1 |
সেই সময়ত হিষ্কিয়াৰ সাংঘাতিক নৰিয়া হৈছিল। আমোচৰ পুত্ৰ ভাববাদী যিচয়াই তেওঁৰ ওচৰলৈ আহিলে, আৰু তেওঁক ক’লে, “যিহোৱাই কৈছে, ‘তুমি তোমাৰ ঘৰ সৃঙ্খলাবদ্ধ কৰা; কাৰণ তোমাৰ মৃত্যু হ’ব, তুমি আৰু জীয়াই নাথাকিবা’।” |
2 |
তাৰ পাছত হিষ্কিয়াই দেৱালৰ ফাললৈ মুখ ঘূৰাই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, |
3 |
তেওঁ ক’লে, “হে যিহোৱা বিনয় কৰোঁ, মই সত্যভাৱে আৰু শুদ্ধ মনেৰে আপোনাৰ সাক্ষাতে কেনেকৈ চলি আহিছোঁ, আৰু আপোনাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ, তাক আপুনি এতিয়া সোঁৱৰণ কৰক; এই বুলি হিষ্কিয়াই বৰকৈ কান্দিলে। |
4 |
যিচয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, |
5 |
“তুমি গৈ হিষ্কিয়াক কোৱা, তোমাৰ ওপৰ পিতৃ দায়ূদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ, আৰু তোমাৰ চকুলোত মোৰ দৃষ্টি পৰিল; চোৱা, মই তোমাৰ আয়ুস পোন্ধৰ বছৰ বঢ়াই দিম। |
6 |
আৰু মই ৰজা অচূৰীয়াৰ হাতৰ পৰা তোমাক আৰু এই নগৰক উদ্ধাৰ কৰিম; আৰু মই এই নগৰৰ ঢালস্বৰূপ হ’ম। |
7 |
আৰু যিহোৱাৰ পৰা তোমালৈ এই চিন হ’ব, যে, মই যি কৈছো সেয়াই সিদ্ধ কৰিম। |
8 |
চোৱা, আহজৰ খটখটিত ছাঁটো দহ খাপ ওভটাবলৈ মই খটখটিত ছাঁ পেলাম’।” সেয়ে সেই খটখটিৰ ছাঁটো আগুৱাই যোৱা স্থানৰ পৰা দহ খোজ উভটি গৈছিল। |
9 |
যিহূদাৰ ৰজা হিষ্কিয়াই নৰিয়া পৰি সুস্থ হোৱাৰ পাছত লিখা প্রাৰ্থনা এইয়া আছিল: |
10 |
মই কৈছিলোঁ যে, মোৰ জীৱনৰ আধা ভাগত মই চিয়োলৰ দুৱাৰৰ মাজেৰে যাম; মোৰ আয়ুসৰ অৱশিষ্ট ভাগৰ বাবে মোক তালৈ পঠোৱা হৈছে।” |
11 |
মই কৈছিলোঁ যে, “মই জীৱিত লোকৰ দেশত যিহোৱাক আৰু দেখিবলৈ নাপাম; পৃথিৱীৰ নিবাসী বা মনুষ্যক মই আৰু নাচাও। |
12 |
মেৰ-ছাগ ৰখীয়াৰ তম্বুৰ দৰে মোৰ জীৱন মোৰ পৰা আঁতৰাই নিয়া হ’ল; মই সিপিনীয়ে বোৱা কাপোৰৰ দৰে মোৰ জীৱন নুৰিয়ালোঁ, আপুনি মোক তাঁত শালৰ পৰা কাটিলে; দিন আৰু ৰাতিৰ ভিতৰত আপুনি মোৰ জীৱনটো শেষ কৰিব। |
13 |
মই ৰাতিপুৱালৈকে কান্দিলোঁ, সিংহৰ দৰে তেওঁ মোৰ আটাই হাড় ভাঙিছে; দিন আৰু ৰাতিৰ ভিতৰতে আপুনি মোৰ জীৱন শেষ কৰিলে। |
14 |
মই বগলীৰ দৰে চিঁচিঁয়াই আছোঁ; কপৌৰ দৰে শোক ধ্বনি কৰিছোঁ; ওপৰলৈ চাওঁতে চাওঁতে মোৰ চকু দুৰ্বল হ’ল; হে যিহোৱা মই উপদ্ৰৱ পাইছোঁ, মোক সহায় কৰক। |
15 |
মই কি ক’ম? তেওঁ মোক ক’লে, আৰু তেওঁ সিদ্ধও কৰিলে; মোৰ আত্মা দূখেৰে পৰিপূৰ্ণ হোৱাৰ বাবে মই মোৰ গোটেই জীৱনত লাহে লাহে খোজ কাঢ়িম। |
16 |
হে প্ৰভু, আপুনি দিয়া কষ্ট মোৰ বাবে লাভজনক; মোৰ জীৱনটো পুনৰ ঘূৰাই দিব পাৰে; আপুনি মোৰ জীৱন আৰু স্ৱাস্থ্য পুনৰ স্থাপন কৰিলে। |
17 |
মই তেনে কষ্ট অনুভৱ কৰাটো মোৰ বাবে লাভজনক আপুনি মোক ধ্বংসৰ গাতৰ পৰা ৰক্ষা কৰিলে; কিয়নো আপুনি মোৰ সকলো পাপ আপোনাৰ পাছফালে দলিয়াই পেলালে। |
18 |
কাৰণ চিয়োলে আপোনাক ধন্যবাদ নিদিয়ে; মৃত্যুৱে আপোনাৰ প্রশংসা নকৰে; গাতলৈ নামি যোৱাসকলে আপোনাৰ বিশ্বাসযোগ্যতালৈ আশা কৰিব নোৱাৰে। |
19 |
আজি মই যেনেকৈ কৰিছোঁ, তেনেকৈ জীৱিত লোকেহে আপোনাক ধন্যবাদ দিব পাৰে; পিতৃয়ে সন্তান সকলক আপোনাৰ বিশ্বাসযোগ্যতা জানিব দিব। |
20 |
যিহোৱাই মোক পৰিত্ৰাণ কৰিবলৈ যুগুত আছে, আমাৰ জীৱনৰ প্রতিটো দিনত যিহোৱাৰ গৃহত আমি সঙ্গীতেৰে সৈতে উদযাপন কৰিম। |
21 |
তেতিয়া যিচয়াই ক’লে, “ডিমৰু গুটিৰ লদা আনি, খহুৰ ওপৰত লগাই দিয়া যাওক; তাতে তেওঁ সুস্থ হ’ব।”। |
22 |
হিষ্কিয়ায়ো ক’লে, “মই যে, যিহোৱাৰ গৃহলৈ উঠি যাম, ইয়াৰ চিন কি হ’ব?
