1 |
তাৰ পাছত সেই মানুহে মোক উত্তৰ ফালৰ বাটেদি বাহিৰ চোতালখনলৈ নি আৰু পৃথক কৰা ঠাইৰ সন্মূখত আৰু উত্তৰ ফালৰ ঘৰটোৰ সন্মুখত থকা কোঁঠালিবোৰলৈ নিলে। |
2 |
আৰু এশ হাত দীঘল ঠাইৰ আগত উপস্থিত কৰোৱালে; দুৱাৰ উত্তৰ ফালে আছিল; প্ৰস্থ পঞ্চাশ হাত। |
3 |
সেই কোঁঠালিবোৰ ভিতৰ চোতালখনৰ বিশ হাতৰ আগত আৰু বাহিৰ চোতালখনৰ শিলত পাৰি দিয়া ঠাইৰ সন্মুখত আছিল; তৃতীয় খাপৰ ঠেক বাৰাণ্ডাবোৰ সন্মূখা-সন্মূখিকৈ আছিল। |
4 |
আৰু ভিতৰ ফালে কোঁঠালিবোৰৰ আগত দহ হাত বহল আৰু এশ হাত দীঘল এটা অহা-যোৱা কৰা বাট আছিল; আৰু সেইবোৰৰ দুৱাৰ উত্তৰফালে আছিল। |
5 |
ওপৰৰ কোঁঠালিবোৰ ঠেক; কিয়নো ঘৰটোত ঠেক বাৰাণ্ডা কেইটাই তলৰ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠাই লৈছিল। |
6 |
কাৰণ সেইবোৰ তিনিও খাপত আছিল, আৰু বাহিৰ চোতালখনৰ কোঁঠালিবোৰৰ স্তম্ভৰ দৰে সেইবোৰৰ স্তম্ভ নাছিল; এই হেতুকে ওপৰৰ কোঁঠালিবোৰ মাটিত থকা তলৰ কোঁঠালিতকৈ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠেক আছিল। |
7 |
আৰু বাহিৰত, বাহিৰ চোতাললখনৰ ফালে কোঁঠালিবোৰৰ কাষত আৰু কোঁঠালিবোৰৰ সন্মুখত যি গড় আছিল, সেয়ে পঞ্চাশ হাত দীঘল। |
8 |
কিয়নো বাহিৰ চোতালখনৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য পঞ্চাশ হাত; কিন্তু মন্দিৰৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য এশ হাত। |
9 |
বাহিৰ চোতালখনৰ পৰা সেইবোৰ কোঁঠালিত সোমাবলৈ গ’লে, সেইবোৰৰ ঠাইতকৈ চাপৰত, পূৱফালে সোমোৱা বাট পোৱা যায়। |
10 |
চোতালখনৰ গড়ৰ বহলফালে পূৱদিশে পৃথক কৰা ঠাইৰ আৰু ঘৰটোৰ আগত কোঁঠালিবোৰ আছিল। |
11 |
এইবোৰৰ আগত যি এটা বাট আছিল, সেই বাট উত্তৰফালে থকা কোঁঠালিবোৰৰ সন্মুখৰ বাটৰ নিচিনা যেন দেখা যায়; এইবোৰ সেইবোৰৰ সমানে দীঘল আৰু বহল আৰু এইবোৰৰ আটাইবোৰ বাহিৰলৈ ওলোৱা বাট সেইবোৰৰ দৰে আৰু সেই ধৰণেই। |
12 |
বাটৰ মুৰত, দক্ষিণফালে থকা কোঁঠালিবোৰৰ দুৱাৰবোৰৰ নিচিনা এখন দুৱাৰ আছিল; সেই কোঁঠালিবোৰত সোমাবলৈ গ’লে, পূৱফালে ঠিক গড়ৰ সন্মুখত সেই দুৱাৰ পোৱা যায়। |
13 |
তেতিয়া তেওঁ মোক ক’লে, “পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি; যিহোৱাৰ ওচৰত থকা পুৰোহিতসকলে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁলোকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ। |
14 |
যেতিয়া পুৰোহিতসকল পবিত্ৰ স্থানত সোমায়, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ তাত নৰখাকৈ তাৰ পৰা বাহিৰ চোতালখনলৈ নাযায়; কিয়নো সেইবোৰ পবিত্ৰ; তেওঁলোকে আন বস্ত্ৰ পিন্ধি লোকসকলৰ ঠাইলৈ যায়।” |
