1 |
যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত আৰু ইস্ৰায়েলৰ ৰজা যোৱাচৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ সময়ত বেৰীৰ পুত্ৰ হোচেয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল। |
2 |
হোচেয়াৰ মাধ্যমেদি প্রথমে কথা প্রকাশ কৰাৰ সময়ত যিহোৱাই হোচেয়াক কলে, “তুমি যোৱা আৰু নিজৰ বাবে এগৰাকী বেশ্যা মহিলাক বিবাহ কৰা। বেশ্যাস্বভাৱৰ ফলত জন্ম পোৱা তাইৰ সন্তান সকলকো গ্রহণ কৰিবা; কিয়নো দেশখনে যিহোৱাৰ পৰা আঁতৰি গৈ অতি ঘৃণনীয় বেশ্যা কৰ্ম কৰিছে।” |
3 |
সেইদৰে হোচেয়াই গৈ দিব্লয়িমৰ জীয়েক গোমৰক বিবাহ কৰিলে; তাৰ পাছত তাই গৰ্ভৱতী হৈ হোচেয়ালৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। |
4 |
তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি সেই ল’ৰাৰ নাম যিজ্ৰিয়েল ৰাখা; কিয়নো কিছু সময়ৰ ভিতৰত যিজ্ৰিয়েল নগৰত যেহূৱে কৰা ৰক্তপাতৰ কাৰণে মই যেহূৰ বংশক দণ্ড দিম আৰু মই ইস্ৰায়েল-বংশৰ ৰাজ্য শেষ কৰি দিম। |
5 |
সেইদিনা মই যিজ্ৰিয়েলৰ উপত্যকাত ইস্ৰায়েলৰ ধনু ভাঙিম।” |
6 |
পাছত গোমৰ পুনৰায় গৰ্ভৱতী হৈ এজনী ছোৱালী প্ৰসৱ কৰিলে; তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি ছোৱালীজনীৰ নাম লো-ৰুহামা ৰাখা; কিয়নো ইস্ৰায়েলৰ লোক সকলক মই পুনৰায় দয়া নকৰিম, তেওঁলোকক কোনোমতেই ক্ষমা নকৰিম। |
7 |
কিন্তু যিহূদাৰ লোকসকলক হলে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম; সেই উদ্ধাৰ ধনু, তৰোৱাল বা যুদ্ধ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ’ব।” |
8 |
লো-ৰুহামাক পিয়াহ এৰুউৱাৰ পাছত গোমৰ গৰ্ভৱতী হৈ পুনৰায় এটি পুত্ৰ প্ৰসৱ কৰিলে। |
9 |
তেতিয়া যিহোৱাই ক’লে, “তুমি তাৰ নাম লো-অম্মী ৰাখা; কিয়নো তোমালোক মোৰ প্ৰজা নোহোৱা নতুবা মইও তোমালোকৰ ঈশ্বৰ নহয়।” |
10 |
তথাপিও ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা সাগৰৰ পাৰৰ বালিৰ নিচিনা জুখিব আৰু গণিব নোৱাৰা কৰিম; যি ঠাইত তেওঁলোকক কোৱা হৈছিল, “তোমালোক মোৰ লোক নোহোৱা,” সেই ঠাইত, তেওঁলোকক কোৱা হ’ব, “জীৱন্ত ঈশ্বৰৰ সন্তান।” |
11 |
যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল মিলিত হ’ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ যিজ্ৰিয়েলৰ সেই দিন মহৎ হ’ব।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
হোসেয়া 1:1 |
হোসেয়া 1:2 |
হোসেয়া 1:3 |
হোসেয়া 1:4 |
হোসেয়া 1:5 |
হোসেয়া 1:6 |
হোসেয়া 1:7 |
হোসেয়া 1:8 |
হোসেয়া 1:9 |
হোসেয়া 1:10 |
হোসেয়া 1:11 |
|
|
|
|
|
|
হোসেয়া 1 / হোসে 1 |
হোসেয়া 2 / হোসে 2 |
হোসেয়া 3 / হোসে 3 |
হোসেয়া 4 / হোসে 4 |
হোসেয়া 5 / হোসে 5 |
হোসেয়া 6 / হোসে 6 |
হোসেয়া 7 / হোসে 7 |
হোসেয়া 8 / হোসে 8 |
হোসেয়া 9 / হোসে 9 |
হোসেয়া 10 / হোসে 10 |
হোসেয়া 11 / হোসে 11 |
হোসেয়া 12 / হোসে 12 |
হোসেয়া 13 / হোসে 13 |
হোসেয়া 14 / হোসে 14 |