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
ইসাইয়া 38:1 |
ইসাইয়া 38:2 |
ইসাইয়া 38:3 |
ইসাইয়া 38:4 |
ইসাইয়া 38:5 |
ইসাইয়া 38:6 |
ইসাইয়া 38:7 |
ইসাইয়া 38:8 |
ইসাইয়া 38:9 |
ইসাইয়া 38:10 |
ইসাইয়া 38:11 |
ইসাইয়া 38:12 |
ইসাইয়া 38:13 |
ইসাইয়া 38:14 |
ইসাইয়া 38:15 |
ইসাইয়া 38:16 |
ইসাইয়া 38:17 |
ইসাইয়া 38:18 |
ইসাইয়া 38:19 |
ইসাইয়া 38:20 |
ইসাইয়া 38:21 |
ইসাইয়া 38:22 |
|
|
|
|
|
|
ইসাইয়া 1 / ইসা 1 |
ইসাইয়া 2 / ইসা 2 |
ইসাইয়া 3 / ইসা 3 |
ইসাইয়া 4 / ইসা 4 |
ইসাইয়া 5 / ইসা 5 |
ইসাইয়া 6 / ইসা 6 |
ইসাইয়া 7 / ইসা 7 |
ইসাইয়া 8 / ইসা 8 |
ইসাইয়া 9 / ইসা 9 |
ইসাইয়া 10 / ইসা 10 |
ইসাইয়া 11 / ইসা 11 |
ইসাইয়া 12 / ইসা 12 |
ইসাইয়া 13 / ইসা 13 |
ইসাইয়া 14 / ইসা 14 |
ইসাইয়া 15 / ইসা 15 |
ইসাইয়া 16 / ইসা 16 |
ইসাইয়া 17 / ইসা 17 |
ইসাইয়া 18 / ইসা 18 |
ইসাইয়া 19 / ইসা 19 |
ইসাইয়া 20 / ইসা 20 |
ইসাইয়া 21 / ইসা 21 |
ইসাইয়া 22 / ইসা 22 |
ইসাইয়া 23 / ইসা 23 |
ইসাইয়া 24 / ইসা 24 |
ইসাইয়া 25 / ইসা 25 |
ইসাইয়া 26 / ইসা 26 |
ইসাইয়া 27 / ইসা 27 |
ইসাইয়া 28 / ইসা 28 |
ইসাইয়া 29 / ইসা 29 |
ইসাইয়া 30 / ইসা 30 |
ইসাইয়া 31 / ইসা 31 |
ইসাইয়া 32 / ইসা 32 |
ইসাইয়া 33 / ইসা 33 |
ইসাইয়া 34 / ইসা 34 |
ইসাইয়া 35 / ইসা 35 |
ইসাইয়া 36 / ইসা 36 |
ইসাইয়া 37 / ইসা 37 |
ইসাইয়া 38 / ইসা 38 |
ইসাইয়া 39 / ইসা 39 |
ইসাইয়া 40 / ইসা 40 |
ইসাইয়া 41 / ইসা 41 |
ইসাইয়া 42 / ইসা 42 |
ইসাইয়া 43 / ইসা 43 |
ইসাইয়া 44 / ইসা 44 |
ইসাইয়া 45 / ইসা 45 |
ইসাইয়া 46 / ইসা 46 |
ইসাইয়া 47 / ইসা 47 |
ইসাইয়া 48 / ইসা 48 |
ইসাইয়া 49 / ইসা 49 |
ইসাইয়া 50 / ইসা 50 |
ইসাইয়া 51 / ইসা 51 |
ইসাইয়া 52 / ইসা 52 |
ইসাইয়া 53 / ইসা 53 |
ইসাইয়া 54 / ইসা 54 |
ইসাইয়া 55 / ইসা 55 |
ইসাইয়া 56 / ইসা 56 |
ইসাইয়া 57 / ইসা 57 |
ইসাইয়া 58 / ইসা 58 |
ইসাইয়া 59 / ইসা 59 |
ইসাইয়া 60 / ইসা 60 |
ইসাইয়া 61 / ইসা 61 |
ইসাইয়া 62 / ইসা 62 |
ইসাইয়া 63 / ইসা 63 |
ইসাইয়া 64 / ইসা 64 |
ইসাইয়া 65 / ইসা 65 |
ইসাইয়া 66 / ইসা 66 |