1 |
হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ, তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত থ’লো। |
2 |
মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা, “আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক; যাতে আমি আমাৰ ওঁঠে ৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ। |
3 |
অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব; ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম। আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।” |
4 |
যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল। |
5 |
মই ইস্ৰায়েললৈ নিয়ৰৰ নিচিনা হম; তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব, লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব। |
6 |
তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব; জিত গছৰ নিচিনা তেওঁৰ সৌন্দর্য হ’ব; তেওঁৰ সুগন্ধ লিবানোনৰ এৰচ গছৰ নিচিনা হ’ব। |
7 |
তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব; তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব, আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব; লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব। |
8 |
ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’ মইয়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম। মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা; তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।” |
9 |
জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
হোসেয়া 14:1 |
হোসেয়া 14:2 |
হোসেয়া 14:3 |
হোসেয়া 14:4 |
হোসেয়া 14:5 |
হোসেয়া 14:6 |
হোসেয়া 14:7 |
হোসেয়া 14:8 |
হোসেয়া 14:9 |
|
|
|
|
|
|
হোসেয়া 1 / হোসে 1 |
হোসেয়া 2 / হোসে 2 |
হোসেয়া 3 / হোসে 3 |
হোসেয়া 4 / হোসে 4 |
হোসেয়া 5 / হোসে 5 |
হোসেয়া 6 / হোসে 6 |
হোসেয়া 7 / হোসে 7 |
হোসেয়া 8 / হোসে 8 |
হোসেয়া 9 / হোসে 9 |
হোসেয়া 10 / হোসে 10 |
হোসেয়া 11 / হোসে 11 |
হোসেয়া 12 / হোসে 12 |
হোসেয়া 13 / হোসে 13 |
হোসেয়া 14 / হোসে 14 |