1 |
তাৰ পাছত মই চকু তুলি চাই হাতত এডাল পৰিমান-জৰী লোৱা এজন পুৰুষক দেখিলোঁ। |
2 |
তেতিয়া মই সুধিলোঁ, “আপুনি ক’লৈ যায়?” তেতিয়া তেওঁ মোক ক’লে, “যিৰূচালেমৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান, তাক জুখি নিৰ্ণয় কৰিবলৈ যাওঁ।” |
3 |
তেতিয়া মোৰে সৈতে কথা হোৱা দূতজন আগবাঢ়ি গ’ল, আৰু আন এজন দূতে তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ ওলাই আহিল। |
4 |
আৰু দ্বিতীয় দূতজনে তেওঁক ক’লে, “তুমি বেগাই যোৱা আৰু সেই ডেকাক এই কথা কোৱা, ‘যিৰূচালেম গড় নোহোৱা গাওঁৰ নিচিনা বসতিস্থান হ’ব; যিৰূচালেমৰ মাজত থকা অধিক মানুহ আৰু পশুৰ কাৰণে। |
5 |
কিয়নো যিহোৱাই কৈছে, ‘ময়েই তাৰ চাৰিওফালে অগ্নিৰ গড়, আৰু তাৰ মাজত গৌৰৱস্বৰূপ হ’ম। |
6 |
যিহোৱাই কৈছে, হে লোকসকল, হে লোকসকল! তোমালোক উত্তৰ দেশৰ পৰা পলাই যোৱা; কিয়নো যিহোৱাই কৈছে, ‘আকাশৰ চাৰি বায়ুৱে কৰা নিচিনাকৈ মই তোমালোকক ছিন্ন-ভিন্ন কৰিলোঁ!’ |
7 |
‘বাবিল জীয়াৰীয়ে সৈতে প্ৰবাস কৰা হে চিয়োন, ৰক্ষাৰ অৰ্থে পলোৱা’।” |
8 |
কিয়নো বাহিনীসকলৰ যিহোৱাই মোক সন্মানিত কৰিলে, আৰু তোমালোকক লুণ্ঠণ কৰা জাতিবোৰৰ ওচৰলৈ তেওঁ মোক পঠিয়ালে; কাৰণ যিজনে তোমালোকক স্পৰ্শ কৰে, সেইজনে তেওঁ ৰ চকুৰ মণি স্পৰ্শ কৰে। |
9 |
কিয়নো চোৱা, মই যেতিয়া সিহঁতৰ ওপৰত মোৰ হাত জোকাৰিম; তেতিয়া সিহঁত সেই লোকসকলৰ বন্দীকাম কৰা লোকৰ লুটদ্ৰব্য হ’ব।” আৰু বাহিনীসকলৰ যিহোৱাই যে মোক পঠিয়ালে, তেতিয়া তোমালোকে জানিবা। |
10 |
“হে চিয়োন জীয়াৰী, গীত গাই আনন্দ কৰা;” কিয়নো, যিহোৱাই কৈছে, চোৱা, “মই আহিছোঁ, আৰু মই তোমালোকৰ মাজত বাস কৰিম!” |
11 |
তেতিয়া সেই দিনা অনেক জাতিয়ে যিহোৱাৰ লগ ল’ব। তেওঁ ক’ব, “তোমালোক মোৰ প্ৰজা হ’বা; আৰু মই তোমাৰ মাজত বাস কৰিম।” তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমাৰ ওচৰলৈ পঠালে, ইয়াকে তুমি জানিবা। |
12 |
আৰু যিহোৱাই পবিত্ৰ দেশত নিজ অংশস্বৰূপে যিহূদা অধিকাৰ কৰিব আৰু পুনৰায় যিৰূচালেমক মনোনীত কৰিব। |
13 |
হে সমূদায় লোক, যিহোৱাৰ আগত মনে মনে থাকা; কিয়নো তেওঁ স্বৰ্গৰ পৰা জাগি উঠিছে!
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
জাখারিয়া 2:1 |
জাখারিয়া 2:2 |
জাখারিয়া 2:3 |
জাখারিয়া 2:4 |
জাখারিয়া 2:5 |
জাখারিয়া 2:6 |
জাখারিয়া 2:7 |
জাখারিয়া 2:8 |
জাখারিয়া 2:9 |
জাখারিয়া 2:10 |
জাখারিয়া 2:11 |
জাখারিয়া 2:12 |
জাখারিয়া 2:13 |
|
|
|
|
|
|
জাখারিয়া 1 / জাখা 1 |
জাখারিয়া 2 / জাখা 2 |
জাখারিয়া 3 / জাখা 3 |
জাখারিয়া 4 / জাখা 4 |
জাখারিয়া 5 / জাখা 5 |
জাখারিয়া 6 / জাখা 6 |
জাখারিয়া 7 / জাখা 7 |
জাখারিয়া 8 / জাখা 8 |
জাখারিয়া 9 / জাখা 9 |
জাখারিয়া 10 / জাখা 10 |
জাখারিয়া 11 / জাখা 11 |
জাখারিয়া 12 / জাখা 12 |
জাখারিয়া 13 / জাখা 13 |
জাখারিয়া 14 / জাখা 14 |