1 |
তেতিয়া পুনৰায় মই মোৰ চকু তুলি চাই দেখিলোঁ, দুই পৰ্ব্বতৰ মাজৰ পৰা চাৰিখন ৰথ ওলাই আহিল। সেই পৰ্ব্বত পিতলৰ পৰ্ব্বত। |
2 |
প্ৰথম ৰথত ৰঙা ঘোঁৰা, দ্বিতীয়খনত ক’লা ঘোঁৰা, |
3 |
তৃতীয়খনত বগা ঘোঁৰা আৰু চতুৰ্থ খনত বলী ফুটুকা ঘোঁৰা। |
4 |
তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনক মই প্রশ্ন কৰি ক’লো, “হে মোৰ প্ৰভু, এইবোৰ কি?” |
5 |
দূত-জনে উত্তৰ দি মোক ক’লে, “এইবোৰ হ’ল গোটেই পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকাৰ পৰা ওলাই অহা আকাশৰ চাৰি বায়ু । |
6 |
ক’লা ঘোঁৰাৰ ৰথখন উত্তৰ দেশৰ ফাললৈ ওলাই গৈছে, বগাবোৰ পশ্চিম দেশৰ ফালে আৰু অনুজ্বল দাগ থকাবোৰ দক্ষিণ দেশলৈ গৈছে।” |
7 |
আৰু বলীবোৰে ওলাই গৈ, পৃথিৱীত ইফালে সিফালে ফুৰিবৰ বাবে অনুমতি খুজিলে, তেতিয়া দূতে ক’লে, “যোৱা পৃথিৱীত ইফালে সিফালে ফুৰাগৈ!” তেতিয়া সেইবোৰে পৃথিৱীত ইফালে সিফালে ফুৰিবলৈ ধৰিলে। |
8 |
তেতিয়া তেওঁ মোক আহ্বান কৰিলে আৰু মোক মাতি ক’লে, “চোৱা, উত্তৰ দেশৰ ফালে ওলাই যোৱাবোৰে উত্তৰ দেশত মোৰ ক্ৰোধ মাৰ নিয়ালে।” |
9 |
সেয়ে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, |
10 |
“বোলে তুমি গৈ হিল্দয়, টোবিয়া, যিদয়া - এই দেশান্তৰিত লোকসকলৰ পৰা ৰূপ আৰু সোণ লোৱাগৈ; আৰু আজিয়েই তুমি নিজে এইবোৰ লৈ যিজন বাবিলৰ পৰা আহিল, সেই চফনিয়াৰ পুত্র যোচিয়াৰ ঘৰলৈ যোৱা। |
11 |
তাতে সেই ঘৰত সোমাই সেই ৰূপ আৰু সোণ লৈ, তাৰে দুটা কিৰীটি সাজি যিহোচাদকৰ পুত্ৰ যিহোচূৱা প্ৰধান পুৰোহিতৰ মূৰত দিয়াগৈ। |
12 |
আৰু তুমি তেওঁক ক’বা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “চোৱা, সেই পুৰুষ জনৰ নাম পোখা! তেওঁ যি ঠাইত আছে, সেই ঠাইতেই বাঢ়িব; আৰু তেওঁ তেতিয়া যিহোৱাৰ মন্দিৰ সাজিব! |
13 |
হয়, তেৱেঁই যিহোৱাৰ মন্দিৰ সাজিব আৰু তেওঁ গৌৰৱ মুকুটেৰে বিভূষিত কৰিব; তেওঁ নিজ সিংহাসনত বহি ৰাজত্ব কৰিব। আৰু পুৰোহিত হৈ নিজ সিংহাসনত বহিব আৰু দুয়োটাৰে মাজত শান্তিৰ মন্ত্ৰণা থাকিব। |
14 |
আৰু সেই দুটা কিৰীটি হেলেম, টোবিয়া, যিদয়া, আৰু চফনিয়াৰ পুত্ৰ যোচিয়া ৰ উদাৰতাৰ সোঁৱৰণৰ অৰ্থে, যিহোৱাৰ মন্দিৰত ৰখা হ’ব। |
15 |
আৰু দূৰৈত থকা লোকসকল যেতিয়া আহি যিহোৱাৰ মন্দিৰ নিৰ্ম্মাণৰ সাহায্য কৰিব, তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমালোকৰ ওচৰলৈ পঠিয়ালে, ইয়াক তোমালোকে জানিবা; আৰু তোমালোকে যদি যত্নেৰে ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা, তেতিয়া এয়ে সিদ্ধ হ’ব’।”
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
জাখারিয়া 6:1 |
জাখারিয়া 6:2 |
জাখারিয়া 6:3 |
জাখারিয়া 6:4 |
জাখারিয়া 6:5 |
জাখারিয়া 6:6 |
জাখারিয়া 6:7 |
জাখারিয়া 6:8 |
জাখারিয়া 6:9 |
জাখারিয়া 6:10 |
জাখারিয়া 6:11 |
জাখারিয়া 6:12 |
জাখারিয়া 6:13 |
জাখারিয়া 6:14 |
জাখারিয়া 6:15 |
|
|
|
|
|
|
জাখারিয়া 1 / জাখা 1 |
জাখারিয়া 2 / জাখা 2 |
জাখারিয়া 3 / জাখা 3 |
জাখারিয়া 4 / জাখা 4 |
জাখারিয়া 5 / জাখা 5 |
জাখারিয়া 6 / জাখা 6 |
জাখারিয়া 7 / জাখা 7 |
জাখারিয়া 8 / জাখা 8 |
জাখারিয়া 9 / জাখা 9 |
জাখারিয়া 10 / জাখা 10 |
জাখারিয়া 11 / জাখা 11 |
জাখারিয়া 12 / জাখা 12 |
জাখারিয়া 13 / জাখা 13 |
জাখারিয়া 14 / জাখা 14 |