15 |
পাছত তেওঁ ভিতৰ গৃহ জুখি এঁটালত, পূৱফালেমুখ কৰা বাট-চৰাইদি মোক উলিয়াই নিলে আৰু চাৰিওফালে গোটেই গৃহ জুখিলে। |
16 |
তেওঁ পূৱফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে। |
17 |
তেওঁ ঘূৰি উত্তৰফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে। |
18 |
তেওঁ দক্ষিণফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে। |
19 |
আৰু তেওঁ পশ্চিফাললৈ ঘূৰি সেই ফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে। |
20 |
তেওঁ চাৰিওফালে তাক জুখিলে; পবিত্ৰ আৰু সাধাৰণ ঠাইৰ মাজত প্ৰভেদ কৰিবলৈ, তাৰ চাৰিওফালে পাঁচশ হাত দীঘল আৰু পাঁচশ হাত বহল এনে এটা গড় আছিল।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
এজেকিয়েল 42:1 |
এজেকিয়েল 42:2 |
এজেকিয়েল 42:3 |
এজেকিয়েল 42:4 |
এজেকিয়েল 42:5 |
এজেকিয়েল 42:6 |
এজেকিয়েল 42:7 |
এজেকিয়েল 42:8 |
এজেকিয়েল 42:9 |
এজেকিয়েল 42:10 |
এজেকিয়েল 42:11 |
এজেকিয়েল 42:12 |
এজেকিয়েল 42:13 |
এজেকিয়েল 42:14 |
এজেকিয়েল 42:15 |
এজেকিয়েল 42:16 |
এজেকিয়েল 42:17 |
এজেকিয়েল 42:18 |
এজেকিয়েল 42:19 |
এজেকিয়েল 42:20 |
|
|
|
|
|
|
এজেকিয়েল 1 / এজে 1 |
এজেকিয়েল 2 / এজে 2 |
এজেকিয়েল 3 / এজে 3 |
এজেকিয়েল 4 / এজে 4 |
এজেকিয়েল 5 / এজে 5 |
এজেকিয়েল 6 / এজে 6 |
এজেকিয়েল 7 / এজে 7 |
এজেকিয়েল 8 / এজে 8 |
এজেকিয়েল 9 / এজে 9 |
এজেকিয়েল 10 / এজে 10 |
এজেকিয়েল 11 / এজে 11 |
এজেকিয়েল 12 / এজে 12 |
এজেকিয়েল 13 / এজে 13 |
এজেকিয়েল 14 / এজে 14 |
এজেকিয়েল 15 / এজে 15 |
এজেকিয়েল 16 / এজে 16 |
এজেকিয়েল 17 / এজে 17 |
এজেকিয়েল 18 / এজে 18 |
এজেকিয়েল 19 / এজে 19 |
এজেকিয়েল 20 / এজে 20 |
এজেকিয়েল 21 / এজে 21 |
এজেকিয়েল 22 / এজে 22 |
এজেকিয়েল 23 / এজে 23 |
এজেকিয়েল 24 / এজে 24 |
এজেকিয়েল 25 / এজে 25 |
এজেকিয়েল 26 / এজে 26 |
এজেকিয়েল 27 / এজে 27 |
এজেকিয়েল 28 / এজে 28 |
এজেকিয়েল 29 / এজে 29 |
এজেকিয়েল 30 / এজে 30 |
এজেকিয়েল 31 / এজে 31 |
এজেকিয়েল 32 / এজে 32 |
এজেকিয়েল 33 / এজে 33 |
এজেকিয়েল 34 / এজে 34 |
এজেকিয়েল 35 / এজে 35 |
এজেকিয়েল 36 / এজে 36 |
এজেকিয়েল 37 / এজে 37 |
এজেকিয়েল 38 / এজে 38 |
এজেকিয়েল 39 / এজে 39 |
এজেকিয়েল 40 / এজে 40 |
এজেকিয়েল 41 / এজে 41 |
এজেকিয়েল 42 / এজে 42 |
এজেকিয়েল 43 / এজে 43 |
এজেকিয়েল 44 / এজে 44 |
এজেকিয়েল 45 / এজে 45 |
এজেকিয়েল 46 / এজে 46 |
এজেকিয়েল 47 / এজে 47 |
এজেকিয়েল 48 / এজে 48 |