1 |
পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, |
2 |
“হে মনুষ্য সন্তান, তুমি চেয়ীৰ পৰ্ব্বতৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। |
3 |
আৰু তাক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে চেয়ীৰ পৰ্ব্বত, মই তোমাৰ বিপক্ষ, আৰু মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক ধ্বংস কৰিম আৰু বিস্ময়ৰ ঠাই কৰিম। |
4 |
মই তোমাৰ নগৰবোৰ উচ্ছন্ন কৰিম, আৰু অৱহেলিত হ’বা; তেতিয়া মই যে যিহোৱা ইয়াক তুমি জানিবা। |
5 |
কিয়নো ইস্রায়েলৰ সন্তান সকলৰ প্রতি তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে, আৰু অন্তজনক অপৰাধৰ কালত, তেওঁলোকৰ আপদৰ কালতেই তুমি তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিলা - |
6 |
এই কাৰণে, প্ৰভু যিহোৱাই কৈছে, ‘মোৰ জীৱনৰ শপত, মই তোমাক ৰক্তময় কৰিম, আৰু ৰক্তই তোমাৰ পাছে পাছে খেদি যাব। যিহেতু তুমি ৰক্তময় ঘিণ কৰা নাছিলা, ৰক্তই তোমাক অনুসৰণ কৰিব। |
7 |
এইদৰে মই চেয়ীৰ পৰ্ব্বতক বিস্ময়ৰ আৰু ধ্বংসৰ ঠাই কৰিম, আৰু তাৰ মাজেদি অহা-যোৱা কৰা লোকক তাৰ পৰা উচ্ছন্ন কৰিম। |
8 |
আৰু মই তাৰ হত হোৱা লোকেৰে সৈতে তাৰ পৰ্ব্বতবোৰ পূৰ কৰিম। তোমাৰ গিৰিবোৰত, তোমাৰ উপত্যকাবোৰত আৰু তোমাৰ আটাই জুৰিবোৰৰ কাষত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকল পতিত হ’ব। |
9 |
মই তোমাক চিৰকলীয়া ধ্বংসস্থানত পৰিণত কৰিম। তোমাৰ নগৰবোৰত কোনেও বসতি নকৰিব, কিন্তু মই যে যিহোৱা, তাক তোমালোকে জানিবা। |
10 |
তুমি কৈছা, “সেই দুই জাতিৰ মাজত আৰু সেই দুখন দেশত যিহোৱা থাকিলেও সেইবোৰ মোৰেই হ’ব, আৰু আমি সেইবোৰ অধিকাৰ কৰিম।” |
11 |
এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, ‘মই তোমাৰ ক্ৰোধ অনুসাৰে, আৰু তেওঁলোকক ঘিণ কৰি তুমি দেখুউৱা তোমাৰ ঈৰ্ষা অনুসাৰে মই কাৰ্য কৰিম; আৰু যেতিয়া মই তোমাক বিচাৰসিদ্ধ দণ্ড দিম, তেতিয়া মই তেওঁলোকৰ মাজত নিজকে চিনাকি দিম। |
12 |
গতিকে তুমি জানিবা যে ময়েই যিহোৱা! ইস্ৰায়েলৰ পৰ্ব্বতবোৰ ধ্বংস কৰা হ’ল, সেইবোৰ গ্ৰাস কৰিবৰ নিমিত্তে আমাকেই দিয়া হ’ল, এইবুলি সেইবোৰৰ বিৰুদ্ধে তুমি কোৱা তোমাৰ আটাই নিন্দা-বাক্য মই শুনিলোঁ। |
13 |
আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা; আৰু মোৰ বিৰুদ্ধে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ। |
14 |
প্ৰভু যিহোৱাই এই কথা কৈছে: গোটেই পৃথিৱীয়ে আনন্দ কৰা সময়ত মই তোমাক ধ্বংস কৰিম। |
15 |
ইস্ৰায়েল বংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম; হে চেয়ীৰ পৰ্ব্বত, হে গোটেই ইদোম, তোমাৰ সকলোকে ধ্বংস কৰা হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’!”
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
এজেকিয়েল 35:1 |
এজেকিয়েল 35:2 |
এজেকিয়েল 35:3 |
এজেকিয়েল 35:4 |
এজেকিয়েল 35:5 |
এজেকিয়েল 35:6 |
এজেকিয়েল 35:7 |
এজেকিয়েল 35:8 |
এজেকিয়েল 35:9 |
এজেকিয়েল 35:10 |
এজেকিয়েল 35:11 |
এজেকিয়েল 35:12 |
এজেকিয়েল 35:13 |
এজেকিয়েল 35:14 |
এজেকিয়েল 35:15 |
|
|
|
|
|
|
এজেকিয়েল 1 / এজে 1 |
এজেকিয়েল 2 / এজে 2 |
এজেকিয়েল 3 / এজে 3 |
এজেকিয়েল 4 / এজে 4 |
এজেকিয়েল 5 / এজে 5 |
এজেকিয়েল 6 / এজে 6 |
এজেকিয়েল 7 / এজে 7 |
এজেকিয়েল 8 / এজে 8 |
এজেকিয়েল 9 / এজে 9 |
এজেকিয়েল 10 / এজে 10 |
এজেকিয়েল 11 / এজে 11 |
এজেকিয়েল 12 / এজে 12 |
এজেকিয়েল 13 / এজে 13 |
এজেকিয়েল 14 / এজে 14 |
এজেকিয়েল 15 / এজে 15 |
এজেকিয়েল 16 / এজে 16 |
এজেকিয়েল 17 / এজে 17 |
এজেকিয়েল 18 / এজে 18 |
এজেকিয়েল 19 / এজে 19 |
এজেকিয়েল 20 / এজে 20 |
এজেকিয়েল 21 / এজে 21 |
এজেকিয়েল 22 / এজে 22 |
এজেকিয়েল 23 / এজে 23 |
এজেকিয়েল 24 / এজে 24 |
এজেকিয়েল 25 / এজে 25 |
এজেকিয়েল 26 / এজে 26 |
এজেকিয়েল 27 / এজে 27 |
এজেকিয়েল 28 / এজে 28 |
এজেকিয়েল 29 / এজে 29 |
এজেকিয়েল 30 / এজে 30 |
এজেকিয়েল 31 / এজে 31 |
এজেকিয়েল 32 / এজে 32 |
এজেকিয়েল 33 / এজে 33 |
এজেকিয়েল 34 / এজে 34 |
এজেকিয়েল 35 / এজে 35 |
এজেকিয়েল 36 / এজে 36 |
এজেকিয়েল 37 / এজে 37 |
এজেকিয়েল 38 / এজে 38 |
এজেকিয়েল 39 / এজে 39 |
এজেকিয়েল 40 / এজে 40 |
এজেকিয়েল 41 / এজে 41 |
এজেকিয়েল 42 / এজে 42 |
এজেকিয়েল 43 / এজে 43 |
এজেকিয়েল 44 / এজে 44 |
এজেকিয়েল 45 / এজে 45 |
এজেকিয়েল 46 / এজে 46 |
এজেকিয়েল 47 / এজে 47 |
এজেকিয়েল 48 / এজে 48 |