যেতিয়া আবাসৰ ওপৰত বহুদিন ধৰি থাকে, তেতিয়া ইস্ৰায়েলৰ সন্তান সকলেও যাত্ৰা নকৰি, যিহোৱাৰ উদ্দেশ্যে যি কৰিব লগীয়া, তাকে কৰে। |
20 |
আৰু সেই মেঘ কোনো কোনো সময়ত আবাসৰ ওপৰত অলপ দিন থাকে। তেনে স্থলত যিহোৱাৰ আজ্ঞা মতে তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞামতে যাত্ৰাও কৰে। |
21 |
আৰু কোনো কোনো সময়ত মেঘ সন্ধ্যাপৰৰ পৰা ৰাতিপুৱালৈকে থাকে। আৰু ৰাতিপুৱা ওপৰলৈ নিয়া হ’লে, তেওঁলোকে যাত্ৰা কৰে। দিনত কি ৰাতিয়েই হওক, মেঘ ওপৰলৈ নিয়া হ’লেই তেওঁলোকে যাত্ৰা কৰে। |
22 |
দুদিন বা এমাহ, নাইবা এবছৰ হওক, যিমান দিন আবাসৰ ওপৰত মেঘে ৰখি থাকে ইস্ৰায়েলৰ সন্তান সকলেও সিমান দিন যাত্ৰা নকৰি ছাউনিত থাকে। কিন্তু তাক ওপৰলৈ নিয়া হ’লেই, তেওঁলোকে যাত্ৰা কৰে। |
23 |
যিহোৱাৰ আজ্ঞামতেই তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞা মতেই যাত্ৰাও কৰে; এইদৰে, মোচিৰ যোগেদি দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে কৰিব লগীয়া কাৰ্য কৰে।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
গণনা পুস্তক 9:1 |
গণনা পুস্তক 9:2 |
গণনা পুস্তক 9:3 |
গণনা পুস্তক 9:4 |
গণনা পুস্তক 9:5 |
গণনা পুস্তক 9:6 |
গণনা পুস্তক 9:7 |
গণনা পুস্তক 9:8 |
গণনা পুস্তক 9:9 |
গণনা পুস্তক 9:10 |
গণনা পুস্তক 9:11 |
গণনা পুস্তক 9:12 |
গণনা পুস্তক 9:13 |
গণনা পুস্তক 9:14 |
গণনা পুস্তক 9:15 |
গণনা পুস্তক 9:16 |
গণনা পুস্তক 9:17 |
গণনা পুস্তক 9:18 |
গণনা পুস্তক 9:19 |
গণনা পুস্তক 9:20 |
গণনা পুস্তক 9:21 |
গণনা পুস্তক 9:22 |
গণনা পুস্তক 9:23 |
|
|
|
|
|
|
গণনা পুস্তক 1 / গণপুস্ 1 |
গণনা পুস্তক 2 / গণপুস্ 2 |
গণনা পুস্তক 3 / গণপুস্ 3 |
গণনা পুস্তক 4 / গণপুস্ 4 |
গণনা পুস্তক 5 / গণপুস্ 5 |
গণনা পুস্তক 6 / গণপুস্ 6 |
গণনা পুস্তক 7 / গণপুস্ 7 |
গণনা পুস্তক 8 / গণপুস্ 8 |
গণনা পুস্তক 9 / গণপুস্ 9 |
গণনা পুস্তক 10 / গণপুস্ 10 |
গণনা পুস্তক 11 / গণপুস্ 11 |
গণনা পুস্তক 12 / গণপুস্ 12 |
গণনা পুস্তক 13 / গণপুস্ 13 |
গণনা পুস্তক 14 / গণপুস্ 14 |
গণনা পুস্তক 15 / গণপুস্ 15 |
গণনা পুস্তক 16 / গণপুস্ 16 |
গণনা পুস্তক 17 / গণপুস্ 17 |
গণনা পুস্তক 18 / গণপুস্ 18 |
গণনা পুস্তক 19 / গণপুস্ 19 |
গণনা পুস্তক 20 / গণপুস্ 20 |
গণনা পুস্তক 21 / গণপুস্ 21 |
গণনা পুস্তক 22 / গণপুস্ 22 |
গণনা পুস্তক 23 / গণপুস্ 23 |
গণনা পুস্তক 24 / গণপুস্ 24 |
গণনা পুস্তক 25 / গণপুস্ 25 |
গণনা পুস্তক 26 / গণপুস্ 26 |
গণনা পুস্তক 27 / গণপুস্ 27 |
গণনা পুস্তক 28 / গণপুস্ 28 |
গণনা পুস্তক 29 / গণপুস্ 29 |
গণনা পুস্তক 30 / গণপুস্ 30 |
গণনা পুস্তক 31 / গণপুস্ 31 |
গণনা পুস্তক 32 / গণপুস্ 32 |
গণনা পুস্তক 33 / গণপুস্ 33 |
গণনা পুস্তক 34 / গণপুস্ 34 |
গণনা পুস্তক 35 / গণপুস্ 35 |
গণনা পুস্তক 36 / গণপুস্ 36 |