1 |
উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে। |
2 |
কাৰণ চোৱা, আন্ধাৰে পৃথিৱী ঢাকিব, আৰু ঘোৰ অন্ধকাৰে লোক সমূহক ঢাকিব; কিন্তু যিহোৱা তোমাৰ ওপৰত উদয় হ’ব, আৰু তোমাৰ ওপৰত তেওঁৰ গৌৰৱ প্ৰকাশিত হ’ব। |
3 |
লোক সমূহ তোমাৰ পোহৰৰ ওচৰলৈ আহিব, আৰু ৰজাসকলে তোমাৰ উদয় হোৱা দীপ্তিৰ ওচৰলৈ আহিব। |
4 |
তুমি চকু ফুৰাই চাৰিওফালে চোৱা; তেওঁলোক সকলোৱে গোট খাই তোমাৰ ওচৰ চাপিছে; তোমাৰ পুত্ৰসকল দূৰৰ পৰা আহিছে আৰু তোমাৰ জীয়েকসকলক বাহুত বুকি অনা হৈছে। |
5 |
সেই কালত তুমি দেখি প্ৰফুল্লিত হ’বা, আৰু তোমাৰ হৃদয় আনন্দেৰে উপচি পৰিব, কাৰণ সমুদ্ৰৰ প্ৰচুৰ ধন তোমাক দিয়া যাব আৰু লোকসকলৰ সম্পত্তি তোমাৰ ওচৰলৈ আহিব। |
6 |
উটসমূহে, মিদিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব; সেই আটাইবোৰ চিবাৰ পৰা আহিব; সেইবোৰে সোণ আৰু কুন্দুৰু বৈ আনিব, আৰু যিহোৱাৰ প্ৰশংসা গীত গাব। |
7 |
কেদৰৰ আটাই মেৰ-ছাগৰ জাক তোমাৰ ওচৰত গোট খাব আৰু নবায়োতৰ মতা মেৰ-ছাগবোৰে তোমাৰ পৰিচৰ্যা কৰিব; সেইবোৰ গ্ৰহণীয় হৈ মোৰ যজ্ঞ-বেদিত উঠিব, আৰু মোৰ গৌৰৱযুক্ত গৃহ মই গৌৰৱান্বিত কৰিম। |
8 |
মেঘৰ দৰে আৰু নিজৰ বাহৰ সোমোৱা বাটলৈ অহা কপৌৰ দৰে উড়ি অহা এওঁলোক কোন? |
9 |
নিশ্চয়ে দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব; তোমাৰ পুত্রসকলক তেওঁলোকৰ ৰূপৰ আৰু সোণৰ সৈতে দূৰৰ পৰা আনিবলৈ, ঈশ্বৰ যিহোৱাই, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে, তৰ্চীচৰ জাহাজ আগ হ’ব। |
10 |
বিদেশী লোকসকলে দেৱাল পুনৰায় নিৰ্মাণ কৰিব, আৰু তেওঁলোকৰ ৰজাসকলে তোমাৰ পৰিচৰ্যা কৰিব; কিয়নো মই যেনেকৈ তোমাক ক্রোধত দণ্ড দিলোঁ, তেনেকৈ অনুগ্ৰহত তোমালৈ দয়াও কৰিলোঁ। |
11 |
লোকসকলে যেন জাতি সমূহৰ ধন-সম্পত্তি আৰু বন্দি কৰি অনাসকলৰ ৰজাসকলক তোমাৰ ভিতৰলৈ আনিব পাৰে, সেই বাবে তোমাৰ দুৱাৰবোৰ সদায় মেলা হৈ থাকিব, দিন বা ৰাতি কেতিয়াও বন্ধ কৰা নহ’ব। |
12 |
কিয়নো যি জাতি আৰু যি ৰাজ্যই তোমাৰ বশ্যতা স্বীকাৰ নকৰিব, সেই উভয়েই সম্পূৰ্ণ বিনষ্ট হ’ব; |
13 |
লিবানোনৰ গৌৰৱ তোমালৈ আহিব; দেৱদাৰু, তিধৰ, আৰু তাচুৰ গছ একেলগে, মোৰ পবিত্ৰ স্থান ভূষিত কৰিবৰ অৰ্থে আহিব; আৰু মই মোৰ চৰণ থোৱা ঠাই প্ৰতাপযুক্ত কৰিম। |
14 |
তেওঁলোক তোমাক প্রণিপাত কৰিবলৈ আহিব, তোমাক কষ্ট দিয়াসকলৰ সন্তানবোৰ মূৰ দোঁৱাই তোমাৰ চৰণত পৰি প্রণিপাত কৰিব, তেওঁলোকে তোমাক যিহোৱাৰ নগৰ, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ চিয়োন বুলি মাতিব। |
15 |
তুমি এনে পৰিত্যক্তা আৰু ঘৃণিতা থ’লো যে, কোনো পথিক তোমাৰ মাজেদি নাজায়; তাৰ সলনি মই তোমাক চিৰকাল থকা প্ৰশংসাৰ, আৰু পুৰুষানুক্ৰমে আনন্দৰ বিষয় কৰিম। |
16 |
আৰু তুমি জাতি সমূহৰ দুগ্ধ পান কৰিবা, আৰু ৰজাসকলৰ স্তন চুহিবা; তাতে মই যিহোৱা যে তোমাৰ ত্ৰাণকৰ্ত্তা, তোমাৰ মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, ইয়াক তুমি জানিবা। |
17 |
মই পিতলৰ সলনি সোণ, লোহাৰ সলনি ৰূপ, কাঠৰ সলনি পিতল, আৰু শিলবোৰৰ সলনি লোহা আনিম; আৰু মই শান্তিক তোমালোকৰ অধ্যক্ষসকলৰ দৰে, আৰু ন্যায়বিচাৰক শাসনকৰ্ত্তাৰ দৰে নিযুক্তি কৰিম। |
