A A A A A
Facebook Instagram Twitter
ইণ্ডিয়ান ৰিভাইচ ভাৰচন

যেরেমিয়া 39



1
পাছত যিৰূচালেম শত্রুৰ হাতত পৰা সময়ত, যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহত বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্য-সামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰিলে।
2
পাছত চিদিকিয়াৰ ৰাজত্বৰ একাদশ বছৰৰ চতুৰ্থ মাহৰ নৱম দিনা নগৰৰ গড় ভাঙি বাট কৰা হ’ল।
3
বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল, অৰ্থাৎ নেৰ্গল-চৰেচৰ, চমগৰ-নবো, প্ৰধান নপুংসক চৰ্চখীম আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল সোমাই মধ্যম দুৱাৰত বহিল।
4
পাছত যেতিয়া যিহূদাৰ ৰজা চিদিকিয়া আৰু সকলো যুদ্ধাৰু লোকে তেওঁলোকক সোমোৱা গম পালে, তেতিয়া তেওঁলোক পলাই ৰজাৰ উদ্যানৰ বাটেদি, দুই গড়ৰ মাজত থকা দুৱাৰেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল; আৰু ৰজাই অৰাবাৰ বাটেদি ওলাই গ’ল।
5
কিন্তু কলদীয়াসকলৰ সৈন্য-সামন্তই তেওঁলোকৰ পাছত খেদি গৈ যিৰীহোৰ সমথলত চিদিকিয়াক লগ পাই, তেওঁক ধৰি হমাৎ দেশৰ ৰিব্লালৈ বাবিলৰ ৰজাৰ নবূখদনেচৰৰ গুৰিলৈ নিলে; আৰু তেওঁ তেওঁলৈ দণ্ডাজ্ঞা কৰিলে।
6
পাছে বাবিলৰ ৰজাই ৰিব্লাত চিদিকিয়াৰ পুতেকসকলক তেওঁৰ চকুৰ আগতে বধ কৰিলে আৰু বাবিলৰ ৰজাই যিহূদাৰ সকলো মুখ্য লোককো বধ কৰিলে।
7
তাৰ বাহিৰে, তেওঁ চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক বাবিললৈ লৈ যাবৰ কাৰণে শিকলিৰে বান্ধিলে।
8
পাছত কলদীয়াসকলে ৰাজগৃহ আৰু প্ৰজাসকলৰ ঘৰবোৰ জুই দি পুৰিলে আৰু যিৰূচালেমৰ গড়বোৰ ভাঙি পেলালে।
9
এই সময়ত নবুজৰদান ৰক্ষক-সেনাপতিয়ে নগৰৰ বাকী থকা লোকসকলক, তেওঁৰ ফলীয়া হবলৈ পলাই যোৱাসকলক আৰু আন আন অৱশিষ্ট লোকসকলক বন্দী কৰি বাবিললৈ লৈ গ’ল।
10
কিন্তু নবুজৰদান ৰক্ষক-সেনাপতিয়ে কেতবোৰ একো নথকা দৰিদ্ৰ লোকক যিহূদা দেশত অৱশিষ্ট ৰাখিলে, আৰু সেই কালত তেওঁলোকক দ্ৰাক্ষাবাৰী আৰু মাটি দান কৰিলে।
11
বাবিলৰ ৰজা নবূখদনেচৰে যিৰিমিয়াৰ বিষয়ে নবুজৰদান ৰক্ষক-সেনাপতিক এই আজ্ঞা দিলে, বোলে,
12
“তুমি তেওঁক গ্ৰহণ কৰি তেওঁলৈ কৃপা দৃষ্টি কৰিবা, তেওঁৰ কোনো অপকাৰ নকৰিবা; কিন্তু তেওঁ তোমাক যেনেকৈ ক’ব, তেওঁলৈ তেনেকৈ কৰিবা।”
13
এই হেতুকে নবুজৰদান ৰক্ষক-সেনাপতি, প্ৰধান নপুংসক নবুচৰ্জবান আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান বিষয়াসকলে মানুহ পঠিয়াই প্ৰহৰীৰ চোতালৰ পৰা যিৰিমিয়াক আনিলে।
14
আৰু তেওঁক ঘৰলৈ লৈ যাবৰ কাৰণে চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গটাই দিলে; আৰু তেওঁ লোকসকলৰ মাজত বাস কৰিলে।
15
যিৰিমিয়া প্ৰহৰীৰ চোতালত বন্ধ থকা সময়ত তেওঁৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিছিল, বোলে,
16
“তুমি গৈ কুচীয়া এবদ-মেলকক কোৱা, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মঙ্গলৰ কাৰণে নহয়, অমঙ্গলৰ কাৰণেহে মই এই নগৰলৈ মোৰ বাক্য ফলিওৱাম। সেই দিনা তোমাৰ আগত সেইবোৰ ফলিয়াব।
17
কিন্তু যিহোৱাই কৈছে, “সেই দিনা মই তোমাক উদ্ধাৰ কৰিম; আৰু তুমি ভয় কৰা লোকসকলৰ হাতত তোমাক সমৰ্পণ কৰা নহ’ব।
18
কিয়নো মই তোমাক অৱশ্যে উদ্ধাৰ কৰিম। তুমি তৰোৱালত পতিত নহবা। কিন্তু তুমি তোমাৰ নিজ প্ৰাণ লুটদ্ৰব্যৰ নিচিনাকৈ লাভ কৰিবা; কাৰণ, যিহোৱাই কৈছে: তুমি মোক বিশ্বাস কৰিলা।”











