1 |
যিহোৱাই মোচিক মাতিলে, আৰু সাক্ষাৎ কৰা তম্বুৰ পৰা তেওঁ এই কথা ক’লে, |
2 |
“তুমি ইস্ৰায়েলৰ সন্তানসকলক এই কথা কোৱা, ‘তোমালোকৰ মাজৰ কোনোৱে যদি যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰে, তেন্তে সেয়ে ষাঁড়-গৰু আৰু মেৰ বা মেৰ-ছাগ হ’ব লাগিব। |
3 |
যদি তেওঁৰ উপহাৰ ষাঁড়-গৰুৰ জাকৰ পৰা অনা হোম বলি হয়, তেন্তে নিৰ্ঘূণী মতা গৰু উৎসৰ্গ কৰিব লাগিব। যিহোৱাৰ আগত গ্ৰাহ্য হ’বৰ কাৰণে, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ইয়াক উৎসৰ্গ কৰিব লাগিব। |
4 |
পাছত তেওঁ হোম-বলিৰ মূৰত হাত দিব; তেতিয়া সেই বলি তেওঁৰ প্ৰায়শ্চিত্তৰ অৰ্থে তেওঁৰ পক্ষত গ্ৰাহ্য হ’ব। |
5 |
আৰু তেওঁ যিহোৱাৰ সন্মুখত সেই দমৰা ষাঁড়-গৰুটো কাটিব। তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে তাৰ তেজ আনিব, আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ সন্মুখত থকা যজ্ঞবেদীৰ চাৰিওফালে সেই তেজ ছটিয়াই দিব। |
6 |
তেতিয়া সেই বলিৰ ছাল বখলিয়াই তাক খণ্ড খণ্ড কৰা হ’ব। |
7 |
আৰু হাৰোণ পুৰোহিতৰ পুত্ৰসকলে বেদীৰ ওপৰত জুই ৰাখিব আৰু জুইৰ ওপৰত কাঠ জাপি দিব। |
8 |
আৰু হাৰোণৰ পুত্ৰ পুৰোহিতসকলে সেই বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত সেই খণ্ডবোৰ, মূৰ আৰু তেল ঠিক মতে ৰাখিব। |
9 |
কিন্তু তেওঁ তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীত ধুব লাগিব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব। |
10 |
আৰু যদি তেওঁৰ উপহাৰ মেৰ-ছাগ বা ছাগলীৰ জাকৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ নিৰ্ঘূণী মতা পশু উৎসৰ্গ কৰিব। |
11 |
আৰু যজ্ঞবেদীৰ কাষত উত্তৰফালে যিহোৱাৰ সন্মুখত তাক কটা হ’ব; তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে বেদীৰ চাৰিওফালে তাৰ তেজ ছটিয়াব। |
12 |
পাছত তেওঁ তাক খণ্ড খণ্ড কৰি কাটিব; আৰু পুৰোহিতে তাৰ মূৰ আৰু তেলেৰে সৈতে তাক বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত ঠিকমতে সজাই ৰাখিব। |
13 |
কিন্তু তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীৰে ধুব লাগিব; তাৰ পাছত পুৰোহিতে সেই সকলো উৎসৰ্গ কৰিব আৰু বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ। |
14 |
যদি যিহোৱাৰ উদ্দেশ্যে দিয়া তেওঁৰ উপহাৰ পক্ষীবোৰৰ মাজৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ কপৌবোৰৰ বা পাৰ পোৱালিবোৰৰ মাজৰ পৰা নিজ উপহাৰ উৎসৰ্গ কৰিব। |
15 |
পাছত পুৰোহিতে তাক বেদীৰ ওপৰলৈ আনি, মূৰটো মুচৰি চিঙি, তাক বেদীত দগ্ধ কৰিব; আৰু তাৰ তেজ বেদীৰ কাষেৰে উলিয়াই দিব লাগিব। |
16 |
পাছত পুৰোহিতে তাৰ নাড়ী-ভুৰু আৰু আমঠুটো লৈ, বেদীৰ কাষত থকা পূবফালৰ ছাঁই পেলোৱা ঠাইত পেলাই দিব লাগিব। |
17 |
তাৰ পাছত পুৰোহিতে তাৰ ডেউকা দুখন কাটিব, কিন্তু সম্পূৰ্ণৰূপে তাক দুভাগ নকৰিব, আৰু বেদীত জুই আৰু কাঠৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
লেবীয় পুস্তক 1:1 |
লেবীয় পুস্তক 1:2 |
লেবীয় পুস্তক 1:3 |
লেবীয় পুস্তক 1:4 |
লেবীয় পুস্তক 1:5 |
লেবীয় পুস্তক 1:6 |
লেবীয় পুস্তক 1:7 |
লেবীয় পুস্তক 1:8 |
লেবীয় পুস্তক 1:9 |
লেবীয় পুস্তক 1:10 |
লেবীয় পুস্তক 1:11 |
লেবীয় পুস্তক 1:12 |
লেবীয় পুস্তক 1:13 |
লেবীয় পুস্তক 1:14 |
লেবীয় পুস্তক 1:15 |
লেবীয় পুস্তক 1:16 |
লেবীয় পুস্তক 1:17 |
|
|
|
|
|
|
লেবীয় পুস্তক 1 / লেপুস্ 1 |
লেবীয় পুস্তক 2 / লেপুস্ 2 |
লেবীয় পুস্তক 3 / লেপুস্ 3 |
লেবীয় পুস্তক 4 / লেপুস্ 4 |
লেবীয় পুস্তক 5 / লেপুস্ 5 |
লেবীয় পুস্তক 6 / লেপুস্ 6 |
লেবীয় পুস্তক 7 / লেপুস্ 7 |
লেবীয় পুস্তক 8 / লেপুস্ 8 |
লেবীয় পুস্তক 9 / লেপুস্ 9 |
লেবীয় পুস্তক 10 / লেপুস্ 10 |
লেবীয় পুস্তক 11 / লেপুস্ 11 |
লেবীয় পুস্তক 12 / লেপুস্ 12 |
লেবীয় পুস্তক 13 / লেপুস্ 13 |
লেবীয় পুস্তক 14 / লেপুস্ 14 |
লেবীয় পুস্তক 15 / লেপুস্ 15 |
লেবীয় পুস্তক 16 / লেপুস্ 16 |
লেবীয় পুস্তক 17 / লেপুস্ 17 |
লেবীয় পুস্তক 18 / লেপুস্ 18 |
লেবীয় পুস্তক 19 / লেপুস্ 19 |
লেবীয় পুস্তক 20 / লেপুস্ 20 |
লেবীয় পুস্তক 21 / লেপুস্ 21 |
লেবীয় পুস্তক 22 / লেপুস্ 22 |
লেবীয় পুস্তক 23 / লেপুস্ 23 |
লেবীয় পুস্তক 24 / লেপুস্ 24 |
লেবীয় পুস্তক 25 / লেপুস্ 25 |
লেবীয় পুস্তক 26 / লেপুস্ 26 |
লেবীয় পুস্তক 27 / লেপুস্ 27 |