1 |
প্ৰভু যিহোৱাই মোক এই দর্শন দেখুৱালে: “চোৱা, যেতিয়া দ্বিতীয়বাৰ শস্য বাঢ়িবলৈ আৰম্ভ কৰিলে, সেই সময়ত তেওঁ কাকতি ফৰিংবোৰ সৃষ্টি কৰিছিল। ৰজাই প্রথম শস্য দোৱাৰ পাছত এইটো আছিল দ্বিতীয় শস্যৰ খেতি। |
2 |
সেই কাকতি ফৰিংবোৰে যেতিয়া দেশৰ সকলো সেউজীয়া শাক-পাচলি খাই শেষ কৰি পেলাইছিল, তেতিয়া মই মিনতি কৰিলোঁ, “হে প্ৰভু যিহোৱা, অনুগ্রহ কৰি ক্ষমা কৰক; যাকোব নো কেনেকৈ জীয়াই থাকিব? তেওঁ যে অতি সৰু।” |
3 |
তেতিয়া যিহোৱাই এই বিষয়ত মন সলনি কৰি ক’লে, “এইদৰে নঘটিব।” |
4 |
প্ৰভু যিহোৱাই মোক এইদৰে দর্শন দিলে: যিহোৱা ঈশ্বৰে বিচাৰৰ অর্থে অগ্নিক মাতিলে। সেই অগ্নিয়ে মহাসমুদ্রক শুকুৱাই পেলালে আৰু ভূমিকো গ্ৰাস কৰিবলৈ ধৰিলে। |
5 |
তেতিয়া মই কলোঁ, “হে প্ৰভু যিহোৱা, “মই অনুৰোধ কৰিছোঁ, আপুনি ক্ষান্ত হওঁক, যাকোব নো কেনেকৈ জীয়াই থাকিব? তেওঁ যে অতি সৰু।” |
6 |
তেতিয়া যিহোৱাই এই বিষয়ত মন সলনি কৰি ক’লে, “এইদৰে নঘটিব।” |
7 |
তেওঁ মোক পুনৰ এটা দর্শন দিলে: প্ৰভুৱে এডাল ওলোম-জৰী হাতত লৈ, ওলোমৰ জোখ লৈ তৈয়াৰ কৰা এটা দেৱালৰ ওচৰত থিয় হৈ আছিল। |
8 |
যিহোৱাই মোক ক’লে, “হে আমোচ, তুমি কি দেখিছা?” তেতিয়া মই কলোঁ, “এডাল ওলোম জৰী দেখিছোঁ।” তেতিয়া প্ৰভুৱে ক’লে, “চোৱা, মই মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত এডাল ওলোম-জৰী ৰাখিছো।” তেওঁলোকক মই আৰু কেতিয়াও ক্ষমা নকৰিম। |
9 |
ইচহাকৰ বংশৰ ওখ ঠাইৰ মঠবোৰ ধ্বংস হ’ব আৰু ইস্রায়েলৰ পূণ্যধামবোৰ উচ্ছন্ন হ’ব; মই তৰোৱাল লৈ যাৰবিয়ামৰ বংশৰ বিৰুদ্ধে উঠিম।” |
10 |
তাৰ পাছত বৈৎএলৰ পুৰোহিত অমচিয়াই ইস্ৰায়েলৰ ৰজা যাৰবিয়ামৰ ওচৰলৈ এই খবৰ কৈ পঠালে: “ইস্ৰায়েলৰ বংশৰ মাজত আপোনাৰ বিৰুদ্ধে আমোচে চক্ৰান্ত কৰিছে; দেশৰ লোকসকলে তেওঁৰ কোনো কথা সহিব পৰা নাই। |
11 |
আমোচে এই কথা কৈছে: ‘যাৰবিয়াম তৰোৱালৰ আঘাতৰ দ্বাৰাই মৃত্যু হ’ব; ইস্ৰায়েলে অৱশ্যেই নিজ দেশৰ পৰা বন্দী হৈ আন দেশলৈ যাব লাগিব’।” |
12 |
অমচিয়াই আমোচক ক’লে, “হে ভাৱবাদী, যোৱা! তুমি ইয়াৰ পৰা যিহূদা দেশলৈ গুচি যোৱা। তাতেই ভাৱবাদী হিচাবে জীৱিকা উলিওৱা আৰু তাতেই ভাৱবাণী প্ৰচাৰ কৰা। |
13 |
কিন্তু বৈৎএলত হলে পুনৰ ভাৱবাণী প্ৰচাৰ নকৰিবা; কিয়নো এই ঠাই ৰজাৰ পুণ্যধাম আৰু এক ৰাজকীয় মন্দিৰ ।” |
14 |
তেতিয়া আমোচে উত্তৰ দি অমচিয়াক ক’লে, “মই ভাববাদীও নহওঁ নাইবা ভাববাদীৰ শিষ্যও নহওঁ। মই এজন পশু-ৰখীয়া আৰু ডিমৰু গছবোৰৰ ফল সংগ্ৰহ কৰোঁতা আছিলোঁ। |
15 |
যিহোৱাই মোক মেৰ-ছাগৰ জাক চৰোৱা কার্যৰ পৰা আনি মোক ক’লে, ‘তুমি যোৱা আৰু মোৰ ইস্ৰায়েলৰ লোকসকলৰ আগত গৈ ভাৱবাণী প্ৰচাৰ কৰা’। |
16 |
তেনেহ’লে এতিয়া আপুনি যিহোৱাৰ বাক্য শুনক; আপুনি কৈছে, ‘ইস্ৰায়েলৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ নকৰিবা আৰু ইচহাকৰ বংশৰ বিৰুদ্ধেও প্রচাৰ নকৰিবা।’ |
17 |
সেইবাবে যিহোৱাই এই কথা কৈছে: ‘তোমাৰ ভার্যা নগৰখনৰ মাজত বেশ্যা হ’ব, তোমাৰ ল’ৰা-ছোৱালী তৰোৱালৰ দ্বাৰাই পতিত হ’ব, তোমাৰ মাটি জুখি জুখি আনৰ মাজত ভগাই দিয়া হ’ব; তুমি নিজেও এক অশুচি দেশত মৰিবা, ইস্ৰায়েলক নিজ দেশৰ পৰা দেশান্তৰিত হ’ব’।”
|
English Standard Version (ESV) |
The Holy Bible, English Standard Version. ESV® Permanent Text Edition® (2016). Copyright © 2001 by Crossway Bibles, a publishing ministry of Good News Publishers. |
|
|
|
|
|
|
|
|
|
|
আমোস 7:1 |
আমোস 7:2 |
আমোস 7:3 |
আমোস 7:4 |
আমোস 7:5 |
আমোস 7:6 |
আমোস 7:7 |
আমোস 7:8 |
আমোস 7:9 |
আমোস 7:10 |
আমোস 7:11 |
আমোস 7:12 |
আমোস 7:13 |
আমোস 7:14 |
আমোস 7:15 |
আমোস 7:16 |
আমোস 7:17 |
|
|
|
|
|
|
আমোস 1 / Amos 1 |
আমোস 2 / Amos 2 |
আমোস 3 / Amos 3 |
আমোস 4 / Amos 4 |
আমোস 5 / Amos 5 |
আমোস 6 / Amos 6 |
আমোস 7 / Amos 7 |
আমোস 8 / Amos 8 |
আমোস 9 / Amos 9 |