যেরেমিয়া 39:1
যেরেমিয়া 39:2
যেরেমিয়া 39:3
যেরেমিয়া 39:4
যেরেমিয়া 39:5
যেরেমিয়া 39:6
যেরেমিয়া 39:7
যেরেমিয়া 39:8
যেরেমিয়া 39:9
যেরেমিয়া 39:10
যেরেমিয়া 39:11
যেরেমিয়া 39:12
যেরেমিয়া 39:13
যেরেমিয়া 39:14
যেরেমিয়া 39:15
যেরেমিয়া 39:16
যেরেমিয়া 39:17
যেরেমিয়া 39:18






যেরেমিয়া 1 / যেরে 1
যেরেমিয়া 2 / যেরে 2
যেরেমিয়া 3 / যেরে 3
যেরেমিয়া 4 / যেরে 4
যেরেমিয়া 5 / যেরে 5
যেরেমিয়া 6 / যেরে 6
যেরেমিয়া 7 / যেরে 7
যেরেমিয়া 8 / যেরে 8
যেরেমিয়া 9 / যেরে 9
যেরেমিয়া 10 / যেরে 10
যেরেমিয়া 11 / যেরে 11
যেরেমিয়া 12 / যেরে 12
যেরেমিয়া 13 / যেরে 13
যেরেমিয়া 14 / যেরে 14
যেরেমিয়া 15 / যেরে 15
যেরেমিয়া 16 / যেরে 16
যেরেমিয়া 17 / যেরে 17
যেরেমিয়া 18 / যেরে 18
যেরেমিয়া 19 / যেরে 19
যেরেমিয়া 20 / যেরে 20
যেরেমিয়া 21 / যেরে 21
যেরেমিয়া 22 / যেরে 22
যেরেমিয়া 23 / যেরে 23
যেরেমিয়া 24 / যেরে 24
যেরেমিয়া 25 / যেরে 25
যেরেমিয়া 26 / যেরে 26
যেরেমিয়া 27 / যেরে 27
যেরেমিয়া 28 / যেরে 28
যেরেমিয়া 29 / যেরে 29
যেরেমিয়া 30 / যেরে 30
যেরেমিয়া 31 / যেরে 31
যেরেমিয়া 32 / যেরে 32
যেরেমিয়া 33 / যেরে 33
যেরেমিয়া 34 / যেরে 34
যেরেমিয়া 35 / যেরে 35
যেরেমিয়া 36 / যেরে 36
যেরেমিয়া 37 / যেরে 37
যেরেমিয়া 38 / যেরে 38
যেরেমিয়া 39 / যেরে 39
যেরেমিয়া 40 / যেরে 40
যেরেমিয়া 41 / যেরে 41
যেরেমিয়া 42 / যেরে 42
যেরেমিয়া 43 / যেরে 43
যেরেমিয়া 44 / যেরে 44
যেরেমিয়া 45 / যেরে 45
যেরেমিয়া 46 / যেরে 46
যেরেমিয়া 47 / যেরে 47
যেরেমিয়া 48 / যেরে 48
যেরেমিয়া 49 / যেরে 49
যেরেমিয়া 50 / যেরে 50
যেরেমিয়া 51 / যেরে 51
যেরেমিয়া 52 / যেরে 52