1 |
যিহোৱাই এই কথা কৈছে: “মোৱাবৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সি ইদোমৰ ৰজাৰ হাড়বোৰ পুৰি চূৰ্ণ কৰিলে। |
2 |
সেইবাবে মই মোৱাবৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেয়ে কৰিয়োতৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব; যুদ্ধৰ ধ্বনি আৰু ভীষণ শিঙাৰ শব্দেৰে সৈতে কোলাহলৰ মাজত মোৱাবৰ পতন হ’ব। |
3 |
মোৱাবৰ মাজৰ পৰা মই বিচাৰকৰ্ত্তাক উচ্ছন্ন কৰিম আৰু তেওঁৰ লগত সকলো অধিকাৰীকো বধ কৰিম।” |
4 |
যিহোৱাই এই কথা কৈছে: “যিহূদাৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো তেওঁলোকে যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে; তেওঁৰ বিধিবোৰ পালন নকৰিলে; তেওঁলোকৰ পূৰ্বপুৰুষসকলে যি মিথ্যা দেৱতাবোৰৰ পাছত চলিছিল, তেওঁলোকো সেইদৰে বিপথে গ’ল। |
5 |
সেইবাবে মই যিহূদাৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম আৰু সেয়ে যিৰূচালেমৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব। |
6 |
যিহোৱাই এই কথা কৈছে: “ইস্ৰায়েলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কাৰণ তাৰ লোকসকলে ৰূপৰ বিনিময়ত সৎ লোকক আৰু এযোৰ জোতাৰ বিনিময়ত দৰিদ্ৰক বিক্রি কৰে। |
7 |
তেওঁলোকে দৰিদ্রৰ মূৰবোৰ মাটিৰ ধূলিত গছকে আৰু পীড়িতসকলক পথৰ পৰা দূৰলৈ ঠেলি পঠায়। পিতৃ আৰু পুত্রই একেজনী যুৱতীৰ সৈতে শয়ন কৰে আৰু এইদৰে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰে। |
8 |
তেওঁলোক প্ৰত্যেক যজ্ঞ-বেদীৰ কাষত বন্ধকত লোৱা কাপোৰৰ ওপৰত শোৱে। জৰিমনা কৰি পোৱা ধনেৰে দ্রাক্ষাৰস কিনি তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰত পান কৰে। |
9 |
ইমোৰীয়াসকল যদিও এৰচ গছৰ নিচিনা ওখ আৰু অল্লোন গছৰ নিচিনা শক্তিশালী, আছিল তথাপিও তোমালোকৰ সন্মুখতে মই সেই ইমোৰীয়া লোকক ধ্বংস কৰিলোঁ; মই ওপৰত থকা তেওঁলোকৰ ফল আৰু তলত থকা তেওঁলোকৰ শিপা নষ্ট কৰিলোঁ। |
10 |
সেই ইমোৰীয়াসকলৰ দেশত আধিপত্য দিবৰ কাৰণে ময়েই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনি চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত লৈ ফুৰালোঁ। |
11 |
হে ইস্রায়েলবাসী, মই যে তোমালোকৰ সন্তান সকলৰ মাজৰ কোনো কোনোক ভাববাদী আৰু যুৱকসকলৰ মাজৰ কোনো কোনোক নাচৰীয় হিচাবে বাচি ললোঁ, এই কথা জানো সত্য নহয়?” যিহোৱাই ইয়াকে কৈছে। |
12 |
“কিন্তু তোমালোকে সেই নাচৰীয়সকলক দ্ৰাক্ষাৰস পান কৰালা আৰু ভাৱবাণী প্ৰচাৰ কৰিবলৈ সেই ভাববাদীসকলক নিষেধ কৰিলা। |
13 |
চোৱা, শস্যভৰা গাড়ীৰ তলত শস্য পৰিলে যেনেকৈ গুড়ি হয়, তেনেকৈ এতিয়া মই তোমালোকক পিহি গুড়ি কৰিম। |
14 |
সেই কালত দ্রুতগামী লোকেও পলায়ন কৰি ৰক্ষা পোৱাৰ উপায় নাথাকিব; বলবানে নিজৰ বল দেখাব নোৱাৰিব আৰু পৰাক্রমীজনেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব; |
15 |
ধনুৰ্দ্ধৰ স্থিৰভাৱে ৰৈ থাকিব নোৱাৰিব; বেগী দৌৰবিদজনে পলাব নোৱাৰিব; এনেকি অশ্বাৰোহীয়ে নিজৰ প্রাণ ৰক্ষা কৰিব নোৱাৰিব। |
16 |
যোদ্ধাসকলৰ মাজৰ অতি সাহিয়াল লোকেও সেই দিনা উলঙ্গ হৈ পলাই যাব।” ইয়াক যিহোৱাই কৈছে।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
আমোস 2:1 |
আমোস 2:2 |
আমোস 2:3 |
আমোস 2:4 |
আমোস 2:5 |
আমোস 2:6 |
আমোস 2:7 |
আমোস 2:8 |
আমোস 2:9 |
আমোস 2:10 |
আমোস 2:11 |
আমোস 2:12 |
আমোস 2:13 |
আমোস 2:14 |
আমোস 2:15 |
আমোস 2:16 |
|
|
|
|
|
|
আমোস 1 / আম 1 |
আমোস 2 / আম 2 |
আমোস 3 / আম 3 |
আমোস 4 / আম 4 |
আমোস 5 / আম 5 |
আমোস 6 / আম 6 |
আমোস 7 / আম 7 |
আমোস 8 / আম 8 |
আমোস 9 / আম 9 |