18 |
তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব; কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা। |
19 |
দিনত সূৰ্য তোমাৰ দীপ্তি আৰু নহ’ব, আৰু পোহৰৰ অৰ্থে চন্দ্ৰই তোমাক জোনাক নিদিব; কিন্তু যিহোৱায়েই তোমাৰ অনন্তকলীয়া জ্যোতি, আৰু তোমাৰ ঈশ্বৰেই তোমাৰ ভূষণস্বৰূপ হ’ব। |
20 |
তোমাৰ সূৰ্য আৰু অস্ত নাযাব, তোমাৰ চন্দ্ৰও আৰু মাৰ নাযাব, কিয়নো যিহোৱা তোমাৰ অনন্তকলীয়া জ্যোতি হ’ব, আৰু তোমাৰ শোকৰ দিন সমাপ্ত হ’ব। |
21 |
মই গৌৰৱান্বিত হ’বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্মস্বৰূপ যি তোমাৰ লোক সকলোৱেই ধাৰ্মিক হ’ব; তেওঁলোকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব। |
22 |
যি সৰু সি হাজাৰ হৈ উঠিব; সৰু জাতি বৃহৎ হ’ব; মই যিহোৱাই উচিত সময়ত ইয়াক সাম্ফল কৰিবলৈ বেগী হম।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
ইসাইয়া 60:1 |
ইসাইয়া 60:2 |
ইসাইয়া 60:3 |
ইসাইয়া 60:4 |
ইসাইয়া 60:5 |
ইসাইয়া 60:6 |
ইসাইয়া 60:7 |
ইসাইয়া 60:8 |
ইসাইয়া 60:9 |
ইসাইয়া 60:10 |
ইসাইয়া 60:11 |
ইসাইয়া 60:12 |
ইসাইয়া 60:13 |
ইসাইয়া 60:14 |
ইসাইয়া 60:15 |
ইসাইয়া 60:16 |
ইসাইয়া 60:17 |
ইসাইয়া 60:18 |
ইসাইয়া 60:19 |
ইসাইয়া 60:20 |
ইসাইয়া 60:21 |
ইসাইয়া 60:22 |
|
|
|
|
|
|
ইসাইয়া 1 / ইসা 1 |
ইসাইয়া 2 / ইসা 2 |
ইসাইয়া 3 / ইসা 3 |
ইসাইয়া 4 / ইসা 4 |
ইসাইয়া 5 / ইসা 5 |
ইসাইয়া 6 / ইসা 6 |
ইসাইয়া 7 / ইসা 7 |
ইসাইয়া 8 / ইসা 8 |
ইসাইয়া 9 / ইসা 9 |
ইসাইয়া 10 / ইসা 10 |
ইসাইয়া 11 / ইসা 11 |
ইসাইয়া 12 / ইসা 12 |
ইসাইয়া 13 / ইসা 13 |
ইসাইয়া 14 / ইসা 14 |
ইসাইয়া 15 / ইসা 15 |
ইসাইয়া 16 / ইসা 16 |
ইসাইয়া 17 / ইসা 17 |
ইসাইয়া 18 / ইসা 18 |
ইসাইয়া 19 / ইসা 19 |
ইসাইয়া 20 / ইসা 20 |
ইসাইয়া 21 / ইসা 21 |
ইসাইয়া 22 / ইসা 22 |
ইসাইয়া 23 / ইসা 23 |
ইসাইয়া 24 / ইসা 24 |
ইসাইয়া 25 / ইসা 25 |
ইসাইয়া 26 / ইসা 26 |
ইসাইয়া 27 / ইসা 27 |
ইসাইয়া 28 / ইসা 28 |
ইসাইয়া 29 / ইসা 29 |
ইসাইয়া 30 / ইসা 30 |
ইসাইয়া 31 / ইসা 31 |
ইসাইয়া 32 / ইসা 32 |
ইসাইয়া 33 / ইসা 33 |
ইসাইয়া 34 / ইসা 34 |
ইসাইয়া 35 / ইসা 35 |
ইসাইয়া 36 / ইসা 36 |
ইসাইয়া 37 / ইসা 37 |
ইসাইয়া 38 / ইসা 38 |
ইসাইয়া 39 / ইসা 39 |
ইসাইয়া 40 / ইসা 40 |
ইসাইয়া 41 / ইসা 41 |
ইসাইয়া 42 / ইসা 42 |
ইসাইয়া 43 / ইসা 43 |
ইসাইয়া 44 / ইসা 44 |
ইসাইয়া 45 / ইসা 45 |
ইসাইয়া 46 / ইসা 46 |
ইসাইয়া 47 / ইসা 47 |
ইসাইয়া 48 / ইসা 48 |
ইসাইয়া 49 / ইসা 49 |
ইসাইয়া 50 / ইসা 50 |
ইসাইয়া 51 / ইসা 51 |
ইসাইয়া 52 / ইসা 52 |
ইসাইয়া 53 / ইসা 53 |
ইসাইয়া 54 / ইসা 54 |
ইসাইয়া 55 / ইসা 55 |
ইসাইয়া 56 / ইসা 56 |
ইসাইয়া 57 / ইসা 57 |
ইসাইয়া 58 / ইসা 58 |
ইসাইয়া 59 / ইসা 59 |
ইসাইয়া 60 / ইসা 60 |
ইসাইয়া 61 / ইসা 61 |
ইসাইয়া 62 / ইসা 62 |
ইসাইয়া 63 / ইসা 63 |
ইসাইয়া 64 / ইসা 64 |
ইসাইয়া 65 / ইসা 65 |
ইসাইয়া 66 / ইসা 66 |