1 |
উজ্জিয়াৰ নাতি যোথমৰ পুত্ৰ যিহূদাৰ আহজ ৰজাৰ ৰাজত্বৰ সময়ত, অৰামৰ ৰচীন ৰজা আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ পেকহ ৰজা, এই দুজন ৰজাই যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল; কিন্তু তাক পৰাজয় কৰিব নোৱাৰিলে। |
2 |
সেই সময়ত অৰামে ইফ্ৰয়িম ৰ সৈতে যোগ দিয়া কথা দায়ূদৰ বংশৰ লোকসকলক কোৱা হৈছিল; সেয়ে বতাহত অৰন্যৰ গছ কঁপাৰ দৰে তেওঁৰ মন আৰু তেওঁৰ লোকসকলৰ মন কঁপিছিল। |
3 |
তেতিয়া যিহোৱাই যিচয়াক ক’লে, “তুমি তোমাৰ পুত্ৰ চাৰ-যাবূচৰ সৈতে ওপৰৰ পুখুৰীৰ নলাৰ শেষ অংশত, ধোবাৰ পথাৰৰ ফাললৈ যোৱা পথত আহজক সাক্ষাত কৰিবৰ অৰ্থে ওলাই যোৱা। |
4 |
আৰু তেওঁক এই কথা ক’বা যে, ‘সাৱধান হোৱা; নীৰৱে থাকা, দুবিধ জ্বলি থকা কাঠলৈ অৰ্থাৎ ৰচীন আৰু অৰাম, আৰু ৰমলিয়াৰ পুত্র পেখাৰ ভয়ঙ্কৰ ক্ৰোধৰ পৰা ভয় নকৰিব। |
5 |
অৰাম, ইফ্ৰয়িম, আৰু ৰমলিয়াৰ পুত্রই তোমাৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰি কৈছে, |
6 |
“আহাঁ, আমি যিহূদাক আক্রমণ কৰোঁ, তেওঁক আতঙ্কিত কৰোঁ, আৰু পৰাজয় কৰি তাত টাবেলৰ পুত্ৰক আমাৰ ৰজা পাতো।” |
7 |
প্ৰভু যিহোৱাই কৈছে, “এইটো স্থাপন নহ’ব, আৰু কৰা নহ’ব, |
8 |
কাৰণ অৰামৰ নেতৃত্বত দম্মেচক আৰু দম্মেচকৰ নেতৃত্বত ৰচীন। পয়ষষ্ঠি বছৰৰ ভিতৰত ইফ্ৰয়িম ভাগি ডোখৰ ডোখৰ হ’ব আৰু কোনো লোক নাথাকিব। |
9 |
আৰু ইফ্ৰয়িমৰ নেতৃত্বত চমৰীয়া, আৰু চমৰিয়াৰ নেতৃত্বত ৰমলিয়াৰ পুত্র তোমালোক যদি বিশ্বাসত দৃঢ় হৈ নাথাকা, তেন্তে তোমালোক নিশ্চয় নিৰাপদে থাকিব নোৱাৰিবা”।’” |
10 |
যিহোৱাই পুনৰ আহজক ক’লে, |
11 |
“তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ পৰা এটা চিন খোজা; অধ:স্থান বা উৰ্দ্ধস্থানত তাক খোজা।” |
12 |
কিন্তু আহজে ক’লে, “মই নোখোজোঁ, অথবা মই যিহোৱাক পৰীক্ষাও নকৰোঁ।” |
13 |
সেয়ে যিচয়াই উত্তৰ দি ক’লে, “হে দায়ুদৰ বংশ শুনা, লোকসকলৰ ধৈর্যৰ পৰীক্ষা যথেষ্ট হোৱা নাই নে! মোৰ ঈশ্বৰৰ ধৈর্যকো পৰীক্ষা কৰিবা নে? |
14 |
এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এটা চিন দিব: চোৱা, যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইম্মানুৱেল ৰখা হ’ব। |
15 |
যেতিয়া তেওঁ বেয়াক অগ্ৰাহ্য, আৰু ভালক গ্ৰহন কৰিবৰ জ্ঞান পাব, তেতিয়া তেওঁ দৈ আৰু মৌজোল খাব। |
16 |
কিয়নো ল’ৰাটিয়ে বেয়াক অগ্ৰাহ্য আৰু ভালক গ্ৰহণ কৰিবলৈ জনাৰ আগতেই, তুমি যি দেশৰ দুজন ৰজালৈ ভয় কৰিছা, সেই দেশ পৰিত্যক্ত হ’ব। |
17 |
যিহূদাৰ পৰা ইফ্ৰয়িম বিচ্ছেদ হোৱাৰ পৰা যেনেকুৱা দিন কেতিয়াও হোৱা নাই, যিহোৱাই তোমালৈ আৰু তোমাৰ লোকসকললৈ, আৰু তোমাৰ পিতৃ-বংশলৈ তেনেকুৱা দিন আনিব আৰু তোমালোকৰ ওপৰত অচূৰৰ ৰজাক নিযুক্ত কৰিব।” |
18 |
সেই সময়ত যিহোৱাই মিচৰ দেশৰ দূৰৰ নদীৰ পৰা মাখিৰ বাবে, আৰু অচূৰ দেশৰ পৰা মৌ-মাখিৰ বাবে সুহুৰি মাৰিব। |
19 |
সেইবোৰ সকলো আহিব আৰু সকলো সঙ্কীর্ণ ঠাইত, শিলৰ ফাটবোৰত, সকলো কাঁইটনিত, আৰু সকলো চৰণীয়া পথাৰত বাস কৰিব। |
20 |
সেই সময়ত প্ৰভুৱে ইফ্রাত নদীৰ সিপাৰত থকা ৰজা অচূৰীয়াৰ পৰা ভাড়া দি অনা খুৰেৰে খুৰাব তেওঁ তোমালোকৰ মুৰৰ চুলি আৰু ভৰিৰ নোম খুৰাব, আৰু তেওঁ ডাঢ়িও খুৰাব। |
21 |
সেই দিনা এজন মানুহে এজনী চেঁউৰী গৰু আৰু দুজনী ভেৰা জীয়াই ৰাখিব, |
22 |
সিহঁতে দিয়া প্রচুৰ পৰিমানৰ গাখীৰৰ পৰা তেওঁ দৈ খাব; কাৰণ দেশত অৱশিষ্ট থকা প্ৰতিজনে দৈ আৰু মৌ খাব। |
23 |
সেই সময়ত, যি ঠাইত হাজাৰ ৰূপ চেকল ৰ মূল্য, হাজাৰ দ্ৰাক্ষালতা আছিল, এতিয়া সেইবোৰ ঠাইত কাঁইটীয়া বন আৰু কাঁইটীয়া গছৰ বাহিৰে একো নাই। |
24 |
মানুহে তালৈ কাঁড়-ধনু লৈ চিকাৰ কৰিবলৈ যাব; কাৰণ সমগ্র দেশত কাঁইটীয়া বন আৰু কাঁইটীয়া গছ হ’ব। |
25 |
যিবোৰ পাহাৰ কোৰমাৰি খেতি কৰা হৈছিল, তেওঁলোকে কাঁইটীয়া বন আৰু কাঁইট গছৰ ভয়ত তাৰ পৰা আঁতৰি থাকিব; কিন্তু সেই ঠাই গৰু আৰু ছাগলীৰ চৰণীয়া ঠাই হ’ব।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
ইসাইয়া 7:1 |
ইসাইয়া 7:2 |
ইসাইয়া 7:3 |
ইসাইয়া 7:4 |
ইসাইয়া 7:5 |
ইসাইয়া 7:6 |
ইসাইয়া 7:7 |
ইসাইয়া 7:8 |
ইসাইয়া 7:9 |
