1 |
তোমালোকে বসন্তকালৰ সময়ত যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা- ধুমুহা-বৰষুণ সৃষ্টি কৰোঁতা যিহোৱা তেৱেঁই! আৰু তেৱেঁই তেওঁলোকৰ বাবে জাকে জাকে বৰষুণ দিব, মানুহ আৰু পথাৰ উভয়ৰ বাবেই বৰষুণ বৰষাব। |
2 |
কিয়নো গৃহ-দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে মেৰ-ছাগৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়। |
3 |
মেৰ-ছাগ ৰখীয়াসকলৰ অহিতে মোৰ ক্ৰোধ জ্বলি উঠিছে, আৰু এই পৰিচাৰকসকলক মই দণ্ড দিম; কিয়নো বাহিনীসকলৰ যিহোৱাই তেওঁৰ জাক যিহূদা-বংশৰ বুজ-বিচাৰ লৈ, তেওঁলোকক নিজৰ উত্তম ৰণুৱা ঘোঁৰা যেন কৰিব! |
4 |
তাৰে পৰাই চুকৰ শিলটো, তম্বু ধৰি ৰখা খুটি, যুদ্ধৰ ধনু আৰু অধিপতি সকল আহিব। |
5 |
তেওঁলোকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁলোকৰ শত্ৰুবোৰক গচকিব; তেওঁলোকে যুদ্ধ কৰিব, কিয়নো যিহোৱা তেওঁলোকৰ লগত আছে, আৰু যিসকল অশ্বাৰোহী, তেওঁলোকক লজ্জিত কৰিব। |
6 |
“মই যিহূদা বংশক সবল কৰিম আৰু যোচেফৰ বংশক উদ্ধাৰ কৰিম; কিয়নো তেওঁলোকক মই পুনৰায় পূৰ্ব অৱস্থালৈ আনিম কাৰণ তেওঁলোকৰ ওপৰত মোৰ দয়া আছে। তেওঁলোক যেন মোৰ দ্বাৰাই পৰিত্যক্ত হোৱা নাছিল, এনেকুৱা তেওঁলোক হ’ব; কাৰণ মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু মই তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিম। |
7 |
তেতিয়া ইফ্ৰয়িমীয়াসকল বীৰপুৰুষৰ নিচিনা হ’ব আৰু দ্ৰাক্ষাৰসৰ দ্বাৰাই যেনেকৈ মানুহৰ মনত আনন্দ হয়, তেওঁলোকৰ হৃদয়ত তেনে আনন্দ হ’ব; তেওঁলোকৰ সন্তান সকলে তাকে দেখি আনন্দ কৰিব। তেওঁলোকৰ হৃদয়ে যিহোৱাত উল্লাস কৰিব! |
8 |
মই তেওঁলোকক সুহুৰিয়াই মাতি একগোট কৰিম, কিয়নো মই তেওঁলোকক উদ্ধাৰ কৰিম আৰু তেওঁলোক পুনৰায় বৃদ্ধি পোৱাৰ দৰে বৃদ্ধি পাব! |
9 |
মই তেওঁলোকক জাতি সমূহৰ মাজত বীজ সিঁচাৰ দৰে সিঁচিছিলোঁ, কিন্তু তেওঁলোকে দূৰ দেশত মোক সোঁৱৰণ কৰিব যাতে তেওঁলোকে নিজ নিজ সন্তান সকলৰ সৈতে জীৱন-যাপন কৰি ঘূৰি আহিব। |
10 |
কিয়নো মই তেওঁলোকক মিচৰ দেশৰ পৰা ঘূৰাই আনিম আৰু অচূৰৰ পৰা তেওঁলোকক গোট খুৱাম। যেতিয়া তেওঁলোকৰ ঠাইৰ নাটনি হ’ব, তেতিয়া মই তেওঁলোকক গিলিয়দ দেশ আৰু লিবানোনলৈ আনিম। |
11 |
তেওঁলোকে সঙ্কটপূৰ্ণ সমুদ্ৰৰ মাজেদি যাত্রা কৰিব; তেওঁলোকে সাগৰৰ ঢৌক প্ৰহাৰ কৰিব; আৰু নীল নদীৰ সকলো জল তেওঁলোকে শুকুৱাই পেলাব। অচূৰৰ মহত্ত্ব তল পেলোৱা হ’ব আৰু মিচৰৰ দণ্ডডালি তেওঁলোকৰ পৰা দূৰ কৰা যাব। |
12 |
মই তেওঁলোকক মোৰে সৈতে সবল কৰিম আৰু তেওঁলোকে তেওঁৰ নামেৰে অহা-যোৱা কৰিব।” এয়েই যিহোৱাৰ ঘোষণা।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
জাখারিয়া 10:1 |
জাখারিয়া 10:2 |
জাখারিয়া 10:3 |
জাখারিয়া 10:4 |
জাখারিয়া 10:5 |
জাখারিয়া 10:6 |
জাখারিয়া 10:7 |
জাখারিয়া 10:8 |
জাখারিয়া 10:9 |
জাখারিয়া 10:10 |
জাখারিয়া 10:11 |
জাখারিয়া 10:12 |
|
|
|
|
|
|
জাখারিয়া 1 / জাখা 1 |
জাখারিয়া 2 / জাখা 2 |
জাখারিয়া 3 / জাখা 3 |
জাখারিয়া 4 / জাখা 4 |
জাখারিয়া 5 / জাখা 5 |
জাখারিয়া 6 / জাখা 6 |
জাখারিয়া 7 / জাখা 7 |
জাখারিয়া 8 / জাখা 8 |
জাখারিয়া 9 / জাখা 9 |
জাখারিয়া 10 / জাখা 10 |
জাখারিয়া 11 / জাখা 11 |
জাখারিয়া 12 / জাখা 12 |
জাখারিয়া 13 / জাখা 13 |
জাখারিয়া 14 / জাখা 14 |