ইসাইয়া 7:10 |
ইসাইয়া 7:11 |
ইসাইয়া 7:12 |
ইসাইয়া 7:13 |
ইসাইয়া 7:14 |
ইসাইয়া 7:15 |
ইসাইয়া 7:16 |
ইসাইয়া 7:17 |
ইসাইয়া 7:18 |
ইসাইয়া 7:19 |
ইসাইয়া 7:20 |
ইসাইয়া 7:21 |
ইসাইয়া 7:22 |
ইসাইয়া 7:23 |
ইসাইয়া 7:24 |
ইসাইয়া 7:25 |
|
|
|
|
|
|
ইসাইয়া 1 / ইসা 1 |
ইসাইয়া 2 / ইসা 2 |
ইসাইয়া 3 / ইসা 3 |
ইসাইয়া 4 / ইসা 4 |
ইসাইয়া 5 / ইসা 5 |
ইসাইয়া 6 / ইসা 6 |
ইসাইয়া 7 / ইসা 7 |
ইসাইয়া 8 / ইসা 8 |
ইসাইয়া 9 / ইসা 9 |
ইসাইয়া 10 / ইসা 10 |
ইসাইয়া 11 / ইসা 11 |
ইসাইয়া 12 / ইসা 12 |
ইসাইয়া 13 / ইসা 13 |
ইসাইয়া 14 / ইসা 14 |
ইসাইয়া 15 / ইসা 15 |
ইসাইয়া 16 / ইসা 16 |
ইসাইয়া 17 / ইসা 17 |
ইসাইয়া 18 / ইসা 18 |
ইসাইয়া 19 / ইসা 19 |
ইসাইয়া 20 / ইসা 20 |
ইসাইয়া 21 / ইসা 21 |
ইসাইয়া 22 / ইসা 22 |
ইসাইয়া 23 / ইসা 23 |
ইসাইয়া 24 / ইসা 24 |
ইসাইয়া 25 / ইসা 25 |
ইসাইয়া 26 / ইসা 26 |
ইসাইয়া 27 / ইসা 27 |
ইসাইয়া 28 / ইসা 28 |
ইসাইয়া 29 / ইসা 29 |
ইসাইয়া 30 / ইসা 30 |
ইসাইয়া 31 / ইসা 31 |
ইসাইয়া 32 / ইসা 32 |
ইসাইয়া 33 / ইসা 33 |
ইসাইয়া 34 / ইসা 34 |
ইসাইয়া 35 / ইসা 35 |
ইসাইয়া 36 / ইসা 36 |
ইসাইয়া 37 / ইসা 37 |
ইসাইয়া 38 / ইসা 38 |
ইসাইয়া 39 / ইসা 39 |
ইসাইয়া 40 / ইসা 40 |
ইসাইয়া 41 / ইসা 41 |
ইসাইয়া 42 / ইসা 42 |
ইসাইয়া 43 / ইসা 43 |
ইসাইয়া 44 / ইসা 44 |
ইসাইয়া 45 / ইসা 45 |
ইসাইয়া 46 / ইসা 46 |
ইসাইয়া 47 / ইসা 47 |
ইসাইয়া 48 / ইসা 48 |
ইসাইয়া 49 / ইসা 49 |
ইসাইয়া 50 / ইসা 50 |
ইসাইয়া 51 / ইসা 51 |
ইসাইয়া 52 / ইসা 52 |
ইসাইয়া 53 / ইসা 53 |
ইসাইয়া 54 / ইসা 54 |
ইসাইয়া 55 / ইসা 55 |
ইসাইয়া 56 / ইসা 56 |
ইসাইয়া 57 / ইসা 57 |
ইসাইয়া 58 / ইসা 58 |
ইসাইয়া 59 / ইসা 59 |
ইসাইয়া 60 / ইসা 60 |
ইসাইয়া 61 / ইসা 61 |
ইসাইয়া 62 / ইসা 62 |
ইসাইয়া 63 / ইসা 63 |
ইসাইয়া 64 / ইসা 64 |
ইসাইয়া 65 / ইসা 65 |
ইসাইয়া 66 / ইসা 66 |